অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পাইলচ :

পাইলচ :


খণ্ড - ১
"ছাৰ, মোৰ পাইলচ হৈছে" চিকিৎসালয়ত অহা বহু বেমাৰীয়ে প্ৰায় এনেকৈ আমাক নিজৰ বেমাৰৰ বিষয়ে পৰামৰ্শ বিচাৰে। চিকিৎসালয়ৰ বাহিৰেও কেতিয়াবা নিজৰ বন্ধুৰ মাজৰ আড্ডা বা কোনো অনুষ্ঠান, উৎসৱ পাৰ্বনত আমি যেতিয়া কিছুমান চিনাকি বা অচিনাকি মানুহৰ লগত কিছু সময়ৰ কাৰণে একলগে বহোঁ তেতিয়া বহুতেই আমাক ডক্টৰ বুলি গম পোৱাৰ পিছত নিজৰ পাইলচ হোৱা বুলি কৈ পোনে পোনে ইয়াৰ চিকিৎসা বিধান বিচাৰে। এতিয়া প্ৰশ্ন হয় যিসকল মানুহে নিজৰ পাইলচ হোৱা বুলি ভাৱি সাংঘাটিক ভয় বা টেনশ্যনত ভূগি আমাৰ ওচৰলৈ আহি প্ৰেছক্ৰিপশ্বন এটা বিচাৰে, সচাঁকৈ তেওঁলোকৰ পাইলচ নামৰ বেমাৰবিধ হৈছেনে??? ইয়াৰ ওপৰত এটা সামান্য জ্ঞান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম।
সাধাৰণতে মানুহ এজনে যেতিয়া পায়খানা কৰিবলৈ গৈ নিজৰ পায়খানাৰ লগত তেজ যোৱা দেখা পায় তেতিয়াই সাংঘাটিক ভয় বা টেনশ্যনত ভোগা আৰম্ভ কৰে, কিন্তু প্ৰথমে লাজ বা নিজৰ ইজ্জতৰ কথা ভাৱি কোনো মানুহৰ লগত এই বিষয়ে কোনো আলোচনা নকৰে বা কেতিয়াবা আলোচনা কৰিলেও চিকিৎসকক বেমাৰটো দেখুৱাই নিবলৈ খুব সংকোচ বোধ কৰে আৰু ওচৰৰ চিনাকি ফাৰ্মাচীখনৰ পৰা তেজ বন্ধ হোৱা বা কোষ্ঠকাঠিন্য দূৰ কৰিবলৈ কিবা কিবি ঔষধ গ্ৰহণৰ চেষ্টা কৰে। এদিন দুদিনৰ পিছত যেতিয়া কেইবাদিনো পায়খানাৰ লগত তেজ যোৱা দেখা পায় তেতিয়া সকলো লাজ সংকোচ এৰি চিকিৎসকৰ পৰামৰ্শ বিচাৰি চিকিৎসকৰ কাষ চাপে যদিও ডক্টৰক বেমাৰৰ পৰীক্ষা কৰিবলৈ নিদিয়াকৈ অকল বেমাৰৰ বৰ্ণনাটোহে দিয়ে আৰু বেমাৰী যদি মাইকী মানুহ হয় তেতিয়াহলে তো বৰ্ণনাও খুব সংক্ষিপ্ত ৰূপে দাঙি ধৰে। চিকিৎসা বিজ্ঞানৰ জ্ঞান নথকা মানুহ এজনৰ কাৰণে পায়খানাৰ লগত তেজ যোৱাটো এটা সাংঘাটিক ভয় লগা বিষয় যদিও অকল পাইলচ হলেহে যে পায়খানাৰ লগত তেজ যায়, কথাটো তেনেকুৱা নহয়। পায়খানাৰ লগত তেজ যোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে, যেনেকুৱা....
1. Hemorrhoids (পাইলচ)
2. Fissure in ano
3. Infection
4. Diverticulosis
5. Crohn's disease, irritable bowel syndrome, colitis
6. Angiodysplasia
7. Polyps, tumor, ano-rectal injury
8. Stomach ulcer, Melena etc
গতিকে বেমাৰীয়ে পায়খানাৰ লগত তেজ যোৱা বুলি কলেই আমি প্ৰথমেই পাইলচ হোৱা বুলি নাভাবো, পৰিবৰ্তে প্ৰকৃত বেমাৰটো ধৰাত পেলাবলৈ আমি বেমাৰীক বিভিন্ন ধৰণৰ প্ৰশ্ন কৰোঁ, যেনেকুৱা.......
*পায়খানাৰ লগত যোৱা তেজ খিনি fresh blood নে গোট মৰা তেজ,
* তেজ কেতিয়া ওলায় পায়খানা ওলোৱাৰ আগত নে পিছত,
* পায়খানা কৰাৰ পিছত বা আগত Anus ত খুব বিষ অনুভৱ কৰে নেকি,
* তেজ টোপ টোপকৈ পৰে নেকি নে পায়খানাৰ গাত পাতল কৈ লাগি আহে,

*পায়খানা কৰাৰ কিমান সময় পিছলৈ তেজ গৈ থাকে,
* পায়খানা কৰাৰ পিছত নিজৰ under wear বা bed sheet ত তেজৰ দাগ দেখা পায় নেকি,
* পায়খানা কৰাৰ আগত পেটটো খুব বিষায় নেকি,
* পায়খানা খুব টান বা কোষ্ঠকাঠিন্য আছে নেকি,
* যদি কোষ্ঠকাঠিন্য আছে কিমান দিনৰ পৰা আছে,
* পায়খানা ওলোৱাৰ সময়ত পায়খানাৰ ৰাস্তাত ব্লেডেৰে কাটি দিয়াৰ নিচিনা অনুভৱ হয় নেকি,
* পায়খানা কৰিবলৈ বহুত দীৰ্ঘ সময় লেট্ৰিনত বহি থাকে নেকি,
* পায়খানা কেতিয়াবা খুব কলা বৰণৰ হয় নেকি,
* পায়খানা ওলোৱাৰ সময়ত বা পিছত ভিতৰৰ পৰা কিবা মাংস বা পিন্ডৰ নিচিনা ওলায় নেকি, ইত্যাদি বিভিন্ন প্ৰশ্ন কৰাৰ পিছত চিকিৎসকে নিজ হাতেৰে পায়খানাৰ ৰাস্তাত গ্লোবচ পৰিহিত আঙুলিৰে কিছু পৰীক্ষা কৰাৰ প্ৰয়োজন হয়। ইয়াৰ পিছতো প্ৰয়োজন অনুসৰি অত্যাধুনিক মেচিনৰ সহায়েৰে Anus ভিতৰত পৰীক্ষা কৰি সঠিক ৰোগ নিৰ্ণয় কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।
কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হল যিমান সংখ্যক মানুহে নিজৰ পাইলচ হোৱা বুলি পৰামৰ্শ বিচাৰি চিকিৎসকৰ কাষ চাপে তেওঁলোকৰ চাৰি ভাগৰ তিনি ভাগৰেই পাইলচ নামৰ বেমাৰ বিধ নাই। তেওঁলোকৰ বেছি ভাগৰ ক্ষেত্ৰত পায়খানাৰ লগত তেজ যোৱাৰ কাৰণটো হল Fissure in ano নামৰ বেমাৰটোহে। গতিকে পায়খানাৰ লগত অলপ তেজ গলেই ভয় নকৰি ওচৰৰ চিকিৎসকৰ পৰামৰ্শ লওঁক।

লেখক: ডা: জাহিদ আহমেদ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate