অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুনৰ ডেংগু জ্বৰৰ আতংক- সজাগতাই পৰিত্ৰাণৰ উপায়ঃ

পুনৰ ডেংগু জ্বৰৰ আতংক- সজাগতাই পৰিত্ৰাণৰ উপায়ঃ

পুনৰ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত ডেংগু জ্বৰে আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। ডেংগু জ্বৰ মহৰ দ্বাৰা বিয়পা এবিধ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ফ্লেৱিৱিৰীডি পৰিয়ালৰ ডি-এন-ই-ভি ভাইৰাছৰ দ্বাৰা এই ৰোগ হয়। এইবিধ ভাইৰাছৰ পাঁচটা প্ৰকাৰ (চেৰোটাইপ) আছে। ইয়াৰে পঞ্চমটো প্ৰকাৰ ২০১৫ চনত আৱিষ্কাৰ হৈছিল। ঈদিছ মহৰ কামোৰৰ দ্বাৰা এই ৰোগ এজনৰ গাৰ পৰা অইন এজনৰ গালৈ বিয়পে। ঈদিছ ঈজীপ্তি A. Aegypti প্ৰজাতিৰ মহ অসমকে ধৰি ভাৰতৰ বেছিভাগ ঠাইতে ব্যাপক মাত্ৰাত আছে। এই প্ৰজাতিৰ মহে সচৰাচৰ দিনৰ ভাগত, বিশেষকৈ ৰাতিপুৱা আৰু আবেলি মানুহক কামোৰে। ডেংগু জ্বৰত ভুগি থকা লোক এজনক আৰম্ভণিৰ দ্বিতীয় দিনৰ পৰা দশম দিনৰ ভিতৰত মাইকী ঈদিছ মহে কামুৰিলে ভাইৰাছ মহৰ পৰিপাক তন্ত্ৰত প্ৰৱেশ কৰে। প্ৰৱেশ কৰাৰ ৮ দিনৰ পৰা ১০ দিনৰ ভিতৰত ডি.এন.ই.ভি. ভাইৰাছ মহৰ লালটি গ্ৰন্থি পায়গৈ আৰু লালটিৰ যোগেদি সেই মহটোৱে কামোৰা অইন ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে। ভাইৰাছ কঢ়িয়াই ফুৰা মহটো নিজে আক্ৰান্ত নহয়। মহৰ উপৰি ৰক্ত সঞ্চাৰণ, অংগ সংৰোপন আদি প্ৰক্ৰিয়াৰ দ্বাৰা বা গৰ্ভৱতী মাতৃৰ পৰা গৰ্ভস্থ সন্তানৰ শৰীৰলৈ ডেংগু ভাইৰাছ বিয়পিব পাৰে। মানুহৰ শৰীৰত প্ৰৱেশ কৰাৰ পিছত ডি.এন.ই.ভি. ভাইৰাছ তেজৰ বগা ৰক্ত কণিকা ডব্লিউ.বি.চি.-ৰ সতে সংযুক্ত হয় আৰু তাৰ ভিতৰত বংশ বৃদ্ধি কৰে। ভাইৰাছ ধ্বংস কৰিবলৈ বগা ৰক্ত কণিকাই চাইটোকাইন, ইণ্টাৰফেৰ’ন আদি পদাৰ্থ এৰি দিয়ে, যিবোৰে মূৰকত মানুহজনৰ শৰীৰত জ্বৰ, বিষ আদি কৰে।

ডেংগু জ্বৰত আক্ৰান্ত ব্যক্তিৰ হঠাতে তীব্ৰ জ্বৰ উঠে (প্ৰায় ১০৪ ডিগ্ৰী ফাৰেনহাইট)। মূৰৰ বিষ হয় আৰু বিশেষকৈ চকুৰ পিছফাল বিষায়। জ্বৰৰ সতে বমি ভাব বা বমি থাকিব পাৰে। শৰীৰত আই ওলোৱাৰ নিচিনা অসংখ্য সৰু সৰু ৰঙচুৱা দাগ পৰে। সময় বাগৰাৰ লগে লগে পাঁচ শতাংশ আক্ৰান্তৰ ক্ষেত্ৰত শৰীৰৰ বিভিন্ন অংশৰ পৰা বিশেষকৈ খাদ্যনলী, নাক, মুখ আদিৰ পৰা তেজ নিজে নিজে নিগৰিবলৈ ধৰে। ক’লা শৌচ হয়। বুকুৰ ভিতৰত পনীয়া পদাৰ্থ (তেজৰ প্লাজমা ভাগ) জমা হ’ব ধৰাৰ ফলত উশাহ লোৱাত কষ্ট হয়। অংগ-প্ৰত্যংগসমূহলৈ তেজৰ প্ৰৱাহ কমি যোৱাৰ ফলত সেইসমূহ নষ্ট হৈ যোৱাৰ আশংকা ঘনীভূত হয় আৰু শ্বক হ’ব পাৰে। এইটো পৰ্যায় ৰোগীগৰাকীয়ে সুকলমে পাৰ কৰাব পাৰিলে লাহে লাহে ৰোগ উপশমৰ পৰ্যায়লৈ আহে। এই সময়ছোৱাত কলিজাৰ ধিপধিপনি ধীৰ হয় আৰু গাত খুব খজুৱতি উঠে। অচেতন হ’বও পাৰে। ৰোগ শাম কটাৰ কেইবাসপ্তাহ পিছলৈকে আক্ৰান্ত ব্যক্তিগৰাকীয়ে ভাগৰুৱা অনুভৱ কৰি থাকে। ডেংগু আক্ৰান্ত ব্যক্তি এগৰাকীৰ পেটৰ বিষ বাঢ়ি গৈ থাকিলে, ধাৰাবাহিকভাৱে বমি হৈ থাকিলে, যকৃত ফুলিলে, মুখ বা নাকেৰে তেজ ওলাবলৈ ধৰিলে, অৱশ বা অস্থিৰ অনুভৱ কৰিলে বা তেজত অনুচক্ৰিকা (প্লেটিলেট)-ৰ পৰিমাণ কমি গৈ থাকিলে, সেয়া বিপদৰ আগজাননী বুলি বুজিব লাগে।

তেজ পৰীক্ষাৰ দ্বাৰা ডেংগু জ্বৰ নিৰ্ণয় সম্ভৱ। প’লিমাৰেজ চেইন ৰিয়েকচন (পি.চি.আৰ.) আদি পদ্ধতিৰে ভাইৰাছ পৃথক কৰি সন্দেহাতীতভাৱে ৰোগ নিৰ্ণয় কৰিব পাৰি যদিও এনেবোৰ পদ্ধতি ব্যয়বহুল হোৱা বাবে ভাইৰাছ এণ্টিজেন (এন.এছ.) আদিৰ পৰীক্ষা আৰু নিৰ্দিষ্ট প্ৰতিদেহ (IgG, IgM এণ্টিবডী) পৰীক্ষা আদি ডেংগু জ্বৰ চিনাক্তকৰণত প্ৰয়োগ কৰি অহা হৈছে। ডেংগু ভাইৰাছ ধ্বংস কৰিব পৰা নিৰ্দিষ্ট কোনো ঔষধ নাই হেতুকে ইয়াৰ কোনো নিৰ্দিষ্ট চিকিৎসাও নাই। সেয়ে লক্ষণ অনুযায়ী চিকিৎসা ব্যৱস্থা কৰিব লাগে। খোৱা-পিয়া কৰি থাকিব পৰা, নিয়মিতভাৱে প্ৰস্ৰাৱ কৰি থকা আৰু উল্লেখ কৰি অহা ধৰণৰ কোনো বিপদৰ আগজাননী নেদেখুওৱা ৰোগীসকলক অ’ আৰ এছ আদিৰে ঘৰতে পৰিচৰ্যা কৰিব পাৰি। বাকীসকলৰ ক্ষেত্ৰত শীঘ্ৰে আই,চি.ইউ. সুবিধাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰোৱাই যুগুত। ডেংগু ভাইৰাছৰ ফলপ্ৰসূ প্ৰতিষেধক ছিটা এতিয়ালৈকে ওলোৱা নাই। আংশিকভাৱে সুৰক্ষা দিব পৰা প্ৰতিষেধক ছিটা এবিধ মেক্সিক, ব্ৰাজিল, ফিলিপাইনছ আদি দেশত এই বছৰ (২০১৬)ৰ আৰম্ভণিৰ পৰা ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। প্ৰতিষেধক ছিটাৰ ওপৰত গৱেষণা চলি আছে যদিও শেহতীয়াভাৱে ডি.এন.ই.ভি. ভাইৰাছৰ পঞ্চমটো প্ৰকাৰ (চেৰোটাইপ)-ৰ আৱিষ্কাৰে পুনৰ নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

ৰোগ সৃষ্টিকাৰী ভাইৰাছৰ বাহক ঈদিছ মহৰ নিয়ন্ত্ৰণেই আজিৰ তাৰিখত উপলব্ধ একমাত্ৰ ফলপ্ৰসূ ডেংগু নিয়ন্ত্ৰণৰ পথ। ইয়াৰ বাবে মহৰ প্ৰজননৰ উৎস হ্ৰাস কৰিব লাগে। ঈদিছ মহে জমা হৈ থকা বা ৰৈ থকা পৰিষ্কাৰ পানীত কণী পাৰে। নাৰিকলৰ কোৰোকা, পুৰণা টায়াৰ, অব্যৱহৃত পেলনীয়া বাচন, প্লাষ্টিকৰ সামগ্ৰী, ফুলৰ টাব আদি আমি সহজে মন নকৰা ঠাইত বৰষুণৰ পিছত পানী জমা হৈ মহৰ বংশ বৃদ্ধি সুচল কৰে। ঘৰৰ আশে-পাশে থকা এইবোৰৰ পৰা পানী পেলাই শুকানকৈ ৰাখিব লাগে। পুখুৰী, খাল আদিত মহৰ কণী খোৱা মাছৰ প্ৰজাতি যেনে- গাম্বুছিয়া, টিলাপিয়া, গাপ্পী আদি মেলি দিলে মহৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস হয়। অসমৰ স্থানীয় প্ৰজাতিৰ ভিতৰত চেং, কাৱৈ, চন্দা আদি মাছেও মহৰ কণী খায় বুলি জনা গৈছে।

গাউনি, জিয়া আদি পতংগ আৰু কিছুমান প্ৰজাতিৰ জেঁঠী, নাইপিয়া আদি সৰীসৃপে মহৰ কণীৰ লগতে পূৰঠ মহো খায়। মহে কণী পৰা জলাশয়ত পানীৰ ওপৰত এটা পাতল তৰপ হোৱাকৈ তেল ঢালি দি মহৰ বংশ বৃদ্ধি ৰোধ কৰিব পৰা যায়। মহে কামোৰা ৰোধ কৰিবৰ বাবে ঘৰৰ খিৰিকী, ভেণ্টিলেটৰ আদি মহ সোমাব নোৱৰা জালেৰে আৱৰি পেলাব লাগে। দিনতেই হওঁক বা ৰাতিয়েই হওঁক শোওঁতে আঠুৱা ব্যৱহাৰ কৰিব লাগে। আঁঠুৱাৰ ফুটাবোৰ ১.২ মিলিমিটাৰতকৈ ডাঙৰ হ’ব নালাগে অৰ্থাৎ প্ৰতি বৰ্গ ইঞ্চি ক্ষেত্ৰত কমেও ১৫০টা ফুটা থকা হ’ব লাগে। খিৰিকীৰ বাবে ব্যৱহৃত জাল তাম বা পিতলৰ তাঁৰেৰে তৈয়াৰী হ’ব লাগে। এনে ধাতৱ জালৰ প্ৰতি ইঞ্চিত ১৬ ডালকৈ তাঁৰ বোৱা হ’ব লাগে। আজিকালি পাৰমেথ্ৰিন, ডেল্টামেথ্ৰিন আদি মহ দূৰকাৰী ঔষধ ওলাইছে। নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে এই ঔষধ আঁঠুৱাত প্ৰয়োগ কৰিলে ছয় মাহমানলৈ মহ আঁতৰি থাকে। ঔষধ প্ৰয়োগৰ আগেয়ে আঠুৱাবোৰ ধুই পৰিষ্কাৰ কৰি ভালদৰে শুকাব লাগে। ঔষধ প্ৰয়োগৰ পিছত ছাঁত শুকাব লাগে। ছয় মাহমানলৈ পুনৰ আঁঠুৱাখন ধুব নালাগে। K-Othrine নামেৰে ভাৰতৰ বজাৰত উপলব্ধ এই মহ দূৰকাৰী ঔষধ ঘৰৰ পৰ্দা আদিতো প্ৰয়োগ কৰি সুফল পোৱা যায়। ডাই-ইথাইল-মেটা-টলুএমাইদ (ডি.ই.ই.ডি.), পিকাৰ্ডিন, ইউকেলিপ্টাচ তেল আদিৰে প্ৰস্তুত কৰা গাত সানি ল’ব পৰা লোচন বা তেল উপলব্ধ হৈছে। এনে লোচন ব্যৱহাৰৰ দ্বাৰা মহৰ কাপোৰৰ পৰা নিস্তাৰ পাব পাৰি। এলেথ্ৰিনযুক্ত মহ দূৰকাৰী ধূপ ব্যৱহাৰেৰে মহক আঁতৰাই পঠিয়াব পৰা যায়। এনেবোৰ ঔষধযুক্ত যতনৰ অনহূত পাৰ্শ্বক্ৰিয়া অৱশ্যে নথকা নহয়। পৰাপক্ষত শৰীৰৰ সৰ্বাধিক অংশ ঢাক খোৱা ধৰণে সাজ পৰিধান কৰিব লাগে। জৰুৰী ক্ষেত্ৰত বিশেষ শ্ৰেণীৰ কীটনাশক ‘ফ’গিং’ পদ্ধতিৰে বতাহত ব্যৱহাৰ কৰি বৃহৎ মাত্ৰাত মহ নিধন সম্ভৱ। এই পদ্ধতিত নিৰ্দিষ্ট কীটনাশকৰ অতি ক্ষুদ্ৰ টোপাল (ULV : Ultra Low Volume, ১৫-৫০ মাইক্ৰ’ন ব্যাসাৰ্ধৰ) কৰি বিশেষ যন্ত্ৰৰ জৰিয়তে ছটিয়াই দিয়া হয়। ফগিং কৰাৰ সময়ত খাদ্যবস্তু, পানী, বাচন-বৰ্তন আদি ঢাকি ৰাখিব লাগে। গেছ জ্বলাব বা গেছৰ ভাল্ভ খুলি ৰাখিব নালাগে। ডি ডি টি প্ৰয়োগৰ দ্বাৰা বৃহৎ হাৰত মহ নিধন সম্ভৱ যদিও পৰিৱেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ আছে।

ডেংগু ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি নিৰ্দিষ্ট ৰক্ত পৰীক্ষাৰ দ্বাৰা নিশ্চিত হ’লে তেজত অনুচক্ৰিকাৰ গণনা পৰীক্ষা কৰাটো প্ৰয়োজনীয়। যদিহে অনুচক্ৰিকাৰ সংখ্যা স্বাভাৱিক সীমাৰ ভিতৰতে থাকে (১৫০-৪৫০), তেন্তে শংকিত নহৈ সাধাৰণ চিকিৎসা সহায়ক ব্যৱস্থাসমূহ ঘৰতে লোৱাব পৰা যায়। জনসাধাৰণৰ মাজত সজাগতা আৰু সতৰ্কতা সৃষ্টিৰ বাবে ২০১১ বৰ্ষৰ পৰা বিশ্বৰ কিছুমান দেশত ১৫ জুন দিনটো ডেংগুবিৰোধী দিৱস হিচাপে উদযাপন কৰিবলৈ লোৱা হৈছে। ডেংগু সম্পৰ্কীয় সজাগতাই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰাৰ উপৰি অযথা শংকিত হৈ খৰচান্ত হোৱাৰ পৰা ৰাইজে পৰিত্ৰাণ পাব।

(উৎসঃ নিয়মীয়া বাৰ্তা, লেখকঃ ডাঃ ৰমেন কুমাৰ কাকতি, চিকিৎসা আৰু স্বাস্থ্য বিষয়া, তামুলপুৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ)।

শেহতীয়া উন্নীতকৰণ: : 2/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate