অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ:

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ:

 

বৃক্ক,প্ৰস্ৰাৱবাহী,ব্লাডাৰ আৰু ইউৰেথ্ৰাৰে গঠিত হৈছে প্ৰস্ৰাৱতন্ত্ৰ-

প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ(UTI)হৈছে এক বেক্টেৰিয়াজনিত সংক্ৰমণ,যিয়ে প্ৰস্ৰাৱতন্ত্ৰৰ যিকোনো অংশতে প্ৰভাৱ পেলায়। UTI হৈছে শৰীৰত হোৱা সংক্ৰমণসমুহৰ দ্বিতীয় অতি সাধাৰণ প্ৰকাৰ।

সংক্ৰমণৰ জটিলতা,বয়স আৰু ব্যৱস্থাটোত সংক্ৰমণৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি প্ৰস্ৰাৱতন্ত্ৰ সংক্ৰমণৰ লক্ষণসমুহ ভিন্ন ভিন্ন হ’ব পাৰে।

*প্ৰস্ৰাৱ কৰোতে জ্বলা-পোৰা আৰু বিষোৱা।

*সঘনাই প্ৰস্ৰাৱ ত্যাগ কৰা আৰু একেৰাহে প্ৰস্ৰাৱ কৰিবলৈ লাগি থকা।

*জ্বৰ আৰু অসুস্থ অনুভৱ।

*দুৰ্গন্ধময় তথা ঘোলা বৰণৰ প্ৰস্ৰাৱ।

*তলপেটত অসুবিধাই দেখা দিয়া।

*কম পৰিমাণে সঘনাই,বেদনাযুক্ত প্ৰস্ৰাৱ ত্যাগ।

*শৰীৰৰ পাৰ্শ্বৱৰ্তী মঙহাল অংশৰ বিষ নোহোৱাকৈ সাধাৰণতে কম তাপমাত্ৰাৰ জ্বৰ।

*প্ৰস্ৰাৱত তেজ।

*পিঠিৰ ঊৰ্ধ্বাংশ আৰু শৰীৰৰ পাৰ্শ্বৱৰ্তী মঙহাল অংশৰ বিষ।

*ঠাণ্ডাৰ সৈতে উচ্চ তাপমানৰ জ্বৰ।

*ওকালি অহা, বমি, দুৰ্বল অনুভৱ, তন্দ্ৰাচ্ছন্ন আৰু সাধাৰণতে অসুস্থ অনুভৱ।

*বৃদ্ধ লোকৰ ক্ষেত্ৰত মানসিক পৰিৱৰ্তন বিভ্ৰান্তি।

সঘনাই বা বাৰে বাৰে হৈ থকা প্ৰস্ৰাৱতন্ত্ৰ সংক্ৰমণৰ গুৰুত্বপুৰ্ণ কাৰকসমুহ হৈছে-

 

১/ বিভিন্ন অন্তৰ্নিহিত কাৰণ,যিয়ে প্ৰস্ৰাৱতন্ত্ৰৰ বাধাগ্ৰস্ততাৰ পৰ্যায়লৈ লৈ যায়,যাৰ ফলত বাৰে বাৰে UTI  হ’ব পাৰে।

২/ ইউৰেথ্ৰা বেছি চুটি হোৱা বাবে মহিলাসকল পুৰুষতকৈ বেছি আক্ৰান্ত হয়।

৩/ যিসকল মহিলাৰ যৌনজীৱন অধিক সক্ৰিয়,তেওঁলোক নিষ্ক্ৰিয় মহিলাসকলতকৈ অধিক পৰিমাণে প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণত ভোগে।

৪/ বৃক্ক, ইউটেৰাৰ  বা ব্লাডাৰৰ পাথৰে প্ৰস্ৰাৱৰ প্ৰবাহ বন্ধ কৰিব পাৰে আৰু UTI  ৰ বিপদাশংকা বৃদ্ধি কৰে।

৫/ কেথেটাৰৰ সৈতে জীৱন ধাৰণ কৰা লোকৰ UTI  হোৱাৰ বিপদাশংকা বেছি।

৬/ ভেচিক’ৰেটেৰেল ৰিফ্লাৰ নিচিনা কনজেনিটেল এন’মেলিজ (ব্লাডাৰৰ পৰা প্ৰস্ৰাৱ ওপৰৰ ইউটেৰাৰলৈ উভতি বোৱাৰ পৰিস্থিতি)আৰু প’ষ্টেৰিঅ’ৰ ইউৰেথ্ৰেল ভেলভৰ UTI হোৱাৰ বিপদাশংকা বেছি।

৭/ ৬০ বছৰ বয়সৰ ওপৰৰ লোকৰ প্ৰ’ষ্টেটৰ আকাৰ বৃদ্ধি হোৱাৰ (বিনাইন প্ৰ’ষ্টেটিক হাইপাৰপ্লাছিয়া (BPH)ৰ বাবে UTI হোৱাৰ প্ৰৱণতা আছে।

৮/ ডায়েবেটিছ , এইচ আই ভি আৰু কৰ্কট ৰোগীৰ UTI হোৱাৰ বিপদাশংকা অতি বেছি।

৯/ ইউৰেথ্ৰা বা ইউটেৰাৰছ সংকীৰ্ণ হৈ পৰা জেনিট প্ৰস্ৰাৱতন্ত্ৰৰ যক্ষ্মাৰোগ, নিউৰ’জেনিক ব্লাডাৰ আৰু ব্লাডাৰ ডাইভাৰটিকিউলাম।

সাধাৰণতে প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত বাৰে বাৰে হৈ থকা প্ৰস্ৰাৱতন্ত্ৰৰ সংক্ৰমণ বৃক্ক নষ্ট হোৱাৰ কাৰণ নহয়।

প্ৰাপ্তবয়স্ক কোকৰ ক্ষেত্ৰত UTI বৃক্ক নষ্ট হোৱাৰ কাৰণ হ’ব পাৰে, যদিহে পাথৰ, প্ৰ্স্ৰাৱ বন্ধ হোৱা বা প্ৰস্ৰাৱ নিৰ্গমণৰ পথ ঠেক হৈ পৰা আৰু জেনিট প্ৰস্ৰাৱতন্ত্ৰৰ যক্ষ্মা ৰোগৰ নিচিনা আগতীয়াকৈ প্ৰভাৱিত কৰা কাৰকসমুহ নিৰাময় কৰা নহয়।

লেখক: ডা: ৰমেন কুমাৰ বৈশ্য (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate