অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশু, মহিলা আৰু বয়স্থ লোকৰ হৃদৰোগৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ

শিশু, মহিলা আৰু বয়স্থ লোকৰ হৃদৰোগৰ কাৰণ, চিকিৎসা আৰু প্ৰতিৰোধ

আমাৰ বহুতেৰে এটা ধাৰণা আছে যে কেৱল বয়সথ লোকৰহে হৃদৰোগ হয়। সেয়ে কম বয়সীয়া লোকৰ ক্ষেত্ৰত হৃদৰোঅগৰ প্ৰাথমিক লক্ষণবোৰ প্ৰায়ে উপেক্ষা কৰা হয়, অথবা অন্য কোনো ৰোগৰ উপসৰ্গ হিচাপে ধৰি লোৱা হয়। ইয়াৰ ফলত বিপদ বাঢ়ে। অজ্ঞতা আৰু অৱহেলাৰ ফলত ৰোগ জটিল হৈ পৰে আৰু প্ৰাণহানি হোৱাৰ আশ্ংকা বাঢ়গি যায়। অথচ চিকিৎসা বিজ্ঞানে বয়সস্থ লোকৰ সমান্তৰাল ভাবে শিশুৰ হৃদৰোগৰ সম্ভাৱনাক উপেক্ষা কৰা নাই। শিশুৰ হৃদৰোগৰ ক্ষেত্ৰত এটা সমস্যা এয়তে যে শিশুৰ হৃদৰোগৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় বিশেষজ্ঞ চিকিৎসক আমাৰ দেশত খুবেই কম।

শিশুৰ জন্মগত হৃদৰোগ

আমি জানো যে হৃদপিণ্ডৰ মাধ্যমেৰে গোটেই দেহত তেজ বিয়পি পৰে। আকৌ হৃদপিণ্ডৰ প্ৰসাৰণৰ লগে লগে সেইজ তেজ হৃদপিণ্ডলৈ ঘুৰি আহে। হৃদপিণ্ডৰ মাধ্যমেৰে যি তেজ গোটেই দেহত বিয়পি পৰে, সেইবোৰ বিশুদ্ধ অক্সিযেনযুক্ত তেজ। কিন্তু যিখিনি তেজ দেহৰ বিভিন্ন্ন অংশৰ পৰা হৃদপিণ্ডলৈ ঘুৰি আহে সেইখিনি অত্যধিক কাৰ্বনডাইযুক্ত দূষিত তেজ। বিশুদ্ধ তেজৰ ৰ্ং ৰঙা আৰু অবিশুদ্ধ তেজৰ ৰ্ং নীলা। যিবিলাক শিশুৰ জন্মগতভাৱে হৃদপিণ্ডৰ হৃদপিণ্ডৰ গঠনত কোনোক ত্ৰুটি থাকে, তেনে শিশুৰ গাৰ ৰ্ং অবিশুদ্ধ তেজৰ প্ৰভাৱত নীলা হয়। সেয়ে তেনে শিশুক বহু সময়ত নীলা শিশু বোলা হয়। গাঁৱৰ লোকে এনে শিশু জন্মিলে অপদেৱতাই ভৰ কৰা বুলি চিকিৎসকৰ ওচৰলৈ নগৈ বেজৰ ওচৰলৈ নিয়ে। যাৰফলত শিশুটিৰ অকাল মৃত্যু ঘটে।

আমাৰ হৃদপিণ্ডৰ দূষিত তেজবোৰ ৰক্তবাহী নলীৰ মাধ্যমেৰে হাওঁফাওঁলৈ গৈজ তাত পৰিশুদ্ধ হয়। জন্মগত ত্ৰুটিৰ বাবে ৰক্তবাহিনী ধমনীৰ আকাৰ বা ভিতৰৰ পৰিসৰ খুহ্ব সৰু হ’লে সকলোখিনি তেজ একেবাৰে হাওঁফাওঁ নাপায়গৈ। অথচ এই একেই প্ৰকোষ্ঠত বিশুদ্ধ তেজ আহি জমা হয়হি। ফলত বিশুদ্ধ আৰু অবিশুদ্ধ তেজৰ মিশ্ৰণ ঘটে। আৰু এই তেজ শিশুৰ সমগ্ৰ দেহত বিয়পি পৰে। ফলত শিশুৰ দেহৰ ৰ্ং নীলা হৈ পৰে। দেহৰ অন্যান্য অংশৰ তুলনাত ওঁঠ, জিভা, হাত আৰু ভৰিৰ আঙুলি বেছি নীলা হয়। হৃদপিণ্ডত এনেধৰণৰ ত্ৰুটি থাকিলে শিশু নিস্ক্ৰিয় হয়, সহজে খাবলৈ নিবিচাৰে আৰু সাধাৰণ শিশুতকৈ হৃদস্পন্দনৰ গতি বেছি হয়। স্বাভাৱিক গঠনযুক্ত হৃদপিণ্ডৰ শিশুৰ হৃদস্পন্দনৰ হাৰ ১৫০ ৰ পৰা ২০০ বব তাতকৈ বেছি হয়। এনে শিশুক তাৎক্ষণিকভাৱে চিকিৎসকৰ ওচৰলৈ নিয়া দৰকাৰ।

ইয়াৰ উপৰিও আন একধৰণৰ শিশু আছে, যাৰ গাৰ ৰ্ং নীলা নহয়, কিন্তু শ্বাস কষ্ট আছে। এনে শিশুৰ আকৃতি সাধাৰণ শিশুতকঈ সৰু আৰু হৃদস্পন্দনৰ মাত্ৰাও বেছি হয়। যদি ঠিকসময়ত চিকিৎসা কৰা নাযায়, তেন্তে এনে শিশুৰ ভৱিযষ্যতলৈ মূলত: দুটা সমস্যাই দেখা দিব পাৰে। প্ৰথমতে, ইহতৰ সঘনাই পানীলগা হয় আৰু দ্বিতীয়তে অলপতে ভাগৰি পৰে। কেতিয়াবা জিভাৰ ৰ্ং নীলাও হবও পাৰে। অভিজ্ঞ চিকিৎসকসকলে বুকুত ষ্টেথোস্কোপ লগাই বুকুৰ এনে সমস্যা ধৰিব পাৰে। এই ধৰণৰ শিশুৰ হৃদপিণ্ডত এক বা একাধিক ছিদ্ৰ থাকিব পাৰে। তাৰোপৰি হৃদপিণ্ডৰ এওৰ্টিক ভাল্‌ভ জন্মগতভাৱে সৰু হ’ব পাৰে। এনে অৱস্থাত শিশুটিক চাৰিবছৰৰ ভিতৰত হৃদপিণ্ডৰ অস্ত্ৰোপচাৰ কৰা উচিত। নহ’লে হাওঁফাওঁ নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে।

শিশুৰ ভাল্‌ভৰ ৰোগ

শিশুবিলাকৰ হৃদপিণ্ডৰ কপাটিকা বা ভাল্‌ভৰ দুই ধৰণৰ ত্ৰুটি দেখা যায়। আমাৰ হৃদপিণ্ডৰ ভাল্‌ভবোৰ দৰ্জাৰ দৰে এফালে খোলে আৰু আনফালে বন্ধ হয়। প্ৰথমটো ত্ৰুটিত ভাল্‌ভবোৰ সঠিকভাবে নোখোলে। আৰু দ্বিতীয়টোত ভাল্‌ভত ফুটা হয়। অৰ্থাৎ প্ৰথমটোৰ ক্ষেত্ৰত তেজ স্বাভাৱিক গতিত যাব নোৱাৰে আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত ভেণ্ট্ৰিকুলৰ পৰা এট্ৰিয়ামলৈ তেজ উভতি আহে। এই ৰোগৰ নাম ৰিউমেটিক হাৰ্ট ডিজিজ। এই ধৰণৰ ৰোগৰ মূল লক্ষণ ডিঙিৰ বিষ, ডিঙি ফুলা আৰু অলপ অলপ জ্বৰ। সঠিক সময়ত চিকিৎসা নকৰিলে হৃদপিণ্ড আক্ৰান্ত হয়। কিন্ত এই ৰোগ সকলো সময়তে প্ৰাথমিক অৱস্থাত ধৰা পেলাব পৰা নাযায়। সেয়ে ডিঙি ফুলি জ্বৰ হ’লে অন্য কোনো কাৰণ নাথাকিলে ৰিউমেটিক হৃদৰোগৰ চিকিৎসা কৰা দৰকাৰ। এই ধৰণৰ ৰোগত মূলত: বাওঁফালৰ হৃদপিণ্ডৰ এওৰ্টিক আৰু মাইট্ৰাল ভাল্‌ভ ক্ষতিগ্ৰস্ত হয়। এই ৰোগৰ প্ৰাথমিক লক্ষণ হ’ল দূৰ্বলতা, শ্বাসকষ্ট আৰু বুকুৰ ধৰফৰণি।

হৃদপিণ্ডৰ কপাটিকা যদি টান হৈ বন্ধ হৈ হয়, তেতিয়া তাক মাইট্ৰাল ষ্টেনোচিচ বোলে। এই ৰোগত শ্বাসকষ্ট গোটেই দিনটো অলপ অলপ থাকে, কিন্তু মাজৰাতি বেছি হয়, শ্বাসকষ্ট ইমান বেছি হয় যে ৰোগীয়ে দুৱাৰ খুলি বাহিৰলৈ আহি উশাহ লব বিচাৰে। ভাল্‌ভত সংক্ৰমণ হলেও হৃদপিণ্ডত সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে দাঁতৰ পৰা অথবা গাত হোৱা অন্য কোনো ফোঁহা আদিৰ পৰাও এনেধৰণৰ স্ংক্ৰমণ হ’ব পাৰে। কেতিয়াবা ভাল্‌ভত ক্ষতৰ সৃষ্টি হয়। ইয়াক ভেজিটেচন বোলা হয়। বহুসময়ত এনে ভেজিটেচন হৃদপিণ্ডৰ পৰা ছিটিকি ৰক্ত প্ৰবাহৰ জৰিয়তে বৃক্ক(কিডনি) অথবা প্লীহা পায়গৈ। বৃক্কত স্ংক্ৰমণ ঘটিলে প্ৰস্ৰাৱৰ লগত ৰক্তক্ষৰণ হয়। সেয়ে বহুসময়ত কিডনিৰ ৰোগৰ চিকিৎসাও কৰিব লগা হয়। ইয়াক এণ্ডোকাৰ্ডাইটিচ বোলে।

সঠিকভাৱে ৰোগ নিৰ্ণয় কৰিবলৈউ হ’লে ইকো-কাৰ্ডিওগ্ৰাফি কৰা দৰকাৰ। এনেধৰণৰ ৰোগৰ ভুল চিকিৎসা হোৱাৰ সম্ভাৱনা থাকে। সেয়ে কোনো কাৰণ নোহোৱাকৈ জ্বৰ হ’লে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।ৰোগ ধৰা পৰাৰ পিছত ব্লাড কালচাৰ কৰি ৰোগীক বিভিন্ন ধৰণৰ এণ্টিবায়’টিকৰ কম্বিনেচন দিয়া হয়। ইণ্ট্ৰাভেনাচ এণ্টিবায়’টিকো দিয়া হয়। এই চিকিৎসা একেৰাহে ছয়সপ্তাহ ধৰি চলে। এনেধৰণৰ চিকিৎসাত ৰোগ নিৰাময় নহ’লে অস্ত্ৰোপচাৰ কৰিবলগীয়া হয়।

মহিলাসকলৰ হৃদৰোগ

যিবোৰ হৃদৰোগ পুৰুষৰ হয়, সেই সকলোবোৰেই মহিলা সকলোৰো হয়। কিন্তু ওপৰত যি মাইট্ৰাল-ষ্টেনোচিচৰ কথা কোৱা হৈছে-এই ৰোগত পুৰুষৰ তুলনাত মহিলাসকল বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। ইয়াৰ উপৰিও কম বয়সীয়া লোকসকলৰ মাজত আৰু একধৰণৰ ৰোগ হয়-যাৰ নাম পেৰিকাৰ্ডাইটিচ। এই ৰোগত যুৱকসলৰ তুলনাত যুৱতীসকল বেছিকৈ আক্ৰান্ত হয়। সেয়ে মহিলাসকল খুব সাৱধান হোৱা উচিত।

আমাৰ হৃদপিণ্ডটোক আৱৰি চাৰিওফালে এখন পাতল পৰ্দা থাকে। ইয়াৰ নাম পেৰিকাৰ্ডিয়াচ। সাধাৰণ অৱস্থাত এই পৰ্দাখন হৃদপিণ্ডৰ গাত লিপিট খাই থাকে। কিন্তু পেৰিকাৰ্ডিয়াচৰ ৰোগত এই পৰ্দা আৰু হৃদপিণ্ডৰ মধ্যৱৰী অংশত পানী জমা হ’বলৈ ধৰে। ৰোগৰ লক্ষণ হিচাপে গাত অলপ অলপ জ্বৰ আৰু শ্বাসকষ্ট থাকে। ৰোগ নিৰ্ণয়ৰ বাবে প্ৰথমতে বুকুৰ একশ ৰে আৰু পিছত ইকোকাৰ্ডিওগ্ৰাফি কৰা হয়। প্ৰয়োজন সাপেক্ষে পানীবোৰ টানি বাহিৰলৈ উলিয়াই দিয়া হয় আৰু এণ্টিবায়’টিক দিয়া হয়। অৱশ্যে এবাৰ পানীখিনি উলিয়াই দিলেই যে ৰোগটো ভাল হ’ব সেইটো নহয়। দুই-তিনিবাৰ এনেকৈ জমা হোৱা পানী উলিয়াই দিব লগা হ’ব পাৰে। কিন্তু এনেদৰে বাৰে বাৰে পানী উলিয়াব লগা হ’লে অস্ত্ৰোপচাৰ কৰি পেলোৱা ভাল। অস্ত্ৰোপচাৰৰ সময়ত পৰ্দাৰ গাত এযডাল ৰবৰৰ নলী লগাই দিয়া হয়। এই নলীৰ সহায়েৰে পানীখিনি উলিয়াই দিয়াৰ পিছত নলীডাল দুই-তিনিদিনলৈ তেনেকৈ থৈ দিয়া হয়। তাৰ পিছত নলীডাল খুলি দিলে পৰ্দাখন হৃদপিণ্ডৰ গাত আকৌ আগৰ দৰে লিপিট খাই ধৰে। সাধাৰণতে একুইট পেৰিকাৰ্ডাইটিচ ৰোগৰ চিকিৎসা এনেদৰে কৰা হয়।

এই ৰোগৰ আন এটা প্ৰকাৰ হ’ল ক্ৰনিক পেৰিকাৰ্ডাইটিচ। বুকুৰ পানীখিনি বাহিৰলৈ উলিয়াই পৰীক্ষা কৰিলে কেতিয়াবা টি বি ৰোগৰ জীবাণু ধৰা পৰে। তেতিয়া এই ৰোগৰ চিকিৎসা কৰিবলগীয়া হয়। তাৰোপৰি বাৰে বাৰে পানী বাহিৰলৈ উলিয়ালে বা অস্ত্ৰোপচাৰ কৰিলে পৰ্দাখন হৃদপিণ্ডৰ গাত লিপিট খাই ধৰে ঠিকেই, কিন্তু ইয়াৰ পিছত পৰ্দাখন লাহে লাহে ডাঠ হৈ আহিবলৈ ধৰে। যিখন পৰ্দা প্ৰথম অৱস্থাত একেবাৰে মিহি আছিল সেইখন গৈ আঙুলিৰ দৰে ডাঠ হৈ পৰে আৰু হৃদপিণ্ডটোক চাৰিওফালৰ পৰা হেঁচামাৰি ধৰে। ফলত ৰোগীৰ উশাহ-নিশাহত কষ্ট হয়, বুকু ধৰফৰায়, জ্বৰ হয়। এনে অৱস্থাত অস্ত্ৰোপচাৰেই একমাত্ৰ চিকিৎসা। অস্ত্ৰোপচাৰ কৰাৰ সময়ত বুকুৰ সন্মুখৰ হাড় কাটি হৃদপিণ্ডৰ ওপৰৰ ডাঠ পৰ্দা কাটি বাদ দি হৃদপিণ্ডক মুক্ত কৰা হয়।

বয়সস্থ লোকৰ হৃদৰোগ

বয়সস্থসকলৰ সকলোধৰণৰ হৃদৰোগেই হয় যদিও হাৰ্ট এটেকৰ লগত আমি সকলোৱে পৰিচিত।আমাৰ হৃদপিণ্ডই যি নিজস্ব ছন্দবদ্ধতাৰে স্পন্দিত হয় তাৰ অন্তৰালত কাম কৰে হৃদপিণ্ডৰ হৃদপিণ্ডৰ নিজস্ব জেনেৰেটৰীই জেনেৰেটৰে নিৰ্দিষ্ট পৰিমাণৰ বৈদ্যুতিক তৰ্ংগ উতপন্ন কৰে আৰু হৃদপিণ্ডৰ কাম-কাজ চলাই নিয়াত সহায় কৰে। এই ইলেকট্ৰিকেল জেনেৰেটৰ পোচাকী নাম হ’ল এচ এ নোড। যাক আমি স্বাভাৱিক পেচমেকাৰ বুলি জানো। এই স্বাভাৱিক পেচমেকাৰ যেতিয়া নষ্ট হৈ যায়, তেতিয়া হৃদপিণ্ডৰ স্বাভবৱিক ছন্দবদ্ধতাও ভঙ্গ হয়। কিন্তু এই পেচমেকাৰ যিকোনো কাৰণত অকামিলা হৈ পৰিলে ৰোগীয়ে লগে লগে গম নাপায়। হাৰ্টৰ অন্য কোনো ৰোগৰ ই চি জি কৰিবলৈ গ’লেহে ৰোগটো ধৰা পৰে। ৰোগ ধৰা পৰাত পলম হ’লে ৰোগীৰ্ মূৰ ঘুৰাই পৰি যাব পাৰে অথবা ৰৈ ৰৈ মূৰটো ঘুৰাব পাৰে। অৱশ্যে মূৰ ঘুৰাই পৰি যোৱাটো এডাল্ট এওৰ্টিক ষ্টেনোচিচৰ লক্ষণো হ’ব পাৰে। সেয়ে ইকোকাৰ্ডিওগ্ৰাফি কৰি যদি কমপ্লিট হাৰ্ট ব্লক ধৰা পৰে তেন্তে হোল্টাৰ ষ্টাডি, এচ এ নোড ষ্টাডি কৰা হয়। তাৰ পিছত প্ৰয়োজন হ’লে ৰোগীৰ বুকুৰ সোঁফালৰ কলাৰ ব’নৰ তলত এটা কৃত্ৰিম পেচমেকাৰ বহুৱাই এডাল তাঁৰ হৃদপিনডৰ বাওঁফালে স্ংযোগ কৰি দিয়া হয়।

এই তাঁৰৰ মাধ্যমেৰেই কৃত্ৰিম বিদ্যুৎ সৰবৰাহ কৰি হৃদপিণ্ডৰ স্বাভাৱিক কাম-কাজ পৰিচালনা কৰা হয়। এনেধৰণৰ হাৰ্ট এটেকক ইলেকট্ৰিকেল হাৰ্ট এটেক বোলা হয়।

আন এক ধৰণৰ হাৰ্ট এটেক হ’ল মেকানিকেল হাৰ্ট এটেক। কৰোণাৰী ব্লকেজ আৰু ইস্কিমিয়া ইয়াৰ ভিতৰত পৰে। এই ধৰণৰ হাৰ্ট এটেকৰ বাবে দায়ী মূলত: কোলেষ্টেৰল। ৰক্তবাহিনীত কোলেষ্টেৰ জমা হৈ কোনো কাৰণত তেজ চলাচল আংশিক বা সম্পূৰ্ণভাৱে বন্ধ হৈ গ‘লে এই ধৰণৰ হাৰ্ট এটেক হয়। এনেধৰণৰ হাৰ্ট এটেকৰ মূল লক্ষণ হ’ল বুকুৰ ঠিক মাজত এটা হেঁচা পৰা ধৰণৰ বিষ অনুভৱ হয়, যেন বুকুত গধুৰ শিল এটাইহে হেঁচা মাৰি ধৰিছে। লগতে সৰ্বশৰীৰ ঘামে। শ্বাসকষ্ট আৰু বুকুৰ ধৰফৰণিও থাকে। বহু সময়ত মূৰ ঘুৰাই পৰি গ’লেও হাৰ্ট এটেক হ’ব পাৰে। কিন্তু চাইলেণ্ট ইস্কিমিয়াৰ এনে কোনো লক্ষণ নাই। কেৱল শ্বাসকষ্টহে থাকে। দীৰ্ঘদিন ধৰি ডায়েবেটিচ ৰোগত ভোগা ৰোগী চাইলেণ্ট ইস্কিমিয়াৰ চিকাৰ হয়। হৃদপিণ্ডৰ পৰা যিবোৰ স্নায়ু মস্তিস্কলৈ গৈছে সেইবোৰ দীৰ্ঘদীন ধৰি হৈ থকা ডায়েবেটিচৰ বাবে অকামিলা হৈ পৰে। ফলত ডায়েবেটিচ ৰোগীয়ে হাৰ্ট এটেক হ’লে কোনো বিষ অনুভৱ নকৰে। কেতিয়া হাৰ্ট এটেক হ’ল সেই কথাও সকলো সময়তে গম নাপায়। সেয়ে এনে ৰোগীয়ে নিয়মিত হৃদৰোগৰ চিকিৎসকৰ লগত যোগাযোগ ৰাখিব লাগে আৰু ডায়েবেটিচ নিয়ন্ত্ৰণত ৰাখিব লাগে।

হাৰ্ট এটেক কাৰ হয়

সাধাৰণতে পুৰুষ-মহিলা উভয়েৰে হাৰ্ট এটেক হ’ব পাৰে। তথাপি ৪৫ বছৰৰ অনুৰ্দ্ধ মহিলাসকলৰ শৰীৰত ইষ্ট্ৰোজেন নামৰ হৰমোনৰ প্ৰভাৱত একে বয়সৰ পুৰুষতকৈ কম হাৰ্ট এটেক হোৱা দেখা যায়। কবলৈ গ’লে পঞ্চলিছ অনুৰ্দ্ধ মহিলাসকলক ইষ্ট্ৰোজেন হৰমোনে হাৰ্ট এটেকৰ বিৰুদ্ধে ৰক্ষা কবচ দান কৰে। কিন্তু ৪৫ উৰ্দ্ধ পুৰুষ-মহিলা উভয়ৰে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা সমান সমান। সাধাৰণভাৱে কোৱা হয় শিশুৰ বা ২৫ বছৰৰ কম বয়সীয়াসকলৰ হাৰ্ট এটেক নহয়। চিকিৎসা বিজ্ঞানৰ কিতাপত ‘কাওয়াচাকি হাৰ্ট এটেক’ নামৰ হৃদৰোগ শিশু অৱস্থাতো হ’ব পাৰে বুলি এটা কথা লিখা আছে যদিও ইয়াৰ স্ংখ্যা নিতান্তই কম। আচলতে কম বয়সীয়া সকলৰ ধমনী সতেজ আৰু দৰ্বি হজম কৰাৰ ক্ষমতা বেছি বাবে তেওঁলোকৰ ৰক্তবাহী ধমনীত কোলেষ্টেৰল জমা হোৱাৰ সুযোগ নাপায়।যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা নাথাকে।

যিসকলৰ বংশত হাৰ্ট এটেকৰ ইতিহাস আছে, যিসকলে অত্যধিক ধুমপান কৰে, মদ্যপান কৰে বা যাৰ তেজত কোলেষ্টেৰলৰ মাত্ৰা বেছি আৰু যাৰ ডায়েবেটিচ ধৰা পৰিছে, সেই সকলোৰে হাৰ্ট এটেকৰ সম্ভাৱনা থাকে।+যিসকল লোক পৰিশ্ৰম বিমুখ, মেদবহুল, তেওঁলোকৰ হাৰ্ট এটেক হ’ব পাৰে। কেৱল শকত লোকৰহে হাৰ্ট এটেক হয়, ক্ষীণ লোকৰ নহয়-এনে ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। মানসিক দুশ্চিন্তাকো হাৰ্ট এটেকৰ অপ্ৰত্যক্ষ কাৰণ বোলা হয়। মানসিক দুশ্চিন্তাৰ ফলত ৰক্তচাপ বৃদ্ধি যায়, খোৱা-বোৱা অনিয়মীয়া হয়, টোপনি কমি যায়, হৃদস্পন্দন বাঢ়ে। এই সকলো কাৰণতে হাৰ্ট এটেক হ’ব পাৰে। শতকৰা ৪০ ভাগ ৰোগী উচ্চ ৰক্তচাপৰ বাবে হাৰ্ট এটেকৰ কবলত পৰে।

চিকিৎসা

হাৰ্ট এটেক এবাৰ হ’লে চিকিৎসকৰ পৰামৰ্শমতে খাদ্যাভ্যাস গঢ়ি তুলিব লাগে আৰু নিয়মীতভাৱে ঔষধ খাব লাগে। এটা ধমনী ব্লক হৈ গ’লেও চাপোপ্ৰ্টিক ট্ৰিটমেণ্টৰ ফলত ৰোগ বহুখিনি নিৰাময় হয়। এনে ৰোগীক ছমাহৰ মূৰে মূৰে ট্ৰেছ টেষ্ট আৰু ইক’কাৰ্ডিয়াগ্ৰাফি কৰাব লাগে। কিন্তু হৃদপিণ্ডৰ নিজৰ কাৰণে তেজ সৰবৰাহ কৰা মূল ধমনীকেইডালে যদি তেজৰ সৰাবৰাহ বন্ধ কৰি দিয়ে তেনেহ’লে তাৰ একমাত্ৰ চিকিৎসা হ’ল বাইপাচ চাৰ্জাৰী কৰা। অন্যথা ৰোগীৰ মৃত্যু হ’ব পাৰে নতুবা দীৰ্ঘদিন অসুস্থ অৱস্থাত শ্বাসকষ্ট লৈ জীয়াই থাকিব লগা হ্ব পাৰে। বৰ্তমান শতকৰা আশীভাগ লোকৰ মিনি বাইপাচ চাৰ্জাৰীত এই ৰোগ আৰোগ্য হোজ্বা দেখা গৈছে।

সতৰ্কতা

আগৰ পৰাই সতৰ্ক হ’লে হাৰ্ট এটেকৰ সম্ভাৱনা এৰাই চলিব পাৰি। চল্লিছ বছৰ বয়সৰ লগে লগে কোলেষ্টেৰল যুক্ত খাদ্যৰ পৰিমাণ কমাই দিব লাগে। মাখন, ঘিউ, চৰ্বিযুক্ত, ছাগলী-ভেড়াৰ মাংস, ব্ৰইলাৰ, মুৰ্গী, কণী, চিজ,  ক্ষীৰ, ঘন গাখীৰ, পায়স আদি খাদ্য একেবাৰে বৰ্জন কৰিব লাগে। যদি বংশত হৃদৰোগৰ ইতিহাস নাই তেন্তে কম পৰিমাণে এনে খাদ্য খালে একো নহয়।

মাছ খোৱা ভাল যদিও চৰ্বিযুক্ত মাছ খাব নালাগে। সামুদ্ৰিক মাছৰ তেল খাব পাৰি, কিন্তু বিল বা পুখুৰীৰ মাছৰ তেল খোৱা উচিত নহয়। হাৰ্টৰ অসুখ হ’লে সৰিয়হৰ তেল খোৱা উচিত নহয় বুলি কোনো বিধিনিষেধ নাই যদিও একেৰাহে এই তেল নাখায় মাজে সময়ে পৰিশোধিত সূৰ্যমুখী তেল অথবা বাদাম তেল আদিৰে ৰন্ধা বস্তু খোৱা উচিত।পাৰিলে অলিভ অয়ল বা জলফাই তেল খাব লাগে। এই তেলে তেজত কোলেষ্টেৰলৰ মাত্ৰা কমায়। যৌৱনৰ আৰম্ভণিৰ পৰা সতৰ্কতা অৱলম্বন কৰিলে শতকৰা পঞ্চাশৰ পৰা ষাঠিভাগ হৃদৰোগৰ বিপদ এৰাই চলিব পাৰি।

শিশুৰ হৃদৰোগৰ কাৰণ

বৰ্ষা, শীত অথবা ঋতু পৰিৱৰ্তনৰ সময়ছোৱাত কিছুমান শিশুৰ ডিঙিৰ বিষ হোৱা দেখা যায়। একেৰাহে বৰষুণ দি থাকিলে পৰিৱেশ শীতল হয়। তেনে ধস্ৰণৰ সামান্য শীতল পৰিৱেশতে কোনো কোনো শিশু (৫ বছৰৰ পৰা ১৫ বছৰ বয়সলৈ) ডিঙিৰ  বিষত আক্ৰান্ত হ’ব পাৰে। এনে ধৰণৰ বিষত শিশুৰ ডিঙিৰ দুয়োকাষৰ টনচিল দুয়োটা বাঢ়ে। খাদ্য বস্তু গিলাত কষ্ট হয়। ১০২ ডিগ্ৰী-১০৩ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত জ্বৰো উঠে। লগতে গা হাত-ভৰি আদিত বিষ হ’ব পাৰে। এনে অৱস্থাকে আমি টনচিলাইটিচ বুলি কওঁ।

এইবিলাক উপসৰ্গৰ লগতে যদি ভীষণ কষ্টদায়ক কাহ হয়, ডিঙি খুচখুচায়, সহজে নিৰাময় হোৱাৰ আশা নাথাকে, খাদ্য বস্তু গিলাত যদি অসুবিধা হয়, সামান্য জ্বৰ হয়, কথা কোৱাত অসুবিধা হয়, তেনেহ’লে সেয়া ‘ফেৰিঞ্জাইটিচ’ হ’ব পাৰে।

টনচিলাইঅটিচ আৰু ফেৰিঞ্জাইটিচ হোৱাৰ লগতে কোনো কোনো সময়ত ‘ষ্ট্ৰেপটোকক্কাছ বিটা হিমোলিটিকাছ’ নামৰ জীৱাণুৰ দ্বাৰা ডিঙিত স্ংক্ৰমণ হ’লে কিন্তু বিপদ ঘটিব পাৰে।

ডিঙিৰ বিষৰ প্ৰধান কাৰকবিলাক বিশ্লেষণ কৰিলে দেখা যায় যে ইয়াৰ শতকৰা ৫০ ভাগ ক্ষেত্ৰত দায়ী হৈছে বেক্টেৰিয়া আৰু ৫০ ভাগ ক্ষেত্ৰত দায়ী হৈছে ভাইৰাছ। স্ংক্ৰমণৰ কাৰণ যিয়েই নহওক কিয়, দুয়োক্ষেত্ৰতেই বিপদৰ আশ্ংকা কিন্তু সমান। অৰ্থাৎ ভাইৰাছ অথবা বেক্টেৰিয়াৰ স্ংক্ৰমণৰ কাৰণে হ’ব পৰা বিপদৰ সম্ভাৱনা একেই। কিন্তু বিটা-হিমোলিটিকাছ ষ্ট্ৰেপটোকক্কাছ’ জীৱাণুৰ স্ংক্ৰমণৰ ফলত হ’ব পৰা বিপদৰ আশ্ংকা কিন্তু অন্য জীৱাণুৰ স্ংক্ৰমণতকৈ বেছি।

ডিঙিৰ বিষ হোৱাৰ লগে লগে সেয়ে তৎক্ষণাত ডাক্তৰক দেখুৱাই চিকিৎসা গ্ৰহণ কৰিব লাগে আৰু ডাক্তৰে দিয়া ঔষধৰ কোৰ্ছটো সম্পূৰ্ণকৈ ল’ব লাগে। তেনেহ’লে ভৱিষ্যতে বিপদৰ আশ্ংকা নাথাকে। সময়মতে চিকিৎসা নল’লে এই ডিঙিৰ বিষৰ পৰাই শিশুৰ শৰীৰত অন্য ধৰণৰ এক প্ৰকাৰৰ ৰোগে দেখা দিব পাৰে। সময়মতে ডিঙিৰ বিষৰ চিকিৎসা গ্ৰহণ নকৰিলে আগৰ স্ংক্ৰমণৰ দুই তিনিসপ্তাহৰ পিছৰ পৰাই শিশুৰ এক প্ৰকাৰৰ জ্বৰ হ’ব পাৰে। এই জ্বৰক বাত জ্বৰ বা ‘ৰিউমেটিক ফিভাৰ’ বোলা হয়। এই ৰোগ হ’লে শিশুৰ জ্বৰৰ লগে লগে শৰীৰৰ গাঁঠিৰ বিষ আৰম্ভ্ব হোৱা দেখা যায়। বিশেষকৈ আঠু, ভৰিৰ গেৰুহা, হাতৰ কিলাকুটি আৰু বাহু মূল আদিত যথেষ্ট বিষ অনুভৱ কৰিব পাৰে। এই গাঁঠিবিলাক গৰম হৈ ৰঙা পৰি ফুলি উঠে। জ্বৰৰ লগে লগে নাড়ীৰ গতি অস্বাভাৱিক মাত্ৰাত বাঢ়ি যায়। এনে অৱস্থাক ডাক্তৰী ভাষাত ‘ট্ৰাকিকাৰ্ডিয়া’ বুলি কোৱা হয়। এনে ধৰণৰ জ্বৰ হ’লে, শৰীৰ বৰকৈ ঘামে, শৰীৰ ক্লান্ত হৈ পৰে, গা-হাত-ভৰিত বিষ হয়, শৰীৰৰ ওজন কমি যায়, প্ৰস্ৰাৱত এলবুমিনৰ (প্ৰোটিন)উপস্থিতি ধৰা পৰে। নাড়ীৰ গতিবেগ বৃদ্ধি পোৱাটো এই ৰোগৰ অন্যতম উপসৰ্গ। বহুসময়ত নাকেৰে তেজ পৰে। এই ৰোগ হ’লে গাঁঠিবিলাকৰ বিষ একেৰাহে হৈ নাথাকে। এটা গাঁঠিৰ পৰা অন্য এটা গাঁঠিলৈ বিষ সঞ্চাৰণ হৈ থাকে। পুৱা এটা গাঁঠিত বিষ হ’লে আবেলি অন্য এটা গাঁঠিত বিষ হয় আৰু লগে লগে পূৰ্বৰ গাঁঠিৰ বিষ বিষটো নাইকীয়া হয়।

এই ক্ষেত্ৰত সঠিক চিকিৎসা আৰম্ভ্ কৰাৰ পৰিস্থিতি অহাৰ আগতেই দুই আঢ়ৈ সপ্তাহৰ ভিতৰত হৃদযন্ত্ৰ বিকল হৈ পৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈ যায়। হৃদযন্ত্ৰৰ পেশী, ভাল্‌ভ, বিশেষকৈ মাইট্ৰাল ভালভ(বাওঁ এট্ৰিওভেণ্ট্ৰিকুলাৰ ভাল্‌ভ) দ্ৰুত গতিত বিকল হ’বলৈ আৰম্ভ কৰে। ইয়াকে ডাক্তৰী পৰিভাষাত ‘কাৰ্ডাইটিছ’ বুলি কোৱা হয়। মাইট্ৰাল ভাল্‌ভ যিহেতু এই ৰোগত খুব সোনকালে বিকল হৈ পৰে, সেয়ে হৃদযন্ত্ৰৰ স্বাভাৱিক কাম-কাজত ব্যাঘাত জন্মে অৰ্থাৎ বাওঁ এণ্ট্ৰিয়ামৰ পৰা বাওঁ ভেণ্ট্ৰিকুললৈ যোৱা তেজ পুনৰ ভেণ্ট্ৰিকুলৰ পৰা এণত্ৰিয়ামলৈ উভতি আহে। এই বিস্ংগতিক ৰিগাৰ্জিটেনচন বুলি কোৱা হয়। বাতজ্বৰ হোৱা ছসপ্তাহৰ পিছত ৰোগীৰ শৰীৰৰ কিলাকুটি, আঠু, মূৰ, ভৰিৰ গেৰুহা আদি অস্থি প্ৰধান অংশত অৰ্থাৎ পাতল মাংসপেশী থকা অংশত বিষহীন ক্ষুদ্ৰ ক্ষুদ্ৰ কঠিন টেমুনাই দেখা দিয়ে। এনে ধৰণৰ টেমুনাবিলাকক ৰিটমেটিক নডিউল বুলি কোৱা হয়।

এইবিলাক উপসৰ্গৰ লগে লগে তেজত শ্বেতৰক্ত কণিকাৰ স্ংখ্যা বহুগুণে বাঢ়ি যায়। লগে লগে তেজৰ ই এছ আৰ বৃদ্ধিজ পায়। এ এছ আৰ টাইটঅৰ বাঢ়ে। বুকুৰ ইলেকট্ৰোকাৰ্ডিঅ’গ্ৰাফ কৰিলে হৃদযন্ত্ৰৰ গতিৰ বিৰতি বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

ভালভ বিকল হ’লে নিৰাময়ৰ আশা প্ৰায় নাথাকে। এনে বিস্ংগতি দীঘলীয়াকৈ থাকিলে পিছলৈ মিট্ৰেল ষ্টেনোছিছ নামৰ হৃদযন্ত্ৰৰ অন্য এক বিস্ংগতিলৈ ৰুপান্তৰিত হ’ব পাৰে। এই অৱস্থাত ৰোগীৰ কাহ হয় আৰু লগতে হৃদযন্ত্ৰৰ বিষো হ’ব পাৰে। লগতে ৰোগীৰ মাত কৰ্কশ হ’ব পাৰে বা মাত কঁপিব পাৰে। এই উপসৰ্গক ডাক্তৰী ভাষাত ‘ডিচফ’নিয়া’ বুলি কোৱা হয়। এই ৰোগটো কিন্তু স্ব-নিৰাময়যোগ্য। অৰ্থাৎ এটা নিৰ্ধাৰিত সময়লৈকে ৰোগটোত ভোগাৰ পিছত আপোনা-আপোনি ৰোগীয়ে  আৰোগ্য লাভ কৰে। কিন্তু প্ৰকৃততে বিনা চিকিৎসাত ৰোগটো সম্পূৰ্ণৰুপে নিৰাময় নহয়। বৰ্ং নিৰ্দিষ্ট কিছু সময়ৰ বাবে ৰোগটো নিস্ক্ৰিয় হৈ থাকে আৰু ফলত ৰোগী আৰোগ্য হোৱা যেন লাগে। কিন্তু চিকিৎসা নকৰিলে ৰোগীৰ শৰীৰত পুনৰ ৰোগটোৱে উক দিব পাৰে। অৰ্থাৎ ডিঙিৰ বিষেৰে আৰম্ভ হৈ পিছলৈ জ্বৰ, গাৰ বিষ আদি অন্যান্য সকলোক লক্ষণ প্ৰকাশ পাব। প্ৰথমবাৰ হোৱা এই ৰোগে ৰোগীৰ হৃদযন্ত্ৰ সিমান বেছি ক্ষতি কৰিব নোৱাৰে। কিন্তু পুন: পোণিক আক্ৰমণত ক্ৰমে হৃদযন্ত্ৰৰ অধিক ক্ষতি হয়। প্ৰথমৰে পৰা চিকিৎসা নকৰিলে ভালভবিলাকৰ লগতে হৃদযন্ত্ৰৰ অন্যান্য অংশবিলাক, যেনে-কাৰ্ডিয়াক পেশী(মায়োকাৰ্ডিয়াম)আৰু হৃদযন্ত্ৰৰ আৱৰণ (পেৰিকাৰ্ডিয়াম)আদি অংশবিলাকোক ক্ৰমে ধ্বংস কৰি পেলাব পাৰে। অৰ্ত্যন্ত জটিল অৱস্থা হ’লে পিছলৈ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰি কৃত্ৰিম ভাল্‌ভ প্ৰতিস্থাপন কৰিব লগা হ’ব পাৰে।

ষ্ট্ৰেপটোকোক্কাছ স্ংক্ৰমণৰ চিকিৎসা

ডিঙিৰ বিষ হৈ জ্বৰ আৰু গাৰ বিষ আদি লক্ষণ প্ৰকাশ পালে ডাক্তৰে থ্ৰোট স্বাব কালচাৰ’ পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। যদি পৰীক্ষাত ষ্ট্ৰেপটোকোক্কাছ হিমোলোটিকাছ জীৱাণুৰ স্ংক্ৰমণ ধৰা পৰে তেনেহ’লে এটা তেনেই সহজ চিকিৎসাৰে এই জীৱাণু নিৰ্মূল কৰে।ডাঙৰ মানুহৰ এই ৰোগ হ’লে ১.২ মিলিলিটাৰ এককৰ বেঞ্জাথাইন পেনিচিলিনৰ ইঞ্জেকচন্ন প্ৰয়োগ কৰা হয়।, ছবছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এইবিধ ঔষধৰে ৬০০,০০০ এককৰ ইঞ্জেকচন ব্যৱহাৰ কৰা হয়। এৰিথ্ৰমাইচিন, এম্পিচিলিন আৰু লিনোমাইচিন আদি এণ্টিবায়োটিক ঔষধো ব্যৱহাৰ কৰিব পাৰি। কিন্তু এনেবিলাক ঔষধ যথেষ্ট ব্যয়বহুল। একুট ষ্ট্ৰেপটোকোক্কেল স্ংক্ৰমণত ছালফা ড্ৰাগছ, টেট্ৰাচাইক্লিন আৰু ক্লোৰ’মফেনিক’ল জাতীয় ঔষধ কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। এবাৰ ৰিউমেটিক জ্বৰত ভোগা লোকৰ ক্ষেত্ৰত প্ৰতি তিনি বা চাৰি সপ্তাহৰ মূৰে মূৰে পেনিচিলিন ইঞ্জেকচন প্ৰয়োগ কৰাটো বাধ্যতামূলক। এই ব্যৱস্থা ল’লেহে ৰিউমেটিক জ্বৰ পুনৰ উক দিয়াতো প্ৰতিৰোধ কৰিব পাৰি। এই চিকিৎসা ব্যৱস্থা, প্ৰথমবাৰ জ্বৰ হোৱাৰ পৰা অতি কমেও পাঁচ বছৰলৈ অব্যাহত ৰাখিব লাগে। যিবিলাক দেশত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি অৰ্থাৎ অধিকাংশ লোক আক্ৰান্ত হয়, তেনেবিলাক দেশত এই পেনিচিলিন বেজি দিয়াৰ ব্যৱস্থাটো পিছৰ ৪০ ৰপৰা ৪৫ বছৰলৈ চলাই থাকিব লাগে। তেতিয়াহে এই ৰোগ সম্পূৰ্ণ ৰুপে নিৰাময় হয়।

ৰিউমেটিক জ্বৰৰ চিকিৎসা

এই জ্বৰৰ চিকিৎসা হিচাপে ডাক্তৰে ৰোগীক সম্পূৰ্ণ বিশ্ৰামৰ (বেড ৰেষ্ট) পৰামৰ্শ দিয়ে। এচপিৰিণ সহ বা অবিহনে ষ্টেৰয়ড প্ৰয়োগ কৰাটো এই ৰোগৰ অন্যতম চিকিৎসা। ৰোগটো আৰম্ভ হোৱাৰ লগে লগে পৰ্যাপ্ত আৰু উপযুক্ত ঔষধেৰে চিকিৎসা কৰিলে হৃদযন্ত্ৰ নষ্ট হোৱাৰ পৰা ৰক্ষা পৰে বা এই ক্ষতি কমকৈ হয়। প্ৰতিৰোধক ঔষধৰুপে পেনিচিলন ব্যৱহাৰ কৰাটো একুট ৰিউমেটিক জ্বৰত বাধ্যতামূলক।

শল্য চিকিৎসা

মিট্ৰেল ভাল্‌ভ বা এবৰটিক ভাল্‌ভৰ বিকৃতিৰ বাবে শল্যচিকিৎসা কৰাবলগীয়া হ’বগৈ পাৰে কিন্তু এই চিকিৎসা অতিশয় ব্যয়বহুল। কাৰণ একোখন কৃত্ৰিম ভাল্‌ভৰ মূল্য ৪০ ৰ পৰা ৫০ হেজাৰ টকা আৰু অস্ত্ৰোপচাৰৰ খৰচো বহু বেছি। তাৰ পৰিৱৰ্তে প্ৰতি তিনি-চাৰি সপ্তাহৰ মূৰে মূৰে এবাৰকৈ পেনিচিলিন ইঞ্জেকচন ল’লে এবছৰত খৰচ পৰে প্ৰায় ৫০ টকা। সেয়ে প্ৰতিৰোধক ব্যৱস্থাৰুপে পেনিচিলিন লোৱাটোৱেই বেছি যুক্তিসংগত।

মিট্ৰেল ভাল্‌ভোট’মিৰ দৰে কিছুমান ব্যৱস্থাৰে প্ৰতিবন্ধকতা দূৰ কৰিব পাৰি। বিকল্প ব্যৱস্থা হিচাপে বেলুন মিট্ৰাল ভাল্‌ভোট’মি নামৰ ব্যৱস্থাটোও গ্ৰহণ কৰিব পাৰি। এনে ব্যৱস্থাৰে অস্ত্ৰোপচাৰ নকৰাকৈও ৰোগীক সুস্থ কৰি তুলিব পাৰি। কিন্তু ‘বেলুন’ পদ্ধতিও যথেষ্ট ব্যয়বহুল। এনে ধৰণৰ কোনো ব্যৱস্থাৰে ৰোগীক আৰোগ্য কৰাৰ সম্ভাৱনা নাথাকিলে মুক্ত হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ যোগেদি ভাল্‌ভ প্ৰতিস্থাপন কৰাৰ বাহিৰে অন্য উপায় নাথাকে। এব’ৰটিক ভালভ নষ্ট হ’লে অপেন হাৰ্ট ছাৰ্জাৰী কৰিহে মেৰামতি কৰিব পাৰি। কিন্তু প্ৰতিস্থাপন হ’ম’গ্ৰাফ্‌ট বা কৃত্ৰিম ভাল্‌ভেৰে কৰা হয়।

প্ৰতিৰোধ ব্যৱস্থা

পৃথিৱীৰ বহুকেইখন উন্নয়নশীল দেশে ৰিউমেটিক হাৰ্ট ডিজিজ বা বাতজনিত হৃদৰোগ প্ৰতিৰোধৰ বাবে ব্যাপক ব্যৱস্থা হাতত লৈছে। যিহতু এই ৰোগটোৰ স্ংক্ৰমণ উপযুক্ত ব্যৱস্থাৰে প্ৰতিৰোধ কৰিব পাৰি, সেয়ে সুনিৰ্দিষ্ট আঁচনি গ্ৰহণৰ যোগেদি আজি বহুতো দেশত এই ৰোগৰ স্ংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পৰা গৈছে।

প্ৰাথমিক প্ৰতিৰোধ

ৰিউমেটিক জ্বৰ আৰম্ভ লগে লগে ৰোগটো সঠিকভাৱে নিৰ্ণয় কৰি আৰু ষ্ট্ৰেপটোকক্কেল স্ংক্ৰমণৰ চিকিৎসা কৰাটোৱেই হৈছে এই ৰোগৰ প্ৰাথমিক প্ৰতিৰোধ ব্যৱস্থা। ৰোগৰ লক্ষণ দেখা প্পোৱাৰ লগে লগে ৰোগীৰ ডিঙিৰ পৰা স্ংক্ৰমিত কোষ কালচাৰ কৰি আৰু জীৱাণুবিধৰ স্ংক্ৰমণ নিশ্চিত কৰি ওপৰত উল্লেখ কৰা ওষধবোৰৰ ব্যৱহাৰৰ যোগেদি এই প্ৰতিৰোধ গঢ়ি তুলিব পাৰি। উন্নয়নশীল দেশবিলাকত খুব সোনকালে ৰোগৰ জীৱাণুবিধ চিনাক্ত কৰিব পৰাকৈ পৰ্যাপ্ত সা সুবিধা থকা গৱেষণাগাৰ নাথাকিব পাৰে। সেয়ে ৰোগৰ বাহ্যিক লক্ষণবোৰ প্ৰকাশ পালেই পেনিচিলিন ইঞ্জেকচন প্ৰয়োগ কৰি ৰোগটোৰ সম্ভাৱ্য তীব্ৰ স্ংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰি।

মাধ্যমিক প্ৰতিৰোধ

প্ৰথমবাৰ ৰিউমেটিক জ্বৰ হৈ যোৱাৰ পিছত দ্বিতীয়বাৰ যাতে ৰোগটোৱে উক দিব নোৱাৰে –তআৰ ব্যৱস্থা কৰাটোৱেই হৈছে মাধ্যমিক প্ৰতিৰোধ ব্যৱস্থা। প্ৰথমবাৰ এই ধৰণৰ জ্বৰে হৃদযন্ত্ৰটো বেছিকৈ ক্ষতি কৰিব নোৱাৰে। পুনৰবাৰ ৰোগটো দেখা দিয়াটো প্ৰতিৰোধ কৰিব পৰাৰ একমাত্ৰ উপায়টো হৈছে অতি কমেও পাঁচ বছৰলৈ একেৰাহে প্ৰতি তিনি-চাৰি সপ্তাহৰ মূৰে মূৰে একোটাকৈ পেনিচিলিন ইঞ্জেকচন প্ৰয়োগ কৰিব লাগে। পাঁচ বছৰৰ পৰা নবছৰলৈকে শিশুসকলক স্কুলতে পৰীক্ষা কৰি এই ৰোগৰ প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

লেখক: ডা: ৰঞ্জন বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘজীৱন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate