অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পেপ টেষ্ট:

পেপ টেষ্ট:

জৰায়ুৰ মুখৰ কৰ্কট বা চাৰ্ভিক্সৰ কেন্সাৰ সঠিকভাৱে চিনাক্ত কৰিবলৈ হ’লে সকলোতকৈ মূল্যৱান আৰু নিৰ্ভৰযোগ্য পৰীক্ষাবিধৰ নামেই হৈছে ‘পেপানিকোলা টেষ্ট’(Papnicolao Test)। স্ত্ৰী-ৰোগ বিজ্ঞানত এই পৰীক্ষাটিক চমুকৈ ‘পেপ টেষ্ট’ বুলি কোৱা হয়। বিশ্বব্যাপী সৰ্বদেশত ইয়াৰ একেটাই নাম।

ক)যোনিপথৰ মাজেৰে গৈ জৰায়ুৰ মুখ অৰ্থাৎ চাৰ্ভিক্সৰ উপৰিভাগ আৰু কেনেল বা অন্ত:গহ্বৰৰপৰা এৰাই যোৱা কোষৰ চোকোৰা(Exfoliated Cells) সংগ্ৰহ কৰি তাক অণুবীক্ষণ যন্ত্ৰৰ তলত পৰীক্ষা কৰি চোৱা হয়।

খ)এনেধৰণৰ কোষৰ চেঁকুৰা সংগ্ৰহ কৰোতে ৰোগীয়ে কোনো কষ্ট বা বিষ-বেদনা অনুভৱ নকৰে, সেইকাৰণেই নমুনা সংগ্ৰহ কৰা সময়ত কোনো অচেতনকাৰী বেজী বা অজ্ঞান কৰা দৰব(Anaesthetic agent)ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহয়।

গ)যিকোনো চিকিৎসা বিজ্ঞানসন্মত লেব’ৰেটৰী অথবা স্ত্ৰী-ৰোগৰ চিকিৎসকৰ চেম্বাৰত থাউকতে দুই-তিনি মিনিটৰ ভিতৰত এই টেষ্টৰ বাবে নমুনা সংগ্ৰম কৰা হয়। অৱশ্যে দুৰ্ভাগ্যৰ বিষয় এয়ে যে লাগ বোলোতেই আমাৰ দেশৰ স্ত্ৰী-ৰোগৰ চিকিৎসকৰ ব্যক্তিগত চেম্বাৰসমূহত জৰায়ুমুখৰ কৰ্কট অনুসন্ধান কৰি চোৱা(Cervical Cancer Screening)ব্যৱস্থা সুপৰিল্পিতভাৱে গঢ় লৈ উঠা নাই।

ঘ)চাৰ্ভিক্সৰপৰা কোষৰ নমুনা সংগ্ৰম কৰাৰ ২৪ ঘন্টা আগলৈকে যোনিৰ ভিতৰত কোনো লুব্ৰিকেন্টজাতীয় মলম, দৰব, এন্টিছেপ্টিক লোচন বা ডুছ দি ধোৱা-পখলা কৰা নিষেধ, এনে কৰিলে অণুবীক্ষণ পৰীক্ষাত ভুল তথ্য উদঘাটন হ’ব পাৰে।

ঙ)কোষৰ নমুনা সংগ্ৰহ কৰাৰ সময়ত কি উপায় অৱলম্বন কৰা হয়?- এডাল কাঠ, ধাতু বা কাচৰ আগ চেপেটা সৰু চামুচৰ দৰে মাৰিৰে জৰায়ুৰ মুখ বা চাৰ্ভিক্সৰ উপৰিভাগ চাঁচি আনিলেই বিজলুৱা পদাৰ্থৰ লগতে কোষৰ যি নমুনা লাগি আহিব, তাকে কাঁচৰ চেপেটা শ্লাইড এখনৰ ওপৰত পাতন লেপ দি তৎক্ষণাৎ এটা বটলত থকা সংৰক্ষক দ্ৰৱণ(Preservative)৯৫% ইথাৰ(Ether) আৰু ইথাইল এলকহলত(Ethyl Alcohol) ডুবাই ৩০ মিনিট ৰাখি লিপিট খুৱাই(Fixation) পেলোৱা হয়। তাৰ পিছতেই তাক বটলৰ দ্ৰৱণৰপৰা উলিয়াই ভালকৈ বতাহত শুকুৱাই লোৱা হয়। ইয়াৰ পিছত চিনাক্তযুক্ত লেবেল লগাই পেথলজিকেল লেবৰেটৰীলৈ পঠিয়াই দিয়া হয়। তাত এই শ্লাইডখন এজন অভিজ্ঞ কোষ বিশেষজ্ঞ(Cytologist)ৰ দ্বাৰা পৰীক্ষা কৰোৱা হয়। অভিজ্ঞ এইবাবেই হ’ব লাগে যে বিশেষজ্ঞই দিয়া প্ৰতিবেদনৰ শুদ্ধতাৰ ওপৰত পৰীক্ষাৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে আৰু সেই প্ৰতিবেদন ৯৮% নিখুঁত বুলি গণ্য কৰা হয়।

চ)ইয়াৰ পিছত কৰ্মসূচী হ’ল পেপ টেষ্টৰ ফলাফলৰপৰা কৰ্কটৰ শ্ৰেণীবিভাজন বা গ্ৰেডিং স্থিৰ কৰা আৰু কৰ্কটত যদি আক্ৰান্ত হৈছে প্ৰাৰম্ভিক অৱস্থাতে তাক ধৰা পেলোৱা।

গ্ৰুপ(১) স্বাভাৱিক কোষ, অৰ্থাৎ কৰ্কটৰ কোনো কোষৰো অস্তিত্ব নাই।

গ্ৰুপ(২) কোষবোৰত অস্বাভিকতাৰ কিঞ্চিৎ হ’লেও দেখা গৈছে(Minimal cervical dysplasia), কিন্তু ই কৰ্কটৰ বাবে নহয়। সচৰাচক প্ৰদাহজনক অৱস্থাৰ(Inflammatory Condition)বাবে এনে হোৱা দেখা যায়।

গ্ৰুপ(৩) কোষবোৰৰ ভিতৰত বেছি ধৰণে অস্বাভাৱিকতা বিয়পিছে, তথাপি কৰ্কট কোষ চিনাক্ত হোৱা নাই(Severe Cervial dysplasia)।

গ্ৰুপ(৪) কোষবোৰৰ মাজত খুব কম পৰিমাণে কৰ্কট কোষৰ পৰিৱৰ্তনে ভুমুকি মাৰিছে। কিন্তু সি চাৰ্ভিক্সৰ বাহিৰৰ আৱৰণখনৰ মুখতেই সীমাবদ্ধ হৈ আছে(Carcima in Situ বা Stage 0)।

গ্ৰুপ(৫) জৰায়ুৰ মুখৰ টিছুৰ পৰা চাৰ্ভিক্সৰ ভিতৰৰ টিছুৰ গভীৰতালৈ কৰ্কট ৰোগৰ কোষ সোমাই পৰা দেখা গৈছে(Invasive Cancer)। ইয়াক ইন্ট্ৰাএপিথেলিয়েল নিওপ্লাজম CIN বোলা হয়। চাৰ্ভিক্সত দৃষ্টিগোচৰ হোৱা এই অস্বাভাৱিক কোষসমূহকে আমি কেন্সাৰৰ অগ্ৰদূত হিচাপে গণ্য কৰিব পাৰো, কাৰণ চাৰ্ভিক্সৰ মুখত আৰম্ভ হোৱা কেন্সাৰৰ সৰ্বপ্ৰথম জাননী এই কোষসমূহৰ গাতেই বিদ্যমান। একৈশ বছৰৰ বেছি বয়সৰ মহিলা বা যিসকলে তিনিবছৰৰ বেছি সময়ৰ বাবে যৌন সম্পৰ্কত লিপ্ত, তেওঁলোকে এই পৰীক্ষা কৰাটো নিতান্তই প্ৰয়োজনীয়। উন্নত দেশবোৰত বিশেষকৈ আমেৰিকা যুক্তৰাজ্যত এই পৰীক্ষা কৰাটো যুৱতী মহিলাসকলৰ বাবে বাধ্যতামূলক আৰু চৰকাৰী খণ্ডৰ সকলো হাস্পতাল বা কেন্সাৰ অনুসন্ধান কেন্দ্ৰসমূহত এই পৰীক্ষা বিনামূল্যে কৰাৰ সুব্যৱস্থা আছে। ইয়াৰ জৰিয়তে জৰায়ুৰ মুখৰ কৰ্কট ৰোগীৰ মৃত্যুৰ হাৰ আশী শতাংশৰ তললৈ নমাই অনা সম্ভৱ হৈছে। ভাৰতৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ জাতীয় কৰ্মসূচীৰ ভিতৰত এই টেষ্ট সন্নিৱিষ্ট যদিও উপযুক্ত সচেতনতাৰ অভাৱত আজিও ভাৰতবৰ্ষ জৰায়ুৰ মুখৰ কেন্সাৰত মৃত্যুৰ হাৰত এক নম্বৰতে আছে।

 

লেখক:ডা: দীনেশ শৰ্মা(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 1/12/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate