অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেপাটাইটিছ চিঃ

 

হেপাটাইটিছ ‘চি’ ভাইৰাছৰ সংক্ৰমণৰ বাবে মানৱ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ লিভাৰত হোৱা এবিধ প্ৰদাহজনিত ৰোগ হ’ল হেপাটাইটিছ ‘চি’ ৰোগ। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য মতে হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰা হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰা সমগ্ৰ বিশ্বতে প্ৰায় ১৮৫ নিযুত আৰু ভাৰতবৰ্ষত প্ৰায় ১২ নিযুত ব্যক্তি আক্ৰান্ত হৈ আছে। ভাৰতৰ ভিতৰত সৰ্বাধিক হেপাটাইটিছ ‘চি’ ভাইৰাছৰ সংক্ৰমণ থকা ৰাজ্য দুখন হ’ল পঞ্জাৱ (৫.২৫ শতাংশ) আৰু অৰুণাচল প্ৰদেশ (৭.২৯ শতাংশ)। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতত প্ৰতি বছৰে ৯৬ হেজাৰ লোক হেপাটাইটিছ ‘চি’ৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

হেপাটাইটিছ ‘চি’ কিদৰে বিয়পেঃ

 

হেপাটাইটিছ ‘চি’ ভাইৰাছ এবিধ আৰ এন এ ভাইৰাছ। ভাইৰাছবিধ এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ তেজ, দেহৰ নানাবিধ ৰসত থাকে। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ তেজ বা এনেবোৰ দেহৰস যদি সুস্থ ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰে তেন্তে সেই সুস্থ ব্যক্তিজন হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। হেপাটাইটিছ ‘চি’ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিহে এই ভাইৰাছ বিয়পোৱা একমাত্ৰ উৎস। হেপাটাইটিছ ‘চি’ ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ ৰক্ত কোনো ব্যক্তিক সংচৰণ কৰিলে অথবা হেপাটাইটিছ ‘চি’ ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ অংগ আন সুস্থ ব্যক্তিৰ শৰীৰত সংৰোপণ কৰিলে দ্বিতীয় ব্যক্তিগৰাকী এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। সমগ্ৰ বিশ্বৰে প্ৰায় ৯০-৯৫ শতাংশ হেপাটাইটিছ ‘চি’ ভাইৰাছত সংক্ৰমণ অসুৰক্ষিত ৰক্ত গ্ৰহণ আৰু অসুৰক্ষিত অংগ সংৰোপণৰ ফলত হোৱা। ইয়াৰ উপৰি হেপাটাইটিছ ‘চি’ ভাইৰাছত সংক্ৰমিত ব্যক্তিৰ সৈতে একেটা বেজীকে অন্য ব্যক্তিয়ে ব্যৱহাৰ কৰিলে, একেটা বেজীৰে টাটু কৰিলে, দাড়ি খুৰাবলৈ একেখন ব্লেড ব্যৱহাৰ কৰিলে সুস্থ ব্যক্তিজন এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে। যদিও সাধাৰণতে কমকৈ হোৱা দেখা যায় তথাপি অসুৰক্ষিত যৌন সম্পৰ্ক আৰু সংক্ৰমিত মাতৃৰ পৰা গৰ্ভৰ সন্তানলৈ এই ভাইৰাছ বিয়পিব পাৰে। বেজীৰে ড্ৰাগছ লোৱা ব্যক্তি, সমকামী ব্যক্তি, হিম’ডায়েলাইছিছ কৰা ব্যক্তি, থেলাছেমিয়া আৰু হিম’ফিলিয়া ৰোগী, ব্লাড বেংকৰ কৰ্মচাৰী, শল্য চিকিৎসক, প্ৰসূতি চিকিৎসক, দন্ত চিকিৎসক, চিকিৎসা সেৱাৰ সৈতে জড়িত ব্যক্তি আদি হেপাটাইটিছ ‘চি’ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা অধিক।

হেপাটাইটিছ ‘চি’ ৰোগৰ লক্ষণঃ

 

হেপাটাইটিছ ‘চি’ ৰোগ ভয়াৱহ হোৱাৰ মূলতে হ’ল, এই ৰোগত আক্ৰান্ত লোকসকলৰ সৰহভাগৰে শৰীৰত প্ৰথম অৱস্থাত কোনোধৰণৰ বিশেষ লক্ষণ প্ৰকাশ নাপায়। প্ৰায় ৮০-৯০ শতাংশ একুইট হেপাটাইটিছ ‘চি’ত আক্ৰান্ত ব্যক্তিয়ে ৰোগৰ কোনো উপসৰ্গয়ে নেদেখায়। মাত্ৰ দুই-এজনেহে কেতিয়াবা জণ্ডিছ, প্ৰস্ৰাৱ হালধীয়া হোৱা, শৰীৰ বেয়া লাগি থকা, বমি হোৱা, পেট বিষোৱা, সামান্য জ্বৰ হোৱা, ভোক কমি অহা, ওজন কমি যোৱা, পেশী আৰু গাঁঠিৰ বিষ, মূৰৰ বিষ, ভাগৰুৱা অনুভৱ আৰু যকৃতৰ আকাৰ বৃদ্ধি হোৱা আদি লক্ষণ দেখায়। ফলত হেপাটাইটিছ ‘চি’ত আক্ৰান্ত প্ৰায়ভাগ ৰোগীয়ে গম নোপোৱাকৈয়ে ক্ৰনিক হেপাটাইটিছ ‘চি’ ৰোগলৈ পৰ্যবসিত হৈ লিভাৰটো নষ্ট কৰিবলৈ আৰম্ভ কৰে আৰু পাছলৈ লিভাৰ ফাইব্ৰ’ছিছ, লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদিৰ সৃষ্টি হৈ ৰোগীৰ জীৱনলৈ সংশয় নামি আহে। পাছলৈ লিভাৰ প্ৰতিস্থাপন কৰাব লগাও হ’বগৈ পাৰে। সাধাৰণতে অন্তিম পৰ্যায়তহে এই ৰোগ ধৰা পৰে আৰু তেতিয়ালৈকে চিকিৎসকৰ কৰিবলগীয়া একো নাথাকে। সেয়েহে বহু ৰোগীয়ে মৃত্যুবৰণ কৰিবলগীয়া হয়।

হেপাটাইটিছ ‘চি’ ৰোগৰ চিকিৎসাঃ

 

সাধাৰণতে ৰক্তদান কৰাৰ পাছত ৰক্ত পৰীক্ষা কৰোতে অথবা লিভাৰৰ সমস্যাত ভুগিলে ৰক্তৰ Anti HCV নামে এটা পৰীক্ষা কৰি হেপাটাইটিছ ‘চি’ ধৰা পেলাব পাৰি। যদিও লিভাৰ এনজাইমাবোৰ বাঢ়ি যায়, তথাপি লিভাৰৰ বৃহৎ ক্ষতি নোহোৱা ক্ৰনিক হেপাটাইটিছ ‘চি’ত আক্ৰান্ত ৰোগীৰ সঠিক চিকিৎসা কৰিলে ৰোগী ৰোগমুক্ত হ’ব পাৰে। আৰম্ভণিতে চিকিৎসা কৰিলে ক্ৰনিক হেপাটাইটিছ ‘চি’ৰ পৰা সৃষ্টি হ’ব পৰা জটিলতা লিভাৰ ফাইব্ৰ’ছিছ, লিভাৰ চিৰোছিছ, লিভাৰৰ কৰ্কট ৰোগ আৰু লিভাৰ ফেইলৰ আদি আঁতৰাই হেপাটাইটিছ ‘চি’ ৰোগমুক্ত হৈ থাকিব পাৰি। এনে ৰোগীয়ে সুস্থ হৈ থাকিবলৈ আৰু লিভাৰৰ অতিৰিক্ত ধ্বংস বন্ধ কৰিবৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষা কৰি স্বাস্থ্যসন্মত জীৱন-যাপন কৰিব লাগে। মদ্যপান আৰু লিভাৰৰ ক্ষতি কৰিব পৰা ঔষধ ত্যাগ কৰাৰ লগতে হেপাটাইটিছ ‘এ’ আৰু ‘বি’ৰ প্ৰতিষেধক বেজী ল’ব লাগে। Pegylated IFN, Ribaverin, Boceprevir, Telaprevir আদি দৰৱ ক্ৰনিক হেপাটাইটিছ ‘চি’ ৰোগীৰ ক্ষেত্ৰত চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। লিভাৰ ফেইলৰ হ’লে লিভাৰ প্ৰতিস্থাপন কৰিব পাৰি। চিকিৎসকে দিয়া সম্পূৰ্ণ ঔষধ খোৱা হ’লেও মাজে মাজে চিকিৎসকৰ ওচৰলৈ গৈ শৰীৰ পৰীক্ষা কৰি চিকিৎসকৰ উপদেশ অনুযায়ী লিভাৰ ভালে ৰখা দৰৱ আদি খাই থাকিব লাগে আৰু তেওঁৰ দ্বাৰা যাতে এই ভাইৰাছ আনলৈ নিবিয়পে তাৰ বাবে ভাইৰাছ বিয়পিব পৰা কামবোৰ (যেনে- ৰক্তদান, অসুৰক্ষিত যৌন সংগম আদি) কৰিব নালাগে।

হেপাটাইটিছ ‘চি’ সংক্ৰমণ প্ৰতিৰোধঃ

 

যদিও অধ্যয়ন চলি আছে তথাপি আজিৰ তাৰিখত হেপাটাইটিছ ‘চি’ ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কোনো ভেকচিন ওলোৱা নাই। হয়তো ভৱিষ্যতে ওলাব। তথাপি অলপ সজাগ হ’লেই সমাজত হেপাটাইটিছ ‘চি’ ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধযোগ্য। হেপাটাইটিছ ‘চি’ ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে পৰীক্ষা কৰি পোৱা হেপাটাইটিছ ‘চি’ ভাইৰাছমুক্ত ৰক্তহে গ্ৰহণ কৰিব লাগে, পৰীক্ষা কৰি পোৱা হেপাটাইটিছ ‘চি’ ভাইৰাছমুক্ত অংগহে ৰোপণ কৰিব লাগে। আনৰ তেজ বা ৰক্তজাত সামগ্ৰী খালী হাতেৰে চুব নালাগে। হেপাটাইটিছ ‘চি’ ভাইৰাছ সংক্ৰমিত ব্যক্তিয়ে ৰক্তদান কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ উপৰি দাড়ি খুৰোৱা ব্লেড আনে ব্যৱহাৰ কৰাৰ পাছত ব্যৱহাৰ কৰিব নালাগে, ডিচপোজেবল চিৰিঞ্জহে ব্যৱহাৰ কৰিব লাগে, টাটু কৰিব নালাগে, আনৰ টুথব্ৰাছ ব্যৱহাৰ কৰিব নালাগে, স্বাস্থসন্মত জীৱন-যাপন কৰিব লাগে।

(উৎসঃ খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ, ফোনঃ ৯৮৬৪৫-১৭১৬৮)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate