অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্রষ্টেণ্ট গ্রন্থি ডাঙৰ হোৱা বেমাৰ

(BPH)

প্ৰ’ষ্টেণ্ট গ্রন্থি পুৰুষৰহে থাকে। সচৰাচৰ সাধাৰণতে ৬০ উৰ্দ্ধৰ বয়োজ্যেষ্ঠ পুৰুষৰ প্ৰস্ৰাৱ

কৰাৰ ক্ষেত্ৰত প্রষ্টেণ্ট গ্রন্থিৰ আকাৰ বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰে। আয়ুকালৰ সম্প্রসাৰণ ঘটাৰ দিনাৱধি এই বিনাইন প্রষ্টেটিক হাইপাৰপ্লছিয়া (BHP বুলিও কোৱা হয়)ৰ সংঘটনো বাঢ়ি আহিছে।

ই হৈছে প্রায় এটা আখৰুটৰ সমান ক্ষুদ্র অংশ আৰু পুৰুষ প্রজনন তন্ত্ৰৰ এটা অংশ বিশেষ। এই প্রষ্টেণ্ট গ্রন্থি মূত্রাশয়ৰ ঠিক তলতে আৰু মলনলী(ৰেক্টাম)ৰ সন্মুখত অৱস্থিত। প্ৰ’ষ্টেন্টে মূত্রাশয়ৰ পৰা মূত্র কঢ়িয়াই অনা নলী অর্থাৎ(ইউৰেখ্রা)ৰ উজনি অংশ চাৰিওফালৰ পৰা মেৰিয়াই ৰাখে। অন্যার্থত, ইউৰেথাৰ উজনি অংশটো (প্ৰায় ৩ ছেঃ মিঃ দীঘল) প্রষ্টেণ্ট গ্রন্থিৰ সোঁমাজেৰে পাৰ হৈ আহে।

প্ৰ’ষ্টেণ্ট হৈছে পুৰুষৰ এই প্রজনন অংগ। ই নিঃসৰণ কৰা প্ৰৰসবিধে শুক্রাণুবোৰক পুষ্টি যোগায় আৰু এই প্রৰসেই শুক্রাণুবোৰক মূত্ৰনলীৰে বীর্যপাত (ejacullation) কঢ়িয়াই নিয়ে।

(ВРН)

মানে হৈছে প্রষ্টেটিক গ্রন্থিৰ সমস্যা যিটো ভয়াৱহ বা ক্ষতিকাৰক নহয় (কৰ্কট ৰোগজাত নহয়) আৰু (Hyperplasia) মানে হ’লগৈ বাঢ়ি অহা, ডাঙৰ হৈ পৰা।

বিনাইল প্র’ষ্টেটিক হাইপাৰপ্লাছিয়া বা হাইপাৰট্ৰ'ফি (BPH) হৈছে এটা অনা কৰ্কটৰোগজাত প্রষ্টেণ্ট গ্রন্থিৰ কায়া বৃদ্ধি যিটো প্রায় সকলো পুৰুষৰে বুঢ়া কালত হয়েই। বুঢ়া হয় মানে পুৰুষৰ প্ৰ’ষ্টেণ্ট গ্রন্থি লাহে লাহে ডাঙৰ হৈ আহে(বা পৰিবৰ্ধিত হয়)।এটা ডাঙৰ হৈ পৰা প্রষ্টেণ্ট মূত্ৰনলীৰ ওপৰত হেঁচা দি নলীৰ ভিতৰলৈ ঠেলি নিয়াৰ ফলত প্রস্ৰাৱৰ স্রোত ৰুদ্ধ কৰে আৰু ইয়ে প্রস্ৰাৱ কৰাৰ সময়ত পয়মাল কৰে। মূত্ৰনলী ঠেক হৈ পৰাৰ বাবেও প্রস্ৰাৱৰ প্রবাহ মন্থৰ আৰু কম গতিবেগ সম্পন্ন হৈ পৰে।

ΒΡΗ

BPH ৰ লক্ষণবোৰ সচৰাচৰ ৫০ বছৰ বয়সৰ পিছৰ পৰাহে দেখা দিবলৈ আৰম্ভ কৰে। ৬০ বছৰ বয়সৰ আধাতকৈ বেছিসংখ্যক পুৰুষে আৰু ৭০ আৰু ৮০ বছৰৰ মাজৰ ৯০% পুৰুষে BPH ৰ লক্ষণ দেখুৱায়। BPH ৰ অধিকাংশ লক্ষণ ক্রমাগতভাৱে আৰম্ভ হয় আৰু প্রতি বছৰে লাহে লাহে বেয়ালৈ ঢাল খায়। BPH ৰ সাধাৰণ লক্ষণবোৰ হৈছে:

  • সঘনাই প্রস্ৰাৱ কৰা, বিশেষকৈ নিশা ভাগত। সাধাৰণতে এইটোৱেই খুউব সোনকালে পৰিলক্ষিত হোৱা লক্ষণ।
  • প্রস্ৰাৱ ধাৰা মন্থৰ আৰু দুর্বল হোৱা।
  • মূত্রাশয় ভৰি থকা অনুভৱ হোৱা সত্ত্বেও প্রস্ৰাৱ কৰাত অসুবিধা হয় বা প্রস্ৰাৱ হ’বৰ বাবে জোৰ দিবলগীয়া হয়।
  • হঠাতে প্রস্ৰাৱ কৰিব লগাটো আটাইতকৈ অশান্তিকৰ লক্ষণ।
  • প্ৰস্ৰাৱ কৰিবলৈ বল দিবলগীয়া হয়।
  • প্রস্ৰাৱৰ স্রোত প্রস্ৰাৱ কৰি থাকোতেই মাজে মাজে ব্যাহত হয়।
  • প্রস্ৰাৱৰ শেষত আকৌ কেইটোপালমান প্রস্ৰাৱ সৰিব ধৰে। প্রস্ৰাৱ শেষ হোৱাৰ পাছতেই আকৌ প্ৰস্ৰাৱৰ টোপাল ওলোৱাৰ বাবে আণ্ডাৰ-ক্লথছ তিতে।
  • মূত্রাশয় কেতিয়াও সম্পূৰ্ণকৈ খালী নহয়।

BPH

ততোধিক পৰিমাণৰ হয় তেন্তে এইটো গুৰুত্বপূর্ণ বুলি বিবেচিত হয় আৰু পৰৱৰ্তী মূল্যায়ন প্রয়োজন হৈ পৰে।

Score or Index

আন্তৰ্জাতিক প্ৰ’ষ্টেট লক্ষণ প্ৰাপ্তাংক(International Prostate Symptom Score-IPPS) বা মার্কিন ইউৰ'লজিকেল সংস্থাৰ লক্ষণ প্রাপ্তাংকই [American Urological Association Symptom Index (AUA)] BPH ৰোগ নির্ণয়ত সহায় কৰে।এই ৰোগ নির্ণয় প্রণালীত বিনাইন প্ৰ’ষ্টেটিক হাইপাৰপ্লছিয়াৰ লগত সম্পর্ক থকা সাধাৰণ লক্ষণবোৰ ৰোগীৰ প্ৰস্ৰাৱজনিত সমস্যাৰ মূল্যায়ন কৰিবলৈ সোধা হয়। প্রষ্টেটৰ লক্ষণবোৰৰ প্রাপ্তাংক গণনা কৰি প্ৰস্ৰাৱজনিত সমস্যাৰ তীব্রতাৰ বিচাৰ কৰা হয়।

Laboratory Tests

প্রয়োগশালৰ পৰীক্ষণে BPH ধৰা পেলোৱাত সহায় নকৰে। কিন্তু এইবোৰ আনুসংগিক জটিলতাবোৰ আৰু এক ধৰণৰ লক্ষণ দৰ্শোৱা অন্য সমস্যাক বিচাৰি উলিওৱাত সহায় কৰে। সংক্রমণ হৈছে নেকি চাবলৈ প্রস্ৰাৱৰ পৰীক্ষা কৰা হয় আৰু বৃক্কৰ কাৰ্য কুশলতা চাবলৈ ৰক্ত পৰীক্ষা কৰা হয়।

• BPH নির্ণয় কৰিবলৈ বা নাকচ কৰিবলৈ চলোৱা বিভিন্ন ধৰণৰ পৰীক্ষণমূলক হ’লগৈ— ইউৰ’ফ্ল’মেট্রি, ইউৰ'ডাইনেমিক অধ্যয়ন, চিষ্ট'স্কোপি, প্রষ্টেটবায়ন্সি, ইন্টাভেনাছ পায়েল’গ্রাম বা CT ইউৰ’গ্রাম আৰু ৰেট্ৰ’গ্রেড পায়েল’গ্রাফি।

• BPH প্রষ্টেট কেন্সাৰ আৰু BPH ৰ বহুতো লক্ষণ একে ধৰণৰ, সেয়েহে নিদানিক লক্ষণবোৰৰ

ভিত্তিত এই দুই অৱস্থাক পৃথকাই পেলোৱা অসম্ভৱ। কিন্তু মনত ৰাখিব যে BPH ৰ কেন্সাৰৰ সৈতে সম্পর্ক নাই। প্ৰ’ষ্টেট কেন্সাৰ খাটাংকৈ ধৰা পেলাবলৈ কৰা তিনিবিধ পৰীক্ষা হ’ল—

ডিজিটেল ৰেক্টেল পৰীক্ষা (DRE), প্রষ্টেট স্পেচিফিক এণ্টিজেন(PSA) ৰ বাবে তেজ পৰীক্ষা আৰু প্ৰ’ষ্টেটৰ বায়োপসি্‌।

BPH

• নিশা শয্যালৈ যোৱাৰ কেইঘন্টামানৰ আগত আৰু ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ আগত পানী নাখাব।

• চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ ডিকনজেষ্টেণ্ট বা এণ্টিহিষ্টামিন থকা পানীলগা বা ছাইনাছৰ ঔষধ সেৱন নকৰিব। এইবোৰ ঔষধে লক্ষণসমূহ বেয়াৰ পিনে ঢাল খৱাব পাৰে বা প্রস্ৰাৱ ৰুদ্ধ কৰিব পাৰে।

• প্রস্ৰাৱৰ আয়তন বঢ়াব পৰা ঔষধ (যেনে— ডায়ুৰেটি’)ৰ সেৱনৰ সময়-সাৰণি সলনি কৰিব।

• উম লৈ থাকিব আৰু নিয়মিতভাৱে ব্যায়াম কৰিব। ঠাণ্ডা বতৰ আৰু  শাৰীৰিক নিক্রিয়তাই লক্ষণবোৰ বেয়া কৰে।

• পেলভিক আৰু মাংসপেশীবোৰ সবল কৰিবৰ বাবে যিবোৰ শাৰীৰিক অনুশীলন আছে, সেইবোৰ শিকি লৈ নিয়মিতৰূপে কৰক, কাৰণ ইহঁতে প্রস্ৰাৱৰ ‘লীকেজ’ প্রতিৰোধ কৰে। পেলভিক ব্যায়ামসমূহে যি পেলভিক ফ্ল’ৰে মূত্রাশয়টো ধৰি ৰাখে তাৰ মাংসপেশীবোৰ শক্তিশালী কৰি তোলে আৰু ই 'স্ফিংটাৰ’ বন্ধ কৰাত সহায় কৰে।

• মুত্রাশয় প্রশিক্ষণে সময় অনুযায়ী আৰু সম্পূৰ্ণৰূপে খালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নিয়মিত সময়মতে প্রস্ৰাৱ কৰক |

• কোষ্ঠকাঠিন্যৰ চিকিৎসা কৰাব।

• চাপগ্ৰস্ততা কমাব। কিংকৰ্তব্যবিমূঢ়তা আৰু চাপগ্ৰস্ততাই ঘনে ঘনে প্রস্ৰাৱ কৰিব লগাত পেলায়।

সামান্যৰ পৰা মজলীয়া ধৰণৰ লক্ষণবোৰ নিয়ন্ত্ৰণত আনিবলৈ ঔষধেৰে কৰা চিকিৎসাক বাছনি কৰা হয়। চিকিৎসা গ্রহণ কৰা দুই তৃতীয়াংশ ৰোগীয়ে ঔষধ সেৱন কৰি প্রধান অসুবিধাবোৰ তাৎপর্যপূর্ণভাৱে পাতলাব পাৰে। এটা ডাঙৰ হৈ পৰা প্রষ্টেটৰ বাবে আমাৰ হাতত দুই শ্রেণীৰ ঔষধ আছে— আলফা ব্লকাৰ্ছ আৰু এণ্টি-এণ্ড্ৰ’জেন (5- আলফা-ৰিডাক্টেজ ইনহিবিটৰছ)।

• (তন্সোলোছিন, অল্কুজোছি, টেৰাজ’ছিন আৰু ডা’জ’ছিন) প্ৰ’ষ্টেটৰ ভিতৰৰ আৰু বাহিৰৰ মাংসপেশীৰ শিথিলকাৰক ঔষধ, ইহঁতে প্রস্ৰাৱ ৰুদ্ধ হোৱাৰ পৰা উপশম প্রদান কৰে আৰু খুউব সহজভাৱে প্ৰস্ৰাৱ বাহিৰ হ’ব দিয়ে। আলফা ব্লকাৰ্ছৰ সাধাৰণ পার্শ্বপ্রতিক্রিয়া হ’ল— মূৰ পাতল লগা, মূৰ ঘূৰণি আৰু অৱসাদগ্ৰস্ততা।

• 5 (ফিনষ্টেৰইড আৰু ডাষ্টেৰাইড) হ’লগৈ প্রষ্টেটৰ আকাৰ হ্ৰাস কৰা ঔষধ। এই ঔষধবোৰে প্ৰস্ৰাৱ স্রোত বৃদ্ধি কৰে আৰু BPH ৰ উপসৰ্গবোৰ কমায়। ইহঁতে আলফা ব্লকাৰ্ছৰ নিচিনাকৈ ততালিকে কাম নিদিয়ে (চিকিৎসা আৰম্ভ কৰাৰ ছমাহৰ ভিতৰত স্বাস্থোন্নতি দেখা যায়) আৰু প্র’ষ্টেট খুউব ডাঙৰ হৈ পৰা ৰোগীৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভাল কাম দিয়ে। 5- আলফা-ৰিডাক্টেজ ইনাহিবটছ সবাতোকৈ বেছি পৰিলক্ষিত হোৱা পাৰ্শ্বক্রিয়াবোৰ হ’ল— লিংগস্ফীত হোৱা

(Erection আৰু বীৰ্যপাত(Ejaculation)ৰ সমস্যা, যৌন অৱসাদ আৰু ক্লীৱত্ব (Impotence)

• আলফা ব্লকাৰ্ছ আৰু আলফা ৰিডাক্টেজ ইনবিটৰে বেলেগ বেলেগ প্ৰকাৰে কাম কৰে আৰু ইহঁত দুয়োটাকে একেলগে একেজন ৰোগীকে দিলে দুয়োটা ঔষধ যোগ হৈ সুফল পোৱা যায়। সেইবাবে দুয়োটা ঔষধৰ মিহলি চিকিৎসাই BPH ৰ উপসৰ্গবোৰৰ পৰা ৰোগীক বহুখিনি সকাহ দিয়ে। বেয়াকৈ ঢাল খোৱা লক্ষণৰ, ডাঙৰ হৈ পৰা লক্ষণৰ, ডাঙৰ হৈ পৰা প্রষ্টেটৰ আৰু উচ্চ মাত্ৰাৰ আলফা ব্লকাৰে আশানুৰূপ সুফল নিদিয়া ৰোগীৰ ক্ষেত্ৰত এই মিহলি চিকিৎসাৰ অনুমোদন জনোৱা হয়।

তলত দিয়া লোকসকলৰ ক্ষেত্ৰত শল্য চিকিৎসাৰ অনুমোদন জনোৱা হয়-

• মজলীয়াৰ পৰা অতিপাত চিন্তাজনক লক্ষণৰ ৰোগী, যাৰ ক্ষেত্ৰত ঔষধৰ চিকিৎসাই কাম নিদিয়ে।

• হঠাতে প্রস্ৰাৱ বন্ধ হৈ যোৱা ৰোগী।

• সঘনাই প্রস্ৰাৱতন্ত্রত সংক্রমণ হোৱা ৰোগী।

• পুনঃ পুনঃ বা স্থানীয়ভাৱে প্ৰস্ৰাৱত তেজ যোৱা ৰোগী।

•BPH ৰ বাবেই বৃক্ক বিকল হৈ পৰা ৰোগী।

• BPH ৰ আনুষংগিকভাৱে বৃক্কৰ পাথৰ হোৱা ৰোগী।

• প্রস্ৰাৱ কৰাৰ পাছতো মূত্রাশয়ত ৰৈ যোৱা মূত্ৰৰ পৰিমাণ যদি তাৎপর্যপূর্ণভাৱে বেছি হয়, তেনে ৰোগী।

শল্য চিকিৎসাক দুটা শাখাত ভগাব পাৰি— শল্য চিকিৎসা বিধান আৰু সামান্যভাৱে ক্ষতক (Invasive) চিকিৎসা। সচৰাচৰ বেছিকৈ সম্পন্ন হোৱা মানবিশিষ্ট শল্য চিকিৎসাবিধ হ’ল—ট্রান্স ইউৰেথ্রেল ৰিছে’ন অফ প্রষ্টেট(TURP- মূত্ৰনলীৰ পথেৰে প্ৰ’ষ্টেটৰ খণ্ড ছেদন)।চলিত সময়ছোৱাত সাধাৰণতে সৰুৰ পৰা মজলীয়া আকাৰত বৃদ্ধিপ্রাপ্ত গ্রন্থিৰ ন ন শল্য ব্যৱস্থাপনাৰ পদ্ধতি  আহি আছে— যিবিলাকৰ লক্ষ্য হৈছে কম বিপদাপন্নতা আৰু খৰচৰ মাজেদি TURP ৰ সৈতে তুলনীয় সুফল যাতে ৰোগীক দিব পৰা যায়।

বিশিষ্ট শল্য চিকিৎসা পদ্ধতিৰ ভিতৰত মূত্ৰনলীৰে প্ৰ’ষ্টেট খণ্ড ছেদন (TURP), মূত্ৰনলীৰে প্ৰ’ষ্টেট ব্যৱচ্ছেদন (TUIP ট্রেন্স ইউৰথ্রেল ইন্সিছন অফ প্রষ্টেট) আৰু মুকলি নিষ্কাষণ (অপেন প্র’ষ্টেটেক্টমি)।

১।(TURP)

TURP প্রষ্টেট শল্য চিকিৎসাৰ আজিও স্বর্ণ মানবিশিষ্ট (Gold Standard) আৰু ই ঔষধীয় চিকিৎসাতকৈ বেছি সফল। শতকৰা ৮৫ ৰ পৰা ৯০জন ৰোগীৰ ক্ষেত্ৰত ই প্রস্ৰাৱৰ অৱৰোধৰ পৰা অব্যাহতি দিয়ে আৰু এই উন্নতি দীৰ্ঘম্যাদী। TURP সামান্যভাৱে ক্ষতক ইউৰ'লজিষ্টৰ দ্বাৰা সম্পন্ন হোৱা অপাৰেছন য’ত প্রস্ৰাৱৰ সোঁতক ভেটা দি ৰখা প্রষ্টেট গ্রন্থিৰ অংশবোৰ কাটি উলিয়াই পেলোৱা হয়। TURP ৰ বাবে ছালত ছেদন কৰিবৰ প্রয়োজন নহয়। TURP ত চিকিৎসালয়ত ৰোগী ভর্তি হ’ব লাগে।

• কার্যক্ৰমলৈ অগ্রসৰ হোৱাৰ পূর্বে ব্যক্তিজন ইয়াৰ বাবে উপযুক্ত হয়নে নহয় সেয়া নিশ্চিত হোৱা যায়

• ব্যক্তিজনক ধূমপান বন্ধ কৰিবলৈ কোৱা হয়, কাৰণ ধূমপানৰ ফলত

বুকু আৰু ক্ষতস্থানত সংক্রমণ আৰু পলমকৈহে সংজ্ঞা হৰণৰ পৰা মুক্ত হোৱা আদিবোৰ ঘটে।

• ৰোগীক তেজ পাতল কৰি পেলোৱা ঔষধ (ৱাৰফৰিণ, এছপিৰিণ আৰু ক্লপিড গ্রেল) বন্ধ কৰিবলৈ কোৱা হয়।

• TURP এ প্রায় এঘণ্টাৰ পৰা ডেৰঘণ্টা সময় লয়।

• TURP সাধাৰণতে স্পাইনেল এনাস্থেছিয়া ব্যৱহাৰ কৰি কৰা হয়। অণুজৈৱিক সংক্রমণ ৰোধৰ বাবে এণ্টিবায়’টিক দিয়া হয়।

• TURP চলি থাকোতে ৰিছেক্ট'স্কোপ নামৰ এক আহিলা লিংগৰ অগ্রাংশৰ পৰা মূত্ৰনলীয়েদি প্রষ্টেট খণ্ড উলিয়াই আনিবৰ বাবে ভৰোৱা হয়।

• ৰিছে”স্কোপ পোহৰ আৰু কেমেৰাযুক্ত। টিছু কাটিবৰ বাবে আৰু তেজৰ নলী বন্ধ কৰিবলৈ ইলেকট্রিকেল লুপ আছে আৰু ইয়াৰ মাজেদি এটা পথ (Channel) আছে যি সিঞ্চন তৰল মূত্রাশয়লৈ লৈ যায়।

• এই পদ্ধতিৰে নিষ্কাষিত প্রষ্টেটৰ কলাবোৰ হিষ্ট’পেথ’লজিকেল পৰীক্ষাৰ বাবে প্রয়োগশালালৈ পঠিওৱা হয়, প্রষ্টেটৰ যে কেন্সাৰ নাই সেই কথা নিশ্চিত কৰিবলৈ।

• TURP ৰ পাছত চিকিৎসালয়ত সাধাৰণতে দুই বা তিনিদিন থাকিবলগীয়া হয়।

• শল্য চিকিৎসাৰ অন্তত মূত্ৰনলীৰে তিনি নলীযুক্ত এডাল ডাঙৰ কেথেটাৰ লিংগাগ্রৰ পৰা মূত্রাশয়লৈ ভৰোৱা হয়।

• মুত্রাশয় সিঞ্চন দ্ৰৱ (Bladder Irrigation Solution)কেথেটাৰৰ সৈতে সংযোগ কৰি মূত্রাশয়লৈ পঠোৱা হয় আৰু আকৌ দ্রৱখিনি বাহিৰলৈ বোৱাই অনাও হয়। এই কার্য ১২ ৰ পৰা ২৪ ঘণ্টালৈকে চলে।

• মূত্রাশয় প্রক্ষালনে TURP কার্যত ওলোৱা তেজ বা খলমা বন্ধা তেজবোৰ বাহিৰলৈ উলিয়াই আনে।

• যেতিয়া প্রস্ৰাৱত বুজন পৰিমাণৰ তেজ বা খলমা দেখা পোৱা হৈ আহে, তেতিয়া কেথেটাৰডাল উলিয়াই পেলোৱা হয়।

তলৰ ব্যৱস্থাৱলীয়ে TURP ৰ পাছত সোনকালে আৰোগ্য হোৱাত সহায় কৰে।

• মূত্রাশয়ৰ প্রক্ষালনত সহায় কৰিবলৈকে প্রচুৰ পৰিমাণে পানী খাওক।

• কোষ্ঠকাঠিন্য আৰু বল দি শৌচ কৰা এৰাই চলক। বল দিয়াৰ ফলত ৰক্তক্ষৰণ বাঢ়িব পাৰে। যদি কোষ্ঠকাঠিন্য হয়, তেন্তে কেইদিনমানলৈ শৌচ ঢিলা কৰা লে’টিভ ঔষধ লওক।

• চিকিৎসকৰ পৰামর্শ নোলোৱাকৈ তেজ পাতল কৰা ঔষধ তেতিয়াও আৰম্ভ নকৰিব।

• প্রথম চাৰিৰ পৰা ছয় সপ্তাহমানলৈ গধুৰ বস্তু উঠোৱা বা কষ্টকৰ কাম-কাজ নকৰিব।

• শল্য চিকিৎসাৰ চাৰিৰ পৰা ছয় সপ্তাহলৈ যৌন কর্মত লিপ্ত নহ’ব।

• মদ, কফি আৰু মচলাযুক্ত খাদ্য বর্জন কৰক।

• তৎক্ষণাতে ঘটা সাধাৰণ প্রধান জটিলতাসমূহ হ’ল— ৰক্তক্ষৰণ আৰু প্রস্ৰাৱতন্ত্ৰৰ অণুজৈৱিক সংক্রমণ, গৌণ ৰূপত ঘটা সাধাৰণ জটিলতাবোৰ হ’ল TURP ছিন্দ্ৰম আৰু অস্ত্রোপচাৰজনিত সমস্যাসমূহ।

• TURPৰ পিছতীয়া সমস্যাবোৰ হ’ল —মূত্ৰনলী ঠেক হৈ পৰা, ওলোটা গতিত হোৱা বীর্যপাত (rectograde ejaculation), প্ৰস্ৰাৱ নিয়মমতে নোৰোৱা (incontinence) আৰু ক্লীৱত্ব (impotence)।

• ওলোটা দিশেৰে মূত্রাশয়লৈ হোৱা বীর্যপাত (ৰেট্ৰগ্রেড ইজেকুলেশ্যন)TURP ৰ সাধাৰণ পৰিণতি যিটো শতকৰা ৭০ জন ব্যক্তিৰ হয়। ই যৌন সম্ভোগত প্রভাৱ নেপেলায়, কিন্তু প্রজনন ক্ষমতা নোহোৱা কৰে।

• জটিলতা বঢ়োৱা কাৰকসমূহ হ’ল— মেদবহুলতা, ধূমপান, মদ্যপান, অপুষ্টি আৰু ডায়েবেটিছ ৰোগ।  • প্রস্ৰাৱ কৰাত অসুবিধা পায় বা অক্ষম হয়।

• প্রচণ্ড বিষ, যি ঔষধ খোৱাৰ পাছতো চলিয়ে থাকে।

• তেজ যদি লদা-লদে বাহিৰ হয় বা গোট মৰা তেজে কেথেটাৰ ৰুদ্ধ

কৰি পেলায়।

• জ্বৰ, কপনি উঠাকে ধৰি অণুজৈৱিক সংক্রমণৰ কোনো নির্দেশনা দেখা দিয়ে।

২।(TURP)

ট্রান্সইউৰেথ্রেল ইন্সিছন অফ দ্য প্রষ্টেট (TUIP) তুলনামূলকভাৱে সৰু প্র’ষ্টেটৰ পুৰুষ বা ভগ্ন স্বাস্থ্যৰ লোক যি TURPৰ বাবে যোগ্য নহয়, তেওঁৰ ক্ষেত্ৰত এক বিকল্প শল্য চিকিৎসা।

TUIP প্রায় TURP ৰ বাবে ধৰণেৰেই কৰা হয়, কিন্তু ইয়াত প্ৰ’ষ্টেট গ্রন্থিৰ কলা আঁতৰোৱাৰ পৰিৱৰ্তে ইয়াত দীঘলে দীঘলে দকৈ ছিৰি দুফাল কৰি পেলোৱা হয়। এনেকৈ ছিৰি পেলোৱাৰ বাবে মূত্ৰনলীৰ সুৰুঙাটো বহল হৈ পৰে, মূত্ৰনলীত পৰা হেঁচা হ্ৰাস পায় আৰু প্রস্ৰাৱৰ ধাৰা আগতকৈ বহু উন্নত হৈ পৰে। TUIP ৰ লাভবোৰ হ’ল— কম ৰক্তক্ষৰণ, কম অস্ত্রোপচাৰজনিত সমস্যা, কম সময় চিকিৎসালয়ত থকা, সোনকালে আৰোগ্য হোৱা আৰু ওলোটা বীর্যপাতৰ তথা প্রস্ৰাৱ নিয়মমতে নোৰোৱাৰ TURP তকৈ কম সম্ভাৱনা। TUIP ৰ সীমাবদ্ধতাবোৰ হ’ল— ইয়াৰ তুলনামূলকভাৱে কম কার্যকুশলতা (কিছুসংখ্যক ৰোগীৰ উপসর্গসমূহৰপৰা যথাযথ সকাহ নোপোৱা বা কিছু সময়ৰ পাছত পুনৰাই হোৱা) আৰু এই অস্ত্রোপচাৰৰ পাছতো TURP কৰাৰ প্রয়োজন হ’ব পাৰে। ডাঙৰ আয়তনৰ প্ৰ’ষ্টেটৰ ক্ষেত্ৰত TUIP খুব এটা কার্যকুশল পদ্ধতি নহয়।

৩।

অ’পেন প্রষ্টেটেক্ট'মি হ’ল পেট ফালি গোটেই প্ৰ’ষ্টেটটো কাটি উলিয়াই পেলোৱা শল্য চিকিৎসা। কেইবাটাও কার্যকুশল আৰু কম ক্ষতক উপায় ওলোৱাৰ পৰিপ্রেক্ষিতত অ’পেন প্ৰ’ষ্টেটে”মি BPH চিকিৎসাৰ বাবে কাচিৎহে ব্যৱহৃত হয়। ভীষণভাৱে ডাঙৰ হৈ পৰা প্রষ্টেটৰ ক্ষেত্ৰত আৰু যদি ৰোগীয়ে আনুষংগিক এনে সমস্যাত ভুগি থাকে যে শল্য চিকিৎসাৰে একে সময়তে সেয়াও ঠিক কৰিব লগা আছে— তেওঁলোকৰ বাবেহে অ’পেন প্রষ্টেটি”মি সংৰক্ষিত ৰখা হয়।

(MITs)

কম ক্ষতক পদ্ধতিসমূহ হ’ল যাৰ আঘাত একেবাৰে কম। আধুনিক প্রযুক্তি আৰু গৱেষণাৰ সহায়ত কম ক্ষতক চিকিৎসাই BPH ক সৰল আৰু কম বিপদজনক পথেৰে ভাল কৰিব বিচাৰে।

এই চিকিৎসাৰ প্ৰকাৰত সাধাৰণতে তাপ, লেজাৰ আৰু বৈদ্যুতিক বাষ্পীকৰণ (ইলেকট্রভেপাৰাইজেশ্যন) ব্যৱহাৰ কৰি প্রষ্টেটৰ অতিৰিক্ত কলাবোৰ আঁতৰোৱা হয়। এই সকলোকেইটা চিকিৎসাতে মূত্ৰনলীয়েদি যোৱা (লিংগমুখেৰে মূত্ৰনলীয়েদি গৈ)।

কম ক্ষতক চিকিৎসাৰ উপকাৰসমূহ হ’ল— চিকিৎসালয়ত কম সময় থকা, সামান্য সংজ্ঞাহৰী ঔষধৰ ব্যৱহাৰ, মানবিশিষ্ট প্রষ্টেট শল্য চিকিৎসাৰ জটিলতাবোৰৰ অনুপস্থিতি আৰু ৰোগীৰ দ্রুত আৰোগ্য লাভ।

এই পদ্ধতিবোৰৰ অসুবিধাসমূহ হ’ল— ই মানবিশিষ্ট TURP তকৈ কম কার্যকুশল, পাঁচৰ পৰা দহ বছৰৰ পাছত শল্য চিকিৎসা কৰাৰ প্রয়োজন হয়, হিষ্টপেথ’লজিকেল পৰীক্ষাৰ বাবে প্র’ষ্টেট টিছু নোপোৱাৰ বাবে লুকাই থাকিব পৰা প্র’ষ্টেট কেন্সাৰ ধৰা নপৰিব পাৰে আৰু ইয়াৰ নিৰাপদতাৰ আৰু কার্যকুশলতাৰ ওপৰত অদ্যপৰিমিত তেনেই কম অধ্যয়নহে হৈছে। ইয়াৰ লগতে যোগ দিব পৰা আন এটা গুৰুত্বপূর্ণ অসুবিধা হ’ল যে কম ক্ষতক চিকিৎসাৱলী (MITS) সৰহখিনি উন্নয়নশীল দেশতেই উপলব্ধ নহয় আৰু চলিত সময়ছোৱাত ইহঁত ব্যয়বহুল।

BPH ৰ বিভিন্ন কম ক্ষতক চি মাইক্ৰৱেভ থামোথেৰাপি (TUMPT), ট্রান্সইউৰেথ্রেল নীডল এব্লেছন (TUNA), ৱাটাৰ ইনডিউছড থার্মোথেৰাপি (WIT), প্রষ্টেট ষ্টেণ্টছ আৰু ট্রান্স ইউৰেথ্রেল লেজাৰ থেৰাপি।

১। (TUMT) এই কার্যক্রমত মাইক্ৰ’ৱেভৰ ভাপ ব্যৱহাৰ কৰি ওপৰঞ্চি প্রষ্টেচ কলা, যি প্রস্ৰাৱৰ স্রোত বন্ধ কৰিছে সেইখিনি জ্বলাই পেলোৱা হয়।

২। (TUNA) এই কার্যক্ৰমত প্রস্ৰাৱৰ ধাৰ ৰোধক অতিৰিক্ত প্রষ্টেট কলা ৰেডিঅ’ ফ্রিকুৱেন্সি শক্তিৰে গোট মৰোৱা (coagulate) হয় আৰু সেইবোৰ মৰি যায় (necrosis) |

৩। (WIT) এই পদ্ধতিত গৰম পানীৰ ভাপে অতিৰিক্ত প্ৰ’ষ্টেট কলাৰ ‘কুৱাগুলেশ্যন নেত্ৰছিছ কৰে।

৪ । এই পদ্ধতিত প্ৰ’ষ্টেটিক ইউৰেথা (মূত্ৰনলী)ত এডাল ষ্টেণ্ট ভৰাই দিয়া হয়। এই ষ্টেণ্টে নলীডাল খুলি ৰাখে আৰু প্রস্ৰাৱ কৰাত সুবিধা কৰি দিয়ে। এই ষ্টেণ্টবিলাক নমনীয়,নিজে বহল হ’ব পৰা টাইটানিয়াম তাঁৰৰ আহিলা, যিবোৰ সৰু স্প্ৰিং বা কইলৰ দৰে নির্মিত।

৫। (TUMT) এই কৌশলত লেজাৰ শক্তিয়ে প্রষ্টেটৰ ৰোধক অংশ তাপনৰ দ্বাৰা নষ্ট কৰি পেলায়।

ΒΡΗ

BPH ৰোগীয়ে ডাক্তৰৰ লগত যোগাযোগ কৰিব লাগে যদিহে—

• প্রস্ৰাৱ কৰিবলৈ একেবাৰেই অক্ষম হয়।

• প্রস্ৰাৱ কৰোতে বিষ বা জ্বলন হয়, প্রস্ৰাৱ দুৰ্গন্ধময় হলে বা জাৰ লাগি জ্বৰ হ’লে।

• প্রস্ৰাৱত তেজ ওলায়।

• প্রস্ৰাৱৰ ওপৰত নিয়ন্ত্রণ হেৰায়, কাপোৰে-কানিয়ে প্রস্ৰাৱ যায়।

উৎস:কিডনী ইডুকেশ্বন ফাউনডেশ্বন

শেহতীয়া উন্নীতকৰণ: : 10/6/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate