অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যন্ত্ৰণাদায়ক এলাৰ্জী

সমাজৰ প্ৰায় ১৫ ৰ পৰা ২০ শতাংশ ব্যক্তিয়ে এলাৰ্জীৰ সমস্যাত ভোগা দেখা যায়। ই অতি সাধাৰণ হাঁচি মৰা, নাকেৰে পানী ওলোৱাৰ পৰা আৰম্ভ কৰি অতি গুৰুতৰ জীৱনঘাতক পৰিৱেশ সৃষ্টি কৰা এনাফাইলেক্সিছ পৰ্য্যন্ত হ’ব পাৰে। প্ৰথম ব্যৱস্থাত অতি সাধাৰণ এলাৰ্জীৰ সমস্যা হৈ দেখা দিলেও ব্যক্তি এজনৰ শৰীৰত সঘনাই এই সমস্যাই দেখা দি থাকিলে নানা এলাৰ্জীজনিত ৰোগে ব্যক্তি এজনৰ শৰীৰৰ যিকোনো এটা অংগ অথবা কেতিয়াবা ততোধিক অংগ-প্ৰত্যংগ একেলগে আক্ৰমণ কৰি যন্ত্ৰণাদায়ক পৰিৱেশ সৃষ্টি কৰিব পাৰে।

এলাৰ্জী কি?

এলাৰ্জী হ’ল ব্যক্তি এজনৰ কোনো বস্তুৰ প্ৰতি থকা অস্বাভাৱিক সংবেদনশীলতা। কিছুমান ব্যক্তিয়ে কেতিয়াবা কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্লৈ আহিলে শৰীৰৰ খজুৱতি হোৱা, ৰঙচুৱা হৈ ফুলি উঠা, নাকেৰে পানী ওলোৱা আদি নানা উপসৰ্গ দেখা দিয়ে। এই বস্তবোৰ খোৱাবস্তু, ঔষধ, সুগন্ধি দ্ৰব্য, অন্যান্য পদাৰ্থ, ধূলি-বালি, কপাহ, ঘেঁহু, কাগজৰ ধূলি, ফুলৰ ৰেণু, পৰাগ, জন্তুৰ নোম, ভেকুঁৰ, কীট-পতংগ (যেনে-পইতাচোৰা,) কীট-পতংগৰ বিষ, ঘাঁহ, ধোঁৱা আৰু কিছুমান ৰাসায়নিক পদাৰ্থ হ’ব পাৰে। সংস্পৰ্শ প্ৰত্যক্ষ স্পৰ্শ, শ্বাস-প্ৰশ্বাস বা বেজিৰে শৰীৰত সোমাই লোৱা অথবা খাদ্য হিচাপে খাদ্যতন্ত্ৰত সোমাই লোৱা আদি যিকোনো ধৰণৰ হ’ব পাৰে। সাধাৰণ অৰ্থাৎ এইবোৰৰ বাবে ওপৰত কোৱা ধৰণে যদি উপসৰ্গ দেখা দিয়ে, তেন্তে আমি তাক এলাৰ্জী বুলি কও। দৰাচলতে এলাৰ্জী ইয়াতকৈও ভয়াবহ হ’ব পাৰে। যদিও সাধাৰণতে দৈনন্দিন ব্যৱহৃত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে ব্যক্তি এজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ব্যৱস্থাই কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, তথাপি এলাৰ্জী হ’বলৈ হ’লে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্শলৈ প্ৰথমবাৰৰ বাবে ব্যক্তিজন আহিলে, ব্যক্তিজনৰ প্ৰতিৰোধ ব্যৱস্থাই তেওঁৰ দেহত থকা বি চেল বোৰ সক্ৰিয় কৰি তোলে। সক্ৰিয় বি চেল বোৰে পদাৰ্থবিধৰ বিৰুদ্ধে নিৰ্দিষ্ট আইজি ই নামৰ এবিধ এন্টিবডী তৈয়াৰ কৰে। এই নিৰ্দিষ্ট আইজিই এন্টিবডিবিধ ব্যক্তিজনৰ শৰীৰত থকা মাষ্ট চেলৰ সতে সংলগ্ন হৈ পৰি, আইজি ই এন্টিবডিটোৰ সৈতে সংলগ্ন হৈ পৰি, আইজি ই এন্টিবডি সংলগ্ন মাষ্ট চেলবোৰ সক্ৰিয় কৰি তোলে। সক্ৰিয় মাষ্ট চেলে হিষ্টামিন, কেলিক্ৰেইন, লিউকোট্ৰেইন, চাইটোকাইন, প্ৰষ্টাগ্লেণ্ডিন আৰু ইন্টাৰ্লিউকিন আদি নিৰ্গত কৰি আৰু স্পৰ্শ হোৱা ঠাইডোখৰত তেজৰ যোগান বঢ়াই এক ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰে তেতিয়াই এলাৰ্জীৰ উপসৰ্গবোৰ দেখা দিয়ে। সাধাৰণতে ই ২-৪ ঘন্টা থাকে যদিও কিছুমান ব্যক্তিৰ ক্ষেত্ৰত বহু সময় থকা দেখা যায়। মুঠতে এলাৰ্জী হ’ল অনুপযুক্ত আইজি ই প্ৰতিৰোধ ব্যৱস্থাই সৃষ্টি কৰা মানৱ শৰীৰৰ চিকিৎসাজনিত পৰিস্থিতি।

এলাৰ্জীজনিত ৰোগ হোৱাৰ বহুতো কাৰণ থাকে। ইয়াৰ ভিতৰত মূখ্য হ’ল-ব্যক্তিৰ শিশুকালত কমকৈ হোৱা সংক্ৰমণ, বংশগত আৰু খাদ্য, কীট-পতংগৰ কামোৰ আৰু পাৰিপাৰ্শ্বিক প্ৰদূষণ আদি। ই সোঁচৰা ৰোগ নহয়। এলাৰ্জিজনিত ৰোগবোৰৰ ভিতৰত মুখ্য হ’ল-একজিমা, এলাৰ্জিক কনজাংটিভাইটিছ, এলাৰ্জীক এজমা, ফুড এলাৰ্জী, পোক-পতংগই কামুৰিলে হোৱা এলাৰ্জী আৰু এনাফাইলেক্লিছ ইত্যাদি। প্ৰত্যেক এলাৰ্জীজনিত ৰোগৰ লক্ষণ ভিন ভিন। সেইবোৰ পৃথলে আলোচনা কৰা হ’ল-

একজিমা

একজিমা এবিধ এলাৰ্জীৰ বাবে ছালৰ ৰোগ। কেঁচুৱা আৰু স্কুলীয়া ল’ৰা-ছোৱালীৰ মাজত ই বেছিকৈ হোৱা দেখা যায়। যদিও যিকোনো বয়সৰ লোকৰে একজিমা হ’ব পাৰে। এই ৰোগত ছালখন শুকান, খহতা, চকলা-চকল হৈ খজুৱতি হয়। সাধাৰণতে ছালখন বগা হৈ পৰে যদিও কেতিয়াবা ৰঙচুৱা হ’বও পাৰে। শুকান পৰিৱেশ, জলবায়ু আৰু এলাৰ্জী সৃষ্টি কৰিব পৰা পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে ই ঘাইকৈ আঠুৰ পিছপিনে কিলাকুটিৰ ভাঁজ, মণিবদ্ধ, ডিঙি আৰু ভৰিৰ গোৰোহা আদিত হয়। কেঁচুৱাৰ ক্ষেত্ৰত ই প্ৰথমে মুখ আৰু ডিঙিত হৈ পিছলৈ আন অংশলৈ বিয়পি। ইয়াৰ ওপৰত সংক্ৰমণ হৈ দাগ হ’ব পাৰে। ষ্টেৰইড, এন্টি হিষ্টামিন আদি দৰৱ ব্যৱহাৰ কৰিব পৰা যায়।

এলাৰ্জিক কনজাংটিভাইটিছ

 

 

ৰাস্তাৰ ধূলি-বালি, কল-কাৰাখানাৰ ধোঁৱা, ফল-মূল আৰু কিছুমান খাদ্য বা ৰাসায়নিক পদাৰ্থৰ বাবে শৰীৰৰ আন অংশৰ লগতে চকুৰ কনজাংটিভাৰ এলাৰ্জীক বিক্ৰিয়া হৈ কনজাংটিভাইটিছ হ’ব পাৰে। চকু অতিমাত্ৰা ৰঙচুৱা হৈ পৰা, চকুৰে পানী ওলোৱা, চকুৰ খেচ-খেচনি আৰু বিষ হোৱা, চকু উখহি উঠা আৰু চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিব নোৱাৰা হোৱা আদি এই ৰোগৰ লক্ষণ। ই সোচৰা নহয়। সঘনাই পানীৰে চকু ধুই থাকিলে, ই এনেয়ে ভাল হয় যদিও ষ্টেৰ’ইড ড্ৰপ চকুত দিব পাৰি। ৰাইনাইটিছৰ সৈতে একেলগে হ’লে ইয়াক ৰাইনো কনজাংটিভাইটিছ বুলি কোৱা হয়।

এলাৰ্জিক ৰাইনাইটিছ

ৰাস্তাৰ ধূলি-বালি, ঘৰুৱা ধূলি, ফুলৰ ৰেণু, পৰাগ, জীৱ-জন্তু নোম, ঠাণ্ডা বতাহ, শুকান জলবায়ু আদিৰ বাবে কেতিয়াবা নাকৰ মিউকোচাৰ এলাৰ্জী হোৱা দেখা যায়। মূৰৰ বিষ, চকুৰ বিষ, নাকেৰে পানী ওলোৱা, জ্বৰ, হাঁচি মৰা, দুৰ্বলতা আদি ইয়াৰ লক্ষণ। জিৰণি লৈ, এলাৰ্জী সৃষ্টি কৰা ব্যৱস্থাৰ পৰা আঁতৰি থাকিলে ই এনেয়ে ভাল হয়।

এলাৰ্জীক এজমা

এজমা আৰু এলাৰ্জী এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি।আগতে উল্লেখ কৰি অহা যিকোনো পদাৰ্থ বা পৰিৱেশৰ সংস্পৰ্শলৈ আহিলেই কিছুমান লোকৰ শ্বাসযন্ত্ৰৰ বায়ু চলাচল কৰা বাটবোৰৰ সংকোচন হয়। ফলত হাঁওফাঁওলৈ পৰ্য্যাপ্ত বায়ু চলাচল কৰিব নোৱাৰা হয়। ব্যক্তিজনে উশাহ-নিশাহত কষ্ট পায়, জোৰকৈ উশাহ-নিশাহ ল’ব লগা হয়, দীৰ্ঘ সময় ধৰি উশাহ চুটি হৈ পৰে, শুকান কাঁহ হ’ব পাৰে, বুকু টানি ধৰে, বুকুৰ ধপধপনি বাঢ়ে, ঘামিৰ ধৰে, চটফটনি আৰম্ভ হয়। বমি হয়, আনকি জৰুৰীকালীন অৱস্থাৰ সৃষ্টি কৰি মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে। সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ই বেছিকৈ হোৱা দেখা যায়। যদিও, যিকোনো বয়সৰ লোকৰে হ’ব পাৰে। পদাৰ্থবোৰৰ ভিতৰত মুখ্যত: ঘৰুৱা ধূলি-বালি, খেলা সামগ্ৰীৰ ধূলি, জন্তুৰ নোম আৰু ফুলৰ ৰেণু, পৰাগ আদি মুখ্য। চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি ইয়াক কমাই ৰাখিব লাগে।

ফুড এলাৰ্জী

কিছুমান খাদ্য যেনে চকলেট, গাখীৰ, চয়াবিন, সেউজীয়া শাক-পাচলি, সতেজ ফল-মূল, মাংস, মাছ, কণী আদি খালেও বহুতৰে এলাৰ্জী হোৱা দেখা যায়। ইয়াক ফুড এলাৰ্জী বুলি কোৱা হয়। পেট ফুলা, বমি, ইন্টেচটিনেল অবষ্ট্ৰাকচন, মুখ আৰু জিভাৰ Angioedema হয়। ইয়াক Birch Allergy Syndrome বুলি কোৱা হয়। খাদ্য সিজাই খালে এলাৰ্জী নহয়।

এলাৰ্জী চিনাক্তকৰণ

স্কীন প্ৰিক টেষ্ট

এই ব্যৱস্থাত যিবিধ পদাৰ্থৰ বাবে এলাৰ্জী টেষ্ট কৰা হয়, সেই পদাৰ্থবিধ পাতলকৈ এক শুকান হাতৰ ছালৰ ওপৰত দি, বীজাণুমুক্ত লেন্সেটেৰে ঠাইডোখৰত বিন্ধাই দিয়া হয়। যদিহে পৰীক্ষা ধনাত্মক হ’ব লাগে, তেন্তে ঠাইডোখৰ ১০ মিনিট পিছতে ঋণাত্মক কন্ট্ৰোলতকৈ অতি কমেও ২ মিলিমিটাৰ অধিক বেছিকৈ ফুলি উঠিব লাগিব। পৰীক্ষা কৰাৰ দুই দিন আগৰ পৰা, যদি কিবা এণ্টি এলাৰ্জীক দৰব খাই থাকে বন্ধ কৰিব লাগে। ইয়াৰ সুবিধা হ’ল এয়ে যে ৰোগীয়ে ইয়াক চচক্ষুৰে দেখা পায়, সেয়েহে ইয়াৰ বিশ্বাসযোগ্যতা বাঢ়ে আৰু তাৰ সংস্পৰ্শলৈ অহা বন্ধ কৰে।

নিৰ্দিষ্ট IgE পৰীক্ষা

এই ব্যৱস্থাত এলাৰ্জী সৃষ্টি কৰা পদাৰ্থবিধে সৃষ্টি কৰা নিৰ্দিষ্ট IgE এন্টিবডিবিধ পৰীক্ষা কৰা হয়। ইয়াৰ সুবিধা হ’ল যে ছালৰ ৰোগ হৈ থকা ব্যক্তি, আনকি এনাফাইলেক্সীচ হৈ মৃত ব্যক্তিৰ পোষ্টমৰ্টেম কৰোতে সংস্পৰ্শলৈ অহা এলাৰ্জী সৃষ্টি কৰা পদাৰ্থবিধ ঠিৰাং কৰিব পাৰি।

চেলেঞ্জ টেষ্ট

এই ব্যৱস্থাত এলাৰ্জী সৃষ্টি কৰা দ্ৰব্যবিধ পাতলকৈ চিকিৎসকৰ তত্ত্বাৱধানত সংস্পৰ্শ দি এলাৰ্জী কৰেনে চোৱা হয়।

Mast Cell Tryptase

এলাৰ্জীৰ সৃষ্টি হ’লে Mast Cell বোৰে কেবাটাও ৰাসায়নিক পদাৰ্থ নিৰ্গত কৰে। প্ৰায়ভাগ ২-৩ ঘন্টা থাকে। কিন্তু ট্ৰিপ্টেজ প্ৰায় ২৪ ঘন্টা তেজত থাকে বাবে ইয়াক পৰীক্ষা কৰিও এলাৰ্জী কৰিব পাৰি।

তদুপৰি তেজৰ পৰীক্ষা কৰিলে IgE ৰ পৰিমাণ আৰু এবচলুট এচিনোফিলৰ পৰিমাণ বাঢ়িব পাৰে। আজিকালি পৰীক্ষাগাৰত Food Allergy পৰীক্ষা কৰিব পাৰি।

এলাৰ্জীৰ চিকিৎসা আৰু প্ৰতিৰোধ

এলাৰ্জী সৃষ্টি কৰিব পৰা পদাৰ্থৰ পৰা আঁতৰত থাকিব লাগে। বৃত্তি বিশেষজ্ঞ আৰু খাদ্য বিশেষজ্ঞৰ সহায় লৈ, সেই মতে এলাৰ্জী সৃষ্টি কৰা বৃত্তি আৰু খাদ্য ত্যাগ কৰি অন্য ব্যৱস্থা পাব লাগে। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী হিষ্টামিন নিৰ্গত বন্ধ কৰিবৰ বাবে H1 ৰিচেপ্টৰ ব্লক কৰা দীৰ্ঘ কৰ্মী আৰু টোপনি সৃষ্টি নকৰা এন্টি হিষ্টামিন দৰব গ্ৰহণ কৰিব পাৰি। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী Mast Cell সুস্থিৰ কৰা চডিয়াম ক্ৰোমোগ্লাইকেট আৰু ষ্টেৰইড আদি নাকেৰে সেৱন কৰা বা Puff হিচাপে ল’ব পাৰি। আনকি Mast Cell সুস্থিৰ কৰা Omlizumab দৰবো গ্ৰহণ কৰিব পাৰি। চিকিৎসকৰ তত্বাৱধানত এলাৰ্জী সৃষ্টি কৰা পদাৰ্থবিধ কম পৰিমাণে সংস্পৰ্শলৈ দীৰ্ঘদিনৰ বাবে দিও এলাৰ্জী কমাব পাৰি। এই ব্যৱস্থাক এন্টিজেন নিৰ্দিষ্ট কমাব পাৰি। এই ব্যৱস্থাক এন্টিজেন নিৰ্দিষ্ট ইমুনো থেৰাপি বুলি কোৱা হয়। আগতীয়াকৈ এড্ৰিনেলিন বেজী লৈও এলাৰ্জী কমাব পাৰি। এই ব্যৱস্থাক এন্টিজেন নিৰ্দিষ্ট ইমুনো থেৰাপি বুলি কোৱা হয়। আগতীয়াকৈ এড্ৰিনেলিন বেজী লৈও এলাৰ্জী কমাব পাৰি। এনাফাইলেক্সীচ, এজমা, সৰ্প দংশন আদি যিহেতু জৰুৰীকালীন অৱস্থা, সেয়েহে এনে অৱস্থাত ৰক্তচাপ সঠিককৈ ৰখা, অক্সিজেন যোগান ধৰা আদি ততাতৈয়াকৈ কৰিব লাগে। মুঠতে অলপ সাৱধান হৈ চলিলে এলাৰ্জীৰ যন্ত্ৰণাৰ পৰা সহজে পৰিত্ৰাণ পাব পাৰি।

এলাৰ্জীৰ সাধাৰণ লক্ষণবোৰ

  • এলাৰ্জী সৃষ্টি কৰা বস্তুৰ সংস্পৰ্শলৈ আহিলে, শৰীৰৰ সংস্পৰ্শ হোৱা অংশবোৰত খজুৱতি আৰম্ভ হয়। ই প্ৰায় ৪ ৰ পৰা ৮ ঘন্টা পৰ্য্যন্ত থাকে।
  • খজুৱতি হোৱা ঠাইডোখৰ ৰঙচুৱা হৈ ফুলি উঠে। ইয়াক Urticaria বুলি কোৱা হয়। ঠাইডোখৰত তেজৰ চলাচল বাঢ়ে বাবে এনেকুৱা হয়। ই প্ৰায় ২৪ ঘন্টা থাকে। পোক-পৰুৱাই কামুৰিলে হোৱা এলাৰ্জীতো এনেকুৱা হয়।
  • কেতিয়াবা সংস্পৰ্শলৈ অহা ঠাই ডোখৰত হেঁচি দিলেও বহি নোযোৱা ই ডেমা হোৱা দেখা যায়। ইয়াক Angioedema বুলি কোৱা হয়। মুখ্যত: মুখ, হাত-ভৰি আৰু যৌনাংগত ই অধিক হোৱা দেখা যায়। জিভা, লেৰিংচ আদিত হ’লে ই শ্বাস-প্ৰশ্বাসৰ দিগদাৰি ঘটাই জীৱনঘাতক পৰিৱেশ সৃষ্টি কৰিব পাৰে। খাদ্যতন্ত্ৰত Angioedema হ’লে পেটৰ বিষ, বমি, পেট ফুলি উঠা আদি নানা সমস্যাই দেখা দিয়ে।
  • কিছুমান দৰব ব্যৱহাৰ কৰিলেও বেজী দিয়া ঠাইডোখৰত খজুৱতি উঠি, ফুলি উঠিব পাৰে। খোৱা দৰবে এলাৰ্জী সৃষ্টি কৰিলে খাদ্যতন্ত্ৰত Angioedema হ’ব পাৰে। সাধাৰণতে পেনিচিলিন জাতীয় ঔষধে ইয়াক বেছিকৈ কৰে।
  • কেতিয়াবা এলাৰ্জী ছিষ্টেমিক এলাৰ্জী হিচাপে বিক্ৰিয়া ঘটায় জীৱনঘাতক এনাফাইলেক্সীচৰ সৃষ্টি কৰিব পাৰে। হাত-ভৰিৰ তলুৱাৰ খজুৱতি, যৌনাংগৰ খজুৱতি, ঘামি অহা, ভাগৰ লগা, অজ্ঞান হৈ পৰা, আৰ্টিকেৰিয়া, ওঠ-মুখ উখহি উঠা, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা, নিম্ন ৰক্তচাপ, ডায়েৰীয়া, পেটৰ বিষ, হৃৎযন্ত্ৰৰ ধপধপনি বঢ়া আদি হৈ এইবিধ ৰোগীৰ মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে।

লিখক: ধৰ্মকান্ত কুম্ভকাৰ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate