অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰস্ৰাৱৰ পোৰণি

প্ৰস্ৰাৱৰ পোৰণি

কাৰণ আৰু কৰণীয়

শৰীৰৰ গঠনকাৰী কোষবোৰৰ বিভিন্ন ক্ৰিয়া-বিক্ৰিয়াৰ ফলত উৎপন্ন বৰ্জনীয় পদাৰ্থ মিহলি পানীভাগক বৃক্ক নামৰ অংগ দুটাৰে মূত্ৰতন্ত্ৰৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ লৈ যায়। এই বৰ্জনীয় পদাৰ্থপূৰ্ণ পানীভাগকে মূত্ৰ বা প্ৰস্ৰাৱ বোলে। মূত্ৰ তৈয়াৰ আৰু নিষ্কাসন প্ৰক্ৰিয়াত বৃক্ক দুটাৰ উপৰি দুডালকে বৃক্ক আৰু মূত্ৰাশয় সংযোগী নলী, যাক ইউৰেটাৰ নামকৰণ কৰা হৈছে, উৎপন্ন মূত্ৰ জমা হোৱা বাবে মূত্ৰাশয় নামেৰে এখন মোনা আৰু মূত্ৰাশয়ত জমা হোৱা মূত্ৰখিনি শৰীৰৰ পৰা বাহিৰ হৈ যাব পৰাকৈ এডাল মূত্ৰনলীৰে মানুহৰ মূত্ৰ তন্ত্ৰটি গঠ হৈছে। বৰ্জনীয় পদাৰ্থযুক্ত যদিও স্বাভাৱিক অৱস্থাত প্ৰস্ৰাৱ বিষাক্ত নহয়। সেয়ে মূত্ৰ ত্যাগ বা প্ৰস্ৰাৱ কৰা প্ৰক্ৰিয়া কোনো ধৰণৰ অস্বাভাৱিক অনুভূতি নথকা এক কষ্টহীন প্ৰক্ৰিয়া। যদিহে মূত্ৰত্যাগৰ স’তে পীড়াদায়ক অনুভূতি, যেনে-জ্বলা-পোৰা আদি জড়িত থাকে, তেন্তে ই অৱধাৰিতভাৱে শৰীৰৰ কোনো অস্বাভাৱিকতা বা ৰোগলৈ আঙুলিয়ায়।

সৰহভাগ ক্ষেত্ৰতে অস্বস্তিকৰ অনুভূতিযুক্ত পীড়াদায়ক প্ৰস্ৰাৱৰ অনুভূতিযুক্ত পীড়াদায়ক প্ৰস্ৰাৱৰ মূল কাৰণ হ’ল বৃক্কৰ পৰা মূত্ৰনলীলৈকে মূত্ৰতন্ত্ৰৰ কোনো অংশত হোৱা সংক্ৰমণ। মূত্ৰতন্ত্ৰত হোৱা সংক্ৰমণ মানুহৰ শৰীৰৰ দ্বিতীয় সৰ্বাধিক হোৱা সংক্ৰমণ। ই বেক্টেৰিয়াজনিত, ভাইৰাছজনিত বা ভেঁকুৰজনিত হ’ব পাৰে। মূত্ৰতন্ত্ৰৰ সংক্ৰমণ হ’লে প্ৰস্ৰাৱৰ অস্বস্তিকৰ লগতে কঁপনি, জ্বৰ, বমি বা বমি ভাব পেটৰ বিষ আদি থাকিব পাৰে। মূত্ৰতন্ত্ৰৰ সংক্ৰমণ হোৱা অংশৰ অৱস্থিতি অনুসৰি পেটৰ বিষ ভিন্ন ঠাইত হ’ব পাৰে। মূত্ৰতন্ত্ৰৰ সংক্ৰমণৰ হাৰ মধুমেহত আক্ৰান্ত ব্যক্তিসকলৰ ক্ষেত্ৰত আৰু পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি হয়। ইক’লাই নামৰ বেক্টেৰিয়াবিধে ৭৫ শতাংশ সংক্ৰমণ ঘটায়। তদুপৰি প্ৰ’টিয়াছ, ছিউডোম’নাছ, ক্লেবচিলা, ষ্টেফাইলোকক্কাই বা ষ্ট্ৰেপ্ট’কক্কাই আদি বেক্টেৰিয়াই মূত্ৰতন্ত্ৰৰ সংক্ৰমণ কৰিব পাৰে। ছিষ্টোচ’মিয়াছিছ নামৰ পৰজীৱিজনিত ৰোগতো প্ৰস্ৰাৱৰ সময়ত অস্বস্তি অনুভূত হয়। ক্লেমাইডিয়া নামৰ অণুজীৱবিধেও মূত্ৰনলীৰ সংক্ৰমণ কৰি প্ৰস্ৰাৱৰ পোৰণি কৰে। এই সংক্ৰমণসমূহে প্ৰস্ৰাৱৰ স্বাভাৱিক অম্লতাৰ পৰিৱৰ্তন কৰে। বীজাণুৱে প্ৰদাহ কৰাৰ উপৰি এই পৰিৱৰ্তিত অম্লতাযুক্ত প্ৰস্ৰাৱে মূত্ৰতন্ত্ৰৰ ভিতৰৰ বেৰৰ কোষসমূহত অস্বস্তিকৰ অনুভূতিৰ সৃষ্টি কৰে, যাৰ ফলত পোৰণি বা বিষ হয়। মূত্ৰতন্ত্ৰৰ বিভিন্ন অংশত হ’ব পৰা পাথৰ প্ৰস্ৰাৱৰ পীড়া আৰু পোৰণিৰ অন্যতম কাৰণ। মূত্ৰতন্ত্ৰৰ পাথৰ বুলিলে কেলচিয়াম, ফছফেট, অক্‌জেলেট আদি লগ লাগি সৃষ্টি কৰা গোটা, কঠিন টুকুৰাসমূহকে বুজা হয়। বৃক্কত উৎপন্ন হোৱা এই পাথৰবোৰ ইউৰেটাৰ আৰু মূত্ৰনলীয়েদি ওলাই আহোতে পাথৰবোৰৰ জোঙা অংশবোৰে নলীৰ বেৰত আঁচোৰাৰ দৰে আঘাত কৰে। এই আঁচোৰজনিত আঘাত স্পৰ্শ কৰি প্ৰস্ৰাৱ বাহিৰলৈ আহোতে পোৰণি আৰু পীড়াৰ সৃষ্টি কৰে। প্ৰস্ৰাৱৰ পোৰণি আৰু পীড়া কৰ্কট ৰোগৰ দৰে ৰোগৰো লক্ষণ হ’ব পাৰে। মূত্ৰাশয় বা মূত্ৰনলীৰ কৰ্কট ৰোগ বা পুৰুষৰ ক্ষেত্ৰত প্ৰ’টেষ্ট গ্ৰন্থিৰ কৰ্কট ৰোগত এনে অসুবিধা দেখা যায়।

মূত্ৰতন্ত্ৰৰ বাদে পুৰুষ আৰু মহিলাৰ জননাংগৰ বিভিন্ন অসুখে প্ৰস্ৰাৱৰ পোৰণি আৰু পীড়া কৰিব পাৰে। মহিলাৰ জননাংগৰ সংক্ৰমণৰ ফলত হোৱা ভাল্‌ভোৱেজাইনাইটিছ প্ৰস্ৰাৱৰ পোৰণিৰ এক অন্যতম কাৰণ। ভাল্‌ভোৱেজাইনাইটিছৰ ফলত হোৱা প্ৰস্ৰাৱৰ পোৰণিৰ লগত খজুৱতি আৰু বগা স্ৰাৱ থকা দেখা যায়। জৰায়ুৰ এক ৰোগ এণ্ডোমেট্ৰিঅ’ছিছেও প্ৰস্ৰাৱৰ অস্বস্তি কৰিব পাৰে। মহিলাৰ ৰজোনিবৃত্তিৰ সময়ত হোৱা যৌনাংগৰ ক্ষয়ীভৱনৰ বাবে প্ৰস্ৰাৱৰ পোৰণিৰ লগতে শাৰিৰীক সম্পৰ্কৰ সময়ত কষ্ট পোৱা যায়। কেণ্ডিডা আদি ভেঁকুৰে কৰা মহিলাৰ জননাংগৰ ভেঁকুৰজনিত ৰোগত যৌনাংগৰ খজুৱতি, জ্বলন আৰু ফুলি উঠাৰ লগতে প্ৰস্ৰাৱৰ সময়তো কষ্ট পোৱা যায়। পি আই ডি বা ‘তলপেটৰ প্ৰদাহী ৰোগ’ প্ৰস্ৰাৱৰ পোৰণি আৰু পীড়া কৰা অন্য এক ৰোগ, য’ত প্ৰস্ৰাৱৰ পোৰণিৰ স’তে তলপেটৰ বিষো থাকে। পুৰুষৰ ক্ষেত্ৰত প্ৰ’টেষ্ট গ্ৰন্থিৰ বিভিন্ন ৰোগ, যেনে- প্ৰষ্টেটাইটিহছ, কৰ্কট বা প্ৰটেষ্ট গ্ৰন্থি ডাঙৰ হোৱা বাবেও প্ৰস্ৰাৱত বিভিন্ন অসুবিধা আৰু পোৰণি হ’ব পাৰে। অণ্ডকোষৰ ভাইৰাছজনিত বা বেক্টেৰিয়াজনিত সংক্ৰমণৰ ফলত হোৱা ‘অৰ্কাইটিছ’ ৰোগৰ বাবে বা অণ্ডকোষৰ ঠিক পাছৰ অংশত লাগি থকা এপিডিডাইমিছৰ সংক্ৰমণৰ ফলত হোৱা ‘এপিডিডাইমিছ’ ৰোগত হোৱা প্ৰদাহৰ বাবে প্ৰস্ৰাৱৰ পোৰণি হোৱা দেখা যায়। মূত্ৰনলীৰ ফুটা সৰু হৈ গ’লেও মূত্ৰ নিষ্কাসনত অসুবিধা আৰু পীড়া হ’ব পাৰে। ই আঘাতজনিত, সংক্ৰমণজনিত বা জন্মগত হ’ব পাৰে। মহিলাতকৈ পুৰুষৰ ক্ষেত্ৰত ইয়াৰ হাৰ বেছি হয়। প্ৰস্ৰাৱৰ পোৰণি প্ৰতিৰোধৰ বাবে আমি কিছুমান সাৱধানতামূলক ব্যৱস্থা ল’ব পাৰো, যিয়ে সংক্ৰমণ তথা পাথৰ হোৱাৰ সম্ভাৱনা কমাব পাৰে। প্ৰথমতে পানী প্ৰচুৰ পৰিমাণে খাব লাগে, যাতে নিয়মিত সময়ৰ ব্যৱধানত মূত্ৰ নিষ্কাসন হৈ থাকে। প্ৰস্ৰাৱ কেতিয়াও বেছি সময় ধৰি জোৰকৈ নকৰাকৈ থাকিব নালাগে, ইয়ে অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰাৰ লগতে ওভোতামুখে, অৰ্থাৎ বৃক্কৰ দিশত গতি কৰাব পাৰে। শুবলৈ যোৱাৰ আগে আগে আৰু যৌন সম্পৰ্কৰ পিছত ভালদৰে প্ৰস্ৰাৱ কৰা অপৰিহাৰ্য। বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত ই অধিক প্ৰয়োজনীয়, কিয়নো তুলনামূলকভাৱে চুটি মূত্ৰনলী আৰু মূত্ৰ-জননাংগৰ বিশেষ গঠনৰ বাবে মহিলাৰ এনে সমস্যা পুৰুষতকৈ বেছিকৈ হয়। ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্চন্নতা সৰ্বস্তৰতে বৰ্তাই ৰাখিবলৈ যত্ন কৰিব লাগে। প্ৰস্ৰাৱৰ পাথৰ হোৱাৰ নজিৰ থাকিলে কচু, বন্ধাকবি, চূণ আদিৰ লগতে চিকিৎসকে পৰামৰ্শ কৰা অন্যান্য খাদ্যসমূহ এৰাই চলাই ভাল। পোৰণি বা পীড়াই অসুবিধা দি থাকিলে চিকিৎসকৰ স’তে পৰামৰ্শ কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সংক্ৰমণৰ কাৰণে হোৱা পোৰণি উপযুক্ত প্ৰতিজৈৱিক ঔষধ ব্যৱহাৰৰ দ্বাৰা সহজেই কমাব পাৰি। চিকিৎসকে পৰামৰ্শ কৰা ঔষধ সদায় সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিব লাগে; পোৰণি নোহোৱা হোৱাৰ লগে লগে ঔষধৰ ব্যৱহাৰো বন্ধ কৰিব নালাগে।

লিখক: ডা: ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate