অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বহুমুত্ৰ ৰোগীৰ বাবে ব্যায়াম অপৰিহাৰ্য

সহজ-প্ৰাণায়াম

যিকোনো আসনত চিধা হৈ বহক। এতিয়া হাতৰ মধ্যমা আৰু তৰ্জনী ভাজ কৰি হাতৰ তলুৱাৰ লগত স্ংযুক্ত কৰক। এতিয়া বুঢ়া আঙুলিৰ দ্বাৰা সোঁ নাক বন্ধ কৰি বাঁও নাকেৰে লাহে লাহে উশাহ টানক। উশাহ লোৱা শেষ হ’লে অনামিকা আৰু কনিষ্ঠ আঙুলিৰ দ্বাৰা বাঁও নাক বন্ধ কৰি সোঁ নাকেৰে লাহে লাহে উশাহ এৰি দিয়ক।

এই প্ৰক্ৰিয়া শেষ হ’লে পুন: সোঁ নাকৰ দ্বাৰা উশাহ লওক আৰু বাওঁ নাকৰ দ্বাৰা উশাহ লাহে লাহে এৰি দিয়ক। উশাহ এৰাৰ বাবে সময় বেছি ল’ব লাগে।

এবাৰত ১৫/২০ বাৰ এই প্ৰাণায়ামটি কৰিব লাগে।

উপকাৰিতা

শ্লেস্মা দোষ দূৰ কৰে, চৰ্দি-কাহ আৰোগ্য কৰে। নাড়ীবোৰক শোধন কৰে, দেহক প্ৰাণবন্ত কৰি তোলে।

সহজ-প্ৰাণায়াম-৫

শৱাসনত শয়ন কৰক। হাত দুখন আঙুলিবদ্ধ অৱস্থাতে নাভিদেশত স্থাপন কৰক। এতিয়া উভয় নাকেৰে নিশ্বাস টানক- এই নিশ্বাস নাভিলৈকে টানক। মনতে ভাবক বতাহৰ মাজত যি প্ৰাণশক্তি আছে সি দেহৰ ভিতৰত সূৰ্যগ্ৰন্থিত গৈ যেন প্ৰাণবন্ত কৰি তুলিছে। নিশ্বাস লোৱা শেষ হ’লে লাহে লাহে নিশ্বাস এৰি দিয়ক। বতাহ এৰি দিয়াৰ সময়ত মনতে ভাৱক যে সূৰ্যশক্তি সঞ্চিত প্ৰাণশক্তিয়ে যেন দেহৰ ভিতৰত সকলো গ্ৰন্থি, স্নায়ু আৰু সিৰা-উপসিৰাবোৰক প্ৰাণবন্ত কৰি তুলিছে। দেহৰ দূষিত বায়ু আৰু ৰোগ বীজাণুবোৰ প্ৰাণ-পুষ্টি বিৰোধী- এইবোৰ নিশ্বাসৰ লগত বাহিৰ হৈ গৈছে।

৫/৬ মিনিট এই প্ৰাণায়ামটো কৰিব।

উপকাৰিতা:

প্ৰাণায়ামে সাধাৰণ উপকাৰিতাৰ উপৰিও দেহক নিৰোগী আৰু প্ৰৱল ইচ্ছা শক্তি সম্পন্ন কৰি তোলে। সূৰ্যগ্ৰন্থি বলিষ্ঠ কৰি তোলে। ইচ্ছাশক্তি বঢ়ায়।

সহজ প্ৰাণায়াম-৬

কোনো ধ্যানাসনত বহি উভয় নাকেৰে বায়ু আকৰ্ষণ কৰক। অধৰ আৰু ওঁঠক চৰাইৰ চকুৰ দৰে সৰু কৰি সজোৰে মুখেৰে ৰৈ ৰৈ স্বাস এৰক, এইদৰে দুই তিনিবাৰ ৰৈ শ্বাস এৰক। এইদৰে শ্বাস গ্ৰহণ আৰু শ্বাস ত্যাগ কৰি ৮/১০ বাৰ ক্ৰিয়াটো কৰক।

উপকাৰিতা:

প্ৰাণায়ামৰ অন্যান্য উপকাৰিতৰ উপৰিও মুখৰ পক্ষাঘাট, মুখৰ ঘা, কফ, কাহ প্ৰভৃতি ৰোগ ভাল হয়। শ্বাসনলী সবল হয়। মুখ-কণ্ঠৰ ৰোগ বীজাণু দূৰ হয়।

সহজ-প্ৰাণায়াম-৮

অধৰ আৰু ওঁঠৰ মাজেৰে জিভাখন অলপ বাহিৰ কৰি দিয়ক। এতিয়া জিভাৰ আগেৰে লাহে লাহে শ্বাস ভিতৰলৈ টানক। এই আকৰ্ষিত বায়ু গলৰ ভিতৰত ৫ চেকেণ্ড ধাৰণ কৰক। তাৰ পিছত উভয় নাকেৰে লাহে লাহে শ্বাস বাহিৰ কৰি দিয়ক।

একেখন আসনতে বহি ৫ বাৰৰ পৰা ১০ বাৰ পৰ্যন্ত প্ৰাণায়ামটি কৰক।

উপকাৰিতা:

যিসকল পিত্তৰোগী, যিসকলৰ হাতভৰি আৰু দেহ জ্বলা-পোৰা কৰে তেওঁলোকৰ বাবে এই প্ৰণায়াম অতি উপকাৰী, ৰক্ত বিশুদ্ধ হয়, ঘা-ফোঁহা দূৰ হয়। শৰীৰৰ উষ্ণভাৱ আঁতৰি যায়। সেয়ে শীতকালত এই প্ৰাণায়াম বন্ধ ৰাখিব।

সহজ প্ৰাণায়াম-৯

চিধা হৈ থিয় দিয়ক। বাওঁ বুকুৰ ওপৰত বাঁও হাত আৰু সোঁ বুকুৰ ওপৰত সোঁ হাত স্থাপন কৰক। কিলাকূটি দুটি পিঠিৰ ফালে টানি ৰাখিব।

এতিয়া উভয় নাকেৰে গভীৰভাৱে উশাহৰ লগত প্ৰচুৰ বায়ু আকৰ্ষণ কৰি টানক। যেতিয়ালৈকে বায়ু আকৰ্ষণ কৰিব তেতিয়ালৈকে হাত আৰু বুকুৰ চাপ টানি ৰাখিব। বায়ু আকৰ্ষণ সমাপ্ত হ’লে লাহে লাহে বায়ু ৰেচন কৰিব, এতিয়া বুকু আৰু হাতেৰে চাপ কিছু শিথিল কৰিব। ৮/১০ বাৰ এইদৰে কৰিব।

উপকাৰিতা:

হাওঁফাওঁ আৰু হৃদযন্ত্ৰক সবল আৰু সুস্থ কৰি বুকুৰ পেশী আৰু স্নায়ু মজবুত কৰে।

সহজ প্ৰাণায়াম-১০

চিধা হৈ থিয় হওক। হাত দুখন কান্ধৰ সমান ওপৰলৈ তোলক। এতিয়া স্বাস ত্যাগ কৰি কৰি কিছু হালি হাতেৰে আঁঠু স্পৰ্শ কৰক। শ্বাস ত্যাগ শেষ হ’লে লাহে লাহে বায়ু গ্ৰহণ কৰি পূৰ্বৰ অৱস্থালৈ আহক। হাত নমাই আধা মিনিট বিশ্ৰাম কৰক। এইদৰে ৮/১০ বাৰ প্ৰাণায়ামটি কৰক।

উপকাৰিতা

হাওঁফাওঁৰ বায়ু ধাৰণ শক্তি বৃদ্ধি কৰে, হাওঁফাওঁৰ ৰোগ দূৰ কৰে।

ভ্ৰমণ প্ৰাণায়াম

মেৰুদণ্ড পোন কৰি খোজ কাঢ়ক। ঠাইখিনি ধূলি ধোঁৱা বৰ্জিত, নিৰ্মল বতাহ যুক্ত, নাতিশীতোষ্ণ হ’ব লাগে। ৰাতিপুৱা বা আবেলি হ’লে ভাল।

এতিয়া ৪ বাৰ খোজ দিয়াৰ তালে তালে ১,২,৩,৪ মনতে উচ্চাৰণৰ তালে তালে উভয় নাকেৰে উশাহ ল’ব। উশাহ লোৱা সমাপ্ত হ’লে আকৌ চাৰিবাৰ খোজত উশাহ ল’ব আৰু চাৰিটা খোজত উশাহ ত্যাগ কৰিব। কিছুদিন এইদৰে অভ্যস্ত হ’লে ৪ খোজত শ্বাস গ্ৰহণ আৰু ৬ খোজত শ্বাস ত্যাগ কৰিব। এইদৰে কিছুদিন কৰাৰ পিছত ৮/১২ পদক্ষেপতে শ্বাস প্ৰশ্বাস গ্ৰহণ কৰিব।

এইদৰে প্ৰথমে ১০ মিনিট, পিছত ২০ মিনিট, ৩০ মিনিট আৰু এক ঘণ্টালৈ বৃদ্ধি কৰিব।

উপকাৰিতা:

সাধাৰণ প্ৰাণায়ামৰ সকলো উপকাৰিতা লাভ হয়। তাৰোপৰি হৃদযন্ত্ৰ, হাওঁফাওঁ সবলতৰ হয়, তেজ পৰিস্কাৰ হয়। দেহৰ দূৰ্বলতা দূৰ হয়। টাইফয়েদ, যক্ষ্মা, প্লুৰিচি, ইনফ্লুয়েঞ্জা, হাঁপানি প্ৰভৃতি ৰোগ সহজে নহয়। স্বাস্থ্য উদ্ধাৰৰ বাবেও এই প্ৰাণায়াম উপকাৰী। আহাৰ-বিহাৰত স্ংযমী হ’লে অকল ভ্ৰমণ প্ৰাণায়ামৰ দ্বাৰা শৰীৰক ৰোগ মুক্ত কৰা হয়। এই প্ৰণায়াম যক্ষ্মা ৰোগৰ প্ৰতিষেধকৰ দৰে।

অগ্নিসাৰ ধৌতি (১)

শ্বাস গ্ৰহণ কৰি পেটৰ নিম্নাংশ আৰু নাভিদেশক পিছলৈ নি মেৰুদণ্ডত লগাবলৈ চেষ্টা কৰক। অভ্যাস কৰিলে ই সম্ভৱ হ’ব। শ্বাস গ্ৰহণ শেষ হ’লে শ্বাস ত্যাগ কৰি কৰি পেটটো শিথিল কৰি দিব। কমেও ১০/১৫ বাৰ আৰু পিছলৈ ১০০ বাৰ এই অনুষ্ঠানটো কৰিব।

উপকাৰিতা:

জঠৰাগ্নি বৃদ্ধি পায় (অগ্নাশয় সবল হয়), প্লীহা, যকৃতৰ ৰোগ ভাল হয়, অজীৰ্ণ, পেটৰ অসুখ নিৰাময়ৰ বাবে বিশেষ উপযোগী।

অগ্নিসাৰ ধৌতি (২)

শ্বাস ত্যাগ কৰি কুম্ভক অৱস্থান কৰক। এনে অৱস্থাত নাভিগ্ৰন্থি আৰু সূৰ্যগ্ৰন্থি স্থানক স্ংকুচিত কৰি মেৰুদণ্ডৰ লগত স্ংলগ্ন কৰক। যেতিয়া শ্বাস বন্ধ সম্ভৱ নহ’ব তেতিয়া পেটৰ আকুণচন শিথিল কৰি প্ৰাণবায়ুটানি ল’ব। পুন: কুম্ভক অৱলম্বন কৰি পূৰ্ব্বত ক্ৰিয়াটো অনুষ্ঠান কৰিব। এইদৰে কম পক্ষে ১০/১২ বাৰ আৰু উৰ্দ্ধপক্ষে ১০০ বাৰ আকুঞ্চন প্ৰসাৰণ ক্ৰিয়াৰ অনুষ্ঠান কৰিব।

উপকাৰিতা:

অগ্নিগ্ৰন্থিবোৰ সবলতৰ হয়, প্লীহা, যকৃত, সূৰ্যগ্ৰন্থি, শুক্ৰগ্ৰন্থি প্ৰভৃতি সবল হয় আৰু সুস্থ হয়। অজীৰ্ণ, অম্ল ৰোগৰ উপশম হয়। জঠৰাগ্নি বৃদ্ধিত বিশেষ সহায়ক।

সহজ অগ্নিসাৰ ধৌতি:

সোঁহাতৰ বুঢ়া আঙুলি সোঁ-কঁকালৰ মাজত স্থাপন কৰক। এইদৰে বাওঁহাতৰ বুঢ়া আঙুলি বাওঁ কঁকালৰ মাজত স্থাপন কৰক। উভয় হাতৰ মধ্যমা আঙুলি নাভিৰ ওপৰত ৰাখিব। এতিয়া বুঢ়া আঙুলি দুটা স্ব-স্থানত দৃঢ়ভাবে ৰাখি আঙুলিবোৰেৰে নাভি দেশক স্ংকুচিত কৰি মেৰুদণ্ডৰ লগত যুক্ত হোৱাৰ লগে লগে নাভিৰ ওপৰৰ পৰা আঙুলিবোৰৰ চাপ মুক্ত কৰি দিয়ক। এই প্ৰক্ৰিয়া কমেও ২৫/৩০ বাৰ, উৰ্দ্ধপক্ষে ১০০ বাৰ পৰ্যন্ত অনুষ্ঠিত কৰক।

প্ৰথম প্ৰথম নাভিদেশ হাতৰ আঙুলিৰে মেৰুদণ্ড স্ংলগ্ন কৰা কঠিন হ’ব পাৰে। কিছুদিন অভ্যাস কৰিলে ই সহজ সাধ্য হৈ উঠিব।

উপকাৰিতা:

তলপেটত আমাশত আৰু অন্যান্য ৰোগৰ বীজাণুবোৰ ধ্বংস হৈ ৰোগমুক্ত কৰে। আমাশয়, কৌষ্ঠ্য তাৰল্য, উদৰাময় প্ৰভৃতি ৰোগ আৰোগ্য হয়। অজীৰ্ণ আৰু কলেৰা ৰোগত এই ধৌতি উপকাৰী। ইয়াক আমাশয় ৰোগৰ মহৌষধ বুলি গণ্য কৰা হয়।

পাশ্চাত্য প্ৰাণায়াম

পশ্চিমৰ স্বাস্থ্য বিজ্ঞানীসকলে ভাৰতীয় যোগাসনক নিজৰ উপযোগী কৰি লৈছে আৰু তাৰ নাম দিছে Brething Exercise। ইয়াক ভাৰতীয় যোগশাস্ত্ৰত নাম দিয় হৈছে ‘পাশ্চাত্য প্ৰাণায়াম’। ইয়াৰে চাৰিটা অতি সহজ আৰু স্কুলীয়া ল’ৰা-ছোৱালীৰ উপযোগী হোৱাত তলত দিয়া হ’ল।

(ক) চিধাকৈ মেৰুদণ্ড পোন কৰি থিয় হওক। শ্বাস গ্ৰহণ কৰি হাত দুখন ওপৰলৈ তোলক। হাত দুখন এনেভাবে ওপৰলৈ তোলক যেন কিলাকুটিৰ তলভাগ কাণৰ ওচৰত থাকে। শ্বাস গ্ৰহণ শেষ হ’লে শ্বাস ত্যাগ কৰি হাত নমাই আনিব। ২/৩ মিনিট ক্ৰিয়াটো কৰিব।

উপকাৰিতা:

দেহৰ ভিতৰৰ দূষিত অংগৰ আৰু অম্ল বায়ু বাহিৰ হৈ যায়। হাওঁফাওঁ সবল হয়। কাহ-পানীলগা ভাল হয়।

(খ) চিধা হৈ থিয় হওক। হাত দুখন মুষ্টিবদ্ধ কৰি কান্ধৰ সমান্তৰাল কৰি সন্মুখলৈ প্ৰসাৰিত কৰক। এতিয়া গভীৰ ভাবে শ্বাস গ্ৰহণ কৰি কৰি মুষ্টিবদ্ধ হস্তদ্বয়ক পিঠিৰফালে লৈ যাওক। এইদৰে ২/৩ মিনিট ক্ৰিয়াটো কৰক।

উপকাৰিতা:

বুকু সুগঠিত হয়। হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সবল হয়।

(গ) চিধা হৈ থিয় হওক। গভীৰভাবে উশাহ লৈ সোঁভৰি আঠুৰ ওচৰত ভাজ দি পিছলৈ লৈ যাওক। শ্বাস ত্যাগ কৰি কৰি ভৰি পোন কৰক। ইয়াৰ পিছত বাওঁভৰিৰে অনুৰুপ কৰক।

উপকাৰিতা:

হাওঁফাওঁ আৰু হৃদযন্ত্ৰ সবল হয়। ভৰি দুখনৰ পেশী আৰু স্নায়ু সবল হয়। কফৰ ৰোগ প্ৰশমিত হয়।

(ঘ) চকী এখনত চিধা হৈ বহক। বাওঁহাত বাওঁ আঠুৰ ওপৰত আৰু সোঁহাত সোঁ আঠুৰ ওপৰত ৰাখক। এতিয়া উভয় নাকৰ দ্বাৰা উশাহ লৈ উভয় নাকৰ দ্বাৰা এৰি দিয়ক।

উপকৰিতা:

কফদোষ নাইকীয়া হয়। হওঁফাওঁ হৃদযন্ত্ৰ সুস্থ-সবল হয়।

আতপ স্নান বা ৰৌদ্ৰস্নান

শীতকালত পুৱা ৯ টাৰ পৰা ১২ টা আৰু গ্ৰীস্ম কালত পুৱা ৮ টাৰ পৰা ১১ টাৰ ভিতৰত ৰৌদ্ৰস্নানৰ সময়।

শীতকালত মূৰটো ছাঁত ৰাখি ওপৰমুৱাকৈ শোৱক। পিঠিৰ কপোৰ খুলি সমগ্ৰ পিঠিত ৰ’দ লগাব। পিঠি উত্তপ্ত হৈ উঠিলে চিত হৈ শুব আৰু বুকু, উদৰ আৰু তলপেটত ৰ’দ লগাব। যিমান সম্ভৱ কম কপোৰ গাত ৰাখি ৰ’দ লগাব লাগে।

গৰম দিনত মূৰটো পানীৰে ধুই-মচি এখন তিতা গামোচাৰে ঢাকি ৰাখিব লাগে।

উপকাৰিতা

পানীলগা, কাহ, হাঁপানি, যক্ষ্মা, ৰক্তশূন্যতা, শোথ, স্নায়ুৰোগ প্ৰভৃতি আৰোগ্য কৰাত সহায়ক। ‘ডি’ ভিটামিন লাভ। জীৱনী শক্তি বৃদ্ধি, ভোক বৃদ্ধি, ৰোগবিষ নাশ।

জ্যোতিষ চন্দ্ৰ দত্ত, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate