অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাইগ্ৰেইনঃ

মাইগ্ৰেইন কি-

মূৰৰ বিষৰ নানা কাৰক থাকে। মাইগ্ৰেইন মূৰৰ বিষৰ এক অন্যতম কাৰক। সাধাৰণতে ১০ৰ পৰা ৫০ বছৰ বয়সৰ নাৰীসকলৰ মাজত মাইগ্ৰেনৰ প্ৰাদুৰ্ভাৱ সৰহকৈ দেখা যায়। সমাজত প্ৰায় ২০ শতাংশ নাৰী আৰু ছয় শতাংশ পুৰুষে মাইগ্ৰেনত ভোগে। সাধাৰণতে মাইগ্ৰেনৰ প্ৰথম আৱিৰ্ভাৱ যদিও ৪০ বছৰমান বয়সত হয় তথাপি ই যিকোনো বয়সতে হ’ব পাৰে। মাইগ্ৰেনৰ ফলত উৎপন্ন হোৱা টনটনীয়া মূৰৰ বিষ সাধাৰণতে মূৰৰ এটা ফালে অনুভূত হয়। মূৰৰ বিষৰ লগতে মাইগ্ৰেনত ভোগা ৰোগীৰ চকুৰ পিছপিনে বিষ হয়, পোহৰত মূৰৰ বিষ অধিক অনুভূত হয়, পোহৰ দেখিলেই দৃষ্টিশক্তিৰ বিঘিনি ঘটে। চকুৰে চক্ৰাকাৰ আকৃতিৰ পোহৰো দেখিব পাৰে। ইয়াৰ উপৰি মাইগ্ৰেইন হোৱা অৱস্থাত ব্যক্তিজনৰ শৰীৰ বেয়া লাগে, ক্লান্তিভাব অনুভৱ হয়, ঘামে, কথা কোৱাত অসুবিধা পায়, বমি ভাব হোৱাৰ লগতে বমি হয়, সঘনাই প্ৰস্ৰাৱ আৰু পায়খানা কৰিব লগা হয়। এনে অৱস্থাত ব্যক্তিগৰাকীয়ে আন্ধাৰত অকলশৰীয়াকৈ থাকি ভাল পায়। আনৰ সংগ আৰু মাতবোলত বিৰক্তি হয়। কেতিয়াবা গোটেই মূৰটোও বিষাব পাৰে। কেতিয়াবা এই লক্ষণবোৰ পৰিস্ফূট নহয় কেৱল মূৰৰ বিষহে থাকিব পাৰে। কেতিয়াবা পিছমূৰৰ আৰু কান্ধৰ বিষ অনুভূত হয়। সাধাৰণতে মাইগ্ৰেইন হ’লে হঠাৎ কম পৰিমাণে মূৰৰ বিষ আৰম্ভ হৈ ক্ৰমান্বয়ে অতি বেছি হয়। প্ৰায় ৪ৰ পৰা ৭২ ঘণ্টামান থাকি এটা সময়ত নিজে নিজেই ভাল হয়। মাইগ্ৰেইনৰ পৰা উপশম হোৱাৰ পাছতো ৰোগীয়ে কিছু সময়ৰ বাবে কান্ধত বিষ অনুভৱ কৰি থকাৰ লগতে টোপনি ভাব থাকিব পাৰে।

অনেক সময়ত মাইগ্ৰেইন বংশগত হোৱা দেখা যায়। যিহেতু মাইগ্ৰেইন নাৰীৰ ক্ষেত্ৰত অধিক হোৱাৰ লগতে ই মাহেকীয়া হোৱাৰ সময়ত বেছিকৈ হয় আৰু গৰ্ভধাৰণৰ সময়ত কমকৈ হয়। সেয়েহে মাইগ্ৰেনৰ উৎপত্তিত হৰম’নৰ (বিশেষকৈ এষ্ট্ৰোজেন হৰম’ন) প্ৰভাৱ থকা বুলি অনুমান কৰিব পাৰি। মাইগ্ৰেইন হোৱাৰ কোনো নিৰ্দিষ্ট সূত্ৰ নাই। কিছুমান বিশেষ পাৰিপাৰ্শ্বিক অৱস্থাৰ সন্মুখীন হ’লে মস্তিষ্কই এক অস্বাভাৱিক প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু তেতিয়াই মাইগ্ৰেনৰ সূত্ৰপাত হয়। কেতবোৰ কাৰকে এই বিশেষ পাৰিপাৰ্শ্বিক অৱস্থাৰ সৃষ্টি কৰি মাইগ্ৰেইন হোৱাত অৰিহনা যোগায়। সেইবোৰ হ’ল-

মাইগ্ৰেইন হোৱাত অৰিহনা যোগোৱা কাৰক সমূহ-


(১) কিছুমান ব্যক্তিৰ কিছু বিশেষ ধৰণৰ খাদ্য খালে মাইগ্ৰেইন অনুভূত হয়। এনে খাদ্য টেঙাজাতীয় ফল, চকলেট, দুগ্ধ সামগ্ৰী (যেনে- মাখন, ক্ৰীম), বাদাম, পিঁয়াজ, মনোছ’ডিয়ামযুক্ত খাদ্য, টাৰমাইনযুক্ত খাদ্য, কেফেইনযুক্ত খাদ্য আদি হ’ব পাৰে।

(২) কিছুমান ব্যক্তিয়ে মদ্যপান কৰিলে মাইগ্ৰেনত ভোগে।

(৩) কিছুমান মানুহৰ চকুত পোহৰৰ তীব্ৰ ৰশ্মি পৰিলে চকু ছাত মাৰি ধৰে আৰু মাইগ্ৰেইন অনুভূত হয়। এই পোহৰৰ ৰশ্মি সূৰ্যৰ পোহৰ, বিজুলী চাকি অথবা অন্য যিকোনো হ’ব পাৰে।

(৪) অনেক ব্যক্তিয়ে ধুইৰ ধোঁৱা, চিগাৰেটৰ ধোঁৱা, মদ, ৰং, কিছুমান ফুল, প্ৰসাধনৰ সামগ্ৰী আদিৰ গোন্ধ পালেও মাইগ্ৰেইনত ভোগে।

(৫) হিষ্টামিন, হাৰ্বেল দৰব আদি খালেও কিছুমান ব্যক্তিৰ মাইগ্ৰেইন হয়।

(৬) বিকট শব্দ, হুলস্থূলীয়া পৰিৱেশতো বহুতৰ মাইগ্ৰেইন হ’ব পাৰে।

(৭) এলাৰ্জী হ’লেও কিছুমানে মাইগ্ৰেইনত ভোগে।

(৮) শাৰীৰিক চাপ, মানসিক চাপ আৰু মানসিক উত্তেজনা হ’লেও মাইগ্ৰেইন হ’ব পাৰে।

(৯) কিছুমানৰ যান-বাহনত ভ্ৰমণ কৰিলেও মাইগ্ৰেইন হয়।

(১০) টোপনিৰ হীনদেঢ়ি আৰু টোপনি ক্ষতি হ’লেও মাইগ্ৰেইন হ’ব পাৰে।

(১১) মাহেকীয়া হোৱাৰ সময়ত গৰ্ভনিৰোধক টেবলেট খালেও বহুতো নাৰীৰ মাইগ্ৰেইন হোৱা দেখা যায়।

(১২) দাঁতৰ বিষ হ’লেও বহুতৰে মাইগ্ৰেইন হ’ব পাৰে।

(১৩) কিছুমান আকৌ বতৰ পৰিৱৰ্তন হ’লে মাইনগ্ৰেন হয়। শীতকাল শেষ হৈ গ্ৰীষ্মকাল পৰাৰ লগে লগে আৰু গ্ৰীষ্মকাল শেষ হৈ শীতকাল আৰম্ভ হোৱাৰ লগে লগেও বহুতৰে মাইগ্ৰেইন হোৱা দেখা যায়।

কাৰক যিয়েই নহ’লেও মাইগ্ৰেইন নে আন কাৰণত মূৰৰ বিষ হৈছে তাক থিৰাং কৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুযায়ী মস্তিষ্কৰ চি টি স্কেন অথবা এম আৰ আই কৰিব লাগে। মাইগ্ৰেইনৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। মাত্ৰ মাইগ্ৰেইনৰ উপসৰ্গবিলাক কমাবলৈ চিকিৎসকে কিছুমান দৰব দিয়ে। মূৰৰ বিষ কমাবলৈ বিষনাশক দৰব, বমি কমাবলৈ আৰু টোপনি আহিবলৈ দৰব আদি দিয়া হয়। মাইগ্ৰেইন আৰম্ভ হোৱাৰ লগে লগে ৰোগীয়ে প্ৰচুৰ পৰিমাণে পানী খাব লাগে। আন্ধাৰ ঘৰত পৰ্যাপ্ত জিৰণি ল’ব লাগে। মূৰত ঠাণ্ডা কাপোৰ দিব লাগে। হুলস্থূলীয়া পৰিৱেশৰ পৰা আঁতৰি আহিব লাগে। যি কাৰক আৰু পৰিৱেশৰ সন্মুখীন হ’লে ব্যক্তি এজনে মাইগ্ৰেইনত ভোগে, ব্যক্তিজনে সেই কাৰক আৰু পৰিৱেশবোৰৰ পৰা আঁতৰি থাকিব লাগে। মাইগ্ৰেইন অনুভূত হোৱাৰ আগে আগে যিবোৰ পৰিৱেশ আৰু কাৰকৰ সন্মুখীন হৈছিল সেই পৰিৱেশ আৰু কাৰকবোৰৰ কথা লিখি থৈ দি পিছলৈ তেনে পৰিৱেশ আৰু কাৰকবোৰৰ পৰা আঁতৰি থাকিব লাগে। মাইগ্ৰেইন প্ৰতিৰোধ কৰিবলৈ ব্যক্তি এজনে ব্ৰেথিং এক্সাৰচাইজ, ধ্যান আৰু যোগ কৰিব পাৰে। পুষ্টিকৰ আহাৰ খাব লাগে। মাজে-সময়ে পৰিৱেশ সলনি কৰিব লাগে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate