অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰুষৰ বেমাৰ :

 

স্ত্ৰীৰোগ যেনেদৰে মহিলাসকলৰ নিজা সমস্যা তেনেদৰে পুৰুষসকলৰো কিছুমান সমস্যা থাকে যিবিলাক কেৱল পুৰুষৰহে হয়। ইয়াৰ কিছুমানৰ বিষয়ে আজি আলোচনা কৰিব লৈছো।

কেৱল পুৰুষৰ দেহতে মূত্ৰনলীৰ থিক ওপৰত পৌৰুষ গ্ৰন্থি (Prostate Gland) নামৰ এক বিশেষ ধৰণৰ গ্ৰন্থি থাকে। ইয়াৰ পৰাই প্ৰষ্টেটিক ৰস নিৰ্গত হয় যি শুক্ৰাণুৰ লগত মিলিত হৈ বীৰ্য্য সৃষ্টি কৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত এই পৌৰুষ গ্ৰন্থিৰ অসুখক 'বিনাইন এনলাৰ্জমেন্ট অব প্ৰষ্টেট (Benign enlargement of Prostate) বোলা হয়। এই ৰোগৰ কাৰণ কি, নিশ্চিত ভাৱে এতিয়াও জনা হোৱা নাই। মানুহৰ বয়স পঞ্চাশৰ পিছৰ পৰা সাধাৰণতে পৌৰুষ গ্ৰন্থি বৃদ্ধি ৰোগ হোৱা সম্ভাৱনা থাকে। কেইবিধমান হৰমোনৰ শৰীৰত আনুপাতিক তাৰতম্যই এই উপসৰ্গৰ বাবে প্ৰধান দায়ী বুলি অনুমান কৰা হয়।
লক্ষণ : প্ৰথমাৱস্থাত ৰাতি বাৰে বাৰে প্ৰস্ৰাৱ কৰিব লাগে, কিন্তু প্ৰস্ৰাৱ পৰিস্কাৰ নহয়। পিছলৈ দিনটো মূত্ৰবেগ আহে। প্ৰস্ৰাৱ হওঁতে বহু সময় লাগে। জোৰ দিলে প্ৰস্ৰাৱ বাহিৰ নহয়, ঢিলা কৰি দিলেহে প্ৰস্ৰাৱ হয়। মূত্ৰস্থলীত পৌৰুষ গ্ৰন্থিৰ হেঁচা পৰা বাবে তলপেটত তীব্ৰ বিষ হয়। এই লক্ষণসমূহ দেখা দিলেই চিকিৎসকে প্ৰষ্টেটিজিম বুলি চিনাক্ত কৰে।
এই ৰোগ হলে মূত্ৰনলীৰ পৰা সম্পূৰ্ণ প্ৰস্ৰাৱ বাহিৰ হৈ যাব নোৱাৰে কাৰণে মূত্ৰস্থলীত অতিৰিক্ত চাপ পৰে। প্ৰস্ৰাৱ জমা হৈ বেছি হলে বৃক্ক(Kidney) ত চাপ পৰে, আৰু অৱশেষত বৃক্কৰ অসুখ আৰম্ভ হয়।
মূত্ৰস্থলীতেই প্ৰস্ৰাৱ জমা হৈ থাকি সংক্ৰমণ হৈ প্ৰায়েই এচোছিয়েটেড টেষ্টাইটিছ(associated testitis) নামৰ এক অণ্ডকোষৰ ৰোগ হয়। প্ৰস্ৰাৱৰ লগত কেতিয়াবা তেজ বাহিৰ হোৱাও দেখা যায়।
যিহেতু পৌৰুষ গ্ৰন্থি বৃদ্ধি ৰোগৰ কোনো নিৰ্দিষ্ট কাৰণ বিচাৰি পোৱা নাযায় গতিকে ইয়াৰ প্ৰতিকাৰৰ উপায়ো নিৰ্দিষ্টকৈ একো কব নোৱাৰি। তথাপি কোনোদিনে মূত্ৰবেগ ধাৰণ কৰিব নালাগে। উপৰোক্ত উপসৰ্গ সমূহ দেখা পালে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লব লাগে।

হাৰ্নিয়া -


চলিত ভাষাত ইয়াক শিৰা বুলিও কোৱা হয়। পেটৰ ভিতৰত কোনো অংগ বা তাৰ কোনো অংশ সংবেদনশীল অংগ বা অংশৰ দ্বাৰা বাহিৰ ওলাই অহাকে হাৰ্নিয়া বোলে। হাৰ্নিয়া বহু প্ৰকাৰৰ আছে যদিও পুৰুষৰ শৰীৰত ইংগুইনেল হাৰ্নিয়া (Inguinal Harnia) হোৱা দেখা যায়। পুৰুষৰ অণ্ডকোষত শুক্ৰনলী থাকে আৰু ই অত্যন্ত সংবেদনশীল। বিভিন্ন কাৰণত এই শুক্ৰনলীৰ দ্বাৰা শৰীৰৰ কোনো অংশ তললৈ নামি গৈ ইংগুইনেল হাৰ্নিয়া বা একশিৰা ৰোগ হব পাৰে। এই ৰোগৰ নিৰ্দিষ্ট কোনো কাৰণ নাথাকে, তথাপি যিবিলাক লোকৰ বিভিন্ন কাৰণবশতঃ পেটৰ ভিতৰত অত্যাধিক চাপ পৰে, তেনে লোকৰ এই ৰোগ হোৱাৰ প্ৰৱণতা বেছি। ব্ৰংকাইটিছ, দীঘলীয়া কাঁহ, কোষ্ঠকাঠিন্য, অত্যাধিক মেদবহুলতা আদি থাকিলে এই ৰোগ হোৱাৰ সম্ভাৱনা অধিক হয়। কোনো লোকৰ হাৰ্নিয়া জন্মগত ভাৱেও থাকে।
হাৰ্নিয়া ৰোগৰ একমাত্ৰ চিকিৎসা অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰৰ ফলস্বৰূপে পুৰুষৰ শৰীৰত কোনোধৰনৰ ক্ষতি নহয়। যিক্ষেত্ৰত অস্ত্ৰোপচাৰৰ বাবে বিশেষ অসুবিধা থাকে সেইক্ষেত্ৰত চিকিৎসকে সীমিতভাৱে ট্ৰাচ নামৰ একধৰণৰ বেল্ট ব্যৱহাৰ কৰিব দিয়ে।
ইয়াৰোপৰি মানৱ শৰীৰত আম্বাইলিকেল হাৰ্নিয়া, লাম্বাৰ হাৰ্নিয়া ইত্যাদি বিভিন্ন ধৰণৰ হাৰ্নিয়া হব পাৰে।

হাইড্ৰোচিল(Hydrocele)-


অণ্ডকোষৰ আৱৰণৰ ভিতৰত কোনো কাৰণত জুলীয়া পদাৰ্থ জমা হলে তাক হাইড্ৰোচিল বোলে। এই ৰোগৰো সঠিক কাৰণ কি জনা নাযায়। তথাপি দেখা যায় ফাইলেৰিয়াচিচ্ আৰু আন অণ্ডকোষৰ ৰোগ তথা কিছুক্ষেত্ৰত শুক্ৰাশয়ৰ কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণ হিচাপে হাইড্ৰোচিল হব পাৰে।
এই ৰোগত প্ৰথমতে অলপ বিষ হয় আৰু সাধাৰণ জ্বৰ উঠে। তাৰ পিছত এই উপসৰ্গ নোহোৱা হৈ অণ্ডকোষ ফুলিব ধৰে। বিষ নোহোৱা হয়। এই ৰোগৰ একমাত্ৰ চিকিৎসা অস্ত্ৰোপচাৰ, গতিকে ৰোগৰ আৰম্ভণিতেই শল্য চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

থ্ৰম্বো এনজাইটিচ্ অৱলিটাৰেঞ্চ -


কেৱল ধূমপান কৰা পুৰুষ সকলৰ ৩০ বছৰ বয়সৰ পিছত এই মাৰাত্মক ৰোগ হব পাৰে। এই ৰোগ হলে ভৰিৰ ৰক্ত সঞ্চালনত অসুবিধা হয়। সেই কাৰণে অলপ দুৰ খোজ কঢ়াৰ পিছতে ৰোগীৰ ভাগৰ লাগে আৰু বিশ্ৰাম লব খোজে। তাৰ পিছত তীব্ৰ ভৰিৰ বিষ হয় আৰু আঙুলিত ঘা হয়। চিগাৰেটৰ বিষাক্ত ৰাসায়নিকেই এই ৰোগৰ প্ৰধান আৰু একমাত্ৰ কাৰণ। চিকিৎসকৰ ভাষাত ইয়াৰ নাম "ভেচো স্পাষ্টিক টপ্ৰিন" । এই ৰোগৰ চিকিৎসা কঠিন। শল্য চিকিৎসাৰ দ্বাৰা সাময়িক উপশম পোৱা যায়।

পুৰুষত্বহীনতা -

পুৰুষত্বহীনতা বা ইমপোটেঞ্চি এবিধ মনৰ অসুখ। মানুহে সাধাৰণতে এই ৰোগ হোৱা বুলি হীনমন্যতাৰ চিকাৰ হয় আৰু মনত এনেকুৱা এটা বিশ্বাস সোমাই যে তেওঁ স্বাভাবিক যৌন জীৱন যাপন কৰাত অপাৰগ। কিছু কিছু ক্ষেত্ৰত ডায়েবেটিজ বা বহুমূত্ৰ ৰোগ আৰু মাল্টিপল স্কেলৰচিচ্, পুৰুষত্বহীনতাৰ কাৰণ হিচাপে ধৰিব পাৰি। মহিলাৰ ক্ষেত্ৰত হোৱা মেনপজ ৰ দৰে কেতিয়াবা পুৰুষৰো এণ্ড্ৰোপজ হব পাৰে। কিন্তু মহিলাৰ দৰে ইয়াৰ কোনো ধৰাবন্ধা বয়স নাই। কাৰোবাৰ ৫০ বছৰত হব পাৰে আৰু কাৰোবাৰ হয়তো ৯০ বছৰ বয়সতো হব পাৰে। বিশেষত: পয়ত্ৰিশ বছৰ মান বয়সৰ পিছত কোনো কোনো লোকে মনতে ভাবে যে তেওঁ স্বাভাবিক যৌন জীৱন উপভোগ কৰিব পৰা নাই। কথাটো কিন্তু সম্পূৰ্ণ মানসিক। ৰোগৰ কাৰণ বিচাৰি পালে চিকিৎসা সম্ভৱ। এটা কথা ঠিক যে চিকিৎসকৰ পৰামৰ্শ অবিহনে এই ৰোগৰ ঔষধ গ্ৰহণ কৰা অনুচিত।

টাক পৰা :
মুৰৰ পিছফালে বা মাজত অলপ ঠাইত বা সম্পূৰ্ণ মুৰৰ চুলি সৰি যোৱাটোৱেই হল মেল টাইপ এলোপেচিয়া বা পুৰুষৰ টাক পৰা ৰোগ। সাধাৰণতে পুৰষ হৰমোন এণ্ড্ৰোজেনৰ প্ৰভাৱত এই টাক পৰে, সেয়েহে চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াৰ নাম 'এলোপেচিয়া এণ্ড্ৰোজেনেটিকা' ।বেছি ভাগ পুৰুষৰেই বয়স বাঢ়ি অহাৰ লগে লগে পুৰুষ হৰমোনৰ প্ৰভাৱত চুলিৰ ঘনত্ব কমি আহে। কিছুমানৰ আকৌ কম বয়সতে কপালৰ দুইফালে বা ব্ৰহ্মতালুলৈকে চুলি পাতল হৈ যায়। ইয়াৰোপৰি আছে বংশগতিৰ প্ৰভাৱ। টাক পৰিলে পিছে মানুহক দেখিবলৈহে বেয়া লাগে, শৰীৰৰ কোনো অপকাৰ নহয় বা পুৰুষত্ব কমি নাযায়।
মহিলাৰ ক্ষেত্ৰতো কেতিয়াবা এই টাক পৰা ৰোগ দেখা যায়। টাক পৰা বন্ধ কৰাৰ কোনো আধুনিক নিৰ্দিষ্ট চিকিৎসা নাই যদিও আয়ুৰ্বেদিক পদ্ধতিত ইয়াৰ চিকিৎসা আছে। হেয়াৰ ট্ৰেন্সপ্লেন্টেচনৰ দ্বাৰা বহুতে ইয়াৰ প্ৰতিকাৰ কৰে। প্ৰসংগ ক্ৰমে উল্লেখ কৰিব পাৰি যে বেক্টেৰিয়া বা ভেকুঁৰৰ প্ৰভাৱতো কেতিয়াবা টাক পৰে, তেতিয়া ইয়াৰ লাক্ষনিক চিকিৎসা কৰা হয়।

মাইকোচিচ্ বাৰবি : ডাঢ়িৰ গুৰিত জীৱাণুৰ সংক্ৰমণ হলে সৰু সৰু পূজভৰ্তি গুটি দেখা যায়। সাধাৰণতে চেলুনত ব্যবহৃত ক্ষুৰৰ পৰা এই সমস্যাৰ সৃষ্টি হয়। ৰোগী লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।

চিউদো ফলিকুলাইটিচ বাৰবি -


কোনো সংক্ৰমণ নোহোৱাকৈও কেতিয়াবা ডাঢ়ি গোফৰ গুৰিত সৰু সৰু পূজভৰ্তি গুটি দেখা দিয়ে। ভুল পদ্ধতিৰে ডাঢ়ি খুৰোৱাৰ ফলস্বৰূপে এই ৰোগ হয়। ব্লেড উল্টা পুল্টা কৈ ঘুৰাই ডাঢ়ি খুৱালে ডাঢ়িৰ গুৰিত প্ৰদাহ হয় আৰু এই সমস্যা দেখা দিয়ে।

এইবিলাকৰ ওপৰিও পুৰুষৰ দেহত আন আন কিছুমান চৰ্মৰোগ আৰু লিংগৰ সমস্যা কিছুমান দেখা যায়।

লেখক: ডাঃ মনোজ কুমাৰ গোস্বামী
চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 8/31/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate