অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেঞ্চাৰ কোনো ৰোগ নহয়, ভিটামিনৰ অভাৱেই এই ৰোগ প্ৰকৃত কাৰণ নেকি ?

কেঞ্চাৰ কোনো ৰোগ নহয়, ভিটামিনৰ অভাৱেই এই ৰোগ প্ৰকৃত কাৰণ নেকি ?

ৰাজ্যখনত কেঞ্চাৰ ৰোগী বাঢ়িছে । তথাপি কেঞ্চাৰৰ নিচিনা প্ৰাণঘাতী ৰোগৰ চিন্তা মগজুৰ পৰা উলিয়াই পেলাওক । আপুনি জানেনে কেঞ্চাৰ আচলতে কোনো ৰোগেই নহয় । এইটো হ’ল কেইজনমান স্বাৰ্থান্বেষী মানুহৰ বেমাৰটোক কেন্দ্ৰ কৰি এক ব্যৱসায় । বৰ্তমান বিশ্বৰ দৃষ্টিৰে কেঞ্চাৰ কথাষাৰ মিথ্যাচাৰৰ বাহিৰে আন একো নহয়, এইধৰনৰ মতামতেই ব্যক্ত কৰিছে একাংশ চিকিৎসকে । আচলতে ইমানদিনে শিশুৰ পৰা বুঢ়ালৈকে এই বিষয়টোক লৈ এক ভয় গঢ় লৈ উঠিছে । আচলতে আমি প্ৰত্যেকেই আচল সত্যটো নাজানো আৰু সেইটো হ’ল ঔষধ নিৰ্মাণকাৰী সংস্থাবিলাকৰ এক বৃহৎ অংশই ইয়াৰ পৰা ক্ৰমাগত মুনাফা লুটি আছে । কেঞ্চাৰৰ অমূলক ভয় দেখুৱাই তেওঁলোকক দামী দামী ঔষধবোৰ বিক্ৰী কৰি থকা  হৈছে ।অথচ জানেনে প্ৰাকৃতিকভাৱেও কেঞ্চাৰ নিৰায়ণৰ বিভিন্ন পন্থা আছে । আৰু জানেনে World without cancer নামৰ বিখ্যাত কিতাপখন বিশ্বৰ বিভিন্ন ভাষাত অনুদিত হোৱাৰ বিষয়টো নানা সময়ত নানাভাৱে বাধা দিয়াৰ চেষ্টা কৰা হৈছে আৰু সেই চেষ্ট এতিয়াও অব্যাহত আছে । আপুনি জানেনে- কেঞ্চাৰ আচলতে কোনো বেমাৰেই নহয়, ই হ’ল শৰীৰত ভিটামিন বি-১৭ ৰ অভৱাত দেখা দিয়া এক উপসৰ্গ । তেনেহ’লে ৰোগ নিৰাময়ত ব্যৱহাৰ হোৱা কেম’থেৰাপী , অপাৰেচন আৰু কাঢ়া কাঢ়া ঔষধৰ পৰা পৰিত্ৰাণ পাব পাৰি যিবোৰৰ সাংঘাতিক পাৰ্শ্ব প্ৰতিক্ৰিয়াও আছে ।

ইতিহাসৰ ফালে চকু দিলেও আমি এনেধৰনৰ প্ৰচুৰ উদাহৰণ পাওঁ । আগৰ দিনত স্কাৰ্ভি নামৰ এবিধ বেমাৰত সমুদ্ৰৰ নাৱিকসকলে প্ৰায়েই প্ৰাণ হেৰুৱাইছিল । আৰু সেই অসুখৰ সুযোগ লৈ পাশ্চাত্যৰ এদল চিকিৎসকে প্ৰচুৰ অৰ্থ উপাৰ্জন কৰিছিল । শেষত বিশদ গৱেষণাত গম পোৱা গ’ল স্কাৰ্ভি এটা প্ৰাণঘাতী বেমাৰেই নহয় । ই হ’ল শৰীৰত ভিটামিন-চিৰ অভাৱত দেখা দিয়া এক উপসৰ্গ । কেঞ্চাৰো কোনো বেমাৰ নহয় । মানৱীয়তাৰ বিপক্ষে যোৱা কিছুমান স্বাৰ্থান্বেষী মানুহৰ আচৰণৰ বাবে কেঞ্চাৰে আজি দুৰাৰোগ্য ব্যাধিত পৰিণত হৈ পৰিছে আৰু স্বাভাৱিকতেই আটাইৰে বাবে ভয়ৰ কাৰণ হৈ পৰিছে ।

মূলত: দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কেঞ্চাৰ মহামাৰী ৰোগৰ আকাৰ ধাৰণ কৰে । কেঞ্চাৰ প্ৰতিৰোধৰ বাবে দেৰি হোৱা বা বিশদভাৱে ৰোগ সম্বন্ধে জনাৰ বাবে লাখ লাখ টকা খৰচ কৰাৰ কোনো কাৰণ নাই । কেঞ্চাৰৰ বাবে ব্যয়বহুল চিকিৎসাৰ সলনি বিকল্প চিকিৎসা গ্ৰহণ কৰিবও পাৰি । কেনেকৈ ? যিসকলৰ কেঞ্চাৰ হৈছে তেওঁলোকে কেইটামান সহজ-সৰল পদ্ধতি অৱলম্বন কৰিব লাগিব । ধৈৰ্য ধৰি বেমাৰ নিৰ্ণয় নোহোৱালৈকে অপেক্ষা কৰক । ভাবকচোন এতিয়া স্কাৰ্ভিত কোনোবা মৰে নে নমৰে । মানে স্কাৰ্ভি আৰোগ্য হয় । কেঞ্চাৰ যিহতু ভিটামিন বি-১৭ অভাৱজনিত সমস্যা, সেয়ে সেই ভিটামিনৰ কিয়দংশ সদায় ল’ব লাগিব । ১০-২০ টা এপ্ৰিকট ফলৰ গুটি খাওক, সদায় লগত অলপ অংকুৰিত বুটমাহ । এইবোৰত মজুত আছে কেঞ্চাৰবিৰোধী উপাদান । ইয়াৰ উপৰি ইয়াত আছে তৰল অক্সিজেন, যিটো এণ্টিকেঞ্চাৰাছ উপাদান । আপেলৰ বীজতো এই উপাদানটো আছে, যি ভিটামিন বি-১৭ ৰ ভাল উৎস, বৈজ্ঞানিক পৰিভাষাত ইয়াক লাইটৰাইল বোলে । ইতিমধ্যে আমেৰিকান মেডিকেল ইণ্ডাষ্ট্ৰীএ লাইটৰাইল উৎপাদনত জোৰ দিয়া আৰম্ভ কৰিছে । মেক্সিকোত তৈয়াৰ হোৱা এই ঔষধটো আমেৰিকালৈ ৰপ্তানি হ’ব ধৰিছে । বিশিষ্ট মাৰ্কিন চিকিৎসক ডা: হেৰলড ডব্লিউ ম্যানাৰ তেওঁৰ ডেথ অব কেঞ্চাৰ কিতাপত এই লাইটৰেলেৰে কেঞ্চাৰ চিকিৎসাৰ সুফল সম্বন্ধে লিখিছে ।

ইয়াত সাফল্যৰ হাৰ কিমান জানেনে ? ৯০ শতাংশ । ভিটামিন বি- ১৭ ৰ আৰু কিছু গুৰুত্বপূৰ্ণ উৎস হ’ল আপেল, এপ্ৰিকট, পিয়াৰ, শুকান প্লাম, পিচফালৰ বীজ (ইয়াত প্ৰাকৃতিক হিচাপে আটাইতকৈ বেছি থাকে বি-১৭), অংকুৰিট বিট, বীন্স, ভাৰতীয় এলমণ্ড, ব্লেকবেৰী, ৰাম্পবেৰী, ষ্ট্ৰেবেৰী আদি বেৰী গোত্ৰীয় ফলতো এই ভিটামিন পোৱা যায়, ইয়াৰ বাহিৰেও তিল, ফ্লেক্সচীড, বাৰ্লি, ওটছ, ব্ৰাউনৰাইচ, মিলেটত প্ৰচুৰ পৰিমাণে ভিটামিন বি-১৭ পোৱা যায় । কিন্তু চিকিৎসকসকলে এই সকলোবোৰতকৈ আগস্থান দিছে এপ্ৰিকট আৰু ৰঙালাওৰ বীজক । ইয়াৰ বাহিৰেও ইষ্টতো কিছু পৰিমাণে এই ভিটামিন পোৱা যায় । ওপৰত আটাইবোৰ বস্তুৱেই ভিটামিন বি-১৭ ৰ উৎস আৰু এণ্টিকেঞ্চাৰাছ উপাদানসমৃদ্ধ ।

তেনেহ’লে নিশ্চয় বুজিছে কেঞ্চাৰ নিৰাময়ৰ বেছিভাগ কৰণীয়ই আমাৰ নিজৰ হাততেই । তেনেহ’লে অযথা চিন্তা ত্যাগ কৰি আজিৰ পৰাই সতৰ্ক হওক । সুস্থ থাকক আৰু জীৱনটোক প্ৰাণভৰি উপভোগ কৰক ।

লেখিকা :- শ্যামলী চেতিয়া

উৎস :- অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate