চবকা জীৱ-জন্তুৰ ক্ষেত্ৰত দেখা পোৱা এক অতিকৈ সংক্ৰমিত ৰোগ। এই ৰোগৰ ভয়াৱহতা কেনে হ’ব পাৰে, সেই বিষয়ে এজন কৃষকে ভালদৰে উপলব্ধি কৰিব পাৰে। চবকা ৰোগবিধ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ। ‘এপথ’ নামৰ ভাইৰাছবিধৰ দ্বাৰা হোৱা এই ৰোগৰ বিষয়ে সকলো কৃষক ভালদৰে অৱগত নহয়। ইয়াক নিবাৰণৰ বাবে কৃষকসকলে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কিন্তু এই ব্যৱস্থাসমুহে ৰোগবিধ নিবাৰণ কৰাতকৈ বঢ়োৱাৰহে প্ৰমাণ পোৱা যায়।
সকলো ধৰণৰ খুৰা ফটা ঘৰচীয়া আৰু বনৰীয়া জন্তু এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। এইসমুহ হ’ল- গৰু, ম’হ, ছাগলী, ভেৰা, গাহৰি, হাতী, উট, মিথোন, য়াক।
চবকা ৰোগৰ সংক্ৰমণ দুই ধৰণৰ হ’ব পাৰে। এটা হ’ল- এই ৰোগৰ বীজাণু ৰুগীয়া জন্তুৰ পৰা পোনে পোনে সুস্থ জন্তুলৈ আহিব পাৰে। প্ৰত্যক্ষ সংস্পৰ্শলৈ সুস্থ জন্তু আহিলে ৰুগীয়া জন্তুৰ লেলাউটি, ঘাঁহ, খেৰ আদিৰ দ্বাৰা বীজাণু বিয়পে। অন্যহাতেদি , খাদ্য দিয়া-বাচন০বৰ্তন , কৃষকৰ পোচাক, গোহালিলৈ পিন্ধি যোৱা চেণ্ডেল, জোতা আদিতো বেমাৰৰ বীজাণু থাকিব পাৰে। গৰু-ম’হৰ মেলা আৰু বলদ-ষাঁড় গৰুৰ বীৰ্ষয়েও বেমাৰৰ বীজাণু বিয়পোৱাত সহায় কৰে।
চবকা ৰোগৰ বীজাণু শৰীৰৰ ভিতৰত প্ৰৱেশ কৰাৰ পৰা প্ৰথম লক্ষণ দেখুওৱালৈকে ৩ ৰ পৰা ৮ দিন সময় লাগে। ই কেতিয়াবা ২ ৰ পৰা ৪ সপ্তাহো হ’ব পাৰে।
চবকা ৰোগ হ’লে ইয়াৰ লক্ষণ সমুহ দেখি কৃষকে ৰোগবিধ চিনাক্ত কৰিব পাৰে। ৰোগ হ’লে ৰুগীয়া জন্তুৰ প্ৰথমে জ্বৰ হ’ব। এই জ্বৰ ১০৪-১০৮° ফাৰেনহাইটলৈকে হ’ব পাৰে। জীৱ-জন্তুৰ কেলাউটি ওলাব, বিশেষকৈ চুলি নথকা শৰীৰৰ অংশত ঘা দেখা যাব, যেনে মুখ আৰু খুৰাৰ ফাকৰ মাজত এই ঘা হয়। মুখত ঘা লগাৰ ফলত জন্তুবোৰে খাবলৈ মন নকৰা হয়। চবকা ৰোগত পানীজ্বলা উঠা দেখা যায়, য’ত চবকা ভাইৰাছৰ মাত্ৰা অতি বেছিকৈ পোৱা যায়। পানীজ্বলা উঠাৰ ১-২ দিনৰ পাছত এইবোৰ ভাগি যায়। পিছলৈ লেলাউটি ওলায় আৰু জেগাখিনিলৈ মাখি আহি তাত কণী পৰা আৰম্ভ কৰে। ভৰিত ঘা লগাৰ ফলত বেমাৰত আক্ৰান্ত জন্তুৰ চলা-ফুৰাতো অসুবিধাৰ সৃষ্টি হয়। চবকা ৰোগ সৰু পোৱালিৰ বেছি থাকে। চবকা ৰোগে কৃষকৰ অৰ্থ লাভতো বহুত ক্ষতি কৰে কাৰণ খীৰতী গাইৰ গাখীৰ দিয়াৰ ক্ষমতা কমি যায়।
চবকা ৰোগ দেখা দিয়া জন্তুৰ ক্ষেত্ৰত কিছুমান ব্যৱস্থা ল’লে ৰোগৰ লক্ষণ কমা দেখা যায়। চবকা হোৱা গোহালিটো পৰিষ্কাৰকৈ ৰাখিব লাগে যাতে বেমাৰৰ বীজাণু অন্য জন্তুলৈ সংক্ৰমিত নহয়। ৰুগীয়া জন্তুৰ সংস্পৰ্শৰ পৰা অন্য সুস্থ জন্তুক দুৰত ৰাখিব লাগে। ৰুগীয়া আৰু সুস্থ জন্তুৰ দানা একেলগে দিয়া অনুচিত। ৰোগাক্ৰান্ত জন্তুক জন্তুৰ মেলালৈ নি বেচা-কিনা কৰাটো অপৰাধ। আক্ৰান্ত জন্তুৰ মৃত্যু হোৱাৰ পিছত ইহঁতক দ কৈ গাঁত খান্দি পুতি থ’ব লাগে। বহুতো কৃষকে ৰোগত আক্ৰান্ত হোৱাৰ পিছত প্ৰতিষেধক দিয়াবৰ বাবে চেষ্টা কৰে। কিয়নো সকলো ৰোগৰ প্ৰতিষেধক জন্তুৰ সুস্থ অৱস্থাত থকাৰ সময়তহে দিব লাগে। চবকাৰ ফলত ঘা হোৱা ঠাইখিনি ১% পটেছিয়ম-পাৰমাংগানেট অথবা পটাছ পানীৰে ধুব লাগে। ২-৪% বৰিক এচিড গ্লিচাৰিনত মিহলাই অথবা বৰ-লিচাৰিন মলম ঠাইখিনিত সানিব পাৰে। দ্বিতীয় বেক্টেৰিয়াৰ আক্ৰমণৰ পৰা সাৰিবলৈ এণ্টিবায়টিক জন্তুটোক দিব পাৰে। মাখিয়ে কণী পাৰিলে প্ৰথমে মাখিবোৰ উলিয়াই টাৰপেনটাইন তেল নহ’লে ইউকেলিপ্টাছ তেল কপাহত লগাই ঘাৰ ভিতৰত ভৰাই দিব লাগে। জন্তুবোৰৰ বিষ কম কৰিবলৈ বিষনাশক ঔষধ কৃষকসকলে খুৱাই দিব পাৰে।
চবকা ৰোগৰ ভয়াৱহতাৰ পৰা হাত সাৰিবলৈ হ’লে আগৰে পৰাই বেমাৰৰ প্ৰতিষেধক দিয়া প্ৰয়োজন। আগতীয়াকৈ বেমাৰৰ বীজাণুক দুৰত ৰাখিব পাৰিলে কৃষকসকলৰ অৰ্থ লাভত অসুবিধাৰ সৃষ্টি নহয়। চবকা বেমাৰৰ প্ৰতিষেধক ৬ ৰ পৰা ৮ সপ্তাহ অৰ্থাৎ ১ ১/২ ৰ পৰা ২ মাহৰ পিছত দিব লাগে। ইয়াৰ পিছত ৬ মাহৰ মুৰে মুৰে প্ৰতিষেধকৰ ছিটা দিব লাগে। ৬ মাহৰ অন্তৰে অন্তৰে ছিটা দিয়াটোৱেই চবকাক দুৰ ৰখাৰ একমাত্ৰ উপায়। বেমাৰৰ প্ৰতিষেধক ছিটা ২ ৰ পৰা ৮° চেণ্টিগ্ৰেডৰ ভিতৰত ৰাখিব লাগে। এনে ব্যৱস্থা আৰু সাৱধানতা অৱলম্বন নকৰিলে বেমাৰৰ প্ৰতিষেধক লৈও কোনো সুফল পোৱা নাযায়। কৃষকসকলে খৰচ কমাবৰ বাবে এনে সাৱধানতা অৱলম্বন নকৰে আৰু পিছত বেমাৰ বাঢ়িলে চিকিৎসকৰ শৰণাগত হয়। সেয়েহে এজন সফল কৃষকে চিকিৎসকৰ দিহা-পৰামৰ্শ মানি চলা অত্যন্ত প্ৰয়োজনীয়। এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনসমুহেও সহায় কৰিব পাৰে। বৰ্তমানে অসম চৰকাৰে চবকা ৰোগ নিবাৰণৰ বাবে সামুহিক ভাৱে প্ৰতিষেধক বিনামুলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে ইয়াৰ আৰম্ভণি কিছু কিছু অঞ্চলত হৈছে। কৃষকসকলৰ লাভালাভৰ বাবে আগবঢ়োৱা এই কাৰ্যসুচী সকলো কৃষকে আগভাগ লোৱা বাঞ্চনীয়।
লেখিকা: উপাসনা বৰুৱা (দৈনিক জনমভুমি)
শেহতীয়া উন্নীতকৰণ: : 2/29/2024