অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মূৰৰ বিষ :

মূৰৰ বিষ :

মূৰৰ বিষ বা ইংৰাজীত Headacheবুলি ক’লে মূৰৰ গোটেই ভাগ বা কোনো অংশত হোৱা বিষৰ অনুভৱ বুজা যায়। অৱশ্যে চিকিৎসা বিষয়ক এই মূৰৰ বিষ বা মূৰ কামোৰণিৰ বাদেও মানুহে অন্য বহু অৰ্থত এই শব্দটো ব্যৱহাৰ কৰে। মূৰৰ বিষয়টো যিহেতু বিৰক্তিদায়ক আৰু বেদনাদায়ক, সেয়েহে সৰহ সংখ্যক লোকেই যিকোনো বিৰক্তিদায়ক বা বেদনাদায়ক কথাবোৰ বুজাবলৈ এই মূৰ কামোৰণি শব্দটো ব্যৱহাৰ কৰা দেখা যায়।

সাধাৰণতে মানুহে ভোগ কৰিব লগা মূৰ কামোৰণিবোৰ ভিতৰত কেইবিধমান সততে হৈ থকা দেখা যায়। তেনে ধৰণৰ মূৰৰ কামোৰণিৰ কাৰণবোৰ ফঁহিয়াই চালে পোৱা কিছুমান হৈছে-

  • অত্যধিক মানসিক চাপ,
  • বেছি প্ৰাবল্যৰ শব্দ বা বেছি পোহৰ,
  • বহুতপৰ ভোকত থাকিলে,
  • অত্যধিক দৈহিক আৰু মানসিক পৰিশ্ৰম,
  • দৃষ্টিশক্তিৰ অক্ষমতা আৰু জোখত নপৰা চছমাৰ ব্যৱহাৰ,
  • খং আৰু উত্তেজনা,
  • কিছুমান ঔষধ সেৱনৰ বাবে আৰু ঔষধ বন্ধ কৰাৰ বাবে,
  • কাণৰ ৰোগৰ বাবে হোৱা বিষ,
  • দাঁতৰ আৰু মুখৰ অসুখ,
  • সংগমৰ পিচত,
  • ডিঙিৰ বিষ,
  • উচ্চ ৰক্তচাপ,
  • ভাগৰ,
  • নিদ্ৰাহীনতা,
  • জ্বৰ আৰু শৰীৰত পানীৰ অভাৱ বা ডিহাইড্ৰেচন,
  • কিছুমান খাদ্য যেনে- মদ্যমান, ধূমপান আদি।

এইবোৰৰ উপৰি কিছুমান সংক্ৰমণ বা আঘাত আদিৰ বাবেও মূৰৰ বিষ হয়। যিবোৰ আমি জীৱনৰ বাবে বিপজ্জনক বুলি ভাবিব লগা হয়। এনে কিছুমান মূৰৰ বিষৰ কাৰণ হ’ল-

  • মগজুত পোৱা আঘাত,
  • মগজু বা তাৰ আৱৰণৰ মাজত হোৱা ৰক্তক্ষৰণ,
  • এনকেফেলাইটিছ বা মগজুত হোৱা বীজাণুৰ সংক্ৰমণ বা মগজুৰ ইনফ্লেমেচন,
  • মেনিনজাইটিছ,
  • স্পাইনেল এনাস্থেচিয়া দিয়াৰ পিচত মগজুত হোৱা নিম্ন চাপৰ বাবে,
  • মগজুৰ ভিতৰত সিৰাৰ তেজ গোট মৰাৰ ফলত।

সাধাৰণতে সৰু-ডাঙৰ প্ৰায় সকলো লোকে অন্য অসুখত নুভুগিলেও মূৰৰ বিষত ভোগেই। অৰ্থাৎ মূৰৰ বিষৰ অভিজ্ঞতা সকলোৰে থাকে। অৱশ্যে কাৰণবোৰ সকলোৰে ক্ষেত্ৰত একে নহয়। লগতে সকলোৰে অৱস্থাও একে নহয়। পাঠকসকলৰ জ্ঞাতাৰ্থে দুবিধমান সাধাৰণতে হোৱা মূৰৰ বিষৰ বিষয়ে চমুকৈ আভাস দিবলৈ চেষ্টা কৰা হৈছে। সাধাৰণতে সঘনাই হৈ থকা আৰু বিশেষ জীৱনৰ প্ৰতি ভাবুকি নথকা তিনি ধৰণৰ মূৰৰ বিষৰ কথা চমুকৈ দিয়া হৈছে।

সেইকেইবিধ হৈছে-

  • মাইগ্ৰেইন,
  • ক্লাষ্টাৰ হেডেক,
  • টেনচন হেডেক।

মাইগ্ৰেইন:

এই ধৰণৰ মূৰৰ বিষ বহুতৰ দেখা যায়। মাইগ্ৰেইনৰ বিষ মূৰৰ যিকোনো এফালে বা দুয়োফালে হ’ব পাৰে। এই ধৰণৰ মূৰৰ বিষত ভোগাজনে মূৰত ধমনীৰ স্পন্দনৰ দৰে বিষ অনুভৱ কৰে। মূৰটো ফাটি যাব যেন অনুভৱ হয় আৰু লগতেচকূৰে অতি পোহৰ দেখা যেন বা বস্তুবোৰ দেখাত বেঁকা-বেঁকী হোৱা যেন অনুভৱ কৰে। কিছুমানে কাণেৰে কিবা ডাঙৰ শব্দ বাজি থকা যেন শুনা পায়। লগতে বেছি পোহৰ আৰু শব্দ সহ্য কৰিব নোৱাৰা হয়। কোনো কোনো ৰোগীয়ে হাত-ভৰি বা অন্য অংশত বেজীয়ে খোঁচ মৰা যেন অনুভৱ কৰে। বিষ অত্যধিক বেছি হ’লে ৰোগীৰ বমি ভাব হয় আৰু বহুতৰ বমিও হয়।

এইবিধ মূৰৰ বিষৰ কাৰণে বিশেষভাৱে জানিব পৰা নাযায় যদিও কিছুমান কথা বা পৰিস্থিতিৰ লগত সম্বন্ধ দেখা গৈছে। এই ধৰণৰ মাইগ্ৰেইনৰ বিষ সাধাৰণতে শিশুৰ পৰা ধৰি কৈশোৰ আৰু প্ৰাপ্তবয়স্কলৈকে হোৱা দেখা যায়।

যদিও কৈশোৰ আৰু প্ৰাপ্তবয়স্ক অৱস্থাত বেছি হয়। প্ৰায় চল্লিশ বছৰ মানৰ পৰা কমি আহে। সাধাৰণতে পুৰুষতকৈ মহিলাসকল বেছিকৈ প্ৰভাৱিত হয়। তদুপৰি মহিলাসকলৰ হৰম’নৰ লগত সম্বন্ধ দেখা যায়। অৰ্থাৎ মহিলাৰ ঋতুস্ৰাৱৰ আগ-পিচে ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা দেখা যায়।

লগতে কিছুমান ঔষধ যেনে- গৰ্ভনিৰোধক পিল বা তেনে কোনো ঔষধ সেৱনৰ লগত ইয়াৰ সম্পৰ্ক দেখা যায়। এইবোৰৰ উপৰি খাদ্য খোৱাৰ খেলিমেলি অৰ্থাৎ বেছিকৈ ভোকত থকা, মানসিক চাপ, টোপনি খতি, আদিবোৰেও এই ধৰণৰ বিষ হোৱাত ইন্ধন যোগায়।

এই ধৰণৰ মূৰৰ বিষ প্ৰায়েই দেখিবলৈ পোৱা যায়। এই ধৰণৰ বিষবোৰ চাৰি ঘন্টাৰ পৰা পৰা বাসত্তৰ ঘন্টাপৰ্যন্ত থাকে। কিছুমানৰ ক্ষেত্ৰত এইবিধ সঘনাই হয় আৰু কোনো কোনোৰ ক্ষেত্ৰত বছৰ পৰ্যন্ত নোহোৱাকৈ থাকে।

ক্লাষ্টাৰ হেডেক:

ক্লাষ্টাৰ হেডেক(Cluster headache) হ’ল সততে হোৱা এক ধৰণৰ মূৰৰ বিষ। এই বিষত ৰোগীয়ে মূৰটোত গজাল মাৰি দিয়া যেন অনুভৱ কৰে। বিষ সাধাৰণতে এটা চকুত বা চকুৰ চাৰিওফালে বা চকুৰ পিচফালে হোৱা যেন অনুভৱ হয়। বিষত চকু ৰঙা পৰে, উখহে আৰু কিছুমানৰ চকুটোৰ পতাখন ওলমি পৰে। বেছি হ’লে ৰোগীৰ বমি ভাৱ হয় বা বমিও হয়। এই বিধ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চক্ৰাকাৰে হয় বা অতি সঘনাই হয়। সেয়েহে ইয়াক ক্লাষ্টাৰ হেডেক বোলা হয়।

এই বিষ সাধাৰণতে পোন্ধৰ মিনিটৰ পৰা তিনি ঘন্টামানলৈ থাকে যদিও একে দিনাই আঠবাৰলৈকে হ’ব পাৰে। বহুতৰে বিষৰ সময়ত চকুপানী ওলায় আৰু নাকৰো বন্ধ হোৱা অনুভৱ কৰে।

এই বিষ কিছুমান ৰোগীৰ ক্ষেত্ৰত গালৰ পৰা গৈ থুঁতৰি আৰু দাঁতলৈকে বিয়পে। অত্যধিক বিষ ভোগ কৰোঁতাজনে ডিঙি আৰু বাহুলৈকে বিষ অনুভৱ কৰে।

বহুতো লোকে এই ধৰণৰ বিষ ৰাতি অনুভৱ কৰে। বহুতৰ ক্ষেত্ৰত আকৌ এই ধৰণৰ বিষ মদ্যপান, ধূমপান, টোপনি খতি আৰু মানসিক চাপৰ লগত সম্বন্ধ থকা দেখা যায়। অৰ্থাৎ মদ্যপান, টোপনি খতি, ধূমপান আদিৰ পিচত এই ধৰণৰ বিষৰ প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়।

টেনচন হেডেক:

চিন্তা বা মানসিক চাপত হোৱা মূৰৰ বিষক ইংৰাজীত Tension headache বুলি কোৱা হয়। অৱশ্যে ইয়াক Tension বা মানসিক চাপৰ লগত সান্নিধ্য ৰাখি নামকৰণ কৰা হৈছে যফিও ইয়াৰ প্ৰকৃত কাৰণ আচলতে জনা নাযায়।

আটাইতকৈ বেছিকৈ মানুহে আক্ৰান্ত হোৱা মূৰৰ বিষবিধেই হৈছে- টেনচন হেডেক। যদিও প্ৰকৃত কাৰণ জনা নাযায়, তথাপি কেইবিধ মূৰ বিষৰ উপসৰ্গ হিচাপে দেখা পোৱা কাৰণবোৰ হ’ল- মানসিক চাপ, খং, সম্পূৰ্ণ টোপনি নোহোৱা, খাদ্য নোখোৱাকৈ ভোকত থকা ইত্যাদি।

এই ধৰণৰ টেনচন হেডেক হ’ল সাধাৰণতে ভুক্তভোগীজনে বিষটো গোটেই মূৰটোতে অনুভৱ কৰে। কিছুমানৰ ক্ষেত্ৰত প্ৰথমে মূৰৰ পিচফালৰপৰা আৰম্ভ হয় বা চকুৰ ওপৰত পৰা হয়।

গোটেই মূৰটো কোনোবাই জোৰকৈ বান্ধি থোৱা যেন অনুভৱ হয় আৰু বিষটো একেৰাহে থাকে। মাইগ্ৰেইন বা ক্লাষ্টাৰ হেডেকৰ দৰে এইবিধ মূৰৰ বিষ হ’লে বমি ভাৱ আৰু বমি নহয়। সৰহসংখ্যকেই বিষ কম থাকিলে নিজৰ দৈনন্দিন কাম কৰিব পাৰে।

লেখক: ডাঃ অতুল চন্দ্ৰ খাউণ্ড(সাদিন)

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate