অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীঘ্ৰপতন (Premature ejaculation):

শীঘ্ৰপতন (Premature ejaculation):

 

আপোনালোকে চহৰ বিলাকৰ ফুটপাথৰ কাষত থকা বেৰবিলাকত ডাঙৰ ডাঙৰ হৰফেৰে লিখা গুপ্তৰোগ বিশেষজ্ঞ হাকিম, নবাব আদিৰ নাম, যোগাযোগৰ ঠিকনা, যোগাযোগৰ নম্বৰ ইত্যাদি নিশ্চয় লক্ষ্য কৰিছে আৰু বহুতে হয়তো এনে হাকিম, নবাবৰ পাল্লাত পৰি বহু কষ্টোপাৰ্জিত ধনৰ অপচয় কৰাৰ উদাহৰণো নথকা নহয়। আজি যিটো সমস্যা মোৰ লিখনিৰ বিষয়বস্তু হিচাপে লৈছো এই সমস্যাটো আমাৰ সমাজত ডেকাৰ পৰা বুঢ়ালৈকে এটা গুপ্ত মানসিক ব্যাধিত পৰিণত হৈছে। হীনমন্যতা বা লাজ বা সামাজিক প্ৰতিস্থা লোপ পোৱাৰ ভয়ত বা যিয়েই কাৰণ নহওঁক কিয় এই সমস্যাৰ কথাবিলাক সমাজত বা মানুহৰ আগত প্ৰকাশ নোপোৱাকৈ থাকি যায় আৰু কিছুমান মানুহক ভিতৰি ভিতৰি মানসিক ভাৱে ভীতিগ্ৰস্ত আৰু জুৰুলা কৰি পেলায়। অবশ্যে এই সমস্যাৰ সমাধান বিচাৰি চিকিৎসকৰ ওচৰ চপা ৰোগীৰ সংখ্যাও খুব কম নহয়। মই মোৰ চিকিৎসক জীৱনত ইতিমধ্যে এই সমস্যাত ভূগা বহু ৰোগীক লগ পাইছোঁ। আয়ুৰ্বেদীক চিকিৎসা পদ্ধতিত এই বেমাৰৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা আছে আৰু ইয়াৰ ফলপ্ৰসূ চিকিৎসা নীতিও উল্লেখ আছে। সমাজৰ বহু সংখ্যক লোকক আক্ৰান্ত কৰা এই সমস্যাবিধ হৈছে শীঘ্ৰপতন(Premature ejacculation) । লিখনিৰ আৰম্ভণিতে কওঁ যে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবেহে এই লিখনিটো মই লিখিব ওলাইছো। কাৰণ এই সমস্যাত ভূক্তভূগী বহু ৰোগীৰ বৈবাহিক জীৱনলৈ ভাবূকীও নামি অহা ইতিমধ্যে মই মোৰ চিকিৎসা জীৱনত দেখা পাইছো।
শীঘ্ৰপতন :- শীঘ্ৰপতন পুৰুষৰ ক্ষেত্ৰত দেখা দিয়া এটা যৌন সমস্যা। এই সমস্যাটোত যৌন সংগমৰ (sexual intercourse) ৰ সময়ত চৰমসীমা বা কামোত্তেজনাৰ আগতেই পুৰুষৰ বীৰ্য্য স্খলন হৈ যায়। যাৰ ফলত যৌন জীৱনত নাকাৰাত্মক প্ৰভাৱ পৰা দেখা যায়।
#শীঘ্ৰপতন কি?
এটা ভাল যৌন সম্বন্ধৰ বাবে দুইজন সংগীয়ে সন্তুষ্ট হোৱা বা দুইজনে যৌন সন্তুষ্টিৰ চৰম সীমা লাভ কৰাটো বাঞ্চনীয়। কিন্ত শীঘ্ৰপতনৰ সমস্যাৰ বাবে পুৰুষৰ বীৰ্য্য সময়ৰ আগতে স্খলিত হয় আৰু মহিলা সংগীয়ে যৌন সংগমনৰ সময়ত সন্তুষ্টতা নাপায়। যৌন সংগমৰ সময়ত পুৰুষৰ বীৰ্য্য যদি ৬০ ছেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত নিৰ্গত বা স্খলিত হয় চিকিৎসা বিজ্ঞানৰ ভাষাত শীঘ্ৰপতন বুলি কোৱা হয়।
শীঘ্ৰপতনৰ কাৰণ :-
শীঘ্ৰপতন এটা সাধাৰণ সমস্যা। গতিকে এই সমস্যাটোৰ বিষয়ে বিশেষ চিন্তিত হোৱাৰ কাৰণ নাই। কাৰণ প্ৰত্যেক পুৰুষে মাজে সময়ে এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হব পাৰে। কিন্তু কোনো পুৰুষৰ যদি এদিন শীঘ্ৰপতন হৈছে এইটো নহয় যে তেওঁ সদায় এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈ থাকিব।
মানসিক বা শাৰীৰিক কাৰণ উভয়ে এই সমস্যাটোৰ বাবে দায়ী হব পাৰে। দুৰ্ভাগ্যবশতঃ বেছিভাগ পুৰুষে এই সমস্যাটো আনৰ আগত প্ৰকাশ কৰিবলৈ বা এই সমস্যাটো লৈ চিকিৎসকৰ ওচৰলৈ যাবলৈ সংকোচবোধ কৰে। পৰিণতিত এই সমস্যাটো কেতিয়াবা ভয়ানক ৰূপ ধাৰণ কৰে আৰু তেওঁৰ পাৰিবাৰিক জীৱনত কুপ্ৰভাৱ পৰিব পাৰে।
শীঘ্ৰপতনৰ কাৰণবিলাক খুব সৰল আৰু ইয়াক দুই ভাগত বিভক্ত কৰিব পাৰি –

*মানসিক কাৰণ :-
*যৌন সংগমৰ প্ৰতি থকা মানসিক চিন্তা।
*অসুৰক্ষিত অৱস্থাত কৰা যৌন সংগম।
*যৌন ক্ৰিয়াৰ প্ৰতি থকা সামাজিক অপৰাধ প্ৰবন মনোভাৱ।
*লিংগ শিথিলতা (Erectile dysfunction)
*দম্পতিৰ মাজত বুজা পৰাৰ অভাৱ।
*জৈৱিক কাৰণ :-
*হৰমনৰ সমস্যা, যেনে - থাইৰয়ড বা যৌন হৰমনৰ বিসংগতি।
*মগজুত ক্ষৰণ হোৱা ৰাসায়নিক কাৰণবিলাকৰ সমস্যা যিয়ে মগজুৰ সন্তুষ্টি কেন্দ্ৰলৈ বাৰ্তা পঠোৱাত বিফল হয়।
*প্ৰোষ্টেট গ্ৰন্থিৰ সমস্যা বা সংক্ৰমণ।
*বংশগত।
*আঘাত বা অস্ত্ৰোপচাৰৰ ফলত চালক বা সংবেদী স্নায়ুতন্ত্ৰত হোৱা ক্ষয় ক্ষতি।
কোনবিলাক মানুহৰ শীঘ্ৰপতন হোৱাৰ বেছিকৈ ভয় থাকে?
যদিও যিকোনো মানুহ শীঘ্ৰপতনৰ দ্বাৰা আক্ৰান্ত হব পাৰে যদিও কিছুমান মানুহ এই সমস্যাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা বেছি থাকে।
*বহুদিনীয়া বেমাৰত আক্ৰান্ত - যদি কোনো মানুহ বহু দিনৰ পৰা কিবা বেমাৰত আক্ৰান্ত হৈ থাকে তেন্তে তেওঁ যৌন ক্ৰিয়াৰ প্ৰতি আগ্ৰহী নহবও পাৰে আৰু আগ্ৰহী হ'লেও তেওঁ নিজৰ বেমাৰটোৰ কথা বেছিকৈ চিন্তা কৰি থকা বাবে শীঘ্ৰপতনৰ চিকাৰ হব পাৰে।
*মানসিক চিন্তা :- যিকোনো প্ৰকাৰৰ মানসিক আৰু ভাবনাত্মক চিন্তা বা হেচাঁৰ ফলত পুৰুষ এজন শীঘ্ৰপতনৰ চিকাৰ হব পাৰে।
*ঔষধ প্ৰয়োগৰ ফলত:- কিছুমান ঔষধে যৌন ক্ৰিয়াৰ ফলত যৌনাংগত হোৱা প্ৰতিক্ৰিয়াত ব্যাঘাত জন্মাব পাৰে। গতিকে এনেকুৱা ধৰণৰ ঔষধ সেৱন কৰা ব্যক্তিয়ে নিজৰ যৌন ক্ৰিয়া নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে।
*লিংগ শিথিলতা বা Erectile dysfunction :- যদি কোনো ব্যক্তিৰ যৌন ক্ৰিয়াৰ সময়ত থিক মতে লিংগ উত্তেজিত নহয় তেনেহ'লে তেনে মানুহে খুব খৰতকীয়াকৈ যৌন সদ্ভোগত লিপ্ত হব লগা হয় আৰু ফলত শীঘ্ৰপতনৰ চিকাৰ হব লগা হয়।
শীঘ্ৰপতনৰ ফলত হব পৰা জটিলতা :-
শীঘ্ৰপতনৰ ফলত কোনো শাৰীৰিক বা জৈৱিক জটিলতা নহয় যদিও অবিৰত ভাৱে হোৱা শীঘ্ৰপতনৰ ফলত দাম্পত্য জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে। কেতিয়াবা শীঘ্ৰপতনৰ ফলত বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হব পাৰে। যদি নিজৰ বৈবাহিক জীৱনত কোনো পুৰুষ খুব কম যৌন সংগমত লিপ্ত হয় তেওঁৰ শীঘ্ৰপতনৰ সমস্যাই দেখা দিব পাৰে আৰু তেনে পুৰুষৰ বীৰ্য্যত শুক্ৰ কীটৰ সংখ্যা কমি যাব পাৰে আৰু বন্ধ্যাত্বৰ সমস্যাৰ সৃষ্টি হব পাৰে।
শীঘ্ৰপতনৰ ঘৰুৱা আৰু আয়ুৰ্বেদীক উপচাৰ :-
*জীৱনশৈলীৰ পৰিবৰ্তন:-
*ধাৰাবাহিক মদ্যপান আৰু ধূমপান পৰিহাৰ কৰিব লাগে। মদ্যপান আৰু ধূমপানে স্নায়ুদুৰ্বলতাৰ সৃষ্টি কৰে।
*ৰাতিপুৱাৰ আহাৰ(breakfast) কেতিয়াও ত্যাগ কৰিব নালাগে।
*অত্যধিক মানসিক চাপ পৰিত্যাগ কৰিব লাগে।
*সময়মতে খোৱা বোৱাৰ অভ্যাস গঢ়িব লাগে।
*গাত লিপিত খাই ধৰা টান অন্তৰ্বাস পৰিহাৰ কৰিব লাগে।
*বজাৰত উপলব্ধ ঠাণ্ডা পানীয়ৰ সেৱন পৰিত্যাগ কৰা উচিত।
*দৈনিক ছয়ৰ পৰা আঠ ঘণ্টা শুৱাৰ অভ্যাস গঢ়িব লাগে। ইত্যাদি।
*জাংক-ফুদ্, ফাষ্ট-ফুদ্, অধিক উষ্ণ আৰু মছলাযুক্ত খাদ্য ইত্যাদি পৰিত্যাগ কৰিব লাগে।
*কিছুমান একক আয়ুৰ্বেদীক ঔষধি:- অশ্বগন্ধা, কোঞ্চ, মুসলি, কপিকচ্চু, গক্ষৰু, জাঁইফল, বিদাৰিকন্দ , শিলাজিত ইত্যাদি
*ইয়াৰ উপৰিও বহুতো যৌগিক ঔষধিৰ প্ৰয়োগ চিকিৎসকৰ পৰামৰ্শ অনুসৰি কৰিলে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব পাৰি।
যোগাসন :- কেগল ব্যায়াম, পশ্চিমোত্তানসন, হস্তপাদাসন, জানু শীৰ্ষাসন, বধ্বকোনাসন, বিপৰীতকৰণী, ভূজংগাসন, শৱাসন, পদ্মাসন, অশ্চিনীমুদ্ৰা, বৃক্ষাসন, ধনুৰাসন, কপালভাটি প্ৰানায়াম, বাহ্য প্ৰানায়াম ইত্যাদি ।

ডা: মুকুল শৰ্মা (আয়ুৰ্বেদাচাৰ্য্য)
চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটী
চিকিৎসা বিষয়া, মুলাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

ফোন নং- ৯৫০৮০২৬৮২৫

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate