অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰাক ডায়েবেটিছ :

প্ৰাক ডায়েবেটিছ :

প্ৰাক ডায়েবেটিছ :

প্ৰাক ডায়েবেটিছ(Prediabetes) পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনাৰ বিপদস্ংকেত। বিশ্বস্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি ১৯৮৪ চনত ডায়েবেটিছ ৰোগীৰ সংখ্যা আছিল ১০৮ নিযুত। ২০১৪ চনত এই ৰোগত ভোগা ব্যক্তিৰ সংখ্যা হয়গৈ ৪২২ নিযুত। আন্তঃৰাষ্ট্ৰীয় ডায়েবেটিছ ফেডাৰেচনৰ হিচাপ অনুসৰি চীনত ৯৮.৪ নিযুত, ভাৰতৰ ৬৫.১ নিযুত আৰু আমেৰিকা যুক্তৰাজ্যত ২৪.৪ নিযুত ডায়েবেটিছ ৰোগী আছে। অৰ্থাৎ বিশ্বৰ ডায়েবেটিছ ৰোগীৰ ৫০ শতাংশই এই তিনিখন দেশৰ। ভাৰতীয় স্বাস্থ্য গৱেষণা কাউন্সিলৰ তথ্য অনুসৰি ভাৰতত ৮০ নিযুতৰ অধিক প্ৰাক ডায়েবেটিছত ভোগা ব্যক্তি আছে। এনে ব্যক্তিৰ ক্ষেত্ৰত পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা স্বাভাৱিকতকৈ দহ গুণ অধিক। চিন্তনীয় বিষয়টো হ’ল- প্ৰাক ডায়েবেটিছ অৱস্থাতো শৰীৰৰ কলা(Tissure), ৰক্তবাহী নলী আদিৰ ধ্বংস প্ৰক্ৰিয়া আৰম্ভ হ’ব পাৰে। যদিহে প্ৰাক ডায়েবেটিছ পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছলৈ ৰূপান্তৰ হয়, তেতিয়া হৃদৰোগ, ষ্ট্ৰোক, অন্ধতা, স্নায়ু, বৈকল্য, বৃক্ক বৈকল্য আদি হ’ব পাৰে। স্নায়ু বৈকল্যৰ ফলত হাত বা ভৰিৰ সংবেদনশীলতা হ্ৰাস হয়, ফলত অংগছেদন কৰিবলগীয়া হ’ব পাৰে। প্ৰাক ডায়েবেটিছৰ ক্ষেত্ৰত তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ সামান্য বেছি হয়। ইয়াৰ কাৰণ হ’ল ইনছুলিন প্ৰতিৰোধ্যতা(Insulin Resistance)। প্ৰসংগক্ৰমে ইনছুলিন হ’ল অগ্ন্যাশয়ত। উৎপন্ন হোৱা এবিধ হৰম’ন। এই হৰম’নে তেজৰ চেনি দহন কৰে আৰু তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখে। প্ৰাক ডায়েবেটিছৰ ক্ষেত্ৰত তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকতকৈ কিছু বৃদ্ধি হয়। এই বৃদ্ধি হয়। এই বৃদ্ধি অধিক হ’লে পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছ হয়। অৱশ্যে আশাব্যঞ্জক কথাটো হ’ল প্ৰাক ডায়েবেটিছ বিপৰীতমুখী(Reverse) কৰা সম্ভৱপৰ। ইয়াৰ বাবে জীৱনশৈলীৰ পৰিৱৰ্তন কৰা প্ৰয়োজন। প্ৰাক ডায়েবেটিছৰ সম্ভাৱনা কেনেকৈ হ্ৰাস অথবা নস্যাৎ কৰিব পাৰি, সেই সম্পৰ্কত ইয়াত কিছু আলোচনা কৰা হৈছে।

কাৰ ক্ষেত্ৰত প্ৰাক ডায়েবেটিছৰ সম্ভাৱনা থাকে -

যিসকলৰ শৰীৰৰ ওজন অত্যধিক বৃদ্ধি হয় বা মেদবহুলতা হয়, যিসকল শাৰীৰিকভাৱে সক্ৰিয় নহয় আৰু যিসকলৰ পৰিয়ালত ডায়েবেটিছত ভোগাৰ ইতিহাস আছে, তেওঁলোকৰ প্ৰাক ডায়েবেটিছ হ’ব পাৰে। অন্যান্য কাৰকসমূহ হ’ল উদৰত অধিক চৰ্বি জমা হোৱা, তেজৰ কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধি হোৱা উচ্চ ৰক্তচাপত ভোগা আৰু ডিঙিৰ পাছফালে ডাঠ-ক’লা ৰঙৰ ছালৰ সৃষ্টি হোৱা। মহিলাৰ ক্ষেত্ৰত গৰ্ভাৱস্থাৰ ডায়েবেটিছ(Gestational Diabetes) হ’লে পিছলৈ প্ৰাক ডায়েবেটিছ অথবা পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছ হ’ব পাৰে।

প্ৰাক ডায়েবেটিছ কেনেকৈ নিৰ্ণয় কৰিব পাৰি -

প্ৰাক ডায়েবেটিছৰ ক্ষেত্ৰত কোনোধৰণৰ লক্ষণ দেখা নাযায়। গতিকে তেজৰ্ চেনিৰ মাত্ৰা নিশ্চিত কৰিবলৈ তেজৰ চেনিৰ মাত্ৰা নিৰ্ণায়ক পৰীক্ষা কৰিব লাগিব। সাধাৰণতে তিনি ধৰণৰ পৰীক্ষা কৰিব পাৰি-

১)পুৱা কোনো ধৰণৰ খাদ্য খোৱাৰ আগতে(Fasting) ওতেজৰ নমুনা সংগ্ৰহ কৰি চেনিৰ মাত্ৰা নিৰ্ণয় কৰা। এইক্ষেত্ৰত তেজৰ চেনিৰ মাত্ৰা ১০০ৰ পৰা ১২৫ মিলিগ্ৰাম হ’লে প্ৰাক ডায়েবেটিছ হৈছে বুলি নিশ্চিত হ’ব পাৰি।

২)পানীত মিহলাই ৭৫ গ্ৰাম গ্লুক’জ খোৱাৰ দুঘন্টা পিছত তেজৰ চেনিৰ মাত্ৰা নিৰ্দ্ধাৰণ কৰা। যদিহে এই মাত্ৰা ১৪০ৰ পৰা ১৯৯ মিলিগ্ৰাম হয়, তেনেহ’লে প্ৰাক ডায়েবেটিছ হোৱাটো নিশ্চিত।

৩)তেজৰ হিম’গ্ল’বিন ১ চি(Haemoglobin 1C) নিৰ্দ্ধাৰণ কৰা। এই ক্ষেত্ৰত বিগত তিনি মাহত তেজৰ চেনিৰ মাত্ৰা কেনে ধৰণৰ আছিল, সেই কথা ধৰা পৰে। যদি ফলাফল ৫.৭ৰ পৰা ৬.৪ৰ ভিতৰত আছে, তেনেহ’লে প্ৰাক ডায়েবেটিছ থকা নিশ্চিত।

শৰীৰৰ ওজন কমালে প্ৰাক ডায়েবেটিছ ৰোধ কৰিব পাৰি, কিন্তু ওজন কমাব কেনেকৈ? দেখা গৈছে শৰীৰৰ ওজন পাঁচৰপৰা দহ শতাংশ হ্ৰাস কৰিলে প্ৰাক ডায়েবেটিছ বিপৰীতমুখী কৰিব পাৰি। বৰ্তমানে বহুতেই আৰামৰ জীৱন যাপন কৰাত অভ্যস্ত। ফলত যি পৰিমাণৰ খাদ্য খোৱা যায়, তাৰ পৰা উৎপন্ন হোৱা কেল’ৰি সম্পূৰ্ণৰূপে দহন কৰিব পৰা নাযায়। এই অতিৰিক্ত কেল’ৰি শৰীৰত চৰ্বি হিচাপে জমা হয় আৰু ওজন বৃদ্ধি হয়। গতিকে কেতবোৰ খাদ্যৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব। চেনিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰক। পৰিষ্কৃত কাৰ্ব’হাইড্ৰেটযুক্ত খাদ্যৰ পৰিমাণ কমাওক। পাউৰুটি, চাউল, আলু, পাষ্টা, চেনিযুক্ত কুকিজ আৰু বিস্কুট, ময়দাৰে তৈয়াৰ কৰা খাদ্য, কেক, বিভিন্ন মিঠাই আদিত যথেষ্ট পৰিমাণৰ কাৰ্ব’হাইড্ৰেট থাকে। কাৰ্ব’হাইড্ৰেট আমাৰ শৰীৰত চেনি(গ্লুক’জ)লৈ ৰূপান্তৰ হয়। চৰ্বিযুক্ত খাদ্য কম পৰিমাণে খাব পাৰে। অৱশ্যে সংপৃক্ত চৰ্বিযুক্ত আৰু ট্ৰেন্সফেটযুক্ত(Transfat) খাদ্য পৰিহাৰ কৰা উচিত। যথেষ্ট পৰিমাণৰ প্ৰ’টিনযুক্ত খাদ্য খাওক। প্ৰাক ডায়েবেটিছ বিপৰীতমুখী কৰাত প্ৰ’টিনে সহায় কৰে। ভোজ্য আঁহযুক্ত খাদ্য যথেষ্ট পৰিমণে খাওক। হিবিজিবি খাদ্য(Jung Food) আৰু চটপট খানা(Fast Food) পৰিহাৰ কৰক। এইবোৰত যথেষ্ট পৰিমাণে চৰ্বি থাকে।

ব্যায়াম -

আমাৰ শৰীৰত মাংসপেশীয়ে স্প’ঞ্জৰ নিচিনাকৈ তেজৰপৰা গ্লুক’জ শুহি লয়। গতিকে মাংসপেশী সক্ৰিয় কৰি ৰাখক। পৰ্যাপ্ত পৰিমাণৰ ব্যায়াম কৰক। প্ৰতিদিনে অন্ততঃ ৩০ মিনিট খোজ কাঢ়ক। পৰাপক্ষত লিফট ব্যৱহাৰ নকৰিব, ছিৰি বগাই যাবলৈ চেষ্টা কৰক। পাৰিলে চাইকেল চলাওক, সাঁতোৰক, কৰ্মস্থলীত অনবৰত বহি নাথাকি মাজে মাজে পাইচাৰি কৰক। মুঠতে শৰীৰৰ মাংসপেশী সক্ৰিয় কৰি ৰাখক। প্ৰাক ডায়েবেটিছৰ সম্ভৱনা হ্ৰাস পাব।

টোপনি -

নিদ্ৰাহীনতা আৰু পৰ্যাপ্ত পৰিমাণৰ টোপনি নোহোৱাৰ সৈতে শৰীৰৰ ওজন বৃদ্ধি আৰু ডায়েবেটিছৰ সম্পৰ্ক আছে। প্ৰতি নিশা ৭-৮ ঘন্টা টোপনি হোৱাটো স্বাস্থ্যকৰ। শোৱা কোঠাত টিভি, ম’বাইল ফোন, লেপটপ আদি নাৰাখিব। শুবলৈ যোৱাৰ আগতে মদ্যপান নকৰিব, চাহ বা কফিও নাখাব। শোৱা কোঠাৰ পৰিৱেশ আৰামদায়ক হ’ব লাগে।

ষ্ট্ৰেছ -

ষ্ট্ৰেছৰ মাত্ৰা হ্ৰাস কৰক। ষ্ট্ৰেছে শৰীৰত কৰ্টিছ’ল(Cortisol) হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে। এই হৰম’নে তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি কৰে। দীৰ্ঘম্যাদী ষ্ট্ৰেছে ইনছুলিন প্ৰতিৰোধ্যতাও সৃষ্টি কৰে। ইয়াৰ ফলতো তেজৰ চেনিৰ মাত্ৰা বৃদ্ধি হয়। ধ্যান(Meditation), যোগ, মালিচ, ব্যায়াম আদিয়ে ষ্ট্ৰেছৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। ভাল কিতাপ পঢ়া, মৃদু সংগীত, ফুলনি বা পাচলি বাৰীত কাম কৰা, বন্ধু-বান্ধৱৰ সৈতে আলাপ কৰা আদিয়েও ষ্ট্ৰেছ হ্ৰাস কৰিব পাৰে। ষ্ট্ৰেছৰ মাত্ৰা হ্ৰাস কৰাত গভীৰ টোপনিয়েও সহায় কৰে।

প্ৰাক ডায়েবেটিছ ৰোধ কৰা বা বিপৰীতমুখী কৰা সম্ভৱপৰ। মনত ৰাখিব, প্ৰাক ডায়েবেটিছ পূৰ্ণ পৰ্যায়ৰ ডায়েবেটিছলৈ ৰূপান্তৰ হ’লে নানা ধৰণৰ বিসংগতি দেখা দিব পাৰে আৰু ই মৃত্যুৰ কাৰণ হ’ব পাৰে।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate