অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পুৰুষৰো হ’ব পাৰে স্তনৰ কৰ্কট ৰোগ

পুৰুষৰো হ’ব পাৰে স্তনৰ কৰ্কট ৰোগ

 

ব্ৰেষ্ট কেন্সাৰ বা স্তনৰ কৰ্কট ৰোগ বুলিলেই পোনচাটেই আমাৰ মনলৈ আহে যে, এই ৰোগ কেৱল নাৰীৰহে হয় বা হ’ব পাৰে। কিন্তু পুৰুষৰো যে এই ৰোগ হ’ব পাৰে, সেই কথা আমি ভাবি নাচাওঁ। নাৰীসকলতকৈ পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনীয়তা কিছু কম। কিন্তু পুৰুষৰ স্তনৰ কৰ্কট ৰোগ অতি মাৰাত্মক হ’ব পাৰে। আদ-দ্বীন ছকিনা মেডিকেল কলেজৰ প্ৰবক্তা ডা: শ্বাহনাজ সেতুৰ ভাষ্য অনুসৰি পুৰুষৰ স্তনৰ টিছ্যু নাৰীৰ তুলনাত কম থাকে। সেয়েহে পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হ’লে সেই ৰোগ অতি সহজে শৰীৰৰ অন্য অংশলৈ বিয়পি পৰিব পাৰে। সচেতনতাৰ অভাৱৰ বাবেই বহু লোকে এই ৰোগ চিনাক্ত কৰাত পলম কৰে। আৰু সেইবাবেই ই অধিক মাৰাত্মক হৈ পৰে। কেৱল মাত্ৰ নাৰীয়েই নহয়, পুৰুষসকলেও স্তনৰ কৰ্কট ৰোগৰ লক্ষণসমূহৰ বিষয়ে অৱগত হোৱাটো উচিত। এই লক্ষণসমূহৰ বিষয়ে তলত চমুকৈ কিছু কথা উল্লেখ কৰা হ’ল-

  • স্তনৰ কৰ্কট ৰোগৰ এটি লক্ষণ হ’ল স্তনত হোৱা কিছু টান আৰু বিষহীন টেমুনা। স্তনৰ নিপলৰ লগতে অথবা কিছু কাষত এনে টেমুনাৰ সৃষ্টি হয়। অৱশ্যে গাইনেক’থেষ্টিয়া নামৰ হৰমনৰ সমস্যাৰ বাবেও বহু সময়ত পুৰুষৰ বুকুত এনে টেমুনাৰ সৃষ্টি হয় যদিও এনে টেমুনা অতি কোমল হয়। কিন্তু স্তনৰ কৰ্কটৰ ফলত হোৱা টেমুনা অতি কোমল হয়। সেয়েহে পুৰুষসকলে বুকুত কোনো টেমুনাৰ সৃষ্টি হ’লে অনতিপলমে বিশেষজ্ঞৰ ওচৰ চাপি পৰীক্ষা কৰোৱাটো উচিত আৰু সেই টেমুনা কিহৰ বাবে সৃষ্টি হৈছে, তাৰ সবিশেষ জানি লোৱাটো প্ৰয়োজনীয়। প্ৰয়োজন অনুসৰি কোনো কোনো ক্ষেত্ৰত নিডল বায়প্‌ছি পৰীক্ষাও কৰাবলগীয়া হ’ব পাৰে।
  • টেমুনাৰ উপৰি কোনো সময়ত স্তনৰ আকাৰৰ অস্বাভাবিক পৰিবর্তনো হ’ব পাৰে। এনে পৰিবর্তন হয়তো হ’ব পাৰে অথবা দীর্ঘদিনীয়া সময়ৰ ভিতৰত লাহে লাহেও হ’ব পাৰে। এনে পৰিবৰ্তন হয়তো হ’ব পাৰে অথবা দীৰ্ঘদিনীয়া সময়ৰ ভিতৰত লাহে লাহেও হ’ব পাৰে। এনে পৰিৱৰ্তনৰ অৰ্থ হ’ল ছালৰ তলৰ শৰীৰৰ নেদেখা অংশত কোনো পৰিৱৰ্তন হ’বলৈ আৰম্ভ হৈছে। স্তনৰ আকাৰৰ এনে পৰিবৰ্তনত সাধাৰণতে বিষ নহয়। কিন্তু সেই বুলিয়েই এনে পৰিবর্তনক আওকাণ কৰিব নালাগে, কিয়নো ই হৈছে স্তনৰ কৰ্কট ৰোগৰ এক অন্যতম লক্ষণ।
  • স্তনৰ সমান্তৰালভাবে নিপলৰ আকাৰ আৰু ৰঙৰো পৰিৱর্তন হ’লে এই সন্দৰ্ভত চিকিৎসকক অৱগত কৰোৱাটো অতি প্রয়োজনীয়। কিন্তু পুৰুষৰ ৪০-৪৫% স্তনৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত এই লক্ষণ পৰিলক্ষিত হয়। বহু সময়ত আকৌ নিপল ৰঙা হৈ পৰা, খজুওৱা আদি লক্ষণেও দেখা দিব পাৰে।
  • স্তনৰ কৰ্কট ৰোগৰ অন্য এটি লক্ষণ হ’ল বুকুৰ ছালৰ অস্বাভাৱিক পৰিবর্তন। এনে পৰিবৰ্তনৰ ভিতৰত ৰঙা পৰি যোৱা বা খজুওৱাৰ দৰে দাগ বহা, এডেমা/পানী জমা হোৱা) আদি অন্যতম।
  • আনহাতে কেতিয়াবা আকৌ নিপলৰ কাষত সৰু সৰু গুটি, পানী জ্বলা আদি উঠাও দেখা যায়। এনে লক্ষণসমূহ দেখা দিলে প্ৰথম অৱস্থাত বহুতৰে ছালৰ সংক্রমণ হোৱা বুলিও সন্দেহ হ’ব পাৰে। কিন্তু বিষয়টিক তেনেদৰে আওকাণ কৰাৰ পৰিৱর্তে চিকিৎসকৰ পৰামর্শ লোৱাটো জৰুৰী।
  • নিপল ডিছচার্জ হোৱাটো স্তনৰ কৰ্কট ৰোগৰ অন্য এক গুৰুত্বপূর্ণ লক্ষণ। গৰ্ভৱতী নাৰী বা কেঁচুৱাক গাখীৰ খুওৱা মাতৃৰ সাধাৰণতে নিপল ডিছচার্জ অর্থাৎ নিপলৰ পৰা তৰল পদার্থ নিৰ্গত হয়। কিন্তু পুৰুষৰ ক্ষেত্ৰত ই অস্বাভাবিক। কিন্তু নিপল ডিছচাৰ্জ স্তনৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। কেতিয়াবা এনেদৰে নিৰ্গত হোৱা তৰল পদার্থ পানীৰ দৰে স্বচ্ছ হ’ব পাৰে। কিন্তু কেতিয়াবা আকৌ লগতে ৰক্তক্ষৰণো হ’ব পাৰে। পৰিধান কৰি থকা গেঞ্জী বা চার্টত পুৰুষে এনে তেজৰ দাগ বা পানী পৰাৰ দৰে দাগ দেখিলে লক্ষণৰ বিষয়ে বুজিব পাৰিব। মন কৰিবলগীয়া যে, নিপল ডিছচার্জ যেনে ধৰণেৰেই নহওক কিয়, অনতিপলমে চিকিৎসকৰ কাষ চপাটো অতি প্রয়োজনীয়।
  • কোনো কোনো ক্ষেত্ৰত সাধাৰণ অৱস্থাতো বুকুৰ অথবা নিপলৰ বিষ হ’ব পাৰে। কিন্তু স্তনৰ কর্কট ৰোগৰ বাবেই এক অতি ডাঙৰ লক্ষণ। স্তনৰ কর্কট ৰোগৰ বাবে এই বিষ যদি হয়, এনে বিষ দীর্ঘস্থায়ী হয় আৰু মাত্র এটি অংশতে হয়। সেয়েহে যদিহে কেতিয়াবা কোনো পুৰুষৰ এনে বিষ হয়, তেনে ক্ষেত্ৰত বিষয়টি গুৰুত্ব সহকাৰে লোৱাটো আৱশ্যকীয়।
  • সাধাৰণতে প্রাথমিক পর্যায়ত পুৰুষৰ স্তনৰ কর্কট ৰোগ ধৰা নপৰে। চিনাক্তকৰণত পলম হোৱাৰ বাবেই শৰীৰৰ অন্য অংশতো বিয়পি পৰে আৰু অতি সহজে এই ৰোগে হাড়ক আক্রান্ত কৰে বাবে হাড়ৰ অসম্ভৱ বিষ হ’ব পাৰে।
  • উপযুক্ত কোনো এটি লক্ষণ অথবা একাধিক লক্ষণ পুৰুষৰ গাত দেখা দিলে তেওঁ অনতিপলমে চিকিৎসকৰ কাষ চাপিব লাগে। চিকিৎসকৰ পৰীক্ষাত এই কথা স্পষ্ট হ’ব যে, তেনে লক্ষণ অন্য কোনো ৰোগ নে স্তনৰ কৰ্কট ৰোগৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি প্ৰথমে মেম'গ্ৰাফ আৰু আল্ট্ৰাছাউণ্ড আৰু প্রয়োজনত পৰৱৰ্তী সময়ত বায়’প্‌ছি কৰালে ৰোগৰ সন্দৰ্ভত নিশ্চিত হ’ব পাৰে।

পুৰুষসকলৰ মাজত স্তন কৰ্কট ৰোগৰ সম্ভাৱনীয়তা কিছু কম যদিও এনে কোনো লক্ষণে দেখা দিলে বিষয়টো অৱহেলা কৰাটো উচিত নহয়। প্ৰথম পর্যায়তে চিনাক্ত কৰিব পাৰিলে স্তনৰ কৰ্কট ৰোগৰ পৰা আৰোগ্য লাভ কৰাৰ সম্ভাৱনীয়তা অধিক হয়। ডাঃশ্বাহনাজ সেতুৰ অনুসৰি সাধাৰণতে ৩৫ বছৰৰ ঊৰ্দ্ধৰ পুৰুষৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনীয়তা অধিক। বয়সৰ স্তৰ বঢ়াৰ লগে লগে ৰোগৰ সম্ভাৱনীয়তাও বৃদ্ধি পায়। ৬০-৭০ বছৰ বয়সতো এই ৰোগ হ’ব পাৰে। সাধাৰণতে পুৰুষসকলৰ ক্ষেত্ৰত স্তনৰ কৰ্কট ৰোগৰ সম্ভাৱনীয়তা অধিক হ’ব পাৰে যদিহে:

  • তেওঁৰ কোনো আত্মীয় লোকৰ (পুৰুষ বা মহিলা) পূর্বে স্তনৰ কৰ্কট ৰোগ হৈছিল।
  • তেওঁ কোনো কাৰণত ৰেডিয়েশ্বন এক্সপ'জাৰৰ সহায় লৈছিল।
  • তেওঁ লিভাৰ ছিৰ'চিছ ৰোগী।
  • তেওঁ কোনো কাৰণত ইষ্ট্রোজেন ব্যৱহাৰ কৰিছিল।
  • তেওঁ টেষ্টিছত আঘাত পাইছিল।

বংশগত কাৰণত অথবা বর্ধিত বয়সৰ বাবে স্তনৰ কৰ্কট ৰোগ হোৱা বিষয়টোৰ ওপৰত কোনো ব্যক্তিৰে নিজৰ নিয়ন্ত্রণ নাথাকে। কিন্তু অন্য কিছু দিশ পুৰুষসকলে নিয়ন্ত্ৰণ কৰিব পাৰিব। তাৰ বাবে পুৰুষসকলে নিজৰ জীৱন ধাৰা প্ৰণালীৰ কিছু পৰিবর্তন সাধন কৰাটো প্রয়োজনীয়। তদুপৰি তেওঁলোকে স্বাস্থ্যকৰ ওজন নিয়ন্ত্ৰণ কৰি ৰখা, প্ৰচুৰ পৰিমাণে সতেজ ফলমূল, শাক-পাচলি খোৱা, ধূমপান বর্জন কৰা, নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰা আদি অতি জৰুৰী। পুৰুষৰ স্তনৰ কৰ্কট ৰোগ হোৱাটো কোনো লাজৰ কথা নহয়। এটি সুস্থ জীৱনশৈলী যাপন কৰক, কিছু সতর্কতা অৱলম্বন কৰক আৰু স্তনৰ কৰ্কট ৰোগৰ পৰা দূৰ হৈ থাকক।

লেখিকা: নিষ্ঠা দাস, সাদিন।

 

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate