মানুহৰ জীৱন-যাপন প্রণালীৰ বহু সলনি হৈছে। এয়া সময়ৰ আহ্বান। আজিকালি ছোৱালীৰ বিয়াৰ বয়স বাঢ়িছে। মাতৃত্ব লাভৰ বয়সো তুলনামূলকভাৱে পিচুৱাইছে। পৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বেছিভাগ ছোৱালীয়েই ৪০ বছৰমান বয়সতহে সন্তান জন্ম দিবলৈ বিচাৰে। উচ্চ শিক্ষা, চাকৰি, আর্থিক স্বচ্ছলতা, ক্রমোন্নতি— এইবোৰৰ প্রয়োজনীয়তা আছে, বাধ্যবাধকতাও আছে, যাৰ কাৰণে বিবাহ আৰু সন্তান বহন কৰাটোত পলম কৰিবলৈ বাধ্য হয় তেওঁলোক। কিন্তু তেওঁলোক সন্তান জন্মৰ ক্ষেত্ৰত বিভিন্ন জটিলতাৰ সন্মুখীন হয়।
দিল্লীত লগ পাইছিলো চান্দনীক। এটা কোম্পানীৰ উচ্চপদস্থ বিষয়া। দোপতদোপে কৃতকার্যতাৰ চিৰি বগাই উন্নতিৰ শিখৰত উঠা বছৰমানৰ আগৰ পৰা চিন্তা কৰিছে সন্তানৰ কথা। এতিয়া ৩৮ বছৰীয়া চান্দনী। সন্তান প্রত্যাশী চান্দনীয়ে সকলো অনুৰ্বৰতা ক্লিনিক ঘূৰিছে, মাতৃত্ব লাভ কৰাৰ আশাৰে। লাখ লাখ টকা খৰচ কৰিছে। বহু গাঁৱলীয়া ব্যৱস্থাও পৰীক্ষা কৰি চাইছে কিন্তু সফল হ’ব পৰা নাই চান্দনী।
চান্দনীয়েই একমাত্ৰ নহয়। অনুৰ্বৰতা বিশেষজ্ঞসকলৰ মতে ৩০ৰ পৰা ৪০ বছৰ বয়সৰ শিক্ষিত,চাকৰিজীৱী, ইতিমধ্যে কেৰিয়াৰ গঢ়ি লোৱা বহুতো ছোৱালীয়েই তেওঁলোকৰ ওচৰলৈ আহে সন্তানৰ মাতৃ হ’বলৈ বিচাৰি। এজন অনুৰ্বৰতা বিশেষজ্ঞ ডাঃ অনিৰুদ্ধ মালপানীয়ে কয়— উচ্চশিক্ষা আৰু আর্থিক স্বচ্ছলতা আহৰণে যেতিয়া প্রাধান্য পায়, সন্তান উৎপাদন গৌণ হৈ পৰে, সন্তান উৎপাদনৰ ক্ষেত্ৰখনো ইতিমধ্যে অনুৰ্বৰ হৈ পৰে। ৩৫ বছৰ বয়সত এগৰাকী নাৰীয়ে প্রথম সন্তান লাভ কৰাটো সম্ভৱ যদিও, বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগা হয় তেওঁলোক। তেওঁৰ মতে, বয়স বাঢ়ি যোৱাৰ লগে লগে ডিম্বৰ মানো হ্রাস পায় আৰু গৰ্ভধাৰণৰ ক্ষমতাও হ্রাস পায়। তদুপৰি দুয়ো স্বামী-স্ত্রীয়ে চাকৰি কৰি চাকৰি সংক্রান্তীয় কামত ভ্ৰমণত ব্যস্ত থকা জীৱন-যাপন প্ৰণালীৰ কাৰণে যুগ্ম জীৱনৰ সুন্দৰ সময় স্বামী-স্ত্রীয়ে (একেলগে) উপভোগকৰাৰ সুযোগ হেৰুৱায়। আৰু মাহটোৰ সাৰুৱা দিনকেইটাত একেলগে থাকি সন্তানৰ পৰিকল্পনা কৰাৰ সুবিধাই নাপায়।
অনুৰ্বৰতাৰ সমস্যা কেৱল নাৰীৰে নহয়, পুৰুষৰো আছে
ভাৰতীয় জনসংখ্যাৰ ১০-১২ শতাংশ অনুৰ্বৰতাৰ দ্বাৰা আক্রান্ত। প্রায় ২২ৰ পৰা ৩৩ নিযুত প্রজননক্ষম বয়সৰ দম্পতীয়ে জীৱনজোৰা অনুৰ্বৰতাৰ সমস্যাত ভূগিছে। ঘটনাক্রমে নাৰীৰ অনুৰ্বৰতাটো অধিক চৰ্চিত হোৱাৰ কাৰণ হৈছে- এই হাৰ পুৰুষৰ তুলনাত কিছু বেছি। নাৰীৰ অনুৰ্বৰতাৰ অনুপাত ৪০ৰ পৰা ৫০ শতাংশ হোৱাৰ বিপৰীতে পুৰুষৰ ৩০ ৰ পৰা ৪০ শতাংশ। অৱশ্যে পুৰুষৰ অনুৰ্বৰতা নাৰীৰ অনুৰ্বৰতাৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে উচ্চশিক্ষিত, চাকৰিজীৱী মহিলাসকলে, যিসকলে বয়সত সন্তান লাভ কৰিব বিচাৰে। ‘বৰ্তমান প্রজন্মৰ সমস্যা এয়া'- এই মন্তব্য আগবঢ়াইছে ‘সহায়কাৰী ভাৰতীয় সমিতিৰ সভাপতি ডাঃ ডুৰু শ্বাহে (ISAR-Indian Society for Assisted Reproduction)। সমিতিৰ সাধাৰণ সম্পাদক ডাঃ অমিত পাটকিৰ মতে এই সংখ্যা ভাৰতীয় চহৰীয়া মহিলাসকলে আৰু বৃদ্ধি কৰিব, কাৰণ চিগাৰেট খোৱাটো চহৰীয়া ছোৱালীৰ মাজত বৃদ্ধি পাইছে।
চিকিৎসাবিজ্ঞানৰ অগ্ৰগতি ইমান বেছি হৈছে যে আজিকালি পর্যাপ্ত আৰু সুস্থ শুক্রাণু উৎপাদনত অক্ষমজনো পিতৃত্ব লাভ কৰাত সক্ষম হৈছে। সেয়েহে বিশেষজ্ঞসকলে দোষাৰোপ কৰে অস্বাস্থ্যকৰ জীৱন-যাপন প্ৰণালীক- চিগাৰেট, মদ, ড্রাগচ সেৱন ব্যৱস্থাক, যিবোৰে ভাৰতৰ অনুৰ্বতাৰ শাৰীটো দীঘল কৰি নি আছে। বয়সটো মাত্ৰ এটা কাৰক অনুৰ্বৰতাৰ। ডাঃ শ্বাহৰ মতে- “চিগাৰেট সেৱন অনুৰ্বৰতাৰ প্ৰধান শত্ৰু, কাৰণ ই ডিম্বৰ গুণাগুণ নষ্ট কৰে’ আৰু সমীক্ষাই দেখুৱাইছে যে- আজিকালিৰ ছোৱালীয়ে আগতকৈ বহুত বেছি চিগাৰেট সেৱন কৰে।
নাৰীৰ দৰেই পুৰুষৰ অনুৰ্বৰতাকো পৰিৱেশ আৰু জীৱন-যাপন প্ৰণালীয়ে প্রভাৱিত কৰে। পুৰুষে শাৰীৰিক সৌষ্ঠৱ বৃদ্ধিৰ বাবে যি পৰিপূৰক (Supplement) ব্যৱহাৰ কৰে, সেইবোৰে শুক্রাণুৰ সংখ্যা হ্রাস কৰে- ডাঃ পাটকিয়ে কয়। প্লাষ্টিক প্ৰদূষণৰ দিশত যে জনসাধাৰণৰ মাজত সচেতনতা গঢ়ি উঠিছে-এইটো শুভলক্ষণ। কাৰণ প্লাষ্টিকত থকা এবিধ ৰায়াসনিক পদার্থই অন্তঃক্ষৰণকাৰী তন্ত্রক আক্রান্ত কৰি হৰম’ন ক্ষৰণ বিঘ্নিত কৰে। ফলত পুৰুষ সন্তানৰ "hypospadia' (হাইপস্পেডিয়া) এই ৰোগত শুক্রাশয়ৰ পৰা শুক্রাণু ক্ষৰণ বাধাগ্রস্ত হয়) নামৰ এবিধ জন্মগত ৰোগ হয়। ডাঃ পাটকিয়ে কোৱামতে অনুৰ্বৰতা চিকিৎসাৰ কাৰণে যোৱা বহু দম্পতীয়ে স্বীকাৰ কৰে- “ দেহ-মনক সতেজ ৰখাৰ ড্রাগ’ তেওঁলোকে ব্যৱহাৰ কৰিছিল। তেওঁলোকে ভবা নাছিল যে, সেইবোৰে উৰ্বৰতাত প্ৰভাৱ পেলাব। চহৰত ব্যৱহাৰ হোৱা প্ৰস্তুত খাদ্যবোৰেও অনুৰ্বৰতা বৃদ্ধিত সহায় কৰে; কাৰণ এনে খাদ্যত ফলিক এচিড নাথাকে।
ভাৰতবৰ্ষই অনুৰ্বৰতাৰ যি গধুৰ বোজা বহন কৰিব লগা হৈছে, তাৰ কাৰণসমূহ বিশ্লেষণ কৰিলে আমি দেখো-
চহৰীয়াসকলৰ অনুৰ্বৰতাৰ কাৰণে জীৱন-যাপন প্ৰণালী যেনেকৈ জগৰীয়া, গ্রামীণ পৰিবেশত সংক্ৰমণটোৱেই অনুৰ্বৰতাৰ প্ৰধান কাৰণ হৈ আছে। গ্রামীণ পৰিবেশত মহিলাসকলে গর্ভপাত, আনকি সন্তান প্ৰসৱো অস্বাস্থ্যকৰ কেন্দ্ৰবোৰত কৰায়। যাৰ ফলত ডিম্বনলীত সংক্রমণ হয়, যিটো ভৱিষ্যৎ অনুৰ্বৰতাৰ কাৰণ হৈ পৰে। ডিম্বনলী বা ফেল’পিয়ান নলীত হোৱা এনে এটা সংক্রমণ হৈছে যক্ষ্মা-জনানাংগৰ যক্ষ্মা।
ডাঃ মালপানিয়ে কিন্তু এটা সম্পূর্ণ বেলেগ দৃষ্টিভংগী আগবঢ়াইছে। তেওঁৰ মতে মহিলাসকলে সাধাৰণতে পুষ্টিকৰ খাদ্য নাখায় আৰু বহুত বেছি কাম কৰে, সেয়েহে তেওঁলোকে গর্ভধাৰণ নকৰে। সন্তান জন্ম দিব নোৱাৰা মহিলাসকলে নিজকে জগৰীয়া কৰে আৰু অসম্পূৰ্ণ বুলি ভাবে। এইটো বৰ দুৰ্ভাগ্যজনক। তেওঁ কৈছে- ‘‘এনে মহিলাও মই লগ পাইছো, যিসকলে মোক কান্দি কান্দি সোধে— গৰ্ভধাৰণৰ কাৰণে তেওঁলোক বেছি শকত নেকি? বা তেওঁলোকে আগতে শালমইনা আঁতৰাবৰ কাৰণে ব্যৱহাৰ কৰা ঔষধবোৰ অনুৰ্বৰতাৰ কাৰণে জগৰীয়া নেকি?”
আক্রান্তজনক দোষাৰোপ কৰাটো আমাৰ সমাজৰ এটা ডাঙৰ সমস্যা। অনুৰ্বৰতা এটা প্রতিকাৰ সাধ্য অক্ষমতা। আমাৰ লক্ষ্য হোৱা উচিত ইয়াৰ কাৰণ উদ্ঘাটন কৰা আৰু সমাধানৰ ব্যৱস্থা কৰা। জননস্বাস্থ্যত কু-প্ৰভাৱ পেলোৱা কাৰকবোৰ আমি প্রতিহত কৰিবই লাগিব। এখন সুস্থ সমাজৰ কাৰণে সমাজৰ প্ৰতিজনৰ সুস্থ জননস্বাস্থ্য অতি প্রয়োজনীয়।
লেখিকা: ড° অমিয়া ৰাজবংশী, সাদিন।
শেহতীয়া উন্নীতকৰণ: : 3/1/2024