মগজুৰ অস্ত্ৰোপচাৰ কৰোঁতে লাওখোলাৰ এডোখৰ কাটি বিন্ধা কৰি ল’বলগীয়া হয়। সাধাৰণতে এই অস্ত্ৰোপচাৰৰ বাবে ৰোগীক সম্পূৰ্ণ সংজ্ঞাহীন কৰি লোৱা হয়। কিন্তু সম্প্ৰতি সম্পূৰ্ণ সংজ্ঞাহৰণ নকৰাকৈও, ৰোগীক সম্পূৰ্ণ জাগ্ৰত কৰি ৰাখি অস্ত্ৰোপচাৰ কৰিব পৰা হৈছে। এই অস্ত্ৰোপচাৰৰ নাম দিয়া হৈছে মগজুৰ জাগ্ৰত অস্ত্ৰোপচাৰ।
মগজুৰ অস্ত্ৰোপচাৰৰ এক প্ৰধান সমস্যা হৈছে অস্ত্ৰোপচাৰৰ পিছত হ’ব পৰা ৰোগীৰ বিভিন্ন ধৰণৰ বৈকল্য। মগজুৰ জাগ্ৰত অস্ত্ৰোপচাৰৰ দ্বাৰা এনে সম্ভাব্য বৈকল্যসমূহ ৰোধ কৰা সম্ভৱ। স্নায়ু শল্যবিদে মগজুত হোৱা টেমুনা সম্পূৰ্ণৰূপে কাটি উঠাই পেলোৱাত সফল হ’বই লাগিব; কিন্তু তাকে কৰোতে এই কথাও নিশ্চিত কৰিব লাগিব যাতে মগজুৰ কোনো গুৰুত্বপূৰ্ণ অংশ ধ্বংস নহয়। মগজুৰ যিটো অংশই আমাৰ বাক শক্তি নিয়ন্ত্ৰণ কৰে, সেই অংশসমূহত অস্ত্ৰোপচাৰ কৰোতে বিশেষ সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। তেনে অস্ত্ৰোপচাৰ কৰোতে ৰোগীক সম্পূৰ্ণ সংজ্ঞাহীন কৰিলে অসুবিধা হয়। সম্প্ৰতি নতুন ধৰণৰ স্থানীয় সংজ্ঞালোপন দৰব উপলব্ধ হৈছে।
এনে দৰব ব্যৱহাৰ কৰি ৰোগীক সম্পূৰ্ণ সংজ্ঞাহীন নকৰাকৈও অস্ত্ৰোপচাৰ কৰিব পাৰি। তদুপৰি সম্প্ৰতি বিকিৰণ বিজ্ঞানৰ ক্ষেত্ৰত প্ৰভূত বিকাশ হৈছে। সাধাৰণ এম আৰ আইৰ উপৰি ক্ৰিয়াত্মক এম আৰ আই উপলব্ধ হৈছে।
এনে এম আৰ আয়ে টেমুনা আৰু মগজুৰ গুৰুত্বপূৰ্ণ ক্ৰিয়াশীল অংশসমূহৰ সঠিক সম্বন্ধ উন্মোচন কৰে। তাৰ উপৰি আছে টেক্ট’গ্ৰাফী। এই পৰীক্ষাৰ সময়ত শল্যবিদে স্নায়ুৰ আঁহ, মগজুৰ বিভিন্ন অংশৰ সংযোগ আৰু টেমুনাই সেইবোৰ কিমানখিনি স্থানান্তৰিত কৰিছে সেই কথা প্ৰত্যক্ষ কৰিব পাৰে। কিন্তু এই তথ্যবোৰ গতিহীন শল্যবিদৰ প্ৰয়োজন গতিশীল তথ্য, যাতে অস্ত্ৰোপচাৰ কৰাৰ সময়ত তেওঁ বুজিব পাৰে গুৰুত্বপূৰ্ণ অংশবোৰ প্ৰকৃততে ক’ত আছে আৰু কোন মুহুৰ্তত অস্ত্ৰোপচাৰ বন্ধ কৰিব লাগিব পাৰে।
জাগ্ৰত অস্ত্ৰোপচাৰ এনে এক পদ্ধতি য’ত অস্ত্ৰোপচাৰ কৰি থকা সময়ত ৰোগী সম্পূৰ্ণ সচেতন হৈ থাকে, তেওঁ শল্যবিদৰ সৰল নিৰ্দেশ মানিব পাৰে আৰু কথা ক’ব পাৰে। এই পদ্ধতিত গুৰুত্বপূৰ্ণ কথাটো হ’ল- মগজুৱে নিজাববীয়াকৈ কোনো ধৰণৰ বিষ অনুভৱ নকৰে; মগজু ঢাকি ৰক্ষা আৱৰণী, লাওখোলাৰ হাড় আৰু ওপৰত থকা শিৰচৰ্মহে সংবেদনশীল, গতিকে বিষ অনুভৱ হয়। জাগ্ৰত অস্ত্ৰোপচাৰ কৰাৰ ক্ষেত্ৰত ৰোগীয়ে সম্পূৰ্ণ সহযোগ কৰিব পাৰিব লাগিব। ৰোগীক সকলো কথা বুজাই ক’ব লাগিব। শল্যবিদ আৰু সংজ্ঞাহাৰী গোটৰ মাজত সমন্বয় থাকিব লাগিব। ৰোগীক ভালদৰে শলা-পৰামৰ্শ কৰিব লাগিব। ৰোগীয়ে সহযোগিতা কৰিব নে নাই, সেই বিষয়ে নিশ্চিত হ’ব লাগিব। কিয়নো অস্ত্ৰোপচাৰৰ সময়ছোৱাত তেওঁ অলৰ-অচৰ হৈ থাকিব লাগিব; মূৰটো অকণো লৰাব নোৱাৰিব। তেওঁ এই কথাও বুজিব লাগিব যে অস্ত্ৰোপচাৰৰ সময়ত তেওঁক সম্পূৰ্ণৰূপে জাগ্ৰত কৰি ৰখা হ’ব। তদুপৰি ৰোগীক ক’ব লাগিব যে অস্ত্ৰোপচাৰৰ সময়ত যন্ত্ৰ-পাতি আৰু সঁজুলিৰ বিভিন্ন ধৰণৰ শব্দ হ’ব। সেইবোৰ শুনি উৎকন্ঠিত হ’ব নালাগিব। সংজ্ঞাহাৰীৰ বাবে অস্ত্ৰোপচাৰৰ সময়ত বিষনাশক দ্ৰব্য আৰু উত্তেজনা নাশক দৰবৰ ব্যৱহাৰৰ মাজত সন্তুলন ৰখাটো ডাঙৰ প্ৰত্যাহ্বান হ’ব। অস্ত্ৰোপচাৰৰ বিভিন্ন পৰ্য্যায়ত বিভিন্ন মাত্ৰাৰ উত্তেজনা নাশক দ্ৰব্য ব্যৱহাৰ কৰি ৰোগীক কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰাকৈ ৰাখিব লাগিব। মগজুৰ অস্ত্ৰোপচাৰ কৰা হয় অনুবীক্ষণ যন্ত্ৰৰ মাধ্যমেৰে, যাতে শল্যবিদে স্বাভাৱিক আৰু অস্বাভাৱিক কলা স্পষ্টকৈ প্ৰত্যক্ষ কৰিব পাৰে আৰু অস্ত্ৰোপচাৰ নিৰ্ভুল হয়।
অস্ত্ৰোপচাৰৰ গুৰুত্বপূৰ্ণ পৰ্য্যায় হ’ল টেমুনাৰ প্ৰান্তীয় অংশ কাটি উঠোৱা। এই পৰ্য্যায়ত গুৰুত্বপূৰ্ণ স্বাভাৱিক ক্ৰিয়াশীল অংশ ধ্বংস হোৱাৰ সম্ভাৱনা অধিক। এই পৰ্য্যায়ত যদি হাত বা ভৰিৰ ক্ৰিয়াশীলতা হ্ৰাস পায় অথবা কথা কোৱাত অসুবিধা হয়; তেনেহ’লে শল্যবিদে তৎকালেই অস্ত্ৰোপচাৰ বন্ধ কৰিব। তেওঁ বুজি পাব যে তেওঁ বিপদসংকুল অংশত অস্ত্ৰোপচাৰ কৰি আছে। শল্যবিদে কৌশল পৰিৱৰ্তন কৰিব, যাতে মগজুৰ প্ৰয়োজনীয় অংশ ধ্বংসপ্ৰাপ্ত নহয়, তাৰ ব্যৱস্থা কৰিব, এই ক্ষেত্ৰত সংজ্ঞাহাৰী আৰু শল্য চিকিৎসা গোটৰ বিশেষ নৈপুণ্য আৰু কৌশলতাৰ প্ৰয়োজন হয়, যাতে ৰোগীয়ে কোনো ধৰণৰ স্নায়ৱিক বৈকল্যত ভুগিবলগীয়া নহয়।
লিখক: ডা: জীৱন দত্ত বৰুৱা, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
বাকৰুদ্ধ কি, কিয় আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰ...
আধুনিক সভ্যতাৰ অৱদান আৰু মগজু
ষ্ট্ৰকৰ বিষয়ে
অনিদ্ৰা দূৰ কৰো আহক