হৃদযন্ত্ৰ্লৈ তেজ পৰিবহন কৰা ধমনী সৰু হৈ গ’লে বা চৰ্বি বা তেজ গোট মাৰি(প্লাক) হৃদযন্ত্ৰলৈ তেজৰ চলাচলত ব্যাঘাত জন্মিলে তাক কৰোনাৰী আৰ্টাৰী ডিজিজ বুলি কোৱা হয়| মগজুলৈ তেজ পৰিবহন কৰা ধমনী আমাৰ কান্ধৰ ওচৰত থাকে আৰু তাক কেৰোটিড আৰ্টাৰী বুলি কোৱা হয়| কেৰোটিড আৰ্টাৰীৰে তেজৰ চলাচলত ব্যাঘাত জন্মিলে তাক কোৱা হয় কেৰোটিড আৰ্টাৰী ডিজিজ| ঠিক একেদৰে হৃদযন্ত্ৰ আৰু মগজুৰ বাদে শৰীৰৰ প্ৰান্তস্থ ঠাইবোৰলৈ তেজ সৰবৰাহ কৰা যিবোৰ ধমনী আছে সেইবোৰত প্লাক জমা হৈ তেজৰ সৰবৰাহত ব্যাঘাত জন্মিলে যি অসুস্থতাৰ সৃষ্টি হয় তাক কোৱা হয় পেৰিফেৰেল আৰ্টাৰী ডিজিজ|এই ধমনীবিলাকেৰে তেজৰ সৰবৰাহ বন্ধ হ’লে আমাৰ বৃক্ক ,পাকস্থলী,হাত আৰু ভৰিৰ পতালৈ তেজৰ স্বাভাৱিক চলাচল বন্ধ হয় | এই ক্ষেত্ৰত সময়মতে চিকিৎসা গ্ৰহণ নকৰিলে হাত-ভৰি কাটি বাদ দিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়|
এই সমস্যাৰ চিকাৰ হ’লে আৰম্ভ্ণিতে হাত-ভৰিৰ জোৰ নোহোৱা হোৱা,মাজে মাজে জিন-জিননি,টানি ধৰা,চলা-ফুৰা কৰিবলৈ অনীহা আৰু ভৰি গধুৰ গধুৰ লগা,কাম-কাজ কৰাৰ সময়ত ভৰি-কঁকালত যন্ত্ৰণা ইত্যাদি| সাধাৰণ কাম-কাজ বন্ধ কৰি৮লে এই সমস্যাবিলাক আৰু নোহোৱাও হৈ যায়|বৃক্কৰ ধমনীত তেজৰ সৰবৰাহত বাধা পালে হঠাৎ ৰক্তচাপ বৃদ্ধি পায়,ঔষধ গ্ৰহণ কৰাৰ পিছতো তাক নিয়ন্ত্ৰণলৈ আনিব নোৱাৰি| এই ক্ষেত্ৰত বিপদজনক কথাটো হ’ল- শেষত বৃক্কৰ কাৰ্যক্ষমতা নোহোৱা হৈ পৰে|মনত ৰাখিবলগীয়া কথাটো হ’ল ৰক্তবাহী ধমনীৰ কোনো ক্ষতি নোহোৱা সত্বেও বহু সময়ত সিৰামুৰি ধৰিলে তেজৰ চলাচলত বহু সময়ত সাময়িকভাৱে সমস্যাই দেখা দিয়ে| এই ক্ষেত্ৰত ইয়াক ফাংচনেল পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ ব্বুলি কোৱা হয়| কিন্তু আভ্যন্তৰীণ বিকাৰ জনিত কাৰণত এই ধমনীবোৰেৰে তেজৰ স্বাভাৱিক চলাচলত বাধা জন্মোলে তাক আৰ্গেনিক পেৰিফেৰেল ভাস্কুলাৰ ডিজিজ বুলি কোৱা হয়|
কাৰোনাৰী বা কেৰোটিড আৰ্টাৰীত যেনেদৰে চৰ্বি জমা হয়(চিকিৎসা বিজ্ঞানৰ ভাষাত এথেৰোস্কে্লৰোছিছ)ঠিক একেদৰেই পেৰিফেৰেল আৰ্টাৰীতো চৰ্বি জমা হৈ বৃক্ক,পাকস্থলী,হাত,ভৰি আদিলৈ তেজৰ স্বাভাৱিক চলাচল বাধাগ্ৰস্ত হয়|এই ধৰণৰ সমস্যাৰ ক্ষেত্ৰত ৰোগীক প্ৰথমে জীৱন যাত্ৰা সলনি কৰি ঔষধৰ জৰিঅয়তে চিকিৎসা কৰা হয়| ধূমপান বন্ধ কৰা,ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা,কম তেল-মছলাযুঅক্ত খাদ্য গ্ৰহণৰ পৰামৰ্শ দিয়া হয়,যাতে কলেষ্টৰল নিয়ন্ত্ৰণত থাকে| বহুক্ষেত্ৰত চিকিৎসকে এঞ্জিঅ’প্লাষ্টী নাম্ৰ চিকিৎসা পদ্ধতিৰ জৰিয়তে তেজৰ চলাচল পুনৰ স্বাভাৱিক কৰি তোলে|কিন্তু এঞ্জিঅ’প্লাষ্টী হৈছে চিকিৎসাৰ পদ্ধতি এটা মাত্ৰ|তেজ চলাচলত বাধা জন্মা এই জটিল সমস্যাটো এই পদ্ধতিৰে স্বাভাৱিক কৰা হয় যদিও এইদৰে তেজৰ চলাচলত বাধা জন্মা ধাৰাটো যদি অব্যাহত থাকে তেন্তে এই সমস্যাৰ পৰা ৰক্ষা পোৱাৰ উপায় হৈছে জীৱন ধাৰাৰ মান নিয়ন্ত্ৰণত ৰখা|
উৎস: দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 1/10/2023