অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰ খজুৱতি :

চকুৰ খজুৱতি :

 

আমি সকলোৱে জীৱনত এবাৰ হ’লেও চকুৰ খজুৱতি অনুভৱ কৰো। বিভিন্ন বয়সত, বিভিন্ন কাৰণত আৰু বিভিন্ন পৰিৱেশৰ কাৰণে এই খজুৱতি হ’ব পাৰে।

ফাগুন-চ’ত মাহত, যেতিয়া বতৰ শুকান হয়, বতাহ বলে আৰু ফুল ফুলে, সেই সময়ত বহুতো মানুহৰ চকুৰ খজুৱতি হয়। ইয়াক প্ৰতিৰোধ কৰিবৰ বাবে আমি বাহিৰলৈ ওলালে ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে। বাহিৰৰ পৰা আহি পোৱাৰ পিছত পানীৰে চকু ধুব লাগে।

দৈনিক ১০-১২ গিলাচ পানী খাব লাগে। লগতে সুষম আহাৰ খোৱা আৰু শৰীৰত ভিটামিনৰ পৰিমাণ শুদ্ধ অংকত থকাটো নিতান্তই প্ৰয়োজন।

যিসকলৰ এইবোৰ উপায় অৱলম্বন কৰাৰ পিছতো প্ৰত্যেক বছৰে খজুৱতি হৈ থাকে। তেওঁলোকে শুকান বতৰ আৰম্ভ হোৱাৰ আগতে তেওঁলোকে শুকান বতৰ আৰম্ভ হোৱাৰ আগতে ডাক্তৰৰ পৰামৰ্শমতে ঔষধ ব্যৱহাৰ কৰা উচিত।

আমাৰ বহুতো কণ কণ ল’ৰা-ছোৱালীৰ মাজত আৰু এবিধ বিশেষ ধৰণৰ চকুৰ খজুৱতি হোৱা দেখা যায়, যাক কোৱা হয় ‘ভাৰনেল কেৰাট’কনজাংটিভাইটিচ(Vernal Keratoconjunctivitis, VKC) বা ‘স্প্ৰীং-কেটাৰ’(Spring Catarrh)।

এইবিধ খজুৱতি বসন্তকালত হোৱা বুলি ভবা হৈছিল, কিন্তু দেখা গৈছে যে ই বছৰৰ যিকোনো সময়তে হ’ব পাৰে।

VKC সাধাৰণতে ১২ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ মাজত হোৱা দেখা যায়। বিশেষকৈ ল’ৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। ইও এবিধ এলাৰ্জিয়ে।

VKC হোৱা কণমানিটোৰ চকুকেইটা ৰঙা পৰি থাকে, সিহঁতে চকুকেইটা অনবৰতে মোহাৰি থাকে। চকুৰ পটাৰ ভিতৰৰ পৰা দীঘল দীঘল সূতাৰ দৰে ফেচকুৰি ওলায়ে থাকে।

নাকেৰেও পানী ওলাই থাকিব পাৰে। চকুৰ গুৰিটো ক’লাও পৰিব পাৰে।

ইয়াক সময়ত উপযুক্ত চিকিৎসা নকৰিলে, চকুৰ মণিৰ চাৰিওফালে আৰু চকুৰ পতাৰ ভিতৰফালে সৰু সৰু গুটি উঠা দেখা যায়।

যদি সময়তো চিকিৎসা কৰ নহয়, তেতিয়া হ’লে চকুৰ বগা অংশ ৰঙা পৰি ফুলি ওখোৰা-মোখোৰা হৈ যাব আৰু মণিটোও বেয়া হৈ চকুৰে নেদেখা হৈ যাবও পাৰে।

সেই কাৰণে এই ৰোগবিধ হ’লে, চকু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। তেওঁ যিদৰে ক’ব, সেইমতে ব্যৱস্থাবোৰ লৈ থাকিব লাগে।

এটা কণমানিৰ এই ৰোগবিধ হ’লে, সাধাৰণতেফ প্ৰথমে, সপ্তাহত এবাৰ বা দুবাৰ আৰু তাৰ পিছত প্ৰত্যেক ৬ মাহে, কণমানিটোৰ ১২ বছৰ নোহোৱালৈকে ডাক্তৰৰ ওচৰলৈ গৈ থাকিব লাগে। খুব কম সংখ্যক শিশুৰ ক্ষেত্ৰতহে এই ৰোগ ১২ বছৰৰ পিছত হোৱা দেখা যায়।

চকুৰ খজুৱতি হোৱাৰ আন কাৰণ কিছুমান হ’ল চকুত বীজাণুৰ সংক্ৰমণ হোৱা, মূৰত উফি হোৱা, চছমাৰ প্ৰয়োজন হোৱা, কাজল বা আইলাইনাৰৰ প্ৰতি হোৱা এলাৰ্জি।

তাৰোপৰি কিছুমান বিশেষ প্ৰসাধন, মূৰত লগোৱা কলপৰ এলাৰ্জি, পানী লগা(চৰ্দি), ধোঁৱাৰ এলাৰ্জি বা ধূলিৰ এলাৰ্জি, মহিলাসকলৰ মেনোপ’জ হোৱাৰ পিছত চকুৰ পানী কমি যোৱা কাৰণতো চকুত খজুৱতি হ’ব পাৰে।

*আমাৰ যিবোৰ বস্তুৰ পৰা এলাৰ্জি হোৱা বুলি গম পাওঁ, সেইবোৰ বস্তুৰ পৰা আঁতৰত থাকিব লাগে।

*চকুৰ খজুৱতি হ’লে চকুত ঠাণ্ডা পানী বা বৰফ লগাব পাৰে।

*ঘৰত প্ৰাথমিক চিকিৎসাত আৰোগ্য নহ’লে, এজন অভিজ্ঞ চিকিৎসকৰ দ্বাৰাহে চিকিৎসা কৰাব লাগে।

কেতিয়াও চকুৰ ঔষধ নিজে দোকানৰ পৰা কিনি ব্যৱহাৰ কৰিব নালাগে। কাৰণ বেছিভাগ সময়তে দোকানীয়ে ষ্টেৰয়ড আইড্ৰপ দি পঠিয়াই, যিয়ে অতি সোনকালে চকুৰ খজুৱতি ভাল কৰে, কিন্তু সকলো ধৰণৰ খজুৱতিত ষ্টেৰ’ইডৰ প্ৰয়োজন নহয় আৰু দীঘলীয়াকৈ ইয়াক লগাই থাকিলে চকুৰ দৃষ্টিশক্তি লোপ পোৱাৰ সম্ভাৱনাহে বেছি হয়।

লেখিকাঃ ডাঃ ইন্দ্ৰাণী গোস্বামী, এম এছ(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate