অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাইনাচাইটিছ :

চাইনাচাইটিছ :

 

চাইনাচাইটিছৰ বিষয়ে জনাৰ আগত আমি চাইনাচৰ বিষয়ে জানিব লাগিব। আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান গহ্বৰৰ নিচিনা খালী ঠাই বা বায়ু মোনা থাকে যিবিলাক আমাৰ নাকগহ্বৰৰ লগত সংযোজিত হৈ থাকে। এই গহ্বৰবিলাকৰ মাজত বায়ু সোমায় থাকে বাবে আমি আমাৰ লাওখোলাটোৰ ওজন অনুভৱ নকৰো আৰু আমি নাকেৰে শ্বাস-প্ৰশ্বাসত লোৱা বায়ুক হাঁপফাঁওলৈ যোৱাৰ আগতে এই চাইনাচবিলাকে আৰ্দ্ৰতা প্ৰদান কৰে। এই খালী গহ্বৰ বা বায়ুমোনাবিলাকক চাইনাচ বুলি কোৱা হয়। এই চাইনাচবিলাকক শ্লেষ্মা আৱৰণে আৱৰি থাকে। এই চাইনাচ বা চাইনাচবিলাকক আৱৰি থকা শ্লেষ্মা আৱৰণৰ প্ৰদাহ বা সংক্ৰমণকে চাইনাচাইটিছ বুলি কোৱা হয়। চাইনাচৰ প্ৰদাহ বা সংক্ৰমণ এলাৰ্জি, প্ৰদুষিত বাতাৱৰণ, যেনে-ধুলি, মাকতি, বেক্টেৰিয়া, ভাইৰাছ বা কেতিয়াবা ভেঁকুৰৰ সংক্ৰমণৰ পৰা হ’ব পাৰে।

সময়চক্ৰৰ ওপৰত ভিত্তি কৰি চাইনাচাইটিছক মুখ্যত: তিনিটা ভাগত বিভক্ত কৰা হয় -

*নতুনকৈ হোৱা চাইনাচাইটিছ (Acute): এই সংক্ৰমণ প্ৰায় চাৰি সপ্তাহলৈ থাকে।

*ছাব-একিউট চাইনাচাইটিছ(Subacute): চাৰিৰ পৰা ১২ সপ্তাহলৈ সংক্ৰমণ থাকিব পাৰে।

*জীৰ্ণ চাইনাচাইটিছ (Chronic ): জীৰ্ণ চাইনাচাইটিছ খুব কমসংখ্যক লোকৰ মাজত দেখা যায়। সাধাৰণতে এমাহৰ পৰা এবছৰ পৰ্যন্ত থাকিব পাৰে।

*কেতিয়াবা নাকৰ পৰ্দাৰ বিকৃতি (Deviated Nasal Septum) বা নাকৰ ভিতৰত হোৱা বৃদ্ধি (Polyp), দাঁতৰ সংক্ৰমণ ইত্যাদি কাৰণতো চাইনাচাইটিছ হ’ব পাৰে।

ইয়াৰ চিহ্ন আৰু লক্ষণ -

মুৰৰ বিষ বা মুখমণ্ডলৰ বিষ। নাকৰ পৰা ডাঠ স্ৰাৱ ওলায়। নতুন চাইনাচাইটিছত এই স্ৰাৱ সেউজীয়া ৰঙৰ হয়, পুঁজ আৰু তেজ মিহলি হৈ থাকিব পাৰে। জীৰ্ণ চাইনাচাইটিছত নাকগহ্বৰৰ পৰা সংক্ৰমিত শ্লেষ্মা মুখগহ্বৰৰ ভিতৰলৈকে নিৰ্গত হ’ব পাৰে। জ্বৰ নাকৰন্ধ্ৰ বন্ধ হৈ যায়। নাকেৰে গোন্ধ নোপোৱা হয়। শ্বাস-প্ৰশ্বাস গোন্ধযুক্ত হ’ব পাৰে বা মুখখন দুৰ্গন্ধযুক্ত হ’ব পাৰে। কাহ (সাধাৰণতে ৰাতিৰ ভাগত)। শৰীৰৰ বিষ। দুৰ্বলতা মুৰ ঘুৰণি। দাঁতৰ বিষ। কাণৰ বিষ। চকুৰ বিষ। গলৰ বিষ বা গল বহি যোৱা ইত্যাদি।

চাইনাচাইটিছ হোৱাৰ কাৰকবোৰ -

ধুলি-মাকতি, এলাৰ্জি , প্ৰদুষিত বাতাৱৰণ, ধুমপান, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা অৱস্থা, যেনে- এইডছ, যক্ষ্মা, ডায়েবেটিজ ইত্যাদি। শ্বাসতন্ত্ৰৰ সংক্ৰমণ, ৰাসায়নিক উত্তেজক পদাৰ্থ, যেনে-দোকানত পোৱা কিছুমান নেজেল স্প্ৰে, চিগাৰেটৰ ধোঁৱা, ক্লৰিনৰ ধোঁৱা, ক্লৰিনযুক্ত পানীৰ পুখুৰীত সাঁতুৰি ফুৰা ইত্যাদি। চাইনাচাইটিছ সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত হোৱা দেখা যায়। পাঁচ বছৰৰ তলৰ মানুহৰ এই বেমাৰ সাধাৰণতে নহয়।

জটিলতাসমুহ -

চকুৰ গহ্বৰৰ সংক্ৰমণ (দৃষ্টিশক্তিও লোপ পাব পাৰে), হাড়ৰ সংক্ৰমণ (Osteomyelitis)বিশেষকৈ কপাল আৰু মুখমণ্ডলৰ হাড়বিলাকৰ , মধ্য কাণৰ সংক্ৰমণ, মগজুৰ সংক্ৰমণ (মেনিনজাইটিছ পৰ্যন্ত হ’ব পাৰে), ব্যক্তিত্বৰ পৰিৱৰ্তন, সংজ্ঞাহীন হ’ব পাৰে, দৃষ্টিশক্তিৰ অসুবিধা , ক’মা (Coma) মৃত্যু (সম্ভৱ)।

চাইনাচাইটিছৰ বাবে ল’বলগীয়া সাৱধানতা -

তলত দিয়া নিয়মবিলাক মানি চলিলে চাইনাচাইটিছ হোৱাত কিছু পৰিমাণে বাধা দিব পৰা যায়।

*নিজৰ হাত দুখন সঘনাই ধোৱাৰ অভ্যাস কৰিলে বীজাণু আৰু সংক্ৰমণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়।

*ধুম্ৰপান ত্যাগ কৰা উচিত।

*শিশুৰ নিয়মিত টিকাকৰণ কৰিব লাগে।

*ঠাণ্ডাৰ দ্বাৰা আক্ৰান্ত হ’লে বা শ্বাসনলীৰ সংক্ৰমণ হ’লে তৎক্ষণাৎ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

*ঠাণ্ডাৰ দিনত বিশেষ সাৱধানতা ল’ব লাগে।

*যিমান দুৰ সম্ভৱ নিজক ধুলি-মাকতি, নালাগে।

*ঋতু অনুযায়ী উৎপন্ন হোৱা ফল-মুল সেৱন কৰিব লাগে।

*ফ্ৰীজত ৰখা বস্তু, ময়দাৰ দ্বাৰা বনোৱা খাদ্য সামগ্ৰী, ফাষ্টফুড, কাৰ্বনেটেড ড্ৰিংকছ, চিগাৰেট, চকলেট , মদ্য, ব্ৰেড, জাংকফুড ইত্যাদি ত্যাগ কৰিব লাগে।

*নিয়মিত ব্যায়াম আৰু খোজ কাঢ়িব লাগে।

*খাদ্যত নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰিব লাগে।

*অতি উষ্ণ বা অতি ঠাণ্ডা খাদ্য বস্তু পৰিহাৰ কৰিব লাগে।

*পায়খানা সদায় খোলোচা ৰাখিব লাগে। তাৰ বাবে আঁহজাতীয় খাদ্যবস্তু, যেনে-সেউজীয়া শাক-পাচলি, জৈৱিক ফল-মুল ইত্যাদি সেৱন কৰিব লাগে।

*বেঙেনা, বিলাহী, দৈ আদি পৰিত্যাগ কৰিব লাগে।

*নিয়মিত সময়মতে খাদ্য গ্ৰহণ কৰিব লাগে অন্যথা হজম প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়।

*ক্লৰিন মিহলি পানীৰ পুখুৰীত সাঁতোৰ পৰিহাৰ কৰিব লাগে।

*মহ মৰাৰ বাবে ব্যৱহৃত হোৱা ৰাসায়নিক পদাৰ্থৰ পৰা আঁতৰি থাকিব লাগে।

ঘৰুৱা দিহা -

*পানীত তুলসী পাত গৰম কৰি তাৰ গৰম ভাপ ল’লে সুফল পোৱা যায়।

*পানী গৰম কৰি তাত পদিনা, ইউকেলিপ্টাচৰ তেল, লংতেল মিহলাই তাৰ দিনত দুবাৰকৈ ভাপ ল’ব লাগে। ভাপ লৈ উঠি নিমখ গৰম পানীৰে মুখৰ প্ৰক্ষালন কৰিব লাগে।

*পিঁয়াজ কাটি গৰম পানীত দি তাৰো ভাপ ল’ব পাৰি।

*এক চামুচ মিঠাতেল এক গিলাচ পানীত মিহলাই গৰম কৰি যেতিয়া পানীৰ পৰিমাণ আধা হৈ যায় তাক জুইৰ পৰা নমাই থৈ দিব লাগে। যেতিয়া পানীখিনি নাতিশীতোষ্ণ অৱস্থা পাব তেতিয়া তাৰ তিনি চাৰি ফোটা পানী ড্ৰপাৰৰ সহায়ত নাকৰ ফুটাত দিব লাগে। নহ’লে কেৱল ১-২ টোপাল খালী মিঠাতেলো ব্যৱহাৰ কৰিব পাৰি।

*৫-৬ কোঁহ নহৰু থেতেলিয়াই লৈ তাৰ ঘ্ৰাণ ল’ব পৰা যায়।

*অলপ পৰিমাণৰ হালধি গুড়ি জ্বলি থকা এঙাৰত জ্বলাই বা কাপোৰৰ টোপোলা বান্ধি জ্বলাই তাৰ ধোঁৱা শুঙিলেও আৰাম পোৱা যায়।

*১-২ চামুচ দালচেনিৰ গুড়ি অলপমান গৰম পানী মিহলাই লেপ বনাই কপালত লগালে বন্ধ হৈ থকা নাক খোল খাই যায়।

*অকণমান কুহুমীয়া নিমখ পানীৰে নাকৰন্ধ্ৰ প্ৰক্ষালন কৰিলে নাকৰ শ্লেষ্মা আৱৰণ আৰ্দ্ৰ হৈ থাকে আৰু নিমখ পানীয়ে বহুতো বেমাৰৰ বীজাণু ধ্বংস কৰাটো সহায় কৰে।

মুখেৰে সেৱন কৰিব পৰা ঘৰুৱা ঔষধ -

*১ চামুচ থেতেলাই লোৱা নহৰু, ১ চামুচ হালধি গুড়ি আৰু ২ চামুচ মৌ মিহলাই দিনে এবাৰ বা দুৱাৰ খাব লাগে।

* নেমু পানীত মৌ মিহলাই খালেও উপকাৰ পোৱা যায়।

*কমলা টেঙাৰ ৰস কুহুমীয়া গৰম পানীত মিহলাই সেৱন কৰিলেও সুফল পোৱা যায়।

*৮-১০ টা তুলসী পাত, ৮-১০টা জালুকৰ গুড়ি আৰু অলপ পৰিমাণৰ আদা পানীত গৰম কৰি পানীখিনি চেকি পেলাই সেৱন কৰিলেও সুফল পোৱা যায়।

*চাৰিভাগৰ এক চামুচ ডালচেনিৰ গুড়ি এক চামুচ মৌৰ লগত মিহলাই সেৱন কৰিব পাৰি।

যোগাসন -

এজন যোগ প্ৰশিক্ষকৰ তত্ত্বাৱধানত তলত দিয়া যোগাসনসমুহ সামৰ্থ্য অনুসৰি কৰিলে চাইনাচাইটিছ বেমাৰত সুফল পোৱা যায়। যেনে কপালভাটি, জলনেতি, ঘৃতনেতি, জানু শীৰ্ষাসন, অৰ্ধম সেন্দ্ৰিয়াসন, ধনুৰাসন, চক্ৰাসন, সলভাসন, ভুজংগাসন, সৰ্বাঙ্গাসন, হলাসন, সবাসন, ধ্যান (অতি কমেও ১০ মিনিট) ইত্যাদি। ইয়াৰ উপৰি বহুতো আয়ুৰ্বেদীয় শাস্ত্ৰীয় আৰু পেটেণ্ট ঔষধৰ ব্যৱহাৰৰ দ্বাৰা এই বেমাৰটোৰ পৰা আৰোগ্য লাভ কৰিব পৰা যায়।

লেখক: ডা: মুকুল শৰ্মা (দৈনিক জনমভুমি)

 

 

 

 

 

 

 

 

 

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate