অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ নিৰাময়ৰ ইনছুলিন পাম্প

ডায়েবেটিছ নিৰাময়ৰ ইনছুলিন পাম্প

ডায়েবেটিছ ৰোগৰ চিকিৎসা তথা পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াভাৱে অধিকসংখ্যক ডায়েবেটলজিষ্টে স্বীকৃতি প্ৰদান আৰু পছন্দ কৰা এবিধ বিশেষ সঁজুলি বা প্ৰক্ৰিয়া হ’ল ইনছুলিন পাম্প থেৰাপী। এই প্ৰক্ৰিয়াৰে ২-৩ বছৰ ধৰি ডায়েবেটিছ মেলিটাছ ৰোগত ভোগা ব্যক্তি এজনকো ধাৰাবাহিকভাৱে চিকিৎসা প্ৰদান কৰি ৰোগীজনক সম্পূৰ্ণভাৱে ডায়েবেটিছমুক্ত কৰা দেখা গৈছে। এই প্ৰক্ৰিয়া সচৰাচৰ ডায়েবেটিছ ৰোগী এজনে ইনজেকচন প্ৰক্ৰিয়াৰে দিনত ২-৩ বাৰকৈ ইনছুলিন গ্ৰহণ কৰা প্ৰ্ক্ৰিয়াতকৈ কিছু বেলেগ আৰু বহু পৰিমাণে আৰামদায়ক।

ইনছুলিন পাম্প থেৰাপী প্ৰক্ৰিয়াত ইনছুলিন পাম্প নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয় যি ৰোগী এজনৰ দেহ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা ইনছুলিন খিনি দ্ৰুতভাৱে যোগান ধৰিব পাৰে। এইবিধ সঁজুলিৰে প্ৰয়োজনহীন ইনছুলিনভাগ আঁতৰ কৰাত আৰু আহাৰ গ্ৰহণৰ পাছত তেজত উৎপন্ন অত্যাধিক শৰ্কৰা নিয়ন্ত্ৰণ বা ৰোধ কৰিবলৈ প্ৰয়োজন হোৱা অতিৰিক্ত ইনছুলিনভাগো যোগান ধৰিব পাৰি। ইনছুলিন পাম্প, সঁজুলিবিধত কেথেটাৰ নামৰ এবিধ লেহুকা প্লাষ্টিকৰ টিউব থাকে। এই কেথেটাৰটো এটা সৰু এটা সৰু বেজীৰে সহায়েৰে দেহৰ মেদভৰ্তি অঞ্চলৰ ছালৰ লগতে লাগি থকা সিৰা এডালত লগাই দিয়া হয় আৰু অঞ্চলটো টেপেৰে মেৰিয়াই ৰখা হয়। সঁজুলিবিধৰ জৰিয়তে তেজত থকা শৰ্কৰাৰ পৰিমাণ পৰ্যবেক্ষণ কৰি থাকিব পাৰি। ফলত সম্ভাব্য ৰেটিন থেৰাপী, নিউৰ’থেৰাপী বা নেফ্ৰ্পেথি আদি সমস্যাৰ আৱিৰ্ভাৱ আৰু অৱস্থাৰ বিষয়ে জানিব পৰা যায়। এইবিধ সঁজুলিৰে ১২ বছৰৰ তলৰ ডায়েবেটিছ ৰোগীকো ইনছুলিন যোগান ধৰিব পৰা যায়। সঁজুলিবিধক বিশ্বশ্ৰেষ্ঠ ‘টাইম’ মেগাজিনে ২০১৩ চনৰ সৰ্বশ্ৰেষ্ঠ প্ৰযুক্তিকৰ আৱিস্কাৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিল।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate