অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ব্ৰনৰ পৰা মুক্তি পোৱাৰ সমস্যা

ব্ৰনৰ পৰা মুক্তি পোৱাৰ সমস্যা

ছালত ব্ৰনৰ সমস্যা খুবেই বিৰক্তিকৰ। ছালৰ তৈলগ্ৰন্থি বা অইল গ্লেণ্ড বেক্টেৰিয়াৰ সংক্রমণ ঘটি ব্রুণৰ সৃষ্টি হয়। ফলত ছালৰ উজ্জ্বলতা আৰু সৌন্দর্য নষ্ট হয়। সেয়ে ঘৰুৱা দিহাৰে ছালখনৰ সৌন্দর্য অটুট ৰখাৰ চেষ্টা কৰো আহক।

মুখত ব্রন বা অন্য কোনো সমস্যাই দেখা দিলে বিশেষ কাম কৰে সৰিয়হে। ইয়াত থকা চেলিচাইলিক এচিডে সংক্রমণ ধ্বংস কৰে। সেয়ে টেবুল চামুচৰ এক চতুর্থাংশ সৰিয়হৰ গুৰিত মৌ মিহলাই মিশ্রণটো ভালদৰে মুখত লগাই ৰাখিব লাগে। পোন্ধৰ মিনিটৰ পাচত ভালদৰে চাফা কৰি পেলাব লাগে। তদুপৰি ছালৰ যিকোনো সংক্রমণ কমাবলৈ বিলাহীয়ে বিশেষ সহায় কৰে। বিলাহীৰ ৰস মুখত সানি কিছু ক্ষণৰ পাচত ধুই পেলালে ছাল উজ্জ্বল আৰু পৰিষ্কাৰ হয়। নহৰুৰ ৰসো ব্ৰনৰ ওপৰত লগাব পাৰে৷ কণীৰ বগা অংশ ব্ৰনৰ ওপৰত লগাই বিশ মিনিটৰ পাচত মুখ ধুই পেলাব লাগে। তদুপৰি ৰাতি শুৱাৰ পূর্বে নেমুৰ ৰস কপাহেৰে ব্ৰনৰ ওপৰত লগাই গোটেই ৰাতি ৰাখিব পাৰিলে ব্ৰনৰ সমস্যা বহু পৰিমাণে কমিব।

উৎস: সাদিন।

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate