অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতকালত গাৰ বিষ

শীতকালত গাৰ বিষ

শৰৎ কাল গৈ শীত পৰিব ধৰাৰ লগে লগে গাৰ বিভিন্ন বিষৰ সমস্যাই মুৰ দাঙি উঠা দেখা যায়। বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰতে এনে সমস্যা বোৰ অধিক মাত্ৰাত হয় যদিও সুঠাম-সবল ডেকাবয়সীয়া সকলো বাচি নাযায়। আগৰেপৰা মাংসপেশী বা গাঁঠিৰ বিষত ভুগি থকা সকলৰ শীতকালি ই এক গুৰুতৰ সমস্যা হৈ পৰিব পাৰে।

আমাৰ স্বাভাৱিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শৰীৰৰ বিভিন্ন ক্ৰিয়া- বিক্ৰিয়াবোৰ সুচাৰুৰূপে চলাৰ বাবে এক নিৰ্দিষ্ট পৰিসীমাৰ উত্তাপৰ পৰিৱেশ এটাৰ প্ৰয়োজন। উত্তাপ এই নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত স্বাভাৱিক কৰি ৰাখিবৰ বাবে শৰীৰত নিতৌ তাপ উৎপন্ন হৈ আছে, আৰু ওলায়ো গৈ আছে। আমাৰ শৰীৰত উৎপন্ন তাপ পাঁচটা ভিন্ন প্ৰক্ৰিয়াৰে শৰীৰৰপৰা ওলাই যাব পাৰে। শীতকালি পাৰিপাৰ্শ্বিক উত্তাপ কমি যোৱাৰ লগে লগে বিকিৰণ, পৰিবহণ আদি প্ৰক্ৰিয়াৰে শৰীৰৰপৰা তাপ ওলাই যোৱাৰ হাৰো অধিক হয়। ফলস্বৰূপে স্বাভাৱিক পৰিসীমাতকৈ শৰীৰৰ উত্তাপ তললৈ যোৱাৰ পৰিবেশ এটা হোৱাৰ সম্ভাৱনা থাকে- যিয়ে নেকি শৰীৰৰ আভ্যন্তৰীণ প্ৰয়োজনীয় ক্ৰিয়া-বিক্ৰিয়াসমূহ সুচাৰুৰূপে চলাত ব্যাঘাত জন্মাব পাৰে। এই ব্যাঘাতৰ ফলতেই মাংসপেশী, গাঁঠি আদি শৰীৰৰ বিভিন্ন অংশত বিষ অনুভূত হ’ব পাৰে। নিম্ন উষ্ণতাৰ উপৰি শীতকালি চাৰিওকাষৰ বতাহ, বতাহৰ আৰ্দ্ৰতা, ছেদীভৱন আৰু বায়ুমণ্ডলৰ চাপৰ পৰিৱৰ্তন- এই আটাইবোৰ কাৰকে বিষৰ অনুভূতি অধিক হোৱাত অৰিহণা যোগায়।

শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ ৰক্তসঞ্চাৰণ প্ৰক্ৰিয়া স্তিমিত হয়। গাৰপৰা অধিক তাপ ওলাই যোৱাটো ৰোধ কৰিবৰ বাবে ছাল, হাত, ভৰি আদি অংগলৈ তেজ চলাচলৰ পৰিমাণ কমি আহে। ফলস্বৰূপে হাত আৰু ভৰিৰ মাংসপেশী আৰু গাঁঠিসমূহ কম অম্লজানৰ পৰিৱেশ এটাৰ মুখামুখী হয়- যিয়ে সেই অংশবোৰত বিষৰ অনুভৱ কৰায়।

গাঁঠিবোৰ আগুৰি থকা কোমল কলাসমূহৰ নমনীয়তা ঠাণ্ডা পৰিৱেশত কমি আহে, ফলত গাঁঠিবোৰ তুলনামূলকভাৱে কঠিন আৰু দৃঢ় যেন হয়- যিয়ে বিষৰ মাত্ৰা বঢ়াই তোলে।

শীতকালিন ফ্লু আদি কিছুমান ভাইৰাছৰ সংক্ৰমণ বেছি হ’ব পাৰে। এইধৰণৰ ভাইৰাছৰ সংক্ৰমণে মাংসপেশী আৰু গাঁঠি আদিত প্ৰতিক্ৰিয়ামূলক প্ৰদাহৰ সৃষ্টি কৰে, যিয়ে বিষ অনুভৱ কৰোৱায়। ফলত পূৰ্বে কোনো ধৰণৰ বিষৰ সমস্যাত নোভোগা লোকেও বিষৰ সমস্যাৰ মুখামুখী হয়। এনে ভাইৰাছ সংক্ৰমণৰ প্ৰতিক্ৰিয়াজনিত বিষ সচৰাচৰ দীৰ্ঘস্থায়ী নহয় আৰু সময়ত নিজে নিজে ভাল হৈ যায়। অৱশ্যে কেতিয়াবা মাহ- দিনলৈ এনে বিষ থাকিব পাৰে।

চেঁচা পৰিৱেশৰ মুখামুখী হ’লে কিছুমান ব্যক্তিৰ হাত আৰু ভৰিৰ আঙুলিৰ ৰক্তপ্ৰৱাহী নলিকাবোৰ নিজে নিজে চেপা খাই বা কোঁচ খাই পৰে। এই অৱস্থাটোকে ৰে’নওড্‌ছ পৰিঘটনা বুলি কোৱা হয়।

ৰক্তপ্ৰৱাহী নলিকা চেপা খাই পৰাৰ ফলত আঙুলিলৈ স্বাভাৱিক তেজ চলাচল ব্যাঘাতপ্ৰাপ্ত হয়। সংশ্লিষ্ট এলেকা প্ৰথমে শেঁতা পৰি পিছলৈ নীলা বৰণীয়া হ’ব ধৰে আৰু তীব্ৰ বিষ অনুভৱ হয়। পুৰুষতকৈ নাৰীৰ প্ৰায় পাঁচগুণ অধিক হাৰত এই পৰিঘটনা হোৱা দেখা যায়।

ঠাণ্ডাৰ প্ৰত্যক্ষ প্ৰভাৱত শৰীৰৰ কঁকাল, ডিঙি, উৰুত, কলাফুল, বাউসি আদি বিভিন্ন অংশৰ মাংসপেশী সংকোচনৰ ফলত সিৰামুৰি দি ধৰিব পাৰে আৰু বিষ অনুভৱ হয়। মুৰৰ বিষৰ প্ৰাদুৰ্ভাৱো শীতকালি কিছু বেছিকৈ হোৱা পৰিলক্ষিত হয়। মূৰৰ বিভিন্ন মাংসপেশী বিশেষকৈ লাওখোলা সংলগ্ন আৰু লাওখোলাৰ পাছফালে লাগি থকা ডিঙিৰ মাংসপেশীৰ শীতজনিত সংকোচনৰ ফলত মূৰ বিষাব পাৰে। মূৰৰ বিষৰ লগতে ডিঙিৰ বিষ আৰু ডিঙিটো লৰচৰ কৰিব নোৱাৰাকৈ টানি ধৰিব পাৰে।

শীতজনিত গাৰ বিষৰপৰা উপশম পোৱাৰ বাবে প্ৰথম কৰণীয় হ’ল শৰীৰটো স্বাভাৱিকভাৱে উমাল কৰি ৰখা। ইয়াৰ বাবে আমি শৰীৰৰ ভিতৰত অধিক তাপ উৎপাদন আৰু উৎপন্ন তাপ শৰীৰৰপৰা ওলাই যোৱাৰ হাৰ কমোৱা- দুয়োটা চেষ্টাই কৰিব লাগিব। শৰীৰৰপৰা অধিক মাত্ৰাত তাপ ওলাই যোৱা ৰোধ কৰিবলৈ উচিত ধৰণে শৰীৰটো কাপোৰেৰে আৱৰি ৰাখিব লাগে। গা অংশৰ উপৰি মণিবন্ধ, ভৰিৰ সৰু গাঁঠি আৰু হাত-ভৰিৰ আঙুলি ঢকাকৈ উপযুক্ত মোজা তথা মূৰত উপযুক্ত টুপী পৰিধাণ কৰিব লাগে। ঠাণ্ডা বুলি সকলো সময়তে শুই আৰু বহি কটাব নালাগে। পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে কেলৰি পুৰি তাপ উৎপাদন কৰাৰ উপৰি ৰক্তসঞ্চাৰণ ত্বৰান্বিত কৰি ৰাখে।

অৱশ্যে শৰীৰৰ সাধ্যৰ বাহিৰৰ পৰিশ্ৰম বা ব্যায়ামে হীতে বিপৰীত সাধি গাৰ বিষ বঢ়াবহে- বিশেষকৈ পঞ্চাশোৰ্দ্ধ ব্যক্তিসকলৰ ক্ষেত্ৰত। গতিকে ব্যায়াম বা পৰিশ্ৰম কৰোতে এদিনতে বহুত কৰিব গৈ বিপদ চপাই লোৱাতকৈ কম কমকৈ নিয়মীয়াকৈ প্ৰয়োজনবোধে অলপ অলপকৈ বঢ়াই গৈ থাকিব লাগে। ঘৰুৱা নিত্যপ্ৰয়োজনীয় কাম-কাজ, বেগাই খোজকঢ়া, চাইকেল চলোৱা, নৃত্য, খেলা-ধূলা আদি নিয়মীয়াকৈ কৰিলে যথেষ্ট সুফল পোৱা যায়। কাম কৰোতে, জিৰণি লওতে বা শোওঁতে গাৰ মাংসপেশী আৰু গাঁঠিৰ অনিষ্ট নোহোৱা ধৰণৰ শুদ্ধ অৱস্থানৰ প্ৰতি মন কৰিব লাগে। উদাহৰণস্বৰূপে ঠাণ্ডাৰপৰা উপশম পাবৰ পোৱাৰ বাবে কুঁচি-মুচি লাডু হৈ শুলে মূৰকত মাংসপেশী আৰু গাঁঠিৰ বিষ হ’ব পাৰে।

শুদা গাৰে একেবাৰে থাকিব নালাগে। দিনৰ ভাগত কিছু সময় ৰ’দ পুওৱাটো এটা ভাল অভ্যাস। ঘৰ, চোতাল আদিত ভালদৰে ৰ’দ পৰা হ’লে ভাল। কোঠাৰ ভিতৰত তাপমাত্ৰা সঠিক ৰাখিবলৈ প্ৰয়োজনবোধে ৰূম-ৱাৰ্মাৰ, চুলা আদি ব্যৱহাৰ কৰিব পৰা যায়। বিশেষকৈ যিসকলৰ এনে বিষৰ সমস্যা আছে, তেওঁলোকে ৰাতি শুৱাৰ সময়ত লগত এটা গৰম পানী ভৰোৱা ৰবৰৰ মোনা ৰাখিব পাৰে। বিষৰ উপশমৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা বিভিন্ন বিষনাশক ঔষধ, বৰফ আদি পৰাপক্ষত ব্যৱহাৰ নকৰাই ভাল। অৱশ্যে দীৰ্ঘদিনৰপৰা বিষত আক্ৰান্ত হৈ আগৰপৰাই তেনে বিষনাশক দৰব ব্যৱহাৰ কৰি থকাসকলে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধৰ কোনো পৰিৱৰ্তন কৰিব নালাগে।

লিখকঃ ডাঃ ৰমেন কুমাৰ কাকতি, দৈনিক অসম



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate