অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মেলেৰীয়া

মেলেৰীয়া

মেলেৰীয়া সম্পৰ্কীয় তথ্যসমূহ জনা আৰু এইবোৰ মানি চলাটো কিয় গুৰুত্বপূৰ্ণ?

মহৰ কামোৰৰ দ্বাৰা বিয়পা মেলেৰীয়া এটা জতিল ৰোগ। প্ৰতি বছৰে ৩০০ নিযুতৰ পৰা ৫০০ নিযুত মানুহ মেলেৰীয়াত আক্ৰান্ত হয় আৰু প্ৰায় ১ নিযুত শিশুৰ মেলেৰীয়াত মৃত্যু ঘটে। মেলেৰীয়াৰ প্ৰাদূৰ্ভাৱ থকা অঞ্চলত শিশুৰ মৃত্যু আৰু বৃদ্ধি নিম্নমানৰ হোৱাৰ মূল কাৰণ মেলেৰীয়া। মেলেৰীয়া গৰ্ভৱতী মহিলাৰ বাবে বিশেষভাৱে ভয়ংকৰ। ইয়াৰ ফলত সাংঘাটিক ধৰণৰ ৰক্তহীনতা, গৰ্ভপাত, মৃত সন্তান প্ৰসৱ, জন্মতে ওজন কম হোৱা আৰু প্ৰসূতিৰ মৃত্যুও হব পাৰে।

প্ৰতিৰোধ আৰু প্ৰাৰম্ভিক অৱস্থাত চিকিৎসা প্ৰদান কৰি বহু জীৱন ৰক্ষা কৰিব পৰা যায়।

মূল বাৰ্তাসমূহঃ

মেলেৰীয়া সম্পৰ্কে কোনবোৰ কথা পৰিয়াল আৰু ৰাইজে জনাৰ অধিকাৰ আছে?

১) মেলেৰীয়া মহৰ কামোৰৰ দ্বাৰা বিয়পে। অনুমোদিত কীটনাশক সনা আঠুৱাৰ ভিতৰত শোৱাটোৱেই মেলেৰীয়া মহৰ পৰা ৰক্ষা পোৱাৰ উত্তম উপায়।

২) যেতিয়া মেলেৰীয়াৰ প্ৰাদূৰ্ভাৱ হয় শিশুসকল বিপদাপন্ন হয়। যেতিয়া এটি শিশুৰ জ্বৰ হয় তেতিয়া অনতি পলমে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে আৰু যিমান সোনকালে পৰা যায় যথোপযুক্ত মেলেৰীয়া বিৰোধী ঔষধ প্ৰদান কৰিব লাগে।

৩) গৰ্ভৱতী মহিলাৰ বাবে মেলেৰীয়া অতি বিপদজনক। যিবোৰ ঠাইত সাধাৰণতে মেলেৰীয়া হয় তেনে ঠাইত গৰ্ভৱতী মহিলাসকলে স্বাস্থ্যকৰ্মীয়ে অনুমোদন কৰা মেলেৰীয়া বিৰোধী ঔষধ গ্ৰহণ কৰি মেলেৰীয়া প্ৰতিৰোধ কৰিব লাগে।

৪) মেলেৰীয়াত ভুগি থকা বা মেলেৰীয়াৰ পৰা আৰোগ্য হোৱা শিশু এটিক যথেষ্ট পৰিমাণৰ পানীয় আৰু খাদ্যৰ প্ৰয়োজন হয়।

৫) পৰিয়াল আৰু ৰাইজে মহৰ বংশবৃদ্ধিৰ ৰোধ কৰাৰ ব্যৱস্থা কৰি মেলেৰীয়া প্ৰতিৰোধ কৰিব পাৰি।

সহায়্ক তথ্যঃমেলেৰীয়া

মূল বাৰ্তা-১

মেলেৰীয়া মহৰ কামোৰৰ দ্বাৰা বিয়পে। অনুমোদিত কীটনাশক সনা আঠুৱাৰ ভিতৰত শোৱাটোৱেই মেলেৰীয়া মহৰ পৰা ৰক্ষা পোৱাৰ উত্তম উপায়।

সমাজৰ প্ৰতিজন ব্যক্তিয়েই মহৰ কামোৰ খোৱাৰ পৰা সুৰক্ষিত হব লাগে। বিশেষকৈ সৰু শিশু আৰু গৰ্ভৱতী মহিলাসকল আৰু বিশেষভাৱে সূৰ্য্যাস্তৰৰ পৰা সূৰ্য্যোদয়ৰ মাজৰ সময়ছোৱাত। এই সময়খিনিত মহবোৰ অধিক সক্ৰিয় হৈ থাকে।

অনুমোদিত কীটনাশক লগোৱা আঠুৱা, পৰ্দা, ভৰি মুছা আদিত মহ পৰাৰ লগে লগেই মৃত্যু হয়।

বিশেষভাৱে স্থায়ী কীটনাশক থকা ভৰি মুছা ব্যৱহাৰ কৰিব লাগে আৰু আঠুৱা, পৰ্দা আদি অনুমোদিত কীটনাশকত নিয়মীয়াকৈ ডুৱাই ল’ব লাগে। সাধাৰণতে এনে আঠুৱাবোৰ বাৰিষা আৰম্ভ হোৱাৰ আগে আগে পুনৰ কীটনাশকত ডুবাই লোৱা উচিত। কমেও ছমাহত এবাৰকৈ আৰু প্ৰতি তিনিবাৰ ধুৱাৰ পাছত এনে কীটনাশকত ডুবাব লাগে। সুৰক্ষিত কীটনাশকত কেতিয়া পুনৰ ডুবাব লাগিব সেয়া প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীয়ে জনাব পাৰিব।

কেঁচুৱা আৰু সৰু ল’ৰা-ছোৱালীক ঔষধত ডুবুৱা আঠুৱাৰ ভিতৰত শুবলৈ দিব লাগে। যদিহে এনে আঠুৱাবোৰ ব্যয়বহুল হয় তেন্তে এখন ডাঙৰ আঠুৱা কিনিব লাগে আৰু কেঁচুৱা আৰু শিশুসকলক তাৰ ভিতৰত শুবলৈ দিব লাগে।

স্তনপান কৰা কেঁচুৱাই মাকৰ লগত এনে আঠুৱাৰ ভিতৰত শুব লাগে।

ঔষধত ডুবুৱা আঠুৱা বছৰটোৰ সকলো সময়তে ব্যৱহাৰ কৰিব লাগে। যদিহে আঠুৱা ব্যৱহাৰ কৰা নহয় তেন্তে আন এই উপায়বোৰ সহায়ক হ’ব:

  • পৰ্দা, কাপোৰ আৰু ভৰি মুছা আদি অনুমোদিত কীটনাশকত ডুবাই দুৱাৰ-খিৰিকীত আৰি দিব লাগে।
  • দৰ্জা, খিৰিকীত জালিকা লগাই লব পাৰে।
  • মহ খেদা ধুপ বা আন ধোঁৱা বা গোন্ধ ব্যৱহাৰ কৰিব পাৰি।
  • হাত আৰু ভৰি সম্পূৰ্ণৰূপে ঢকাকৈ কাপোৰ পিন্ধিব লাগে, বিশেষকৈ আন্ধাৰ হোৱাৰ লগে লগে। বিশেষভাৱে শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ।

মূল বাৰ্তা-২

যেতিয়া মেলেৰীয়াৰ প্ৰাদূৰ্ভাৱ হয় শিশুসকল বিপদাপন্ন হয়।

যেতিয়া এটি শিশুৰ জ্বৰ হয় তেতিয়া অনতি পলমে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে আৰু যিমান সোনকালে পৰা যায় যথোপযুক্ত মেলেৰীয়া বিৰোধী ঔষধ প্ৰদান কৰিব লাগে।

পৰিয়ালৰ যিকোনো সদস্যৰ জ্বৰ হ’লে বা কেঁচুৱাই খাব নিবিছাৰিলে বা বমি কৰিলে বা টোপনী ভাৱ বা অজ্ঞান হ’লে মেলেৰীয়া হোৱা বুলি সন্দেহ কৰা উচিত।

মেলেৰীয়াৰ বাবে জ্বৰ উঠা বুলি সন্দেহ হোৱা শিশুক তৎকালে মেলেৰীয়া বিৰোধী চিকিৎসা প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ অনুমোদন সাপেক্ষে কৰিব লাগে৷ মেলেৰীয়াৰ বাবে জ্বৰ হোৱা শিশুক এদিনৰ ভিতৰতে যদি চিকিৎসা প্ৰদান কৰা নহয়, তেন্তে মৃত্যুৰ মুখতো পৰিব পৰে। কেনেধৰণৰ চিকিৎসা উত্তম হব আৰু কিমান দিনলৈ চিকিৎসা কৰিব লাগিব সেই বিষয়ে স্বাস্থ্যকৰ্মীয়ে উপদেশ প্ৰদান কৰিব পাৰিব। মেলেৰীয়াত ভোগা এটি শিশুৰ চিকিৎসা সম্পূৰ্ণভাৱে কৰোৱা উচিত। অতি সোনকালে জ্বৰ নোহোৱা হ’লেও চিকিৎসা সম্পূৰ্ণ নোহোৱালৈ ঔষধ সেৱন অব্যাহত ৰাখিব লাগে।

যদিহে চিকিৎসা সম্পূৰ্ণকৈ কৰা নহয় তেন্তে এইৰোগ নিৰাময় অধিক জতিল আৰু সংকটময় হব পাৰে। চিকিৎসাৰ পিছতো যদি মেলেৰীয়াৰ লক্ষণসমূহে দেখা দিয়ে তেন্তে শিশুটিৰ অধিক সহায়ৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগে বা চিকিৎসালয়লৈ নিব লাগে। এই সমস্যাটো এনে হ’ব পাৰে:

  • শিশুটিয়ে পৰ্য্যাপ্ত পৰিমাণৰ ঔষধ গ্ৰহণ কৰা নাই।
  • শিশুটিৰ মেলেৰীয়াৰ বাহিৰেও আন ৰোগ আছে।
  • মেলেৰীয়াই প্ৰতিৰোধ ক্ষমতা লাভ কৰিছে আৰু আন ঔষধৰ প্ৰয়োজনীয়তা আছে।

শিশুৰ জ্বৰ উঠিলে জ্বৰ থকালৈকে শৰীৰটো ঠাণ্ডা ৰাখিবলৈ তলত দিয়া ধৰণে চেষ্টা কৰিব লাগে।

  • ঠাণ্ডা পানীৰে গা মছি দিয়া বা ধুৱাব লাগে।
  • শিশুটিক অতি কম কাপোৰ বা কম্বলেৰে ঢাকি থব লাগে।

মূল বাৰ্তা-৩

গৰ্ভৱতী মহিলাৰ বাবে মেলেৰীয়া অতি বিপদজনক।

যিবোৰ ঠাইত সাধাৰণতে মেলেৰীয়া হয় তেনে ঠাইত গৰ্ভৱতী মহিলাসকলে স্বাস্থ্যকৰ্মীয়ে অনুমোদন কৰা মেলেৰীয়া বিৰোধী ঔষধ গ্ৰহণ কৰি মেলেৰীয়া প্ৰতিৰোধ কৰিব লাগে।

আন মহিলাতকৈ গৰ্ভৱতী মহিলাই মেলেৰীয়া ৰোগত বেছিকৈ ভুগিব লগা হয়। এই ৰোগটো গৰ্ভকালীন সময়ত অতি বিপদজনক হৈ পৰে। বিশেষকৈ প্ৰথম বাৰ গৰ্ভৱতী হোৱাসকলৰ বাবে। ইয়াৰ ফলত অতি জতিল ৰক্তহীনতা, গৰ্ভপাত সময়তকৈ পূৰ্বে প্ৰসৱ বা মৃত সন্তান প্ৰসৱ হব পাৰে। গৰ্ভাৱস্থাত মেলেৰীয়া হ’লে নৱজাতকৰ ওজন কম হব পাৰে আৰু প্ৰথম বছৰতে সংক্ৰমণ হোৱা আৰু মৃত্যুও হবগৈ পাৰে।

গৰ্ভৱতী মহিলাই গৰ্ভাৱস্থাত অনুমোদিত মেলেৰীয়া বিৰোধী ঔষধ গ্ৰহণ কৰিব লাগে।

গৰ্ভাৱস্থাত সকলোবোৰ মেলেৰীয়া বিৰোধী ঔষধ নিৰাপদ নহয়। কোনবিধ মেলেৰীয়া বিৰোধী ঔষধ উত্তম সেয়া স্বাস্থ্যকৰ্মীয়ে ভালদৰে জানিব।

গৰ্ভৱতী মহিলাই নিয়মীয়াকৈ ঔষধত ডুবুৱা আঠুৱাৰ তলত শুই মহৰ কামোৰৰ পৰা নিজকে ৰক্ষা কৰিব লাগে।

মেলেৰীয়াৰ লক্ষণ আৰু উপসৰ্গই দেখা দিয়া গৰ্ভৱতী মহিলাক তৎকালে যথোপযুক্ত চিকিৎসা প্ৰদান কৰি মৃত্যুৰ পৰা ৰক্ষা কৰিব পৰা যায়।

মেলেৰীয়াৰ দ্বাৰা অসুস্থ গৰ্ভৱতী মহিলাক লৌহ আৰু খাদ্যপ্ৰান ‘ক’ প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীক ক’ব লাগে।

মূল বাৰ্তা-৪

মেলেৰীয়াত ভুগি থকা বা মেলেৰীয়াৰ পৰা আৰোগ্য হোৱা শিশু এটিক যথেষ্ট পৰিমাণৰ পানীয় আৰু খাদ্যৰ প্ৰয়োজন হয়।

মেলেৰীয়াই শৰীৰৰ শক্তিসমূহ ক্ষয় কৰে আৰু ঘামৰ যোগেৰে শিশুৰ দেহৰ পৰা যথেষ্ট পৰিমাণৰ পানীভাগ ওলায় যায়। জলশূণ্যতা আৰু পুষ্টিহীনতাত যাতে নুভোগে-তাৰ বাবে শিশুটিক সঘনাই খাদ্য আৰু পানীয় প্ৰদান কৰিব লাগে। সঘনাই স্তনপান কৰোৱালে জলশূণ্যতা প্ৰতিৰোধ হয় আৰু মেলেৰীয়াসহ আন সংক্ৰমণবোৰৰ বিৰুদ্ধে যুঁজাত সহায়ক হয়। মেলেৰীয়াত ভোগা শিশুক যিমান সম্ভৱ হয় সিমানে সঘনাই স্তনপান কৰোৱাব লাগে।

সঘনাই হোৱা মেলেৰীয়াৰ সংক্ৰমণৰ ফলত শিশুৰ বৃদ্ধিৰ গতি আৰু মগজুৰ বিকাশ লেহেমীয়া হয়। ইয়াৰ ফলত ৰক্তহীনতাও হব পাৰে। কেইবাবাৰো মেলেৰীয়া হোৱা শিশুক ৰক্তহীনতাৰ পৰীক্ষা কৰোৱাব লাগে।

মূল বাৰ্তা-৫

পৰিয়াল আৰু ৰাইজে মহৰ বংশবৃদ্ধিৰ ৰোধ কৰাৰ ব্যৱস্থা কৰি মেলেৰীয়া প্ৰতিৰোধ কৰিব পাৰি।

যতেই স্থিৰ পানী জমাহৈ থাকে মহে তাতেই কণী পাৰে। উদাহৰণস্বৰূপে পুখুৰী, জলাশয়, গাত, ডোবা, নৰ্দমা আৰু ঘাঁহ আৰু জোপোহাৰ মাজত জমা হোৱা পানীত মেলেৰীয়াৰ মহে কণী পাৰে। ইহঁতি পানীৰ সোঁতৰ কাষত, পানীৰ টেংকী আৰু ধান খেতিটো বংশবৃদ্ধি কৰিব পাৰে। এইধৰণে মহৰ সংখ্যা কমাব পাৰি:

  • পানী জমা হোৱা গাতবোৰ পুতি পেলোৱা বা নলাৰে পানীভাগ বোৱাই দিয়া।
  • পানী থোৱা পাত্ৰ বা টেংকীত ঢাকনী ব্যৱহাৰ কৰা।
  • ঘৰৰ চাৰিওকাষৰ জোপোহা, হাবিসমূহ মুকলি কৰা।

মেলেৰীয়াই সমাজৰ সকলো লোকক প্ৰভাৱিত কৰে। মহৰ কণী পৰা স্থানসমূহ কমাই আনিবলৈ সকলো ৰাইজে একগোট হৈ কাম কৰা উচিত আৰু কীটনাশক ঔষধত আঠুৱাসমূহ নিয়মীয়াকৈ ডুবুৱাৰ ব্যৱস্থা কৰিব লাগে। সেই অঞ্চলৰ সকলো স্বাস্থ্যকৰ্মী আৰু ৰাজনৈতিক নেতাক ৰাইজে মেলেৰীয়া নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধত ৰাইজক সহায় আগবঢ়াবলৈ অনুৰোধ জনাব লাগে।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate