অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাইৰেল হেপাটাইটিছ মুক্ত পৃথিৱীঃ

ভাইৰেল হেপাটাইটিছ মুক্ত পৃথিৱীঃ

 

প্ৰতিবছৰে সমগ্ৰ বিশ্বত বহু নিযুত ব্যক্তি ভাইৰেল হেপাটাইটিছ ৰোগত আক্ৰান্ত হয় আৰু ইয়াৰ বহুসংখ্যক লোকৰ এই ৰোগত মৃত্যু হয়। ভাইৰেল হেপাটাইটিছ এতিয়া সমগ্ৰ বিশ্বৰ বাবে এক ত্ৰাস সৃষ্টিকাৰী স্বাস্থ্যগত সমস্যা।

হেপাটাইটিছ ‘এ’, ‘বি’, ‘চি’, ‘ডি’ আৰু ‘ই’ ভাইৰাছৰ সংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ যকৃতত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল ভাইৰেল হেপাটাইটিছ। সাধাৰণতে হেপাটাইটিছ ‘এ’ আৰু ‘ই’ ভাইৰাছে একুইট ভাইৰেল হেপাটাইটিছ ৰোগ সৃষ্টি কৰে। এই ভাইৰাছ মিহলি দূষিত খাদ্য আৰু পানী খালে এইবিধ ভাইৰেল হেপাটাইটিছ ৰোগ হয়। ই সাধাৰণতে কম দিনৰ বাবে থাকে আৰু তুলনামূলকভাৱে কম ভয়াবহ। অৱশ্যে ই কেতিয়াবা মহামাৰী ৰূপ ধাৰণ কৰে। বিশুদ্ধ পানী আৰু পৰিষ্কাৰ আহাৰ খোৱাৰ লগতে হাইজিন ৰক্ষা কৰি চলিলে এই দুবিধ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি। ইয়াৰ উপৰি হেপাটাইটিছ ‘এ’ ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে ভেকচিনো আছে।

কিন্তু হেপাটাইটিছ ‘বি’, ‘চি’ আৰু ‘ডি’ ভাইৰাছ সংক্ৰমণৰ বাবে হোৱা হেপাটাইটিছ ৰোগ যথেষ্ট জটিল আৰু ভয়াৱহ। হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ৰোগ এক নীৰৱ ঘাতক। এনে হেপাটাইটিছ ৰোগ ভয়াৱহ হোৱাৰ মূলতে হ’ল, এই ৰোগত আক্ৰান্ত লোকসকলৰ শৰীৰত প্ৰথম অৱস্থাত কোনোধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়। ফলত ৰোগীয়ে গম নোপোৱাকৈয়ে লিভাৰটো নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু পিছলৈ ই ক্ৰনিক হেপাটাইটিছলৈ পৰিৱৰ্তিত হৈ লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদিৰ সৃষ্টি কৰি ৰোগীৰ জীৱনলৈ সংশয় নমাই আনে। পিছলৈ লিভাৰ প্ৰতিস্থাপন কৰাব লগাও হ’বলৈ পাৰে। সমগ্ৰ বিশ্বতে প্ৰায় ৫৭ শতাংশ লিভাৰ চিৰোছিছ আৰু ৭৮ শতাংশ লিভাৰ কৰ্কট ৰোগ হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ৰোগ সৃষ্ট। সাধাৰণতে অন্তিম পৰ্যায়তহে এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে। সেয়েহে বহু ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়।

আজিৰ তাৰিখত সমগ্ৰ বিশ্বত প্ৰায় ৩৫০ নিযুত ব্যক্তি হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত আৰু প্ৰায় ১০ লাখতকৈ অধিক হেপাটাইটিছ ৰোগীৰ বছৰি মৃত্যু হয়। প্ৰতি ১২ জন লোকৰ ভিতৰত এজন লোকৰ হেপাটাইটিছ ‘বি’ বা ‘চি’ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। মন কৰিবলগীয়া যে হেপাটাইটিছ ‘বি’ আৰু ‘চি’ ৰোগত আক্ৰান্ত বহু লোক আকৌ এইচ আই ভি/এইডছ ৰোগতো আক্ৰান্ত হয়। হেপাটাইটিছ ‘বি’ ভাইৰাছৰ দ্বাৰা সংঘটিত হেপাটাইটিছ ‘বি’ ৰোগত বিশ্বত অতি কমেও ২৮০ নিযুত ব্যক্তি আক্ৰান্ত হৈ আছে। ভাৰতবৰ্ষত প্ৰায় ৩৭ নিযুত ব্যক্তি হেপাটাইটিছ ‘বি’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত। প্ৰতিবছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘বি’ ৰোগত আক্ৰান্ত প্ৰায় ৬ লাখতকৈ অধিক লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়। হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰা গোটেই বিশ্বতে প্ৰায় ৭০ নিযুত ব্যক্তি আক্ৰান্ত হৈ আছে। ভাৰতবৰ্ষত প্ৰায় ১২ নিযুত ব্যক্তি হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে। ভাৰতৰ ভিতৰত সৰ্বাধিক সংক্ৰমণ থকা ৰাজ্য দুখন হ’ল পঞ্জাৱ (৫.২ শতাংশ) আৰু অৰুণাচল প্ৰদেশ (৭.২৯ শতাংশ)। প্ৰতিবছৰে সমগ্ৰ বিশ্বতে হেপাটাইটিছ ‘চি’ ৰোগত প্ৰায় ৪ লাখতকৈ অধিক লোকে অকালতে প্ৰাণ হেৰুৱাব লগা হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰতিবছৰে ৯৬ হেজাৰ লোক হেপাটাইটিছ ‘চি’ৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

(উৎসঃ খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ, ফোনঃ ৯৮৬৪৫-১৭১৬৮)।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate