আমাৰ দেশৰ বুকু আৰু পেটক পৃথক পৃথক কৰি ৰখা এটুকুৰা লাহী,পাতল মাংসপেশী আছে।এই মাংসপেশীক ডায়েফ্ৰাম (Diaphragm)বোলা হয়।আমি উশাহ নিশাহ লওঁতে এই ডায়েফ্ৰামে কমাৰশালৰ ভাতীৰ দৰে কাম কৰে।কেতিয়াবা হঠাৎ ডায়েফ্ৰাম সংকুচিত হয়।তেতিয়া স্বৰতন্ত্ৰ(Vocal Cord) ০.২৫ ছেকেণ্ডৰ কাৰণে বন্ধ হৈ যায় আৰু লগে লগে এটা ‘হিক’শব্দ ওলায়।এয়াই হ’ল হিঁকটি।
১/হঠাৎ কাহ উঠিলে।
২/মুখেৰে যদি কিবা কাৰণবশত: বেছি বায়ু সোমাই যায়।
৩/খুব লৰালৰিকৈ খাদ্য খালে
৪/কেতিয়াবা ভয়,সংকোচ,উত্তেজনা অথবা অপ্ৰত্যাশিত আনন্দৰ বাবে
৫/শুকান ব্ৰেড,ৰুটী আৰু মছলাযুক্ত খাদ্য খালে আৰু
৬/কেতিয়াবা লগ-সমনীয়া বা পৰিয়ালৰ লগত হাঁহি-ধেমালি কৰি থাকোতে।
পিচে শুনি আচৰিত হ’ব হিঁকটিৰ বাবেই বিশ্ববিখ্যাত হৈ পৰা লোকৰো সংখ্যা কম নহয়।আমি মাত্ৰ কেইটামান উদাহৰণহে দিব খুজিছো।
আমেৰিকাৰ নাগৰিক ছাৰ্লছ অ’ছবৰ্নে ১৯২২ চনৰ পৰা ১৯৯০ চনৰ ফেব্ৰুৱাৰী মাহলৈ অৰ্থাৎ সুদীৰ্ঘ ৬৮ বছৰ কাল হিঁকটিয়াই আছিল আৰু তাৰ বাবেই গীনিজ ৱৰ্লড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছিল।হিঁকটিত ভুগিলেও তেওঁ দৈনন্দিন নিজৰ কৰিবলগীয়া কৰ্মবোৰ কৰি গৈছিল আৰু ১৯৯১ চনত হিঁকটি লগত লৈয়েই তেওঁ জীৱন নাট সামৰিছিল।
দ্বিতীয়গৰাকী আমেৰিকাৰ কম বয়সীয়া ছোৱালী জেনিফাৰ মী।তেওঁ ২০০৭ চনত হিঁকটিত আক্ৰান্ত হৈ প্ৰতি মিনিটত ৫০ বাৰ হিঁকটিয়াইছিল আৰু পাঁচ সপ্তাহ ভুগি আৰোগ্য হৈ উঠিছিল।
ব্ৰিটেইনৰ নাগৰিক ক্ৰিষ্টোফাৰ ছেণ্ডছ নামৰ এগৰাকী লোকে ২০০৭ চনৰ ফেব্ৰুৱাৰী পৰা ২০০৯ চনৰ মে’মাহলৈ ১০ মিলিয়নবাৰ হিঁকটিয়াইছিল।তেওঁৰ এনে অৱস্থা হৈছিল যে তেওঁ ভালদৰে খাবও নোৱাৰিছিল,শুবও নোৱাৰিছিল।পিচত চিকিৎসকৰ কাষ চপাত পৰীক্ষাত ধৰা পৰিল তেওঁৰ মগজুত এটা টিউমাৰ হৈছে আৰু এই টিউমাৰে মগজুৰ স্নায়ুসমুহত হেঁচা দিয়াৰ ফলত দুই মিনিটৰ মুৰে মুৰে হিঁকটিয়াইছিল।২০০৯ চনৰ মে’ মাহত মগজুৰ অস্ত্ৰোপচাৰ কৰি টিউমাৰ বাহিৰ কৰাত হিঁকটি বন্ধ হৈছিল।
১/লৰালৰিকৈ গিলাচেৰে পানী খাওক যাতে বাহিৰৰ পৰা বায়ু প্ৰৱেশ কৰিব নোৱাৰে।
২/উশাহ বন্ধ কৰি ৰাখক যেতিয়ালৈ হিঁকটি বন্ধ নহয়।এবাৰত নহ’লে তিনি-চাৰিবাৰ কৰক।হিঁকটি বন্ধ হৈ যাব।এনে কৰাৰ কাৰণ হ’ল দেহৰ ৰক্তত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা আৰু অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰা।
লেখক:ড° পৱিত্ৰ কুমাৰ পাটোৱাৰী (দেওবৰীয়া সম্ভাৰ)