অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জীৱনৰ সত্য তথ্যসমূহৰ অত্যাৱশ্যকীয় বাৰ্তাসমূহ

জীৱনৰ সত্য তথ্যসমূহৰ অত্যাৱশ্যকীয় বাৰ্তাসমূহ

জীৱনৰ সত্য তথ্যসমূহৰ অত্যাৱশ্যকীয় বাৰ্তাসমূহ

জীৱনৰ সত্য তথ্যসমূহৰ পৰা অত্যাৱশ্যকীয় বাৰ্তাসমূহৰ সাৰাংশ তলত উল্লেখ কৰা হ’ল:

১) দুটি সন্তানৰ মাজত ২ বছৰ বা ততোধিক সময়ৰ ব্যৱধান ৰখা, ১৮ বছৰ বয়সৰ পূৰ্বে আৰু ৩৫ বছৰ বয়সৰ পিছত গৰ্ভৱতী হোৱাৰ পৰা বিৰত থকা আৰু যেতিয়া এগৰাকী মহিলাই মুঠ ৪ বাৰতকৈ অধিক গৰ্ভধাৰণ নকৰে তেতিয়া মহিলা আৰু শিশুৰ স্বাস্থ্য লক্ষণীয়ভাৱে উন্নত হয়।

২) সকলো গৰ্ভৱতী মহিলাই স্বাস্থ্যকৰ্মীৰ লগত পৰামৰ্শ কৰিব লাগে আৰু সকলো প্ৰসৱেই প্ৰশিক্ষিত দক্ষ প্ৰসৱ সহায়কৰ তত্বাৱধানত হোৱা উচিত। সকলো গৰ্ভৱতী মহিলা আৰু পৰিয়ালে গৰ্ভৱতী অৱস্থাত বিপদজনক লক্ষণসমূহ সম্পৰ্কে জ্ঞাত হ’ব লাগে আৰু যদি তেনে কোনোবাটো সমস্যাৰ সৃষ্টি হয়, তেন্তে তৎকালে দক্ষলোকৰ সহায় কেনেকৈ পোৱা যাব পাৰে তাৰ পৰিকল্পনা আগতেই কৰি থ’ব লাগে।

৩) শিশুৱে জন্মৰ মূহুৰ্তৰ পৰাই শিকিবলৈ আৰম্ভ কৰে। শিশুৱে মনোযোগ, মৰম আৰু উদ্দীপনাৰ লগতে ভাল পুষ্টিকৰ আহাৰ আৰু উপযুক্ত স্বাস্থ্য যত্ন পালে সোনকালে বৃদ্ধি হয় আৰু শিকিব পাৰে। পৰ্য্যৱেক্ষণ কৰিবলৈ, নিজক প্ৰকাশ কৰিবলৈ, খেলিবলৈ আৰু শিকিবলৈ শিশুক উৎসাহ প্ৰদান কৰিব লাগে। সামাজিক, শাৰিৰীক আৰু বুদ্ধিমত্তাৰ বিকাশৰ বাবে শিশুসকলক সহায় আগবঢ়াব লাগে।

৪) প্ৰথম ৬ মাহ পৰ্য্যন্ত কেঁচুৱাৰ বাবে কেৱল স্তনদুগ্ধই একমাত্ৰ খাদ্য আৰু পানীয়। ৬ মাহৰ পিছত স্তনদুগ্ধৰ উপৰিও আন আন আহাৰো শিশুক প্ৰয়োজন হয়।

৫) গৰ্ভাৱস্থা আৰু শিশুটিৰ দুবছৰ বয়স পৰ্য্যন্ত পুষ্টিকৰ আহাৰ প্ৰদান নকৰিলে শিশুৰ মানসিক আৰু শাৰিৰীক বিকাশ সমগ্ৰ জীৱনৰ বাবে লেহেমীয়া হৈ পৰে। জন্মৰ পৰা দুবছৰ বয়সলৈ প্ৰতিমাহে শিশুৰ ওজন জুখিব লাগে। যদি এটি শিশুৰ দুমাহৰ ভিতৰত ওজন বৃদ্ধি নাপায় তেন্তে সেৱা চিন্তাৰ বিষয়।

৬) প্ৰতিটো শিশুক ভালদৰে বৃদ্ধি নোহোৱা, অসক্ষমতা বা মৃত্যুৰ কাৰণ হোৱা ৰোগসমূহৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰথম বছৰৰ ভিতৰত প্ৰতিষেধন সম্পূৰ্ণ কৰিব লাগে। সকলো মাতৃ হ’ব পৰা বয়সৰ মহিলাই ধনুষ্টংকাৰ ৰোগৰ পৰা সুৰক্ষিত হ’ব লাগে। পূৰ্বে মহিলাগৰাকীয়ে এনে প্ৰতিষেধক গ্ৰহণ কৰিলেও পুনৰ স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰাব লাগে।

৭) এটি পেটচলা ৰোগত ভোগা শিশুক পৰ্য্যাপ্ত পৰিমাণৰ সঠিক জুলীয়া আহাৰ প্ৰদান কৰিব লাগে- স্তনদুগ্ধ, ফলৰ ৰস বা অআৰএছ। যদি শৌচৰ লগতে তেজ যায়, ঘনাই আৰু পনীয়া শৌচ হয়, তেন্তে শিশুটি বিপদজনক অৱস্থাত আছে আৰু শিশুটিক তৎকালীন চিকিৎসাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগে।

৮) কাঁহ, পানী লগা হোৱা শিশু আপোনা-আপুনি ভাল হৈ যায়। কিন্তু যদিহে শিশুটিৰ কাঁহৰ লগতে ঘনাই উশাহ বা উশাহ লোৱাত কষ্ট পায় তেন্তে শিশুটি বিপদজনক অৱস্থাত আছে আৰু শিশুটিক তৎকালীন চিকিৎসাৰ বাবে স্বাস্থ্যকেন্দ্ৰলৈ নিব লাগে।

৯) বহুবোৰ ৰোগ পৰিষ্কাৰ পৰিচন্নতা বা ভাল স্বাস্থ্যবিধিৰ অভ্যাসৰে প্ৰতিৰোধ কৰিব পৰা যায়। পৰিষ্কাৰ প্ৰস্ৰাৱগাৰ বা শৌচাগাৰৰ ব্যৱহাৰ, শৌচ কৰাৰ পাছত চাবোন বা ছাইৰে হাত ভালদৰে ধোৱা, খাদ্য স্পৰ্শ কৰাৰ আগতে ভালদৰে হাত ধোৱা, নিৰাপদ উৎসৰ পৰা পানী ব্যৱহাৰ কৰা আৰু খাদ্য আৰু খোৱাপানী পৰিষ্কাৰকৈ ৰখা আদিবোৰ ভাল স্বাস্থ্যবিধিৰ ভিতৰত পৰে।

১০) মেলেৰীয়া ৰোগ মহৰ কামোৰৰ দ্বাৰা বিয়পে। ই অতি মাৰাত্মক হ’বগৈ পাৰে। যি ঠাইত মেলেৰীয়াৰ প্ৰাদুৰ্ভাৱ আছে তেনে ঠাইত অনুমোদিত কীটনাশক সনা আঠুৱা ব্যৱহাৰ কৰিব লাগে। শিশুৰ জ্বৰ হ’লে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে আৰু প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ অনুমোদন সাপেক্ষে গৰ্ভৱতী মহিলাই মেলেৰীয়া বিৰোধী ঔষধ গ্ৰহণ কৰিব লাগে।

১১)এইডছ এটা মাৰাত্মক কিন্তু প্ৰতিৰোধ যোগ্য ৰোগ। অসুৰক্ষিত যৌন সম্পৰ্ক (কনডম অবিহনে যৌন সংগম), পৰীক্ষা নকৰা তেজ গ্ৰহণ, দূষিত বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ (বেছিভাগ ক্ষেত্ৰতে নিদ্ৰাযুক্ত ঔষধ বেজীৰে গ্ৰহণ কৰা) আৰু সংক্ৰমিত মাকৰ পৰা শিশুৰ গালৈ গৰ্ভৱতী অৱস্থাত বা প্ৰসৱৰ সময়ত বা স্তনদুগ্ধৰ যোগেৰে এইছআইভি ভাইৰাছ সংবাহিত হোৱাৰ ফলত এইডছ ৰোগ হয়। সকলো লোকেই এইছআইভি/এইডছ ৰ বিষয়ে জনা আৰু ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি সেই সম্পৰ্কে জনাটো অত্যাৱশ্যকীয়। যৌন সংগমৰ যোগেৰে সংক্ৰমণ ৰোধ কৰিবলৈ নিৰাপদ যৌন সংগম কৰা উচিত। এইছআইভি ৰে সংক্ৰমিত বা সংক্ৰমণৰ আশংকা থকা মহিলাই অধিক তথ্য জানিবৰ বাবে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ দ্বাৰা পৰীক্ষা কৰোৱাব লাগে, নিজৰ স্বাস্থ্য সুৰক্ষাৰ লগতে নিজৰ শিশুটি সংক্ৰমিত হোৱাৰ আশংকা কেনেদৰে কমাব পৰা যায় সেই কথা আলোচনা কৰিব লাগে।

১২) পিতৃ-মাতৃ আৰু যত্ন লওঁতাই যত্ন সহকাৰে শিশুৰ চোৱা-চিতা আৰু শিশুটিৰ চাৰিওকাষ সুৰক্ষিত কৰি ৰাখিলে বহুবোৰ দূৰ্ঘটনা প্ৰতিৰোধ কৰিব পাৰি।

১৩) সকলো জৰুৰীকালীন অৱস্থা আৰু দুৰ্যোগৰ সময়ত মিজিলছৰ প্ৰতিষেধক চিটা আৰু সূক্ষ্ম পোষণৰ পৰিপূৰকসহ অত্যাৱশ্যকীয় স্বাস্থ্য যত্ন শিশুসকলক প্ৰদান কৰিব লাগে। সংকটময় পৰিস্থিতিত সদাই পৰিয়ালৰ প্ৰাপ্তবয়স্ক আৰু অভিভাৱকে অগ্ৰাধিকাৰ ভিত্তিক শিশুসকলক আদৰ যত্ন ল’ব লাগে। এনে সময়ত স্তনপান অতি গুৰুত্বপূৰ্ণ।

উৎস: ইউনিছেফ

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate