জাৰৰ দিন। জাৰৰ দিনকেইটাত কাৰোবাৰ ওঁঠ ফাটে; কাৰোবাৰ ভৰি ফাটে। বেছিকৈ ফাটিলে ছালৰ পৰা তেজ ওলাবও পাৰে। ভৰিৰ গোৰোহা ফুটাৰ ফলত খোজ কাঢ়োতে বিষায়। যিসকলে পুষ্টিহীনতাত ভুগি থাকে। তেওঁলোকৰ এই সমস্যা বেছি হোৱা দেখা যায়। কাৰণ পুষ্টিহীন ছাল বেছিকৈ ফাটে। ছালত জ্বলীয় ভাপ পর্যাপ্ত পৰিমাণে নাথাকিলে ছাল শুকাই ফাট মেলে। ঠিক যেনেকৈ খৰালি পথাৰৰ মাটিত ফাট মেলে; বাৰিষা পথাৰ পানীৰে ওপচি পৰাৰ দৰে লগে লগেই ফাটবোৰ নোহোৱা হয়। ছালৰ সুস্থ অৱস্থা আৰু সৌন্দৰ্যৰ বাবে জ্বলীয় ভাপ কিমান প্রয়োজনীয় সেই কথা এই উদাহৰণটোৰ পৰাই সহজে বুজা যায়।
জলবায়ুত জলীয় ভাপ হ্রাস পালে ছালত ইয়াৰ প্ৰতিফলন ঘটে। অর্থাৎ ছালৰ জ্বলীয় ভাপ হ্রাস পায়।
শীতকালত ছালৰ তেজ চলাচল কৰা নলীবোৰ সংকুচিত হোৱাৰ ফলত তেজৰ চলাচল হ্রাস পায়। বিপৰীতে শৰীৰৰ ভিতৰত থকা অংগবোৰলৈ যেনে— যকৃত বা লিভাৰ বৃক্ক বা কিডনী আদিলৈ তেজৰ চলাচল বৃদ্ধি পায়। ইয়াৰ ফলত শীতকালি ছাল নাঘামে, কিন্তু প্ৰস্ৰাৱ ঘনাই হয়। শৰীৰ নাঘামে বাবে পানীৰ পিয়াহ কমকৈ লাগে। ছাল ফটাৰ আন গুৰুত্বপুৰ্ণ কাৰণটো হ’ল—পুষ্টিকৰ, সুষম আহাৰৰ অভাৱ অর্থাৎপুষ্টিহীনতা।
ছালত যাতে জ্বলীয় ভাপ হ্রাস নাপায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শীতকালত সংকুচিত হৈ থকা তেজৰ নলীবোৰত ৰক্তপ্রবাহ বৃদ্ধিৰ বাবে পুৱা কিছু সময়ৰ বাবে ছালত এচেৰেঙা ৰ’দৰ প্ৰভাৱ অপৰিসীম। পুৱা সংকুচিত তেজবাহী নলীবোৰ মেল খাই ছালৰ ৰক্তপ্ৰবাহ বৃদ্ধি হোৱাৰ ফলত যি আৰামদায়ক অনুভূতি হয়; সেয়া দিনটোলৈ ভালদৰে অনুভৱ হয়। শীতকালি ছালৰ তাপ বা শৰীৰৰ তাপ ৰক্ষাৰ বাবে আৰু জলীয় ভাপ সংৰক্ষণৰ বাবে আৰামদায়ক গৰম কাপোৰ পিন্ধাটো অপৰিহার্য। পিয়াহ নালাগিলেও নির্দিষ্ট সময়ত সঠিক মাত্ৰাত পানী পান কৰাটো ছালৰ স্বাস্থ্যৰ বাবে স্বাস্থ্যসন্মত অভ্যাস। সেইদৰে সুষম; পুষ্টিকৰ আহাৰ অপৰিহাৰ্য।
শীতৰ দিনকেইটাত শৰীৰৰ অন্যান্য অংগৰ লগতে হাত দুখনৰো বিশেষ যত্ন লোৱা প্ৰয়োজন। হাত দুখন কেৱল কাম কৰাৰ বাবেই নহয়, ই ব্যক্তি এগৰাকীৰ সৌন্দৰ্যৰ পৰিচয়ো দাঙি ধৰে। শীতৰ দিনকেইটাত হাতৰ ছাল শুকান হৈ পৰে আৰু উজ্জ্বলতা নোহোৱা হ’বলৈ ধৰে। হাত দুখনৰ মসৃণতা আৰু সৌন্দর্য ধৰি ৰখাৰ কেইটামান দিহাৰ আজিৰ আলোচনাৰ অংশ।
লিখক: দিব্যজ্যোতি ভূঞা, সাদিন।
শেহতীয়া উন্নীতকৰণ: : 6/17/2022
অসমৰ ভূমি সংকোচন সমস্যা
অসম ডাইনী অপৰাধ (নিষেধ, প্ৰতিষেধ আৰু সুৰক্ষাপ্ৰদান...
অসমৰ জলবায়ু পৰিবৰ্তন: এক জ্বলন্ত সমস্যা
উচ্চ শিক্ষা, চৰকাৰৰ আৰু আমাৰ সমস্যাৰ সমীকৰণ