অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃক্ক ৰোগৰ প্ৰতিৰোধ

বৃক্ক ৰোগসমূহ হৈছে নীৰৱ হত্যাকাৰী। এইবোৰে বৃক্কৰ কাৰ্যকাৰিতা হ্রাস কৰি বৃক্ক বিকলতাৰ পৰ্যায়লৈ লৈ যাব পাৰে আৰু এটা সুস্থ জীৱনযাপন কৰিবৰ বাবে অৱশেষত ডায়েলাইচিছ বা বৃক্ক সংৰোপণৰ প্রয়োজন হ’ব পাৰে। উচ্চ হাৰৰ ব্যয় আৰু সীমিত সংখ্যক উপলব্ধতাৰ বাবে উন্নয়নশীল দেশবোৰত ৫-১০ শতাংশ বৃক্ক ৰোগীহে মাথো ডায়েলাইচিছ ই বৃক্ক সংৰোপণৰ দৰে চিকিৎসা গ্রহণ কৰিবলৈ সক্ষম হয় আৰু বেছি সংখ্যক ৰোগীয়েই এই ব্যয়বহুল চিকিৎসা বা কোনো নির্দিষ্ট চিকিৎসা নোপোৱাকৈয়ে মৃত্যুমুখত পৰিবলগাত পৰে। ত্রণিক বৃক্ক ৰোগ এটি অতি সাধাৰণতে দেখা পোৱা বৃক্ক ৰোগ যাৰ কোনো সু-চিকিৎসা নাই আৰু সেয়েহে প্রতিৰোধেই হৈছে ইয়াৰ একমাত্র বিকল্প। আগতীয়া চিনাক্তকৰণ আৰু যথাযথ চিকিৎসাগ্রহণে অধিক অৱনতি ঘটাৰ পৰা ৰোগীক ৰক্ষা কৰি প্রতিকাৰ কৰিব পাৰ নাইবা ডায়েলেচিছ নাইবা বৃক্ক সংৰোপণৰ ক্ষেত্ৰত হ’ব পৰা বিলম্ব হাস কৰিব পাৰে।

 

বৃক্ক ৰোগ কেনেকৈ প্রতিৰোধ কৰিব পাৰি?

আপোনাৰ বৃক্ক দুটাক কেতিয়াও উপেক্ষা নকৰিব। বৃক্ক ৰোগৰ প্রতিকাৰ আৰু যত্নৰ গুৰুত্বপূর্ণ দিশসমূহ দুটা ভাগত আলোচনা কৰিব পাৰি।

১। সুস্থ মানুহে ল’বলগীয়া আগতীয়া সাৱধানতা।

২। বৃক্ক ৰোগীয়ে লবলগীয়া সাৱধানতা।

সুস্থ মানুহে বলগীয়া আগতীয়া সাৱধানতা

বৃক্ক দুটা সুস্থ কৰি ৰখাৰ সাতটা সার্থক উপায় আছে:

১) স্বাস্থ্যৱান আৰু সক্রিয় হৈ থাকক

নিয়মিত ব্যায়াম বা দৈনন্দিন শাৰীৰিক ক্রিয়াকলাপে ৰক্তচাপ ভাৱিক অৱস্থাত আৰু আৰু তেজত চেনিৰ পৰিমাণ (ব্লাড চুগাৰ) নিয়ন্ত্রিত কৰি ৰাখে। এনেধৰণৰ ক্রিয়াকলাপে ডায়েবেটিছ তথা উচ্চ ৰক্তচাপৰ বিপদৰ আশংকা হ্রাস কৰে আৰু লগতে এইবোৰৰ পৰা হ’ব পৰা বৃক্ক ৰোগৰ আশংকা দূৰ কৰে।

২) সন্তুলিত আহাৰ খোৱা

স্বাস্থ্যৰ বাবে উপকাৰী খাদ্য, সতেজ ফল-মূল তথা শাক-পাচলি আদি খাওঁক। খাদ্যত পৰিশোধিত খাদ্য সামগ্রী, চেনি, চৰ্বী আৰু মাংস আদিৰ পৰিমাণ হাস কৰক। ৪০ বছৰ বয়সৰ পিছত খাদ্যত নিমখৰ পৰিমাণ হ্রাস কৰিলে উচ্চ ৰক্তচাপৰ আশংকা আৰু বৃক্কত পাখৰ হোৱাৰ সম্ভাৱনা হ্রাস পায়।

৩) আপোনাৰ শৰীৰৰ ওজন পৰীক্ষা কৰক

স্বাস্থ্যকৰ খাদ্যাভাস, সন্তুলিত আহাৰ গ্ৰহণ আৰু শাৰীৰিক ব্যায়ামে আপোনাৰ শৰীৰ ওজন নিয়ন্ত্রণ হোৱাত সহায় কৰে। এইবোৰৰ বৃক্ক ৰোগৰ লগত জড়িত ডায়েবেটিছ, হৃদৰোগ তথা অন্যান্য ৰোগ তথা জটিল অৱস্থাবোৰ প্ৰতিৰোধ কৰাত সহায় কৰে।

৪) ধূমপান আৰু ধপাতজাতীয় সামগ্ৰীসমূহ পৰিত্যাগ কৰা ধুমপানে এথেৰিঅৰছক্লেৰ'ছিছলৈ ঠেটলি দিব পাৰে, যিয়ে বৃক্কলৈ ৰক্ত প্রৱাসৰ মাত্রা হ্রাস কৰি বৃক্ক দুটাৰ সৰ্বোচ্চ ক্ষতি কৰিব পাৰে।

৫) ঔষধৰ বিপনীৰ পৰা প্রত্যক্ষভাৱে ঔষধ ক্রয় কৰা পৰিত্যাগ কৰক তথা সাৱধান হওঁক

ঔষধৰ বিপনীৰ পৰা প্রত্যক্ষভাৱে বিষনাশক জাতীয় ঔষধ ক্রয় কৰি ব্যৱহাৰ কৰা পৰিত্যাগ কৰক। যদি ননষ্টেৰইডেল বা এণ্টি-ইনফ্লেমেটৰী জাতীয় ঔষধসমূহ নিয়মিতৰূপে সঘনে ব্যৱহাৰ কৰা হয় তেন্তে এইবোৰ ঔষধত থকা আইবুপ্রফেনৰ বাবে বৃক্কৰ যথেষ্ট ক্ষতি হয় বুলি জনা যায়।

 

আপোনাৰ বৃক্ক দুটাৰ কোনো ক্ষতি নোহোৱাকৈ নিৰাময়ৰ বাবে উক্ত বিভাগৰ নির্দিষ্ট চিকিৎসাৰ পৰামর্শ গ্রহণ কৰক।

৬) যথেষ্ট পৰিমাণৰ পানী খাওঁক

শৰীৰৰ বাবে প্রয়োজনীয়, প্রতিদিনে অতিকমেও ৩ লিটাৰ পানী খোৱা দৰকাৰ, পানীয়ে প্রস্ৰাৱ পাতল কৰি শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল বর্জনীয় দ্রব্যসমূহ বাহিৰ হৈ যোৱাত তথা বৃক্কত হ’ব পৰা পাথৰ ৰোগৰ সম্ভাৱনা প্রতিৰোধত সহায় কৰে।

৭) বছৰকেত অন্ততঃ এবাৰ হ’লেও বৃক্ক দুটাৰ পৰীক্ষা কৰক

বৃক্কৰ ৰোগবোৰ হৈছে একপ্রকাৰ লুকাই থকা ৰোগ আৰু জটিল অৱস্থা নোপোৱালৈকে এই ৰোগবোৰৰ বিশেষ কোনো লক্ষণ ফুটি উঠা দেখা নাযায়। বৃক্কৰ ৰোগৰ নিৰ্ণয়ৰ ক্ষেত্ৰত এটি অতি গুৰুত্বপূর্ণ আৰু সার্থক পদ্ধতি হৈছে বৃক্কৰ যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰা; কিন্তু অতি দুখলগা কথাটো হ’ল যে প্রায়ে এই ক্ষেত্ৰত অৱহেলা কৰা দেখা যায়। মধুমেহ ৰোগ (ডায়েবেটিছ), উচ্চ ৰক্তচাপ ভোগা ৰোগী, মেদ বহুলতাত ভোগা ব্যক্তি তথা পৰিয়ালৰ বৃক্ক ৰোগ হোৱাৰ ঘটনা থকা লোকে বছৰত অন্ততঃ এবাৰ হ’লেও বৃক্কৰ পৰীক্ষা কৰাটো অতি প্রয়োজন। যদিহে আপুনি আপোনাৰ বৃক্কদ্বয়ক ভাল পায় (তাতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যদিহে আপুনি নিজকে ভাল পায়) তেন্তে আপুনি ৪০ বছৰ বয়সৰ পিছত আপোনাৰ বৃক্কদ্বয়ৰ যাৱতীয় পৰীক্ষা নিৰীক্ষা কৰিবলৈ নাপাহৰিব। বৃক্কৰ ৰোগ ধৰা পেলোৱাৰ এটি সাধাৰণ পদ্ধতি হৈছে বছৰত এবাৰ ৰক্তচাপ পৰীক্ষা কৰা, প্রস্ৰাৱ পৰীক্ষা কৰা।

বৃক্কৰোগত ভুগি থকা ৰোগীয়ে বলগা সাৱধানতা

১) সজাগতা আৰু বৃক্ক ৰোগৰ সম্ভাব্য লক্ষণবোৰে নিৰীক্ষণ কৰা অতি গুৰুত্বপূর্ণ দিশ :

বৃক্ক ৰোগৰ সাধাৰণ লক্ষণবোৰ হৈছে মুখমণ্ডল আৰু ভৰিৰ পতা ফুলা বা উখহা, ভোক কমকৈ লগা, ওকালি অহা, বমিৰ ভাৱ তথা বমি কৰা, অতিপাত শেতা পৰা, দুর্বল হোৱা, সঘনাই প্রস্ৰাৱ কৰা, প্রস্ৰাৱৰ

সৈতে তেজ পৰা বা প্রস্ৰাৱত প্ৰটিনৰ উপস্থিতি। এনেধৰণৰ লক্ষণ পৰিলক্ষিত হ’লেও এজন চিকিৎসকৰ লগত পৰামর্শ কৰিবলৈ তথা চিকিৎসা সম্বন্ধীয় যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰিবলৈ পৰামর্শ দিয়া।

২) মধুমেহ (ডায়েবেটিছ) ৰোগৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা

প্রতিজন মধুমেহ ৰোগীৰ বাবে বৃক্ক ৰোগৰ বাবে ল’বলগীয়া আগতীয়া্ সৱধানতাবোৰ অৱলম্বন কৰা অত্যন্ত জৰুৰী কাৰণ দেখা যায় সমগ্র বিশ্বত ক্ৰণিক বৃক্কৰ ৰোগৰ ক্ষেত্ৰত ডায়েৰীয়া হৈছে এটা প্রধান কাৰক।অন্তিম স্তৰৰ নতুন বৃক্ক ৰোগৰ ঘটনাসমূহৰ প্ৰায় ৪৫ শতাংশৰে কাৰন ডায়েবেটিছজনিত।ডায়েবেটিছজনিত বৃক্ক ৰোগসমূহ ধৰা পেলাবলৈ এটা তিনিমাহৰ মূৰে মূৰে ৰক্তচাপৰ জোখ লোৱা আৰু ডিপষ্টিকৰ জৰিয়তে প্ৰস্ৰাৱত প্ৰটিনৰ সৰ্বোত্তম তথা এটা অতি ফলপ্ৰসু পৰীক্ষা হল মাইক্র’এবমেনুৰীয়াৰ কাৰণে কৰা প্রস্ৰাৱ পৰীক্ষা, যাক প্ৰতিবছৰে কৰা উচিত।বৃক্কৰ কাৰ্যকাৰিতাৰ নিৰ্নয়ৰ বাবে প্ৰতিবছৰে তেজত ত্ৰিয়েটিনাইনৰ পৰিমান ধৰা পেলোৱাৰ পৰীক্ষা কৰা উচিত।

মধুমেহজনিত বৃক্ক ৰোগৰ কেইটামান সচৰাচৰ লক্ষণ এনেধৰণৰ উচ্চ ৰক্তচাপ, প্রস্ৰাৱত প্ৰ’টিনৰ উপস্থিতি  তেজত চুগাৰ (শর্কৰা)ৰ পৰিমাণ হ্ৰাস পোৱা, ইনচুলিন প্রয়োজনীয়তা হ্রাস পোৱা, ডায়েবেটিছ ৰোগৰ দৰে চকুৰ ৰোগ দেখা পোৱা (ডায়েবেটিক ৰেটিন’পেথি)।

 

এহ লক্ষণবোৰৰ প্রতি সৰ্তক হৈ থাকক আৰু পৰিলক্ষিত হোৱাৰ লগে লগে চিকিৎসকৰ লগত পৰামৰ্শ কৰক।ডায়েবেটিকজনিত বৃক্ক ৰোগ প্ৰতিৰোধ কৰিবলৈ সকলো ডায়েবেটিক ৰোগীয়ে অতি যত্নসহকাৰে ডায়েবেটিছ প্ৰতিৰোধ কৰিব লাগিব,উচ্চ ৰক্তচাপ ১৩০/৮০ ভিতৰত নিয়ন্ত্ৰন কৰিব লাগিব।তেওঁলোকৰ খাদ্যৰ প্ৰটিনৰ পৰিমান হ্ৰাস কৰিব লাগিব আৰু লিপিড নিয়ন্ত্ৰন কৰিব লাগিব।

৩)উচ্চ ৰক্তচাপত ভোগা ৰোগীয়ে লব লগা প্ৰতিৰোধ ব্যৱস্থা:

উচ্চ ৰক্তচাপ হৈছে ত্রণিক বৃক্ক ৰোগৰ দ্বিতীয় মুখ্য কাৰক,কিন্ত উচ্চ ৰক্তচাপ প্রতিৰোধ কৰিব পাৰি।উচ্চ ৰক্তচাপত ভোগা বহুত কর্মচাৰীৰ ক্ষেত্ৰত কোনো বিশেষ লক্ষণ দেখা পোৱা নাযায়, সেয়েহে বহুতো উচ্চ ৰক্তচাপৰ ৰোগীয়ে তেওঁলোকৰ চিকিৎসা নিয়মীয়াকৈ গ্রহণ নকৰে তথা চিকিৎসা আধাতে সমাপ্ত কৰে।কিছুমান ৰোগীয়ে চিকিৎসা এইকাৰণেই আধৰুৱা কৰে কাৰণ বিনা ঔষধে তেওঁলোকে বেছি সুস্থ অনুভৱ কৰে।কিন্তু এয়া বিপদজনক। দীর্ঘদিন ধৰি হোৱা অনিয়ন্ত্রিত উচ্চ ৰক্তচাপে ত্রণিক বৃক্ক ৰোগ, হার্ট এটেক আৰু ষ্ট্ৰকৰ দৰে মাৰাত্মক সমস্যালৈ ঠেলিদিব পাৰে।

উচ্চ ৰক্তচাপৰ ৰোগীসকল বৃক্ক ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মীয়াৰূপে উচ্চ ৰক্তচাপৰ ঔষধ খোৱা উচিত, নিয়মীয়াকৈ ৰক্তচাপ পৰীক্ষা কৰা উচিত, নিমখ কম পৰিমাণে খোৱা উচিত আৰু সঠিকপৰিমাণে পথ্য তথা খোৱা-বস্তু গ্রহণ কৰা উচিত।এইবোৰ পদ্ধতিৰ মূল উদ্দেশ্য হৈছে উচ্চ ৰক্তচাপ ৰোগীৰ ৰক্তচাপৰ পৰিমান ১৩০/৮০mmHg/dl পৰিমাণত নিয়ন্ত্রিত কৰি ৰখা।উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলে বৃক্কৰ হব পৰা ক্ষতি আগতীয়াকৈ নিদ্ধাৰণৰ বাবে প্রস্ৰাৱ আৰু তেজত ত্রিয়েটিনাইনৰ পৰীক্ষা কৰা উচিত।

 

৪)ক্ৰনিক বা পুৰনি বৃক্ক ৰোগ (Chronic Kidney Disease - CKD) ক্ষেত্ৰত বলগীয়া সাৱধানতা:

ক্রণিক বৃক্ক ৰোগ এটা নিৰাময় কৰিব নোৱাৰা ৰোগ। কিন্তুআগতীয়াকৈ কৰা পৰীক্ষা-নিৰীক্ষা আৰু খাদ্যাভাসৰ নিয়ন্ত্রণে এই ৰোগৰ পাদুৰ্ভাৱ হ্রাস কৰাত আৰু ডায়েলাইচিছ আৰু তথা বৃক্ক সংৰোপণৰ স্তৰদেৰিকৈ আৰম্ভ হোৱাত সহায় কৰে।দিনটোৰ চৌবিশ ঘণ্টাই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰিত অৱস্থাত থাকিলে ত্রণিক বৃক্ক ৰোগ বৃদ্ধি বাধাৰ সৃষ্টি কৰে।ৰক্তচাপৰ ১৩০/৮০ mmHg পৰিমাণত বা তাতকৈ কমত নিয়ন্ত্রিত ৰখাটো অতিকৈ গুৰুত্বপূর্ণ বিষয়।এই ক্ষেত্ৰত নিৰীক্ষণৰ আটাইতকৈ ভাল উপায় হৈছে নিয়মিতভাৱে ঘৰতে উচ্চ ৰক্তচাপৰ জোখ লোৱা আৰু সেই জোখৰ এখন চার্ট বনোৱা যাতে

উক্ত পৰিমাণবোৰৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসকে ঔষধৰ নির্দিষ্ট পৰিমাণৰ সঠিকৰূপে প্রদান কৰিব পাৰে।

CKD ৰোগীৰ ক্ষেত্ৰত নিম্ন ৰক্তচাপ, শৰীৰত পানীৰ পৰিমাণ কমি যোৱা (ডি হাইড্ৰ’জেন), প্রস্ৰাৱ কৰাত বাধা পোৱা, তেজ দূষিত হোৱা, নেফ্ৰ'টক্সিক ঔষধ আদিৰ দৰে কাৰকসমূহ চিনাক্ত কৰি লোৱা উচিত। এই কাৰকবোৰৰ ক্ষেত্ৰত ভালদৰে ব্যৱস্থা গ্রহণ কৰিলে আনকি CKDকে ধৰি সকলোবোৰ বৃক্কজনিত ৰোগৰ ক্ষেত্ৰত সুফল পাব পাৰি।

৫) পলিচিষ্টক বৃক্ক ৰোগৰ আগতীয়া ৰোগ নির্ণয় আৰু চিকিৎসা

ডায়েলাইচিছ ব্যৱস্থা গ্রহণ কৰা বৃক্ক ৰোগীসকলৰ ৬-৮ শতাংশ ৰোগীয়ে ডামিনেন্ট পলিচিষ্টক  (Autosomal dominant Polycystic Kidney Disease-ADPKD).যিটো বংশামুক্ৰমিকৰুপে লাভ কৰা অতি সাধাৰণ কিন্তু অতি গুৰুতৰ বিসংগতি। পলিচিষ্টক বৃক্ক ৰোগ এটা পৰিয়াল এজন প্রাপ্তবয়স্ক লোকে এই বেমাৰ ভোগা সম্ভাৱনীয়তা খুব বেছি আৰু তেনে ক্ষেত্ৰত সন্দেহজনক ৰোগীজনক এটা আলট্রাচাউণ্ড পৰীক্ষা কৰা অতি দৰকাৰী। PKD নিৰাময় কৰাটো অসম্ভৱ, কিন্তু উচ্চ ৰক্তচাপ নিয়ন্ত্রণ, প্রস্ৰাৱ তন্ত্রৰ হ’ব পৰা সংক্রমণ ৰোধ, সঠিক খাদ্যাভাস, যথোচিত চিকিৎসাই  ইয়াৰ লক্ষণবোৰ নিয়ন্ত্রণ কৰাত, জটিলতা প্রতিৰোধ কৰাত, বৃক্কৰ কাৰ্যকাৰিতা হ্রাস পোৱাত বাধা আৰোপ কৰাত সহায় কৰে।

৬) শিশুৰ প্ৰস্ৰাৱতন্ত্রত হোৱা সংক্রমণ (UTI)ৰ আগতীয়া নিৰূপণ আৰু চিকিৎসা

এটি শিশুৰ যেতিয়াই অবর্ণনীয় জ্বৰ হয়, সঘনাই প্রত্ৰাৱ কৰে, প্রস্ৰাৱ কৰোতে অসহ্যকৰ জ্বলা-পোৰা কৰে, কমকৈ ভোক লাগে বা ওজন হ্রাস পায় তেতিয়া শিশুটোৰ প্ৰস্ৰাৱতন্ত্রত সংক্রমণ (UTI) হোৱা বুলি সন্দেহ কৰা হয়।

এইটো মনত ৰখা জৰুৰী যে প্রত্যেক UTI, বিশেষকৈ জ্বৰ কঢ়িয়াই অনা UTI য়ে বৃক্ক নষ্ট কৰিব পাৰে আৰু এই বিপদ আৰু বেছি ঘনীভূত হয় যদিও আগতীয়াকৈ ইয়াৰ নিৰূপণ কৰা নহয় অথবা পলমকৈ চিকিৎসা আৰম্ভ কৰা হয় বা চিকিৎসা সম্পূর্ণ কৰা নহয়।

ইয়াৰ ফলত হ’ব পৰা ক্ষতিবোৰ এনেধৰণৰ - বৃক্কত ঘা হোৱা, বৃক্কৰ বাধাগ্রস্ত বিকাশ, উচ্চ ৰক্তচাপ আৰু জীৱনৰ শেষ পর্যায়ত হোৱা বৃক্কৰ বিকল অৱস্থা। আৰু এইবোৰ কাৰণতেই শিশুবোৰৰ ক্ষেত্ৰত প্রস্ৰাৱতন্ত্র হ’ব পৰা সংক্রমণ আৰু সেইবোৰ বিষয়ত কেৱল চিকিৎসা কৰাই নহয়, ইয়াৰ লগতে জড়িত আগতীয়াকৈ নির্মুল কৰিব পৰা কাৰক সমূহ তথা বিসংগতিসমূহ অতি যত্নসহকাৰে চিনাক্ত কৰিব লাগে। শিশুকালৰ প্রস্ৰাৱতন্ত্রত দেখা দিয়া ৫০ শতাংশ সংক্রমণৰ ক্ষেত্ৰত ভেছিক’ৰেটেৰেল ৰিফ্লাক্স হৈছে এটি আগতীয়াকৈ প্রভাৱ বিস্তাৰ কৰা কাৰ। UTI থকা সকলো শিশুৰ ক্ষেত্ৰত বাৰে বাৰে পর্যবেক্ষণ তথা পৰীক্ষা-নিৰীক্ষা কৰা অতি দৰকাৰ ।

৭) প্রাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত বাৰম্বাৰ হোৱা প্রস্ৰাৱতন্ত্র সংক্রমণ

বাৰম্বাৰ হৈ থকা আৰু নির্দিষ্ট চিকিৎসা পদ্ধতিও কোনোধৰণৰ সুফল নিদিয়া প্রস্ৰাৱতন্ত্র সংক্রমণবোৰৰ ক্ষেত্ৰত আগতীয়াকৈ দেখা দিয়া কাৰকবোৰ চিনাক্তকৰণ কৰা আদি দৰকাৰ। কিছুমান অন্তনিহিত কাৰকৰ (উদাহৰণস্বৰূপে, প্রস্ৰাৱনলীত বাধা, পাথৰ হোৱা) চিকিৎসা গ্রহণ নকৰাৰ ফলস্বৰূপে বৃক্ক বিকল হ’ব পাৰে। সেয়েহে এই অন্তনিহিত কাৰকবোৰৰ চিকিৎসা কৰাটো অতি দৰকাৰ।

৮) পাথৰ ৰোগ আৰু বিপিএইচৰ সঠিক ব্যৱস্থাপনা গ্রহণ কৰা

পাথৰ ৰোগ হোৱা বেছিভাগ ৰোগীৰ ক্ষেত্ৰতেই কোনো বিশেষ লক্ষণ ফুটি উঠা লক্ষণ দেখা নাযায় আৰু সেয়েহে তেওঁলোকে ৰোগবিধৰ বিষয়ে জনাত বিফল হয় আৰু যথাসময়ত চিকিৎসা গ্রহণ কৰাত ব্যর্থ হয়। বিনাইন প্রষ্টেটিক হাইপাৰট্রফি (BPH) থকা বহুতো বয়স্ক পুৰুষে বহুদিন ধৰি উক্ত ৰোগৰ লক্ষণবোৰ উপেক্ষা কৰি থাকে। সঠিক চিকিৎসা গ্রহণ নকৰা পাথৰ আৰু BPH ৰোগে বৃক্কৰ ক্ষতি কৰিব পাৰে; সেয়েহে এইবোৰ ৰোগৰ অন্তনিহিত কাৰণবোৰ আগতীয়াকৈ নির্ণয় আৰু যথাযথ চিকিৎসা গ্রহণ কৰাটো অতি প্রয়োজন।

৯) ডেকা বয়সত হোৱা উচ্চ ৰক্তচাপক আওকাণ তথা উপেক্ষা নকৰিব

ডেকা বয়সত উচ্চ ৰক্তচাপৰ উপস্থিতি সাধাৰণতে অগতানুগতিক এটা বৃক্ক থকা লোকেও স্বাভাৱিক জীৱন-যাপন কৰিব পাৰে। যিহেতু আৰু ইয়াৰ অন্তনিহিত কাৰণটো নির্ণয় কৰা অত্যন্ত জৰুৰী। এই ডেকা বয়সত উচ্চ ৰক্তচাপৰ সম্ভাব্য কাৰন হৈছে বৃক্কজনিত ৰোগ।উচ্চ ৰক্তচাপত ভোগা প্ৰত্যোক ডেকা বয়সৰ ৰোগীৰ ক্ষেত্ৰত প্ৰকৃত কাৰানটো চিনাক্ত কৰাটো অতি প্ৰয়োজন আৰু বৃক্ক দুটা ৰক্ষাৰ কৰাৰ বাবে যথোচিত চিকিৎসা গ্ৰহন কৰা উচিত।

 

১০) গুৰুতৰ বৃক্কৰ বিকলতাৰ আগতীয়া চিকিৎসা:

হঠাতে বৃক্কৰ গুৰুতৰ বিকলতাৰ (হঠাৎ বৃক্কৰ কাৰ্যকাৰিতা হ্রাস পোৱা)প্রধান কাৰকবোৰ হৈছে ডায়েৰিয়া, বমি, ফেলচিফেৰাম মেলেৰিয়া, নিম্ন ৰক্তচাপ,তেজ বিনষ্ট হোৱা,নিদিষ্ট কিছুমান ইত্যাদি।এই কাৰনবোৰৰ আগতীয়া আৰু সঠিক চিকিৎসাই বৃক্ক বিকলতা ৰোধ কৰিব পাৰে।

১১) ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা তথা সতর্কতা:

সতর্কতা বজাই ৰাখক।প্রধানতঃ বয়স্ক লোকৰ ক্ষেত্ৰত কিছুমান নিজাববীয়াকৈ প্রত্যক্ষভাৱে দোকানৰ পৰা কিনা, যাক অ’ভাৰ দি কাউণ্টাৰ বুলি কোৱা হয়, দৰৱে (বিশেষকৈ বেদনানাশক আৰু বিষনাশক) বৃক্ক ক্ষতিসাধন কৰিব পাৰে। এইবোৰ দৰৱৰ বিষয়ে ব্যাপকভাৱে বিজ্ঞাপ প্রচাৰ কৰা হয়, কিন্তু ইয়াৰ পৰা হ’ব পৰা ক্ষতিবোৰ ৰাইজৰ আগত ব্যক্ত কৰাৰ পৰা বিৰত ৰখা হয়। মুৰৰ বিষ তথা শৰীৰৰ বিষ নিৰাময়ৰ বাবে বেদনা নাশক দৰৱবোৰ গ্ৰহণ কৰা বাদ দিয়ক। নিজা পচন্দ অনুসাৰে অপ্রয়োজনীয় ঔষধ গ্রহণ কৰাটো পৰিহাৰ কৰক। চিকিৎসকৰ পৰামৰ্শমতে আৰু তেওঁলোকৰ তত্বাৱধানত ঔষধ সেৱন কৰাটো নিৰাপদ। আমাৰ মাজত থকা এটি ভুল ধাৰণা হৈছে সকলোবোৰ প্রাকৃতিক দৰৱ (আয়ুর্বেদিক দৰৱ তথা চীনদেশীয় বনৌষধী ইত্যাদি) আৰু পথ্যজনিত পৰিপূৰক আহাৰ ক্ষতিকাৰক নহয়। আয়ুৰ্বেদিক দৰৱত বেছি পৰিমাণে থকা কিছুমানে দ্রব্যই বৃক্কৰ ক্ষতি কৰিব পাৰে।

 

১২)একক বৃক্কৰ ক্ষেত্ৰত লব লগা সাবধনীয়ত:

এটা বৃক্ক থকা লোকেও স্বাভাবিক জীবন যাপন কৰিব পাৰে।তেওঁলোকৰ আনটো অতিৰিক্ত (দ্বিতীয়টো) বৃক্ক নাই, গতিকে তেওঁলোকে কিছুমান নির্দিষ্ট সাৱধান আগতীয়াকৈ গ্রহণ কৰিব লাগে।

এই ক্ষেত্ৰত উল্লেখনীয় ৰোগীজনে উচ্চ ৰক্তচাপ নিয়ন্ত্রণ ৰখা উচিত,উচ্চ প্রটিনযুক্ত আহাৰ খোৱা অনুচিত,যথেষ্ট পৰিমাণে পানী খোৱা উচিত নিমখ কমকৈ খোৱা উচিত,সুষম আহাৰ খোৱা উচিত আৰু একমাত্র বৃক্কটোত যাতে আঘাত পোৱা নাযায় সেই ক্ষেত্ৰত সাৱধান হোৱা উচিত।এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূর্ণ সাৱধনতা হল নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰা ।ইয়াৰ বাবে বছৰত এবাৰ চিকিৎসকৰ দ্বাৰা বৃক্কৰ কাৰ্যকাৰিতাৰ পৰীক্ষা কৰা উচিত আৰু আৰু প্রয়োজন সাপেক্ষে ৰক্তচাপ পৰীক্ষা,প্ৰস্ৰাব পৰীক্ষা, আন্ট্র চনগ্ৰাফী কৰা উচিত।

উৎস:বৃক্ক শৈক্ষিক প্ৰতিষ্ঠান

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate