অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

HYPERTHYROIDISM :

HYPERTHYROIDISM :

 

এই ৰোগবিধ Hypothyroidismৰ সম্পূৰ্ণ বিপৰীত অৰ্থাত এই ৰোগত গ্ৰন্থিটোৰ সক্ৰিয়তা অতিশয় বৃদ্ধি পায় আৰু গ্ৰন্হিটোৱে হ'ৰমনসমূহ অতিৰিক্ত পৰিমাণে ক্ষৰণ কৰে|

কাৰণ:
এই ৰোগবিধ দেহৰ স্বতন্ত্ৰ বিসংগতি(autoimmune disorder), ভাইৰাছজনিত সংক্ৰমণ, গ্ৰন্থিটোৰ অস্ত্ৰোপচাৰ, কিছুমান বিশেষ ঔষধিৰ পাৰ্শ্বক্ৰিয়া ইত্যাদি বিভিন্ন কাৰণত হ'ব পাৰে|

লক্ষণ:
ওজন হ্ৰাস, ক্ষুধা বৃদ্ধি, অলসতা, অস্থিৰতা, বুকুৰ ধপধপনি, উষ্ণতা অসহনশীলতা, তৃষ্ণা,বিস্ফোৰক নেত্ৰ, হাত ভৰিৰ কপঁণি, যৌন ক্ষমতা হ্ৰাস, অত্যধিক ঘাম ওলোৱা ইত্যাদি বিভিন্ন লক্ষণ দেখা যায়|

পৰীক্ষা(Investigation):
২)Thyroid profile :

একধৰণৰ তেজৰ পৰীক্ষা, যিটোত T3, T4 হ'ৰমনৰ পৰিমাণ বেছি আৰু TSH হ'ৰমনৰ পৰিমাণ কম দেখা যায়।

২)TPO আৰু Thyroglobulin antibody

চিকিৎসা:
আধুনিক চিকিৎসাত hyperthyroidismৰ তিনিধৰণৰ ব্যৱস্থা লোৱা হয়:

১)Anti-thyroid drugs (carbimazole, Methimazole)

২)Radioiodin

৩)Surgery

Hypothyroidismৰ সহজলভ্য প্ৰতিকাৰ:

১)অশ্বগন্ধা:

এইবিধ বনৌষধি hypothyroidism ৰোগীৰ মানসিক দুচিন্তা,হতাশা নিৰাময়ৰ লগতে স্নায়ু দৌৰ্বল্যত অতিশয় উপযোগী| সাধাৰণভাৱে এই ঔষধিবিধ চিনি নোপোৱাসকলে চূৰ্ণ বা টেবলেট হিচাপে ল’ব পাৰে।

২)ব্ৰাহ্মী:

অন্যতম উপযোগী ঔষধি| শাক হিচাপে সকলোৱে চিনো।

৩)য়ষ্টীমধু(Licorice):

চূ্ৰ্ণ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৪)মিঠাতেল, ৰিফাইন্ডৰ সলনি নাৰিকল তেল ব্যৱহাৰ কৰক(আমাৰ অসমীয়াখিনিৰ বাবে সহজ নহব)।

Hypothyroidism ত কি নাখাব:

ছয়াবিন(সকলোৰে জ্ঞাত), ব্ৰকলি, বন্ধাকবি, কফি, অতিমাত্ৰা আঁহজাতীয় খাদ্য(দৈনিক 20-35 গ্ৰাম), মদ্যপান, কৃত্ৰিম খাদ্য(processed foods), চৰ্বিজাতীয় খাদ্য, অত্যাধিক মিঠা বস্তু ইত্যাদি।

কি খাব:

বিনজাতীয় পাচলি, দুগ্ধজাত বস্তু, মাছ, সতেজ ফলমূল-পাচলি(মিঠা আলু, জামু, চেৰীফল)।

অইন ৰোগৰদৰে এই দুয়োবিধ ৰোগতো খাদ্যবস্তুৰ বিশেষ গুৰুত্ব আছে|

সাধাৰণতে Hypothyroidismত যিবোৰ খাদ্যবস্তু বৰ্জনীয় Hyperthyroidismত সেইবোৰ খাদ্যবস্তু লাভজনক 
সাধাৰণ চিকিৎসা(General treatment)।

অশ্বগন্ধা, ব্ৰাহ্মী, তগৰ, প্ৰৱাল পিষ্টী, Propranonol(অস্থিৰতা, নিদ্ৰাহীনতা, অলসতা, উষ্ণতা অসহনশীলতাৰ বাবে),

Lemon blam(herbal tea হিচাপে ব্যবহাৰ হয়)যোগাসন।

লেখক: ডাঃ মেদিনী বৰ্মন

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate