অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লিভাৰ বিকলতাৰ অন্যতম কাৰণ- এলকহল :

লিভাৰ বিকলতাৰ অন্যতম কাৰণ- এলকহল :

 

সম্প্ৰতি সমগ্ৰ দেশজুৰি এলকহল সেৱনৰ ফলত যকৃত বিকল হোৱা ৰোগীৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা দেখা গৈছে।নতুন দিল্লীৰ এইমছত এনে ৰোগত আক্ৰান্ত ৰোগীয়ে ভিৰ কৰা দেখা গৈছে।ইয়াৰ মুল কাৰণ হৈছে-‘এলকহল’সেৱন।তাৰোপৰি এনে ৰোগীক চিকিৎসকে পৰামৰ্শ দিয়া ঔষধবিলাক ৰোগীয়ে সময়মতে বা নিয়মীয়াকৈ আৰু মাদক দ্ৰব্য সেৱনৰ অভ্যাসো ত্যাগ নকৰে।এনে ৰোগীক ফাৰ্মাচীবিলাকে প্ৰয়োজনীয় ক্ষমতাৰ ঔষধৰ যোগান নধৰে।অৱশ্যে এনে ধৰণৰ ঔষধ সম্পৰ্কীয় অসুবিধাবিলাক আঁতৰ কৰাৰ বাবে চৰকাৰে এক বিশেষ আইন প্ৰস্তুত কৰিবলৈ লৈছে।ইয়াৰোপৰি বি.অ’.পি. স্বাস্থ্য মন্ত্ৰী ,চেণ্ট্ৰেল দাগ ৰেগুলেটৰ,ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অব ইণ্ডিয়া,নেচনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি আৰু মেডিকেল কাউন্সিল অব ইণ্ডিয়াক অন্যান্য সংশ্লিষ্ট আইনমুহ শক্তিশালী কৰিব লাগে বুলি বিভাগীয় বিষয়াসকলে পৰামৰ্শ দিছে।আনহাতে এন.পি.পি. এই ব্ৰেণ্ডেড ঔষধৰ তুলনাত জেনেৰিক ঔষধ চিকিৎসকে পৰামৰ্শ দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে।পৰৱৰ্তী সময়ত ঔষধসমুহ ৰাসায়নিক সংশোধনৰ পিছতহে বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।

ইপিনে স্বাস্থ্যমন্ত্ৰীয়ে এম.চি.আই.ক অহা অক্টোবৰ পৰা সকলো চিকিৎসককে এই আইন মানি চলাৰ লগতে জেনেৰিক ঔষধৰ নাম ভাল হাতৰ আখৰেৰে লিখিবলৈ পৰামৰ্শ দিছে।স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে যিসকল চিকিৎসকে এই নিৰ্দেশ  অমান্য কৰে,তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।যিহেতু সৰ্বসাধাৰণ লোকে জেনেৰিক নামৰ আৰু ব্ৰেণ্ডেড ঔষধৰ পাৰ্থক্য বিচাৰি উলিয়াব নোৱাৰে,সেয়ে ঔষধৰ পেকেটৰ ওপৰত ঔষধবিধত নিহিত থকা উপাদানসমুহৰ বিষয়ে উল্লেখ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।আনহাতে যিসকলে এই নতুন পৰামৰ্শ তথা গাইডলাইন অমান্য কৰে,তেওঁলোকৰ বিৰুদ্ধে জৰিমনা,অনুজ্ঞাপত্ৰ বাতিল তথা মেনুফেকচাৰ আৰু ফাৰ্মাচীৰ অনুজ্ঞা পত্ৰ বাতিল কৰাৰ দৰে অনুশাসনমুলক ব্যৱস্থাও লোৱা হ’ব।

আনহাতে যোগানৰ ক্ষেত্ৰত ডি.চি.জি.আই.য়ে ৰাজ্যিক ড্ৰাগ ৰেগুলেটৰে ব্ৰেণ্ডেড ঔষধৰ পৰিৱৰ্তে কোম্পানীসমুহক জেনেৰিক প্ৰডাক্টৰ নাম ঔষধৰ বটলৰ ওপৰত লিপিবদ্ধ কৰিবলৈ নিৰ্দেশ দিছে।জেনেৰিক ঔষধৰ নাম জনসাধাৰণৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে।উল্লেখ্য যে দেশৰ প্ৰায় এক লাখ কোটি ফাৰ্মাচীৰ ভিতৰত ৭০ শতাংশ ফাৰ্মাচীয়ে ব্ৰেণ্ডেড আৰু জেনেৰিক নাম থকা ঔষধ বিক্ৰী কৰে।আনহাতে মাত্ৰ ৯ শতাংশ চিকিৎসকেহে জেনেৰিক ঔষধ প্ৰেছক্ৰিপচন দিবলৈ লৈছে।

লক্ষ্যণীয় যে ঔষধ নিয়মতে নোখোৱা আৰু নিম্ন মানৰ ঔষধ খোৱা প্ৰায় ৬৪ শতাংশ ৰোগীয়ে মৃত্যুৰ সন্মুখীন হয়।এইমছত এলকহলজনিত যকৃত বিকল হোৱা ১৫০ গৰাকী ৰোগী ভৰ্তি কৰোৱা হৈছে ২০১১ চনৰ পৰা ২০১৫ চনলৈ।ইয়াৰে ৯৬ গৰাকী ৰোগী ১০ দিনৰ ভিতৰত মৃত্যু হ’ল।বাকী ৰোগীৰ যিসকলৰ অৱস্থা স্থিৰ হৈ আছিল,তেওঁলোকৰ মাজৰ ২০ শতাংশ ৰোগী চাৰি মাহৰ ভিতৰত মৃত্যু হয়।অন্য ২০ শতাংশ ৰোগী এবছৰৰ্ ভিতৰত মৃত্যু হোৱা দেখা গ’ল।যদি কোনো লোক এবাৰ ‘একুট লিভাৰ বিকলতা’ত ভোগে,তেনেহ’লে ইয়াৰ পৰা ৰক্ষা পোৱাৰ আশা মুঠেই ক্ষীণ।এই ৰোগৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ চিকিৎসা হৈছে যকৃত প্ৰতিস্থাপন।এই ৰোগত আক্ৰান্ত হোৱাৰ তিনি মাহৰ ভিতৰত তাৎক্ষণিকভাৱে দাতাৰ সুস্থ কিডনিৰ প্ৰতিস্থাপন চিকিৎসা কৰিলে ৰোগী জীয়াই থাকিবলৈ সক্ষম হয়।এইমছৰ গেষ্ট্ৰ’লজিৰ সহযোগী অধ্যাপক চিকিৎসক চালিমাৰে কয় যে হেপাটাইটিছ ‘এ’আৰু ‘চি’ ভাইৰাছৰ লগতে হেপাটাইটিছ ‘বি’ৰ সংক্ৰমণো ঔষধৰ দ্বাৰা নিৰ্মুল কৰিব পাৰি।কিন্তু এলকহলজনিত যকৃত ৰোগৰ কোনো ঔষধ নাই।সেয়ে এই ৰোগৰ ফলত যকৃত বিকল হৈ ৰোগীজনৰ মৃত্যু হোৱাটো নিশ্চিত।

এই ক্ষেত্ৰত চৰকাৰে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে,যাতে অত্যধিক মাত্ৰাত  মদ্যপান ৰোধ কৰিব পৰা যায়।শেহতীয়াভাৱে চলোৱা এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে যে বিগত বিছ বছৰত চহৰাঞ্চলত সুৰাসক্তৰ হাৰ ১৬.১ শতাংশৰ পৰা বৃদ্ধি হৈ ২৫.৬ শতাংশ হৈছেগৈ।আনহাতে গ্ৰামাঞ্চলত একে সময়তে সুৰাসক্তৰ হাৰ ৮ শতাংশৰ পৰা ৩৩.২ শতাংশলৈ বৃদ্ধি হোৱা দেখা গৈছে।

এইমছৰ গেষ্ট্ৰ’লজি বিভাগৰ সহযোগী অধ্যাপক চিকিৎসক চালিমাৰে জনোৱা অনুসৰি ১৮.২ শতাংশ যকৃত ৰোগীৰ একুইট লিভাৰ বিকলতা হ’লে তেওঁলোকৰ আৰোগ্য সম্ভৱ নহয়।এইমছৰ চিকিৎসকে পুনৰ কয় যে এলকহলজনিত লিভাৰ বিকলতাৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানৰ উন্নতি প্ৰায় নাই বুলিলেই হয় ।এই ৰোগৰ প্ৰায়বোৰ ৰোগীকে ভেণ্টিলেচনত ৰাখিলেও তেজ গোটমৰা আৰু মগজু বিকল হৈ অৱশেষত মৃত্যু হোৱা দেখা যায়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate