অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুখৰ পৰা দুৰ্গন্ধ ওলালে অৱহেলা নকৰিব, গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে :

 

পুৱা শুই উঠাৰ পিছত মুখৰ পৰা বেয়া গোন্ধ ওলোৱাটো এক সাধাৰণ কথা। কিন্তু পুৱা ভালদৰে ব্ৰাছ কৰাৰ পিছতো যেতিয়া আপোনাৰ মুখৰ পৰা নিয়মীয়াকৈ বেয়া গোন্ধ ওলাই থাকে, তেনেহ’লে আপুনি কিছু সাৱধান হোৱা ভাল। এনেদৰে মুখৰ পৰা দুৰ্গন্ধ ওলাই থকাটো কিছুমান যন্ত্ৰণাদায়ক ৰোগৰ লক্ষণো হ’ব পাৰে। মুখৰ পৰা দুৰ্গন্ধ কিয় ওলায়, সেই বিষয়ে কিছু কথা এই প্ৰবন্ধটিত আলোচনা কৰা হৈছে।

কিডনিৰ ৰোগ -

কিডনি দুটাত কোনো ৰোগৰ সংক্ৰমণ হ’লে শৰীৰৰ বিপাক প্ৰক্ৰিয়াৰ(Metabolism) পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ৰোগীৰ মুখ শুকান(Dry mouth) হোৱাৰ সমস্যা হ’ব পাৰে। ফলত মুখৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে।

দাঁতৰ আলুৰ ৰোগ -

দাঁতৰ আলুৰ ৰোগৰ কাৰণে ‘পেৰিওডন্টিক’ নামৰ দাঁতবোৰ আৱৰি ৰখা কোষ আৰু অস্থি আদি ৰোগগ্ৰস্ত হ’ব পাৰে। এনেধৰণৰ ৰোগৰ কাৰণেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

সংক্ৰমণ -

পুৱা আৰু ৰাতি আহাৰ খোৱাৰ পিছত সঠিকভাৱে দাঁতবোৰ ব্ৰাছ নকৰিলে দাঁতৰ গুৰিত বেক্টেৰিয়া জমা হ’বলৈ ধৰে। ফলত মুখৰ ভিতৰত বীজাণুৰ সংক্ৰমণ ঘটিবলৈ ধৰে। এনেধৰণে সংক্ৰমণৰ ফলতো মুখৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰে।

দাঁতৰ আলুৰ সমস্যা -

দাঁতৰ আলুত সংক্ৰমণ হৈ আলু ফুলে আৰু দাঁতৰ গুৰিত পুঁজ আদি জমা হৈ তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰিব পাৰে। বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁতৰ গুৰিৰ পৰা তেজ-পুঁজ আদিও ওলাবলৈ ধৰে। এনেধৰণৰ সংক্ৰমণৰ ফলতো মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

মুখ শুকাই থাকিলে -

লেলাউটি বা চেলাইভাই(Saliva) আমাৰ মুখগহ্বৰ তিয়াই ৰাখে আৰু পৰিষ্কাৰ কৰি ৰাখে। মুখৰ ভিতৰত লেলাউটি গ্ৰন্থি আছে আৰু এই গ্ৰন্থিবিলাকে পৰ্যাপ্ত মাত্ৰাত লেলাউটি নিঃসৰণ কৰি মুখ গহ্বৰ শুকান নোহোৱাকৈ ৰাখে। যদি কিবা কাৰণত এই লেলাউটি গ্ৰন্থিবিলাকৰ পৰা নিঃসৰণ কম হয় বা একেবাৰে লেলাউটি নিঃসৰণ বন্ধ হয়, তেনেহ’লে জেৰোষ্টোমিয়া(Xerostomia) নামৰ বিসংগতিৰ সৃষ্টি হয়। এনেধৰণৰ মুখ শুকাই যোৱা সমস্যাৰ কাৰণেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে।

হাওঁফাওঁৰ সংক্ৰমণ -

যদি হাওঁফাওঁত কোনো ৰোগৰ সংক্ৰমণ হয়, তেনেহ’লেও শ্বাস-প্ৰশ্বাসত দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। তেনেদৰে লিভাৰতো যদি কিবা কাৰণত ৰোগৰ স্ংক্ৰমণ ঘটে, তেনেহ’লেও মুখৰ পৰা দুৰ্গন্ধ ওলাব পাৰে কাৰণ লিভাৰ ৰোগাক্ৰান্ত হ’লে বদহজমৰ সমস্যাই দেখা দিয়ে আৰু তাৰেই পৰিণতিত মুখৰ পৰা দুৰ্গন্ধ ওলায়।

ডায়েবেটিছ -

বহুতো লোকে নিজৰ শৰীৰত যে ডায়েবেটিছ বা মধুমেহ ৰোগে বাহ লৈছে, সেই কথা গমেই নেপায়। তেনে লোকৰ মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকিলে অলপ সাৱধান হৈ চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। যদি দাঁত, দাঁতৰ আৰু আৰু অন্য কোনো অসুখ নাই, তথাপি মুখৰ দুৰ্গন্ধ থাকে, তেনেহ’লে চিকিৎসকে তেজ আৰু প্ৰস্ৰাৱ পৰীক্ষা কৰাবলৈ দিব পাৰে। এইবিলাক পৰীক্ষাৰ দ্বাৰাহে নিশ্চিতভাৱে ডায়েবেটিছ ধৰা পৰিব। আচলতে ডায়েবেটিছত ভুগি থাকিলে শৰীৰৰ বিপাকক্ৰিয়া সলনি হয় আৰু তাৰ পৰিণতিত মুখৰ পৰা দুৰ্গন্ধ ওলায়।

ওপৰত উল্লেখ কৰা আটাইবিলাক কাৰণতে মুখৰ পৰা দুৰ্গন্ধ ওলাই থাকিব পাৰে। সেয়ে মুখ গোন্ধালেই যিকোনো লোকেই চিকিৎসকৰ কাষ চাপিব লাগে। চিকিৎসকে কেইটিমান পৰীক্ষা কৰাবলৈ দিব পাৰে। সেই পৰীক্ষাবিলাক কৰোৱাই মুখৰ দুৰ্গন্ধৰ মূল কাৰণটো নিশ্চিত কৰি, সেইমতে চিকিৎসা কৰাব। মুখৰ দুৰ্গন্ধ সাধাৰণ সমস্যা বুলি ভাবি লৈ অৱহেলা কৰিলে কম দিনৰ ভিতৰতে যন্ত্ৰণাদায়ক ৰোগত ভুগিব পাৰে। সেয়ে সময়মতে ৰোগ নিৰ্ণয় কৰি চিকিৎসা গ্ৰহণ কৰাটোৱেই হ’ল উত্তম কৰ্তব্য।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate