ডিহাইড্ৰেছন কি?
শৰীৰৰ পৰা অত্যাধিক পানীভাগ ওলাই যোৱাটোকে ডিহাইড্ৰেছন বা জলশূণ্যতা বুলি কোৱা হয়। শৰীৰটোৱে সঠিকভাৱে কাম-কাজ কৰিবলৈ দৈনিক যথেষ্ট পৰিমাণৰ তৰল পদাৰ্থৰ প্ৰয়োজন হয়। বয়স আৰু কাম-কাজৰ ওপৰত ভিত্তি কৰি প্ৰতিজনে ব্যক্তিৰ প্ৰয়োজনীয় পানীৰ পৰিমাণ ভিন্ন হব পাৰে যদিও শৰীৰক দৈনিক অতি কমেও ৮ গিলাছ পানী বা একলিটাৰ আৰু ২৫০ মিলিলিটাৰ পানীৰ প্ৰয়োজন হয়। অতি বেছি কৰ্মঠ লোকৰ ক্ষেত্ৰত ইয়াৰ পৰিমাণ ২-৩ গুণ বেছি হয়। শৰীৰে কাম-কাজ কৰাৰ ফলত ক্ষয় হোৱা পানী ভাগ ই পূৰণ কৰে। যদি প্ৰয়োজনতকৈ কম তৰল বা পানী ব্যৱহাৰ কৰি থকা হয়-তাৰ ফলতে ডিহাইড্ৰেছন হয়।
ডিহাইড্ৰেছন কিয় হয়?
খাদ্যনলীত বিজাণু বা ভাইৰাছৰ সংক্ৰমণ হ’লে, বা ঘাঁ হ’লে বা প্ৰদাহৰ সৃষ্টি হ’লে যথেষ্ট পৰিমাণৰ তৰল পদাৰ্থ বাহিৰ হয়। এইবোৰ শৰীৰে পুনৰ শোষণ কৰিব নোৱাৰে আৰু দেহৰ পৰা বাহিৰ হৈ যায়। বমিভাব বা আভোকৰ বাবে প্ৰয়োজনীয় তৰল গ্ৰহণ নকৰাৰ ফলতো ডিহাইড্ৰেছন হয়।
ডিহাইড্ৰেছনৰ লক্ষণ আৰু উপসৰ্গবোৰ কি?
অতি নিৰ্ভৰযোগ্য লক্ষণ হ’ল কেইদিনমানৰ ব্যৱধানত শৰীৰৰ ওজন সাংঘাটিক ধৰণে কমি অহা(আনকি এঘন্টাৰ ভিতৰতো)। হঠাতে ১০ শতাংশ ওজন কমি গ’লে অতি সাংঘাটিক অৱস্থা হয়। ৰোগত ভুগি থকা ব্যক্তিৰ উপসৰ্গবোৰ বুজিবলৈ কিছু কঠিন হয়। সাধাৰণভাৱে বেছিকৈ পিয়াহ লগা, মুখ শুকাই যোৱা, দূৰ্বলতা, মূৰ ঘুৰোৱা (বিশেষকৈ থিয় হৈ থকা অৱস্থাত), পেচাবৰ ৰঙ গাঢ় হোৱা, পেচাবৰ পৰিমাণ কমি যোৱা আদিবোৰক ডিহাইড্ৰেছনৰ লক্ষণ বুলিব পৰা যায়। ডিহাইড্ৰেছন অতি বেছিকৈ হ’লে শৰীৰৰ ৰাসায়নিক পৰিবৰ্তন হব পাৰে। ইয়াৰ উপৰিও কিডনী ফেইলৰ দৰে মাৰাত্মক অৱস্থাও হবগৈ পাৰে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 7/1/2020
অন্ত্ৰত ভিবৰিঅ’ কলেৰা নামৰ জীৱাণুৰ সংক্ৰমণৰ ফলত যি...