আমাৰ দেহক কৰ্মযক্তিৰ বাবে বিশুদ্ধ ৰক্তৰ প্ৰয়োজন হয়।হৃদপিণ্ডই ধমনী সমুহৰ যোগেদি এই বিশুদ্ধ ৰক্ত সমগ্ৰ শৰীৰত যোগান ধৰে। কিন্তু নিজৰ স্বাভাৱিক কাম কাজৰ বাবেও আমাৰ হৃদপিণ্ডটোক অম্লজানযুক্ত ৰক্তৰ প্ৰয়োজন হয়।
আৰু এই অম্লজান যোগনধৰে কৰোনৰী ধমনীয়ে। এই কৰোনাৰী ধমনীয়ে হৃদপিণ্ডৰ মাংসপেশীক শোধিত তেজৰ যোগান ধৰে হৃদপিণ্ডৰ মহাধমনীৰ আৰম্ভনীতে উতপত্তি হোৱা সোঁ আৰু বাওঁ দুডাল কৰোনাৰী ধমনীৰ যোগেদি।
প্ৰতিমিনিটত প্ৰাই ২২৫ মিলি লিটাৰ ৰক্ত এই ধমনী দুডালৰ মাজেৰে হৃদপিণ্ডৰ মাংসপেশীলৈ সঞ্চালিত হৈ থাকে। কিন্তু বিভিন্ন কাৰণত হৃদপিণ্ডৰ ৰক্তবাহী সিৰাত(ধমনী) কলেষ্টেৰল আদি চৰ্বিজাতীয় পদাৰ্থ জমা হ’বলৈ ধৰে, তাৰ ফলত ৰক্তবাহী সিৰা কেইডাল ক্ৰমান্বয়ে ডাথ আৰু টান হৈ পৰে।
সিৰাবোৰৰ স্থিতিস্থাপকতা হ্ৰাস পাবলৈ ধৰে। তেনে অৱস্থাত ধমনীৰ মাজেদি সুকলমে তেজ চলা-চল কৰিব নোৱাৰা হয়। ফলত হৃদপিণ্ডৰ পেশীবোৰে প্ৰয়োজন অনুপাতে অম্লজান যুক্ত ৰক্তৰ যোগান নাপায়। তেতিয়া মাংশ পেশীবোৰে স্বাভাৱিক কামকাজ চলোৱাত বাধা পায়। তেতিয়া দেহত নানা ধৰণৰ লক্ষণে দেখা দিয়ে।
কেতিয়াবা কিছুমান সৰু সুৰা কাৰণটো কৰোনাৰী ধমনীৰ কাঠিন্য ভাব সৃষ্টি হ’ব পাৰে যদিও ইয়াত পূৰ্ণ অৱৰোধ নঘটে। হৃদপিণ্ডৰ বাহিৰ বা ভিতৰ কোনোবা একোণত মাংস পেশীৰ ক্ষয়ভাবৰ সৃষ্টি হ’ব পাৰে। ই অতি সাধাৰণ লক্ষণ, ইয়াত কোনোধৰণৰ গুৰুতৰ ক্ষতি বা ৰক্ত প্ৰবাহৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়।
কিন্তু কৰোনাৰী ধমনীৰ এই ক্ষয় ভাৱ যদি দীৰ্ঘ দিনদৰি চলিথাকে তেনে হ’লে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। কাৰণ বাহ্যিক বা আভ্যন্তৰীণ কলা বা মাংস পেশী খণ্ড ৰক্ত সঞ্চালনৰ অভাৱত পচন ক্ৰীয়া আৰম্ভ হ’লে এই ব্যাধি অতি মাৰাত্মক ৰুপ ধাৰণ কৰা কৰোনাৰী ধমনী আক্ৰন্ত হ’লে শৰীৰত দেখা দিব পৰা উপসৰ্গ সমুহঃ-
কৰোনাৰী ধমনী আক্ৰান্ত হ’লে ৰক্তক্ষয় জনিত ৰোগ, ৰক্তচাপৰ অৱনতি, হৃদযন্ত্ৰৰ ক্ৰিয়া ব্যৰ্থতা, শ্বাস যন্ত্ৰৰ প্ৰীড়া, থ্ৰন্বছিছ আদিয়ে দেখা দিয়ে। হৃদযন্ত্ৰৰ ৰক্ত সঞ্চালনৰ অভাৱ জনিত বিভিন্ন উপসৰ্গৰ লগতে দীৰ্ঘস্থায়ী বেদনাৰ সৃষ্টি হয়।
হৃদযন্ত্ৰৰ বিকলতা, শ্বেতৰক্ত কনিকা বৃদ্ধি, ৰক্তহীনতা ইত্যাদি লক্ষণ সমুহ দেখা দিয়ে। এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিয়ে দৌৰা বা বেগাই খোঁজকঢ়া, চাইকেল চলোৱা, ষ্টেপ বগোৱা আদি কাম কৰিব নোৱাৰে। এনে বোৰ কাম কৰিলে বুকুৰ মাজত বিষ অনুভৱ হয়। কাৰণ বাধা প্ৰাপ্ত ধমনীয়ে সৰু সৰু বিন্ধাৰ মাজেৰে হৃদপিণ্ডৰ মাংস পেশীলৈ পৰ্যাপ্ত পৰৰিমাণৰ অক্সিজেন যোগান ধৰিব নোৱাৰে। গতিকে এনেবোৰ কাম কৰিবলৈ অক্ষম হয়।
বিজ্ঞান আৰু প্ৰযুক্তিৰ বিদ্যাৰ চৰম অগ্ৰগতিৰ যোগত আজি মানুহৰ বাবে যিকোনো কামেই হৈ পৰিছে সহজ সাধ্য। ইয়াৰ বিপৰীতে শাৰীৰিক শ্ৰমৰ পৰিমাণ শূণ্যহৈ পৰিছে। এনে শ্ৰম হীনতাই মানুহৰ শৰীৰলৈ কঢ়িয়াই আনিছে এনে ধৰণৰ জটিল হৃদ ৰোগ।
আধুনিকতাই সৃষ্টিকৰা অনান্য ৰোগ সমুহৰ লগতে এই জাতীয় হৃদ ৰোগৰ প্ৰকোপও দুগুনে বৃদ্ধি পাব ধৰিছে। উচ্ছৃংখল জীৱন যাপন, অত্যাধিক মদ্যপান, অতিভোজন, অত্যন্ত মানসিক চাপ আদি কৰোনাৰী ধমনীৰ ৰোগৰ কাৰণ।
ইয়াৰ উপৰিও উচ্চ ৰক্ত চাপ, ডায়বেটিছ, বহুমুত্ৰ ৰোগ, পৰিশ্ৰম হীনতা, অত্যাধিক পৰিশ্ৰম, মেদ বহুলতা আদিয়েও এই ৰোগ হোৱাত মুখ্য ভূমিকা ল’ব পাৰে। কৰোনাৰী ধমনীৰ ৰোগ হ’লে ৰোগীয়ে সাৱধানতা অৱলম্বন কৰাটো জৰুৰী কৰোনাৰী ধমনীৰ ৰোগ হ’লে ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে ৰোগীয়ে নিজেও সাৱধানতা অৱলম্বন কৰি কিছুমান নিয়ম মানিচলাটো খুবেই প্ৰয়োজন।
উচ্ছৃংখল জীৱন জাপন, মদ্যপান, অতি ভোজন, অনাহাৰ আদি বৰ্জন কৰি চলিব লাগে। অধিক তেল, ঘি, চৰ্বিযুক্ত খাদ্য বৰ্জন কৰি চলিব লাগে। সহজে হজম হোৱা তৰল জাতীয় পুষ্টিকৰ খাদ্য, ফলৰ ৰস আদি খাব লাগে। গাখীৰ খুৱাটো খুওবেই প্ৰয়োজন। দূঃচিন্তা, জুৰ্ভাৱনা, অধিক ক্ৰোধ, অধিক শ্ৰম, হিংসা, দ্বেষ, অধিক স্ত্ৰীসহবাস ইত্যাদি বৰ্জন কৰিব লাগে।
ৰোগীক খদাই সাৱধানে ৰখাটো অতি প্ৰয়োজন। বিশেষকৈ খাদ্যৰ প্ৰতি সাৱধান হোৱাটো আৱশ্যক। কাৰণ খাদ্যৰ লগত এই বোৰৰ ওতঃপ্ৰোতঃসম্বন্ধ আছে। এই ৰোগৰ প্ৰাৰম্ভিক অৱস্থাতে চিকিতসা কৰাটো অতি জৰুৰী। কাৰণ ধমনীৰ যিকোনো ধৰণৰ ৰোগেই ভয়াৱহ যটিলতাৰ সৃষ্টি কৰিব পাৰে।
হোমিঅ’পেথিক চিকিতসাত এই ৰোগ সহজে নিৰাময় হয়ঃহোমিঅ’পেথিকত কোনো ৰোগক চিকিতসা কৰা নহয় বৰঞ্চ ৰোগীকহে চিকিৎসা কৰা হয়।
গতিকে উপযুক্ত ভাবে ৰোগীক অধ্যয়ন কৰি ৰোগৰ সঠিক কাৰণ জনাৰ পাছত ৰোগীক চিকিতসা প্ৰদান কৰি এশ শতাংশ ৰোগমুক্ত কৰিব পৰা যায়। ইয়াত কিছুমান ঔষধৰ লক্ষণ অনুযায়ী থুল মুল বৰ্ণনা দাঙি ধৰা হ’ল যদিও প্ৰয়োগৰ ক্ষেত্ৰত অভিজ্ঞ হোমিঅ’পেথিক চিকিতসকৰ কাষ চাপিবলৈ পৰামৰ্শ অগ বঢ়োৱা হ’ল।
কৰোনাৰী ধমনীৰ ৰোগীৰ দেহৰ বিভিন্ন অংশত ফুলি উঠে, শোথ ভাব, হুলে ফুটাৰ দৰে বিষ ও জ্বলাপোৰা। হৃদপিণ্ড সংকোচিত হোৱাৰদৰে অনুভৱ হয়, শৰীৰৰ মাজত যেন কোনো কোনো অংশ চিঙি গৈছে এনে অনুভৱ হয় আৰু অত্যন্ত দুৰ্বল অনুভৱ কৰে। বিৰক্ত, উপেক্ষা, সংজ্ঞাহীনতাৰ ভাব, ভাগৰুৱা অনুভৱ, চকুৰ পতা ফুলি ৰঙা হয় আৰু চকুৰ পতা উলমি পৰে।
প্ৰস্বাৱৰ পৰিমান কম হয়, প্ৰস্বাৱৰ শেষ টোপাল জ্বলা ও প্ৰস্বাৱ নলী ফালিনিয়ৰ দৰে, কামোৰী দিয়াৰ দৰে বিষ অনুভৱ কৰা আদিৰ দৰে লক্ষণ প্ৰকাশ পালে Apis melQ সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগ উপষম হয়।
যিসকল ৰোগীৰ সামান্য উত্তেজনাতে বুকু ধড়ফৰ কৰে, হৃদপিণ্ডৰ দূৰ্বলতাৰ লগতে শ্বাসকষ্ট আৰু ঠাণ্ডা অনুভৱ। ৰোগীৰ তেজত লোহিত ৰক্ত কনিকাৰ অভাব, হৃদ পিণ্ডৰ সংকোচন ভাব আৰু অত্যন্ত বিষ। মাথা বিষপূৰ্ণ আৰু হেঁচিধৰি শুলে উপষম হয়। সামান্য পৰিশ্ৰমতে ফুপনি আদি লক্ষণ সমুহ থাকিলে(Calcarea Ars) ঔষধটো সঠিক মাত্ৰাত ব্যৱহাৰ কৰিলে ৰোগৰ প্ৰকোপ কমি আহে।
হৃদপিণ্ড আৰু ধমণীৰ যিকোনো ৰোগত Cactus grandiflorus নামৰ এই ঔষধ টোৱে উত্তম ক্ৰিয়া কৰে। এই ঔষধ ব্যৱহাৰ কৰা ৰোগীৰ নাৰী গতি পোৱা নাযায়। ৰোগী অত্যন্ত অৱসন্ন হৈ পৰে। বুকুত গধুৰ বস্তুৱে হেচাঁমাৰি ধৰাৰ দৰে বিষ ও শ্বাস কষ্ঠ।
ৰক্তবাহী নলী টান হোৱাৰ বাবে হৃদপিণ্ডৰ দূৰ্বলতাৰ লগতে ৰক্ত সঞ্চয় জনিত মাথাৰ বিষ, সোঁ ফালে স্নায়ৱিক বেদনা আদি লক্ষণ সমুহত Cactus grandiflorus ব্যৱহাৰ কৰালে ৰোগ নিৰাময় হয়।
হৃদযন্ত্ৰৰ ক্ৰিয়া অনিয়মিত, কৰোনাৰী ধমনীৰ লগতে মহাধমনীৰ পীড়াগ্ৰস্থ ব্যক্তিৰ নিদ্ৰাহীনতা, ৰক্তহীনতা, শোথভাৱ, ঠাণ্ডা অনুভৱ, ধমনী সমুহৰ অতি সম্পসাৰণ। হৃদপিণ্ডৰ মহাধমনীৰ পীড়া, সামান্য পৰি শ্ৰমত ভীষণ শ্বাস কষ্ট হয়।
নাড়ী অসম, দূৰ্বল আৰু বিৰামশীল। ধমণীৰ শব্দ কানেৰে শুনাযায়, অত্যাধিক ঘাম, চৰ্ম ৰোগ ইত্যাদি লক্ষণ থাকিলে CrataegusQ ঔষধ টো সেৱণ কৰিলে ৰোগ নিৰাময় হয়।
ৰক্তস্বাব প্ৰৱনতা থকা ব্যক্তি, মুৰ্চ্ছাযোৱাৰ প্ৰৱনতাৰ সহ হৃদস্পন্দন। হৃদপিণ্ডৰ সংকোচন হোৱাৰ অনুভৱ সহ বুকুৰ ধড়ফড়ণী। হাত-ভৰি, চকু আদি পিছফালৰ পৰা তানিথকাৰ দৰে অনুভৱ হয়। কৈশিক ঝিল্লীৰ প্ৰদাহ, শিৰাস্ফিতি সহ ক্ষত।
শুৱাৰ পৰা উঠিলে মাঠাৰ বিষ হয়, দৃষ্টি শক্তৰ অভাৱ হয়। মুখমণ্ডল বিৱৰ্ণ ও হাড়ৰ বিষ অনুভৱ হোৱা আদি লক্ষণ সমুহ প্ৰকাশ পালে Lachesis ঔষধটো প্ৰয়োগ কৰিলে ৰোগ সহজতে আৰোগ্য হয়।
ইয়াৰ উপৰিও কৰোনাৰী ধমনীৰ ৰোগত লক্ষণ অনুযায়ী-
লেখক: ডা: হৰিকান্ত দাস।
ফোন-995434012
শেহতীয়া উন্নীতকৰণ: : 3/20/2020