অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বতৰ পৰিবৰ্তনৰ ফলত হোৱা অসুখ-বিসুখ

বিৱৰণ

শীত আৰু বসন্ত ঋতু সকলোৰে মৰমৰ। ন-ফুল, পাতে চাৰিওফালে জাতিষ্কাৰ হৈ উঠে বসন্তত। শীতত শুকান হৈ পৰা প্রকৃতি কোমল কুঁহিপাতৰ আৰু বসন্তৰ মাজৰ পৰিবৰ্তিত বতৰ।

এই সময়ত ঠাণ্ডাৰ পৰা গৰমৰ দিনবোৰৰ আগমন ঘটে। ক্রমে শীতকাল পাৰ হৈ চাৰিওফালে এক ধূলিয়ৰি পৰিবেশৰ সৃষ্টি হয়। পছোৱা বতাহ বলে। গছৰ পাত, ধূলি-মাকতিৰ লগতে কিছুমান ৰোগৰ বীজাণু বতাহত উৰি ফুৰে। বিভিন্ন পানীৰ উৎস যেনে—কুঁৱা, পুখুৰী, নদী, জান-জুৰি আৰু অন্যান্য জলাশয়বোৰৰ পানীৰ পৰিমাণ কমিবলৈ ধৰে বা কমি যায়। এনে পানীৰ উৎসবোৰত গছৰ পাত পৰে। লগতে বন্ধ পানীৰ উৎসবোৰ মানুহে গা ধোৱা, কাপোৰ ধোৱা আদিবোৰ কামত বাৰে বাৰে ব্যৱহাৰ কৰিলে আৰু অন্যান্য জীৱ-জন্তুবোৰে তেনে পানীত নামিলে তেনে পানী সাংঘাটিক ধৰণেৰে দূষিত হৈ পৰে। আকৌ এনে সময়ছোৱাত বতাহত বহু উদ্ভিদৰ ফল-মূলৰ ৰেণু উৰি ফুৰে। বতাহৰ, পানীৰ আৰু বায়ুমণ্ডলৰ এনে দূষিত আৰু অস্বাভাৱিক প্ৰক্ৰিয়াৰ ফলত সেয়ে এই সময়ছোৱাত মানুহ আৰু অন্যান্য বহু জীৱ-জন্তু কিছুমান ৰোগৰ বাবে সহজে উন্মুক্ত হৈ পৰে।

দুষিত পানীৰ বাবে

দুষিত পানীৰ বাবে এই সময়ছোৱাত পানীৰ সৈতে জড়িত ৰোগবোৰ হ’ব পাৰে। দূষিত পানীৰ সেরনে বিশেষকৈ খাদ্যনলীত ৰোগৰ সৃষ্টি কৰিব পাৰে। তাৰ ভিতৰত পনীয়া শৌচ (ডায়েৰীয়া), শৌচত বিজল বা তেজ বা দুয়োটাই পৰা (ডিচেষ্ট্ৰী), যকৃতৰ বীজাণুৰ আক্রমণ যেনে— হেপাটাইটিচ এ, হেপাটাইটিচহ ৰোগসমূহ। লিভাৰত ৰোগৰ আক্ৰমণৰ বাবে জণ্ডিচ হ'ব পাৰে। ইয়াৰ উপৰিও দুষিত পানীৰ বাবে খাদ্যত বিষক্রিয়াৰো সৃষ্টি হ'ব পাৰে। সেয়ে এই সময়ছোৱাত আমি বিজ্ঞানসন্মতভাবে বিশুদ্ধ কৰা পানী সেৱন কৰিব লাগে।

দুষিত পানীৰ বাবে আমাৰ ছালৰ ৰোগ কিছুমানো হ’ব পাৰে। অপৰিস্কাৰ জলাশয়ৰ পানীৰ ব্যৱহাৰে ছালৰ বিজাণুৰ সংক্ৰমণৰ লগতে খজুৱতিৰ সৃষ্টি কৰে। শৰীৰৰ ৰোগ প্রতিৰোধী ক্ষমতা কম হ’লে বা বাৰে বাৰে তেনে পানীৰ ব্যৱহাৰে জটিলতাৰ সৃষ্টি কৰিব পাৰে। লগতে ছালৰ পৰা এনে ৰোগ শৰীৰৰ ভিতৰলৈও যাব পাৰে। অপৰিষ্কাৰ পানীত কাপোৰ ধুলেও সেই কাপোৰৰ পৰা খজুৱতি, বীজাণুৰ সংক্ৰমণৰ সম্ভাৱনা থাকে।

শীত-বসন্তৰ  সময়ছোৱাৰ  গুৰুতৰ স্বাস্থ্যজনিত অসুবিধা:

শীত-বসন্তৰ এই সময়ছোৱাৰ অইন এক গুৰুতৰ স্বাস্থ্যজনিত অসুবিধা হ’ল শ্বাস-প্ৰশ্বাসজনিত আৰু কাণ-নাক-ডিঙিৰ ৰোগ কিছুমান।

এই সময়ছোৱাত খুব সহজেই মানুহ কাহ-চৰ্দি-জ্বৰত আক্ৰান্ত হ’ব পাৰে। নৱজাতক, শিশু আৰু বয়োজ্যেষ্ঠসকলৰ শ্বাস-প্রশ্বাসজনিত ৰোগৰ সম্ভাৱনা বেছি। এই সময়ছোৱাত নিউমোনিয়া, ব্রংকাইটিছৰ হাৰ বেছি। আনহাতে, বায়ুমণ্ডলত থকা ধূলি-বীজাণু আৰু দূষিত পদার্থৰ বাবে শ্বাস-প্রশ্বাস এলাৰ্জিজনিত অৱস্থা যেনে- হাপানী (ব্রংকিয়াল এজমা), চিঅ’ এডি (চি অ’ পি ডি) আদিৰ সমস্যাবোৰ এই সময়ছোৱাত বছৰৰ অন্য সময়তকৈ বেছিকৈ বৃদ্ধি পায়। লগতে ঠাণ্ডা আৰু বীজাণুৰ সংক্ৰমণৰ বাবে ডিঙিৰ চেৰচেৰনি, ডিঙিত বীজাণুৰ সংক্রমণ (ফেৰিংজাইটিছ, লেৰিংজাইটিচ) আৰু কাণ পকা আদিবোৰ সমস্যা বৃদ্ধি পায়। শিশুৰ ক্ষেত্ৰত এনে সমস্যাৰ হাৰ বেছি।

চকুৰ ৰোগ

পৰিৱৰ্তিত বতৰৰ এই সময়ছোৱাৰ অইন এক সমস্যা হ’ল চকুৰ ৰোগ। ধূলি-মাকতি-বীজাণুৰ বাবে এই সময়ছোৱাত চকুৰ এলাৰ্জিৰ লগতে অন্যান্য কিছুমান ৰোগ হোৱা দেখা যায়। তেনে ক্ষেত্ৰত সাধাৰণতে চকু ৰঙা পৰে আৰু চকুৰ পৰা পনীয়া দ্রব্য ওলাই থাকে।

ডিহাইড্ৰেচন

আমাৰ অসমত এই সময়ছোৱাত আজিকালি খুব খৰতকীয়াকৈ গৰম পৰে আৰু জলবায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পায়। হঠাৎ বাঢ়ি অহা গৰমৰ বাবে এই সময়ছোৱাত কেতিয়াবা মানুহৰ শৰীৰৰ পানীভাগ কমি যাব পাৰে (ডিহাইড্ৰেচন)। এনেদৰে পানী যোৱাৰ গুৰুতৰ পৰ্যায় আৰু পৰিমাণৰ বাবে কিছুমান তাৎক্ষণিক জটিলতাৰ সৃষ্টি হ’ব পাৰে। তাৰ ভিতৰত পোনতে দুর্বল লগা, পিচলৈ হাত-ভৰিবোৰ চেঁচা হৈ এটা সময়ত মানুহজন মূৰ্ছা যাব পাৰে। ডিহাইড্রেচনৰ অৱস্থা গুৰুতৰ হৈ পৰিলে বা তাৎক্ষণিক চিকিৎসা নকৰিলে কেতিয়াবা মানুহজন মৃত্যুমুখলৈও আগবাঢ়ি যাব পাৰে।

আমাৰ কৰণীয়

পৰিবর্তিত বতৰৰ এই সময়ছোৱাত আমি সদায় বিজ্ঞানসন্মতভাবে বিশুদ্ধ কৰা পানী খাব লাগে। খাল-বিল-পুখুৰী-নদী আদিৰ পানী আমি ব্যৱহাৰ কৰিব নালাগে। সদায় পৰিষ্কাৰ পাত্ৰত পানী সংৰক্ষণ কৰিব লাগে। পাত্ৰত থোৱা পানী ঢাকি থ'ব লাগে। ঠিক একেদৰে পৰিস্কাৰ পাত্ৰতহে পানী খাব লাগে।

নিজৰ ঘৰখনৰ সকলো অংশ চাফ-চিকুণকৈ থ’ব লাগে। ক’তো ধূলি-মাকতি জমা হ’বলৈ দিব নালাগে। এলাৰ্জির্জনিত ৰোগ থকা ব্যক্তিসকলে ঘৰ চাফ-চিকুণ কৰিলে মুখত কাপোৰ বা মাস্ক ব্যৱহাৰ কৰিব পাৰে। সুবিধা থাকিলে ভেকুৱাম ক্লিনাৰ এনে ক্ষেত্ৰত বিশেষ উপযোগী। একেদৰে কৰ্মস্থানো সদায় পৰিস্কাৰকৈ ৰখাত গুৰুত্ব দিয়া উচিত। হাপানী আৰু অন্যান্য এলাৰ্জিজনিত ৰোগীসকলে চিকিৎসকৰ পৰামৰ্শমতে চলিব লাগে। প্রয়োজনীয় সকলো দৰব সহজে পোৱা অৱস্থাত যুগুতাই থব লাগে। অপৰিস্কাৰ কাপোৰেৰে কেতিয়াও গা মচিব নালাগে৷ খাল-বিল-পুখুৰীৰ পানীত গা ধুব নালাগে। ছালৰ কোনো ৰোগ হ'লে তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে। কিয়নো এনে কিছুমান ৰোগ সোঁচৰাও হ'ব পাৰে; তেতিয়া তেনে ব্যক্তিৰ পৰা এনে ৰোগ অইনলৈ পানী, গা মচা কাপোৰ, বিছনা চাদৰ আদিৰ জৰিয়তে সহজে বিয়পিব পাৰে। চকুৰ খচখচনি হ’লে পৰিস্কাৰ পানীৰ চকু ধুব লাগে আৰু যথাসম্ভৱ সোনকালে চিকিৎসকৰ কাষ চাপিব লাগে। একেদৰে কাণ-নাক-ডিঙিৰ অসুবিধাবোৰতো তৎক্ষণাত চিকিৎসকৰ কাষ চাপিব লাগে।

লিখক: ডা: নিপন চন্দ্ৰ দাস, সাদিন ফিচাৰ্ছ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate