অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌন্দৰ্য চৰ্চা

সৌন্দৰ্য চৰ্চা

 

১) উফি কিলাৰ

ঠাণ্ডাকালি উফিৰ উৎপাত অলপ বেছিয়েই হয়৷ পুৰুষ মহিলা সকলোৰে৷ সহজ উপায় এটা আছে ৰ’ব৷

দুই টেবুলচামুচ হোৱাইট ভিনেগাৰ আৰু সমপৰিমাণৰ গোলাপজল ভালদৰে মিহলাই লৈ কপাহেৰে চুলিত আৰু চুলিৰ তলৰ ছালত লগাওক৷ পোন্ধৰ বিছ মিনিটমান পিছত ভালদৰে শ্বেম্পু কৰি ধুই পেলাব৷ সেইদিনা পাৰিলে বিচনাচাদৰ আৰু গাৰুৰ গিলিপ দুটাও ধুই পেলাব৷

২) চিক্‌মিক্‌ চম্পি

শ্বেম্পু কৰাৰ আগত জেপজেপীয়াকৈ তেল সানি ল’লে চুলিখিনি শুকান হৈ নপৰে৷ এই তেল সনা কাৰবাৰটোক ’চম্পি’ কৰা বুলি কয় হিন্দীত৷

তিনি টেবুলচামুচ নাৰিকল বা তিল তেল, সমপৰিমাণৰ গোলাপজল একেলগে পাত্ৰ এটাত লৈ তাত Evion 400mg কেপচুল এটা ভাঙি ভিতৰৰ ঔষধখিনি ভালদৰে মিহলাই ল’ব৷ এতিয়া কপাহেৰে এই মিশ্ৰণটো ভালদৰে চুলিত আৰু চুলিৰ গুৰিত লগাই থৈ দিয়ক কেইঘণ্টামান (পাৰিলে গোটেই ৰাতি)৷ তাৰপিছত ভালদৰে শ্বেম্পু কৰি ধুই দিব৷ চাব, আপোনাৰ চুলি চিকমিকাই আছে৷

৩) চিক্ৰেট মাস্ক

শালমইনাৰ উপদ্ৰবত গাল দুখন হালবোৱা পথাৰৰ দৰে হৈছে নেকি? এইটো লগাই চাবচোন৷

দুই মুঠি পুৰণি চাউল নাৰিকলৰ পানীত এৰাতি তিঁয়াই ৰাখিব৷ চাউলখিনি পানীৰে ধুব নালাগে৷ ৰাতিপুৱা চাউলখিনি নাৰিকলৰ পানীৰে সৈতে পটাত বা মিক্সিত দি ভালদৰে এটা পেষ্ট কৰি লওঁক৷ এতিয়া পেষ্টটোত বিছটোপাল গ্লিচাৰিণ, পাঁচটোপাল চন্দন তেল দি ভালদৰে মিহলাই লওক৷ চন্দন তেল নাপালে চন্দন পিহি দিলেও হ’ব৷

ভালদৰে মিহলি হোৱাৰ পিছত এই পেষ্টটো গোটেই গালত সমানকৈ লগাই দিয়ক৷ এঘণ্টামান পিছত মাস্কটো শুকাই গালদুখন যেতিয়া টানি ধৰিব তেতিয়া পানীৰে ঘঁহি ধুই দিয়ক৷ তাৰপিছত পাতলকৈ মইশ্বাৰাইজাৰ অলপ লগাই দিব৷ এনেদৰে এসপ্তাহমান লগাই এমাহমান পিছত আকৌ এবাৰ লগাই চাব৷ শালমইনা চফা হৈ যাব৷

(উৎসঃ ইণ্টাৰনেট, মৃদুল কুমাৰ শৰ্মা)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate