অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানুহৰ দেহত থাইৰয়েডৰ পৰিমাণ কিমান থাকিব লাগে ?

মানুহৰ দেহত থাইৰয়েডৰ পৰিমাণ কিমান থাকিব লাগে ?

TFT কি?

ই একপ্ৰকাৰৰ তেজৰ পৰীক্ষা হয়। যাক থাইৰয়েড গ্ৰন্থিৰ কাৰ্য ক্ষমতা চাবৰ বাবে কৰা হয়। ইয়াক থাইৰয়েড প্ৰফাইল বুলিও কোৱা হয়।

ইয়াত T3, T4, TSH ৰ বিষয়ে আৰু ইয়াৰ সঠিক মাত্ৰাৰ বিষয়েও উল্লেখ কৰা হৈছে। থাইৰয়েড প্ৰফাইল বা থাইৰয়েড ফাংচন টেষ্ট-থাইৰয়েড গ্ৰন্থীয়ে নিজৰ কাম সঠিক ভাৱে কৰি আছেনে নাই চাবৰ বাবে কৰা হয়। এই পৰীক্ষাত TSH, T3, T4 ৰৰ অনুসন্ধান কৰা হয়।

TSH:

এক প্ৰকাৰৰ হৰমন হয়, যি মগজুৰ পিটুৱেটৰি গ্ৰন্থিয়ে উৎপন্ন হয়। এই হৰমনে থাইৰয়েড গ্ৰন্থিৰ কাৰ্য প্ৰণালীক প্ৰভাৱিত কৰে। ইয়াৰ সম্পুৰ্ণ নাম থাইৰয়েড ষ্টিমুলেটিং হৰমন। ইয়াৰ সঠিক পৰিমান 0.27-4.2 uIU/ML হ’ব লাগে।

T3:

ইয়াক ট্ৰাই আয়ডো থাইৰনিন আৰু ইয়াৰ নৰমেল ভেলু 0.8-2 Ng/ml.

T4:

T4 ৰক কোৱা হয় থাইৰক্সিন হৰমন। ইয়াৰ নৰমেল ভেলু- 5.1-14.1 ug/dl.

T3, T4:

এই দুই বিধ হৰমন থাইৰয়েড গ্ৰন্থিৰ দ্বাৰা উপন্ন হয়। এই হৰমনে আমাৰ শৰীৰৰ বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰক্ৰীয়াক নিয়ন্ত্ৰনত সহায় কৰে। যেনে পাচন ক্ৰীয়া বা মেটাবলিজিম, প্ৰটিনৰ উৎপাদন, দেহৰ শক্তি নিয়ন্ত্ৰন কৰা আৰু শৰীৰৰ বেলেগ হৰমনৰ উপৰতো এই হৰমনে প্ৰভাৱ বিস্তাৰ কৰে। এই হৰমনে-

  • আমাৰ হৃদপিণ্ড,
  • লিভাৰ,
  • কিডণি আদিকো প্ৰভাৱিত কৰে।

আপোনালোকে বছৰত এবাৰ TFT নিশ্চিত ভাৱে কৰাওক। আৰু যদি ৰিপৰ্ট সঠিক নাহে তেনেহলে ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন-9954340102

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate