জন্মৰ পিছৰপৰাই মানুহে গাখীৰ খায়। প্ৰথমে মাকৰ গাখীৰ, তাৰ পিছত গৰু-ম’হ-ছাগলী আদিৰ গাখীৰ। বেছিভাগৰেই গাখীৰ খালে কোনো সমস্যা নহয়। কিন্তু কিছুসংখ্যকৰ গাখীৰ খালে সমস্যা হয়। তেওঁলোকৰ অন্ত্ৰত গাখীৰৰ প্ৰতি অসহন থাকে। আনকি দুগ্ধজাত খাদ্যও সহজে হজম নহয়। সাধাৰণতে গাখীৰ সহজ পাচ্য আৰু পুষ্টিকৰ। যিসকলৰ গাখীৰৰ প্ৰতি অসহন আছে, তেওঁলোক এইবিধ খাদ্যৰ পৰা বঞ্চিত হ’বলগীয়া হয়। প্ৰকৃততে অৱশ্যে গাখীৰত থকা লেক্টোজৰ প্ৰতিহে অসহন হয়; বাকী উপাদানৰ প্ৰতি নহয়। লেক্টোজ গাখীৰ আৰু দুগ্ধজাত খাদ্যত থকা প্ৰাকৃতিক চেনি। এই লেক্টোজ পাচনত সহায় কৰে লেক্টেজ নামৰ পাচক ৰসে। যিসকলৰ অন্ত্ৰত এইবিধ পাচক ৰসৰ অভাৱ হয়, তেওঁলোকে লেক্টোজ (তথা গাখীৰ) হজম কৰিব নোৱাৰে। লেক্টেজ পাচক ৰস থাকে ক্ষুদ্ৰান্ত্ৰৰ আৱৰণীৰ কোষত। শিশুৰ অন্ত্ৰৰ আৱৰণীত সাধাৰণতে যথেষ্ট পৰিমাণৰ লেক্টেজ থাকে। বয়স বঢ়াৰ লগে লগে লেক্টেজৰ মাত্ৰা হ্ৰাস হয়।
লেক্টোজৰ পাচন হয় ক্ষুদ্ৰান্ত্ৰত-য’ত লেক্টেজ পাচক ৰস থাকে। যদি লেক্টেজ নাথাকে বা মাত্ৰাত কম হয়, তেনেহ’লে গাখীৰ (তথা লেক্টোজ) হজম নোহোৱাকৈ মলাশয় পায়গৈ। তাত থকা বেক্টেৰিয়াই লেক্টোজ কাৰ্বন-ডাই-অক্সাইড, হাইড্ৰজেন আৰু পানীলৈ ৰূপান্তৰিত কৰে। ইয়াৰ ফলতেই দুগ্ধ অসহনৰ লক্ষণসমূহ দেখা যায়। লক্ষণসমূহ সাধাৰণতে গাখীৰ খোৱাৰ আধা ঘন্টাৰ পৰা দুঘন্টাৰ ভিতৰত দেখা যায়। লক্ষণসমূহ হ’ল পেটৰ বিষ, পেট উখহা, অত্যাধিক উগাৰ, অত্যাধিক বায়ু নিৰ্গমন আৰু পেট চলা।
দুগ্ধ অসহন (প্ৰকৃততে লেক্টোজ অসহন) তিনি প্ৰকাৰৰ হ’ব পাৰে-
১) লেক্টেজৰ প্ৰাথমিক নূন্যতা: এনে অৱস্থা কাচিৎহে হয়। কিছুমান শিশুৰ জন্মৰপৰাই লেক্টেজ নূন্যতা বা শূণ্যতা দেখা যায়।
২) লেক্টেজৰ গৌণ নূন্যতা: বেছিভাগ শিশু আৰু প্ৰাপ্তবয়স্কৰ দুগ্ধ অসহনৰ কাৰণে লেক্টেজৰ গৌণ নূন্যতা। বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱি আদিৰ সংক্ৰমণৰ ফলত পেট চলা হ’লে, প্ৰদাহ হ’লে, গ্লুটেন অসহন হ’লে অন্ত্ৰৰ আৱৰণীৰ কোষবোৰ ধ্বংসপ্ৰাপ্ত আৰু লেক্টেজৰ উৎপাদন হ্ৰাস বা নাইকিয়া হয়। অৱশ্যে কাৰকসমূহ নিৰ্মূল কৰিলে লেক্টজৰ উৎপাদন পুনৰ আৰম্ভ হয় আৰু অসহনো নাইকিয়া হয়।
৩) আৰ্জিত লেক্টেজ নূন্যতা: বয়স বঢ়াৰ লগে লগে কিছু সংখ্যক মানুহৰ ক্ষুদ্ৰান্তত লেক্টেজৰ উৎপাদন হ্ৰাস পায় আৰু দুগ্ধ অসহনৰ সৃষ্টি হয়।
অন্য কিছুমান কাৰণতো অসহন হ’ব পাৰে। যেনে- অকালতে জন্ম হোৱা কেঁচুৱাৰ দুগ্ধ অসহন, ক্ষুদ্ৰান্তৰ অস্ত্ৰোপচাৰৰ ফলত হোৱা দুগ্ধ অসহন।
এই ব্যাধি হ’লে গাখীৰ আৰু দুগ্ধজাত খাদ্য পৰিহাৰ কৰিব লাগিব। অৱশ্যে বহুতেই দৈ আৰু পনীৰ সহ্য কৰিব পাৰে। গাখীৰৰ পৰিৱৰ্তে ছ’য়া গাখীৰ, ছাগলীৰ গাখীৰ আদি খাব পাৰে। সম্প্ৰতি দুগ্ধ অসহনৰ চিকিৎসাৰ বাবে লেক্টেজ পাচক ৰসৰ ঔষধ পোৱা যায়। টোপাল বা বড়ি হিচাপে এই ঔষধ খুৱাব পাৰি। গাখীৰ বা দুগ্ধজাত খাদ্য খোৱাৰ সময়তে এই ঔষধ খাব লাগিব। দুগ্ধ অসহনত ভোগা ব্যক্তিয়ে গাখীৰ আৰু দুগ্ধজাত খাদ্যৰ মাত্ৰা হ্ৰাস কৰি চাব পাৰে। এনে কৰিলে দুগ্ধ অসহনৰ লাহে লাহে উপশম হ’ব পাৰে। তদুপৰি খালী গাখীৰ নাখাই অইন খাদ্যৰ লগত খালেও দুগ্ধ অসহন হ্ৰাস পাব পাৰে। ঘন গাখীৰ, কটেজ চীজ আৰু আইচক্ৰীম সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব লাগিব।
লেক্টেজ উৎপাদক প্ৰ’বায়টিক খালেও দুগ্ধ অসহন হ্ৰাস পাব পাৰে। ভিটামিন ডি আৰু কেলচিয়ামৰ সম্পূৰক দৰব খালেও সুফল পাব পাৰে। কেলচিয়ামযুক্ত, যেনে-ব্ৰক’লি, পালেং, বীন, ছ’য়া, গাখীৰ, ছেলমেন আদি খাব পাৰে।
থোৰতে কেইটিমান মনত ৰাখিবলগীয়া কথা-
শেহতীয়া উন্নীতকৰণ: : 7/18/2020