স্কাবিজ কেনেদৰে বিয়পে?
স্কাবিজৰ বিজাণুবোৰ অতি সংবেদনশীল। সাধাৰণতে এই বিজাণুবোৰ মানুহৰ দেহত ২৪ৰ পৰা ৩৬ ঘন্টামানহে জীৱিত থাকিব পাৰে। এই বিজাণুবোৰ ব্যক্তিৰ পৰা ব্যক্তিৰ গালৈ ওচৰ সম্পৰ্ক তথা ছালৰ লগত ছালৰ সংস্পৰ্শৰ যোগেৰে বিয়পে। কেতিয়াবাহে অতি বিৰলভাৱে কুকুৰ-মেকুৰী আদিৰ পৰা বিয়পে। কাৰণ জীৱ-জন্তু আৰু মানুহৰ গাত হোৱা এই ৰোগৰ বিজাণু পৃথক হয়।
উপসৰ্গ
স্কাবিজৰ ফলত পানী জোলা আৰু উখহি উঠাৰ দৰে ঘাঁৰ সৃষ্টি হয়। এইবোৰ আঙুলীৰ ফাক, মনিবন্ধনী, কিলাকুটিৰ ভাঁজ, কৰঙণ আৰু আঠুত হোৱা দেখা যায়। খজুৱতি হয়। দিন বঢ়াৰ লগে লগে খজুৱতিও বাঢ়ি যায়।
সহজ প্ৰতিকাৰ
বিছনাৰ কাপোৰবোৰ ভালদৰে গৰম পানীৰে ধুব লাগে। এনে কৰিলে বিজাণুবোৰ মৰি যায়। সঠিক অনুসন্ধান আৰু চিকিত্সাৰ বাবে চিকিত্সকৰ লগত পৰামৰ্শ কৰিব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/14/2020
ইয়াত বিভিন্ন ছালৰ ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।...