সম্প্ৰতি আমাৰ ডেকা-গাভৰুৰপৰা আৰম্ভ কৰি বৃদ্ধ-বৃদ্ধালৈ বেছিভাগৰে মুখত এটা শাৰীৰিক সমস্যাৰ অভিযোগ শুনা যায়। সেইটো হৈছে ইউৰিক এচিডৰ সমস্যা। ই উচ্চ ৰক্তচাপ বা মধুমেহ ৰোগৰ সমান্তৰালভাৱে, অৱশ্যে কিছু ধীৰ গতিত মানুহৰ মাজত সোমাব ধৰিছে। প্ৰকৃততে ইউৰিক এচিডনো কি বা দেহত ঘটা ইয়াৰ পৰিমাণ বৃদ্ধিৰ ফলত কেনে প্ৰতিক্ৰিয়া ঘটে, সেই বিষয়ে আমি ভালকৈ নাজানিলেও কিন্তু এটা কথা জনা হৈছো যে ই এবিধ ক্ষতিকাৰক বস্তু যি খাদ্যৰ জৰিয়তে আমাৰ দেহত সংস্থাপিত হয়। ইয়াৰ ফলত শৰীৰত এনে প্ৰতিক্ৰিয়া হয় যে শাৰীৰিকভাৱে অতি পৰাক্ৰমী লোক একোজনেও এটা সময়তি চলা-ফিৰা কৰাত কষ্ট অনুভৱ কৰাই নহয়, তাৰপৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেৰে চিকিৎসকৰ ওচৰ চাপিবলৈ বাধ্য হৈ পৰে। কেৱল সেয়ে নহয়, আশু আৰোগ্য লাভৰ আশাত বহু প্ৰিয় খাদ্যও চিকিৎসকৰ উপদেশমৰ্মে এৰিব লগা হয়। ইফালে, ৰোগমুক্ত হোৱাৰ বাবে ঔষধ সেৱন আৰু খাদ্য গ্ৰহণত ব্যাপক সতৰ্কতা অৱলম্বন কৰাটোও প্ৰয়োজনীয় হৈ পৰে।
ইউৰিক এচিড হৈছে এবিধ জৈৱ-অম্ল(Organic Acid)। ইয়াৰ ৰাসায়নিক সংযুক্তি হৈছে C5H4O3N4। আমাৰ খাদ্যবিশেষত নিহিত হৈ থকা এবিধ বিশেষ উপাদানৰ ভাঙোনৰ ফলত সৃষ্ট ই এবিধ বৰ্জনীয় দ্ৰব্য। উল্লেখ্য, সকলো লোকৰে দেহত এই এচিডৰ উৎপত্তি ঘটে যদিও সকলো লোক ইয়াৰ কু-প্ৰভাৱৰ বলি হ’বলগা নহয়। তাৰ কাৰণ হৈছে উৎপাদনৰ পৰিমাণ অনুসাৰে বৃক্কই পৰিত্যাগ কৰিব নোৱৰাটো। সাধাৰণতে বিশেষ খাদ্য কিছুমানৰ বিপাকীয় কাৰ্যৰ ফলত ইয়াৰ উৎপত্তি ঘটে যদিও ইয়াৰ পৰিমাণ ০.৫০ৰ পৰা ০.৮০ শতাংশৰ ভিতৰত থাকিলে বৃক্কৰ জৰিয়তে ই সহজেই বাহিৰ ওলাই যাব পাৰে।
কিন্তু ইয়াৰ পৰিমাণ ততোধিকপ হ’লে অতিৰিক্ত ভাগ তেজৰ লগত মিহলি হৈ পৰে। অৱশ্যে তেজত এই এচিডৰ পৰিমাণ ৪-৬ মিলিগ্ৰাম/ ডেচিলিটাৰমানলৈ থাকিলে বিশেষ সমস্যাৰ উদয় নহয়। কিন্তু ৰক্তত এই এচিডৰ পৰিমাণ উক্ত সীমাতকৈ বেছি হ’লে যিবিলাকে সময়ত ভৰিৰ বুঢ়া আঙুলি, সৰু গাঁঠি, গোৰোহা আদিত সফটিকৰ ৰূপত জমা হ’বলৈ ধৰি ক্ৰমে অত্যন্ত বিষৰ উৎপত্তি ঘটায়। তেনে অৱস্থাকে চিকিৎসা বিজ্ঞানৰ ভাষাত ‘হাইপাৰ ইউৰিচেমিয়া;’ কোৱা হয়। আৰু ৰক্তত তাতকৈ বেছি পৰিমাণৰ ইউৰিক এচিড গোট খালে সিবিলাকে দেহৰ গাঁঠিয়ে গাঁঠিয়ে জমা হৈ গ্ৰন্থি বা তাৰ উদ্ৰেক ঘটাই ৰোগীৰ অৱস্থা কাহিল কৰি তোলে। এই ৰোগ অতি যন্ত্ৰণাদায়ক আৰু ৰাতিৰ ভাগত সাধাৰণতে ইয়াৰ তীব্ৰতা বেছি হোৱাৰ হেতুকে কোনো কোনো ৰোগীয়ে বিষত ছটফটাই থাকিবলগাও হয়।
দেহত ইউৰিক এচিডৰ উৎপত্তিৰ ক্ষেত্ৰত খাদ্যদ্ৰব্য কিছুমানত থকা পিউৰিণ(C5H4N4) নামৰ এবিধ উপাদানকে জগৰীয়া কৰা হয়। এই উপাদান কিছুমান বিশেষ খাদ্যত বেছি পৰিমাণে থাকে আৰু সেয়ে তেনে খাদ্য গ্ৰহণৰ পিছত বিপাকীয় –জাৰণ ঘটি ইউৰিক এচিডৰ সৃষ্টি হয় বুলি কোৱা হৈছে। লগতে অন্য কাৰকো জড়িত হ’ব পাৰে বুলি পোৱা গৈছে। যেনে- শৰীৰত কোষৰ ধ্বংস ঘটা, লিউক’মিয়া, হেম’লাইটিক এনিমিয়া ইত্যাদি।
ইবিলাকৰ উপৰি বেছি মদ্যপান, দ্ৰুত ভোজন, অসময়ত আহাৰ গ্ৰহণ, বেছি মাংস গ্ৰহণ্ব, মেদবহুলতা, অস্বাভাৱিক ওজন বৃদ্ধি আৰু কিছুমান ঔষধো ইয়াৰ উৎপত্তিৰ কাৰক হ’ব পাৰে বুলি তথ্য পোৱা গৈছে। সেয়েহে ইয়াৰ উপদ্ৰৱৰপৰা ৰক্ষা পোৱাৰ বাবে ৰক্ত পৰীক্ষা কৰাই ৰক্তত ইয়াৰ পৰিমাণ জানি লৈ চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ তথা আহাৰ গ্ৰহণৰ উপায় কৰা উচিত। সমান্তৰালভাৱে পিউৰিণসমৃদ্ধ খাদ্য গ্ৰহণতো সতৰ্কতা অৱলম্বন নিতান্তই প্ৰয়োজনীয়। কিয়নো পিউৰিণৰ ভাঙোনৰ ফলতেই ইউৰিক এচিডৰো সৃষ্টি হয়।
পথ্য:
সকলোধৰণৰ ফল-মূল, সৰকটা গাখীৰ, দৈ, কুকুৰাৰ মাংস, দাইল(মচুৰ দাইলৰ বাহিৰে), আটা, ময়দা, চিৰা, মুড়ি, ৰিফাইন তেল(কমকৈ), আদা, নৰসিংহ, জিৰা, মাছ(ঘাইকৈ সৰু)।
অপথ্য:
বেছিকৈ তেলত ভজা বস্তু, পালেং শাক, ফুল কবি, ব্ৰক’লি, মচুৰ দাইল, সাগৰীয় মাছ, ছাগলী, গৰু, গাহৰি আদিৰ মাংস। মাখন, ঘিউ, ক্ৰীম, পনীৰ আদি দ্ৰব্য, অপৰিমিত সুৰাপান, উচ্চ চেনিযুক্ত মিঠাই ইত্যাদি।
লেখক: অৰ্পণ দত্ত(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 1/17/2023