চিকিৎসা জগতত হাঁপানি বা এজমা ৰোগ সচৰাচৰ হোৱা শ্বাসতন্ত্ৰৰ ৰোগৰ ভিতৰত এক জটিল আৰু সমস্যাবহুল বুলি ক’ব পাৰি। আমি উশাহ লওঁতে নাক আৰু শ্বাসনলীৰে বায়ু(Inspired Air) হাওঁফাওঁ কোষলৈ গতি কৰে আৰু সেই ঠাইত বায়ুৰ চাপৰ পাৰ্থক্যৰ বাবে তেজৰ পৰা পৰা এঙাৰ গেছ(Carbondioxide) বায়ু কোষলৈ আৰু তাৰ পৰা অম্লজান গেছ তেজলৈ গতি কৰে। সাধাৰণতে আমি বায়ুমণ্ডলৰ পৰা অক্সিজেন গেছ তেজলৈ গতি কৰে। সাধাৰণতে আমি বায়ুমণ্ডলৰ পৰা অক্সিজেন ২০.৯৪%, কাৰ্বনডাইঅক্সাইড ০.০৪%, নাইট্ৰ’জেন ৭৯.০২%, আহৰণ কৰো বাবে উশাহ-নিশাহ লোৱাত কোনো কষ্ট অনুভৱ নকৰো। কিন্তু উক্ত ক্ৰিয়া-প্ৰতিক্ৰিয়াত কিবা কাৰণত ব্যাঘাত জন্মিলে তেজত এঙাৰ গেছৰ পৰিমাণ বৃদ্ধি পায় আৰু ফলত ব্যক্তিয়ে উশাহ লোৱাত কষ্ট অনুভৱ কৰে। ইয়াৰ মূল কাৰণ হৈছে হাওঁফাওঁলৈ যোৱা নলীপথৰ ভিতৰৰ আৱৰণখন উখহি পথ ঠেক হৈ পৰে। ৰোগীয়ে জোৰেৰে উশাহ ল’বলৈ চেষ্টা কৰিলেও ওলাই আহিবলগীয়া বতাহখিনি ওলাই অহাত বাধা পৰে। ফলত ৰোগীৰ ডিঙিৰ পৰা চেঁ চেঁ শব্দ বাহিৰ হয় আৰু ফলত থকা লোকেও শুনিবলৈ পায়। তেতিয়া ৰোগীয়ে হাঁপানি ৰোগত ভোগা বুলি ধাৰণা কৰিব পাৰি।
এই ৰোগৰ বিশেষজ্ঞ টি. জে. এইছ, ক্লাৰ্ক আৰু এছ, গোডফ্ৰৰ মতে হাঁপানি হৈছে- “Asthma is a disease characterised by wide variations over short periods of time in resistance of flow in intrapulmonary airways” ।
হাঁপানি হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে ব্যক্তিজনৰ বিশেষ কোনো উদ্বেগ, উত্তেজনা, ভয় আৰু কিছুমান এলাৰ্জিজনিত প্ৰক্ৰিয়া। এই ৰোগ শিশু কালতেই বেছিকৈ হয় যদিও কেতিয়াবা বয়সস্থ লোকৰো বেছি হয় যদিও কেতিয়াবা বয়সস্থ লোকৰো হ’ব পাৰে। ঘৰৰ ধূলি-মাকতি, ফুলৰ ৰেণু, কয়লাৰ গুড়ি আৰু ধোঁৱা, গৰু, ঘোঁৰা, মেকুৰী আদি জন্তুৰ নোম, কুঁৱলী, ধপাত, কপাহ, ঊলৰ আঁহৰ গোন্ধ আৰু বিভিন্ন গেছ শৰীৰত সোমাই এই ৰোগৰ সূচনা কৰে। কিছুমান খাদ্য যেনে- কণী, গাখীৰ, মিছামাছ, বিলাহী, বেঙেনা আদি বস্তু খালেও এনে ৰোগ হ’ব পাৰে, শ্বাসতন্ত্ৰত সঘনাই বীজাণুৱে আক্ৰমণ কৰিলেও পাছলৈ হাঁপানি ৰোগত ভুগিব পাৰে। ব্যক্তিগতভাৱে বিশেষ কোনো বস্তু শৰীৰৰ প্ৰতি বিৰোধ অৱস্থা হোৱাকে ইংৰাজীত ‘এলাৰ্জি’ বুলি কোৱা হয়। এই এলাৰ্জি শব্দটো পোনপ্ৰথমবাৰৰ বাবে এজন শিশু বিশেষজ্ঞ ‘ক্লিমেন্স ভন পিৰ্কুৱোটে’ ১৯০৬ চনত ব্যৱহাৰ কৰিছিল। এলাৰ্জি শব্দটো গ্ৰীক শব্দ Alloergon পৰা লোৱা হৈছে। এলো(Allo)ৰ অৰ্থ হ’ল বেলেগ বা সুকীয়া আৰু এৰ্গন(Ergon)ৰ অৰ্থ হৈছে কাম-কাজ বা কাৰ্যকলাপ। এলাৰ্জি নামৰ এই সুকীয়া প্ৰতিক্ৰিয়া কিয় হয়, তাৰ, কাৰণ এতিয়াও বৰ স্পষ্টকৈ ঠাৱৰ কৰিব পৰা হোৱা নাই। হিপোক্ৰেটিছ, ৰোমান দাৰ্শনিক লুক্ৰেচিয়াছ, চিকিৎসক গেলেনেও তেওঁলোকৰ লিখনিসমূহত এই অস্বাভাৱিক প্ৰতিক্ৰিয়াৰ বিষয়ে উল্লেখ কৰিছিল যদিও এই ৰোগ কিয় হয় তাক ব্যাখ্যা কৰিবপৰা নাছিল।
কেতিয়াবা শ্বাসনলীত অস্বাভাৱিক এটা শিহৰণ জাগি উঠে, যাৰ বাবে হাঁপানি ৰোগে দেখা দিয়ে। কিছুমান ঔষধেও পাৰ্শ্বক্ৰিয়া কৰি কাৰোবাৰ শৰীৰত এই ৰোগৰ লক্ষণ আনিব পাৰে। ঠাই আৰু পৰিৱেশ সলনি অনুযায়ী ইয়াৰ কাৰণ হ’ব পাৰে। বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ টনচিলৰ ৰোগ, চাইনাচাটিছৰ আৰু ব্ৰংকাইটিছত ভুগিলেও আৰু কেতিয়াবা অতিপাত পৰিশ্ৰমেও হাঁপানি ৰোগ বৃদ্ধি কৰেগ।
আজিকালি মানসিক চাপৰ কাৰণেও এই ৰোগ বৃদ্ধি হোৱা দেখা যায়। চিকিৎসকৰ মতে শতকৰা ৪০ ভাগ লোক মানসিক অশান্তিৰ বাবে হাঁপানিত আক্ৰান্ত আদিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শ্বাসনলীত প্ৰভাৱ পেলাই হাঁপানি ৰোগ সহজে সৃষ্টি কৰিব পাৰে। বংশগতভাৱেও হাঁপানি ৰোগ বিয়পাটো সৰ্বজনবিদিত। পিতৃ-মাতৃৰ গাত থকা ৰোগ কেতিয়াবা নাতি-নাতিনীৰ শৰীৰতো দেখা দিব পাৰে।
এই ৰোগৰ লক্ষণসমূহ অতি স্পষ্ট আৰু সাধাৰণ মানুহেও ধৰিব পাৰে। ৰোগ পুৰণি হ’লে ৰোগীয়ে নিজেই ইয়াৰ লক্ষণসমূহ আগতীয়াকৈ গম পায় আৰু সেইমতে নিজেই ব্যৱস্থা লয়। উশাহ লোৱাত কষ্ট পোৱাটোৱেই সৰ্বপ্ৰধম আগজাননী। বুকুখন হেঁচা মাৰি ধৰা, উশাহ জোৰেৰে ল’বলৈ চেষ্টা কৰা, শৰীৰত ঘাম ওলোৱা, অস্থিৰতা ইত্যাদি প্ৰথমে আৰম্ভ হয়। উশাহ লওঁতে সোঁ-সোঁৱনি শব্দ হয়, বহি থাকিলে কিছু আৰাম পায়। ৰোগীয়ে আনৰ সহায় লৈ ওচৰৰ চিকিৎসকৰ সহায় বিচাৰে।
হাঁপানি ৰোগৰ চিকিৎসা ঘৰতে হওক বা হস্পিটেলতে হওক, ইয়াৰ চিকিৎসা অতি জটিল আৰু সমস্যাবহুল। হাঁপানি ৰোগৰ চৰিত্ৰও বহুৰূপী, তেনেক্ষেত্ৰত ইয়াৰ ফল্প্ৰসূ চিকিৎসাৰ আঁত ধৰাও সহজ নহয়। শৰীৰৰ এই অসহনীয় অৱস্থা উপশম ঘটাবলৈ হ’লে ঘৰতে চিকিৎসা নকৰি ৰোগীক বিশেষজ্ঞৰ দ্বাৰা হস্পিটেলত চিকিৎসা কৰাটো দৰকাৰ। ৰোগ উপশম ঘটাবলৈ ‘এড্ৰিনেলিন, এন্টি এলাৰ্জি ঔষধ, অক্সিজেন, এন্টিবায়’টিক, ষ্টেৰয়ড’ আদিৰো দৰকাৰ হ’ব পাৰে যদিও সেয়া সদায়েই সাময়িক প্ৰতিৰোধৰ ব্যৱস্থাহে। এই ৰোগত বেছিদিন ভুগিলে আৰু সময়মতে চিকিৎসা নকৰিলে হাওঁফাওঁৰ ৰোগত ভুগি হৃদপিণ্ডত চাপ পৰি হাঁপানিৰ লগতে বিভিন্ন জটিল ৰোগত ৰোগী আক্ৰান্ত হোৱা দেখা যায়।
যিহেতু এই ৰোগৰ কোনো চিৰস্থায়ী চিকিৎসা ব্যৱস্থা নাই, গতিকে প্ৰতিৰোধেই ইয়াৰ প্ৰকৃত উপায়। হাঁপানি প্ৰতিৰোধৰ কাৰণে সুখ-দুখ, পাৰিবাৰিক সমস্যা, বতৰৰ তাৰতম্য আদি সকলো অৱস্থাতেই এক সমতাযুক্ত পৰিৱেশ আৰু মনোভাব গঢ়ি তোলা উচিত। ধূলি-মাকতি, কলকাৰখানাৰ পৰা পোলোৱা ধোঁৱা, গোন্ধ, ফুলৰ ৰেণু, চিগাৰেটৰ ধোঁৱা, চেঁচা বতাহ, সুগন্ধি স্প্ৰে, নোম থকা জন্তু, বতৰ পৰিৱৰ্তন আদিৰ পৰা আঁতৰত থকা দৰকাৰ। তেনে ব্যক্তিয়ে যিবোৰ খাদ্যৰ পৰা তেনে ৰোগ উদ্ভৱ হোৱা যেন অনুভৱ কৰে বা হোৱাৰ সম্ভাৱনা থাকে, সেইবাৰ বৰ্জন কৰা উচিত। ডিঙিৰ বিষ, পানীলগা, জ্বৰ-কাহ হ’লে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা কৰিব লাগে। চিকিৎসকৰ পৰামৰ্শ মতে হাওঁফাওঁৰ ব্যায়াম(Breathing exercise) উপকাৰী। ঘৰৰ পৰিৱেশ পৰিষ্কাৰ আৰু সেমেকা নোহোৱাকৈ ৰাখিব লাগে। শোৱা কোঠাত চেঁচা বতাহ, ধোঁৱা আদি নহাকৈ ৰাখিব পাৰিলে ৰোগীয়ে আৰামদায়কভাৱে থাকিব পাৰে। বৰ্তমান হাঁপানি ৰোগৰ প্ৰতিষেধক বেজি উদ্ভাৱন হৈছে যদিও ই এতিয়াও ফলপ্ৰসূ হোৱাগৈ নাই। যিহেতু ব্যক্তি বিশেষে হাঁপানি ৰোগৰ কাৰণসমূহ বেলেগ বেলেগ, গতিকে ফলদায়ক ঔষধ তৈয়াৰ কৰাও সহজ নহয়। গতিকে ৰোগীয়ে ৰোগ আক্ৰমণৰ সময়ত খোৱা আহাৰ, পৰিৱেশ, বতৰৰ তাৰতম্য আদিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ কাৰনসমূহ উলিয়াই নিজে সাৱধানতা অৱলম্বন কৰি লাগে। মুখেৰে খোৱা ঔষধৰ উপৰি মাজে সময়ে মুখেৰে উশাহৰ লগত শুহি লোৱা ঔষধ, ‘পাম্প ইনহেলাৰ’(Pump inhaler) ব্যৱহাৰ কৰিবলৈ চিকিৎসকসকলে পৰামৰ্শ দিছে। ৰোগীৰ বাবে এই পদ্ধতি বেছি দ্ৰুত, সুৰক্ষিত, ফলদায়ক, আৰামদায়ক আৰু যেতিয়াই দৰকাৰ হয় তেতিয়াই ব্যৱহাৰ কৰিব পাৰে। গতিকে সতৰ্কতা আৰু প্ৰতিৰোধেই হাঁপানি ৰোগৰ প্ৰকৃত চিকিৎসা। লুই পাষ্টুৰে(Louis Pasteur) কৈছিল “When meditating over a disease I never think of finding a remedy for it but, instead a means of preventing it” ।
লেখক: ডাঃ ধ্ৰুৱজ্যোতি দাস(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 8/31/2023