অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অটল অমৃত অভিযান :

 

আঁচনি বৈশিষ্ট্যসমূহ :

*সাধাৰণতে হোৱা ৬ টা উচ্চ ব্যয় সাপেক্ষ ৰোগৰ ব্যাপক সংযোজন-

ক)হৃদজনিত ৰোগ

খ)কৰ্কট ৰোগ

গ)বৃক্ক ৰোগ

ঘ)স্নায়ু ৰোগ

ঙ)নৱজাতকৰ ৰোগসমূহ আৰু

চ)জুয়ে পোৰা ৰোগ।

*এই ৬ বিধ ৰোগৰ ৪৩৮ টা বিবিধ চিকিৎসা পদ্ধতিৰ অন্তৰ্ভুক্ত।

*আঁচনিৰ অধীনত যোগ্য প্ৰতিটো পৰিয়ালৰ প্ৰতিজন ব্যক্তিলৈ বছৰি ২ লাখ টকাৰ বিত্তীয় সাহায্য।

*অসমৰ ৯২ শতাংশ লোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব।

*এতিয়ালৈকে ১.৫ কোটি হিতাধিকাৰীক এই অঁচনিৰ লগত সংযোজিত কৰা হৈছে।

*সম্পূৰ্ণ নগদবিহীন: তালিকাযুক্ত চিকিৎসালয়সমূহত নদগবিহীন চিকিৎসা সেৱাৰ বাবে ইউনিক আইডেন্টিফিকেচন নম্বৰসহ লেমিনেট কৰা কাৰ্ড বিতৰণ কৰা হৈছে।

*নাম অন্তৰ্ভুক্তৰ বাবে ন্যূনতম নথ-পত্ৰৰ প্ৰয়োজন।

*অসম আৰু ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰধান চিকিৎসালয় এই আঁচনিৰ বাবে তালিকাভুক্ত কৰা হৈছে।

*২০১৮-১৯ বৰ্ষত অসম চৰকাৰে এই আঁচনিৰ বাবে ৪০০ কোটি টকা ধাৰ্য কৰিছে।

কোনসকল ব্যক্তি এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে যোগ্য বুলি বিবেচিত হ’ব?

দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ব্যক্তি(পৰিয়ালৰ বাৰ্ষিক আয় ১.২ লাখ টকালৈকে) দৰিদ্ৰ সীমাৰেখাৰ উৰ্ধ্বত থকা পৰিয়ালৰ বাৰ্ষিক আয় ১.২ লাখ টকাৰ পৰা ৫ লাখ টকালৈকে) সদস্যসকলে নাম অন্তৰ্ভুক্তি আৰু এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে যোগ্য হ’ব।

এই আঁচনিত পঞ্জীয়ন ক’ত কৰিব পাৰিব? আৰু ক্ষতিগ্ৰস্ত আৰু হেৰোৱা কাৰ্ড পুনৰ জাৰি কৰাৰ বাবে ক’ত যোগাযোগ কৰিব লাগিব?

এই আঁচনিৰ অধীনত পঞ্জীয়নৰ বাবে বা ক্ষতিগ্ৰস্ত বা হেৰাই যোৱা কাৰ্ড পুনৰ জাৰি কৰাৰ বাবে এই আঁচনিৰ বাবে যোগ্যতাসম্পন্ন ব্যক্তিজনে তেওঁৰ সংশিষ্ট জিলাৰ ‘অটল অমৃত অভিযান জিলা পঞ্জীয়ন কেন্দ্ৰ’ত যোগাযোগ কৰিব পাৰিব।

এই আঁচনিৰ অধীনত পঞ্জীয়নকৃত হিতাধিকাৰীসকলে কি নথি-পত্ৰ লাভ কৰিব? আৰু পঞ্জীয়নৰ সময়ত দিয়া কাৰ্ডৰ প্ৰয়োজনীয়তা কি?

প্ৰত্যেক প্ৰাপ্তবয়স্ক পঞ্জীকৃত(১৮ বছৰ বয়সৰ ওপৰৰ) হিতাধিকাৰীক এটি লেমিনেট কৰা সচিত্ৰ পৰিচয়-পত্ৰ প্ৰদান কৰা হ’ব।

য’ত তেওঁৰ লগত তেওঁৰ পৰিয়ালয়ৰ সম্পূৰ্ণসূচক এটি ‘ইউনিক আইডেনটিটি নম্বৰ’ৰ উল্লেখ থাকিব।

তদুপৰি, চিনাক্তকৰণ আৰু প্ৰামাণিকতাৰ বাবে পঞ্জীয়নৰ সময়ত প্ৰত্যেক ব্যক্তিৰ বায়’মেট্ৰিক ৰেকৰ্ড কৰা হ’ব।

চিকিৎসা লোৱাৰ সময়ত তালিকাভুক্ত চিকিৎসালয়ত এই কাৰ্ড দেখুৱাব লাগিব -

মন কৰিব:

অপ্ৰাপ্তবয়স্ক(১৮ বছৰ বয়সৰ তলৰ) হিতাধিকাৰীসকলক পৃথক কাৰ্ড প্ৰদান কৰা নহয়, কিন্তু তেওঁলোকৰ নাম পৰিয়ালৰ মুৰব্বীৰ কাৰ্ডখন পঞ্জীকৃত চিকিৎসালয়ত দেখুৱাব লাগিব।

তালিকাভুক্ত চিকিৎসালয় মানে কি? আৰু কোনখন চিকিৎসালয়ত এই আঁচনিৰ অধীনত চিকিৎসা প্ৰদান কৰা হ’ব?

অসম আৰু বহিঃৰাজ্যৰ ব্যক্তিগত আৰু চৰকাৰী চিকিৎসালয়সমূহ এই আঁচনিৰ অধীনত তালিকাভুক্ত কৰা হৈছে।

তালিকাভুক্ত চিকিৎসালয় হ’ল সেই চিকিৎসালয়সমূহ য’ত হিতাধিকাৰীসকলে এই আঁচনিৰ অধীনত নগদবিহীন চিকিৎসা বিনামূলীয়াকৈ(যোগ্যতা অনুসৰি পাবলগীয়া নিৰ্দিষ্ট ধনৰাশিৰ ভিতৰত) লাভ কৰিব পাৰিব।

তালিকাভুক্ত চিকিৎসালয়সমূহৰ নাম তলত দিয়া হ’ল। উল্লেখযোগ্য যে আগলৈ তালিকাভুক্ত চিকিৎসালয়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি কৰা হ’ব।

সকলো তালিকাভুক্ত চিকিৎসালয়ত ‘এএএ’ কেন্দ্ৰ থাকিব য’ত আৰোগ্য মিত্ৰসকলে হিতাধিকাৰীসকলক সহায় আগবঢ়াব।

এই আঁচনিৰ অধীনত যোগ্যতাপ্ৰাপ্ত হিতাধিকাৰীজনে চিকিৎসাৰ বাবে কিদৰে আগবাঢ়িব? হিতাধিকাৰীজন পোনপতীয়াকৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যাব পাৰিবনে?

অসমৰ ভিতৰত:

অসমৰ ভিতৰত চিকিৎসা লাভৰ বাবে হিতাধিকাৰীয়ে যিকোনো তালিকাভুক্ত চিকিৎসালয়লৈ পোনপতীয়াকৈ যাব পাৰে।

অসমৰ বাহিৰত:

অসমৰ বাহিৰত চিকিৎসাৰ বাবে হিতাধিকাৰীসকলে দুটা বিকল্পৰ পৰা বাছনি কৰিব পাৰে।

ক)হিতাধিকাৰীসকলৰ যাতায়াতৰ খৰচত(২ লাখ টকাৰ নিৰ্দিষ্ট ধনৰাশিৰ ভিতৰত) সহায়তা আৰু চিকিৎসালয়ত ব্যৱহাৰৰ বাবে হিতাধিকাৰীয়ে অটল অমৃত অভিযান কল চেন্টাৰ নম্বৰ ১৮০০১০২৭৪৮০ত যোগাযোগ কৰিব পাৰে।

আঁচনিৰ বিধি অনুসৰি তেওঁলোকৰ বাবে যাতায়াতকে আদি কৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

খ)হিতাধিকাৰীসকলে অসমৰ বাহিৰত থকা তালিকাভুক্ত চিকিৎসালয়ত নিজাববীয়াকৈও যাব পাৰিব আৰু এইক্ষেত্ৰত তেওঁলোকে যাতায়াতৰ ব্যয় বহন কৰাৰ উপৰি সংশ্লিষ্ট তালিকাভুক্ত চিকিৎসালয়ৰ লগত বিচনাৰ উপলব্ধতা আৰু চিকিৎসাৰ আনুষংগিক অন্যান্য বিষয়ত নিজাববীয়াকৈ সম্পৰ্ক কৰাৰ দায়িত্ব ল’ব লাগিব।

এই হিতাধিকাৰীসকলেও ২ লাখ টকাৰ বিত্তীয় সাহয্য লাভ কৰিব যি আঁচনিৰ নিয়ম অনুযায়ী সংশ্লিষ্ট চিকিৎসালয়ক পোনে পোনে আদায় দিয়া হ’ব।

বছৰি ২ লাখ টকাৰ এই আঁচনিত কি কি সন্নিৱিষ্ট থাকিব?

*অসমৰ বাহিৰত যিকোনো যাতায়ত:

(বিমান ভাৰা) অসমৰ বাহিৰত চিকিৎসাৰ বাবে হিতাধিকাৰী আৰু এজন সহায়ক(যদি হিতাধিকাৰীয়ে অসমৰ বাহিৰৰ সংশ্লিষ্ট চিকিৎসালয়ত এই আঁচনিৰ বিধি অনুসৰি যায়) সহ সৰ্বোচ্চ ৩০,০০০ টকালৈকে।

*অসমৰ ভিতৰত:

অসমৰ ভিতৰত যাতয়তৰ প্ৰ্তি পৰামৰ্শৰ বাবে ৩০০ টকাকৈ বছৰি সৰ্বোচ্চ ৩,০০০ টকা।

*চিকিৎসা:

পেকেজৰ মূল্য যিদৰে নিৰ্ধাৰিত কৰা হৈছে।

*দৈনিক ভাট্টা:

অসমৰ বাহিৰত চিকিৎসাৰ বাবে দৈনিক ১,০০০ টকাকৈ সৰ্বোচ্চ ১০ দিনলৈকে।

ৰোগ নিৰ্ণয়ৰ বাবে পৰীক্ষাসমূহো ইয়াত অন্তৰ্ভুক্তনে?

হয়, ভৰ্তিৰ ২৪ ঘন্টা পূৰ্বৰ পৰা তালিকাভুক্ত চিকিৎসালয়ত কৰা প্ৰাসংগিক পৰীক্ষা এই আঁচনিৰ অন্তৰ্ভুক্ত)

তালিকাভুক্ত চিকিৎসালয়ত সহায়তাৰ বাবে হিতাধিকাৰীয়ে কাৰ লগত যোগাযোগ কৰিব?

হিতাধিকাৰীসকলে তালিকাভুক্ত চিকিৎসালয়ৰ ‘হেল্প ডেস্ক’ত থকা আৰোগ্য মিত্ৰক লগ ধৰিব পাৰে যি সকলো ধৰণৰ সহায়তা আৰু চিকিৎসা প্ৰক্ৰিয়া সম্পূৰ্ণ আঁসোৱাহমুক্ত হোৱা নিশ্চিত কৰিবলৈ ২৪*৭ উপস্থিত থাকিব।

চিকিৎসা ব্যয়ৰ কোনো অংশ হিতাধিকাৰীলৈ পোনপতীয়াকৈ ঘূৰাই দিয়া হ’বনে?

নহয়। ৰোগীসকলে তালিকাভুক্ত চিকিৎসালয়ত বছৰি ২ লাখ টকাৰ নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব যি সংশ্লিষ্ট চিকিৎসালয়ক পোনপতীয়াকৈ আদায় দিয়া হ’ব।

স্বতন্ত্ৰ প্ৰেচক্ৰিপচন আৰু পৰীক্ষ(ডায়’গ্লষ্টিক) ইয়াৰ অন্তৰ্ভুক্ত হ’বনে?

নহয়, স্বতন্ত্ৰ প্ৰেচক্ৰিপচন আৰু পৰীক্ষা এই আঁচনিত সামৰি লোৱা নহয়।

চিকিৎসাৰ মুঠ ব্যৱ এবাৰতে ২ লাখ টকাৰ বেছি হ’লে বছৰ শেষ হোৱাৰ পূৰ্বেই এজন হিতাধিকাৰীৰ চিকিৎসা ব্যয় ২ লাখ টকা শেষ গৈ গ’লে কি হ’ব?

এই আঁচনিৰ দ্বাৰা এজন হিতাধিকাৰীৰ বাবে বছৰি ২ লাখ টকাৰ বিত্তীয় সহায়তাৰ ব্যৱস্থা নিৰ্দিষ্ট কৰা হৈছে।

ইয়াৰ ঊৰ্ধ্বৰ চিকিৎসা ব্যয় হিতাধিকাৰীয়ে বহন কৰিব লাগিব।

অসমৰ তালিকাভুক্ত চিকিৎসালয়সমূহ -

*এপ’লো হস্পিতাল

*অসম মেডিকেল কলেজ এণ্ড হস্পিতাল

*আয়ুৰচন্দ্ৰা হেলথ কেয়াৰ প্ৰা.লি.

*বি বৰুৱা কেন্সাৰ ইন্সটিটিউট

*বি জে হস্পিতাল, তেজপুৰ

*কাছাৰ কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ

*জিএনআৰচি হস্পিতাল লি.

*কেন্সাৰ ইন্সটিটিউট(জিএমচিএইচ)

*দিছপুৰ হস্পিতাল প্ৰা.লি.

*দিছপুৰ পলিক্লিনিক

*ডাউন টাউন হস্পিতাল লি.

*এক্সেল কেয়াৰ হস্পিতাল

*ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ এণ্ড হস্পিতাল

*গৌহাটী মেডিকেল কলেজ এণ্ড হস্পিতাল

*জিএনআৰচি ইন্সটিটিউট অৱ মেডিকেল ছাইন্সেছ

*হায়াত হস্পিতাল

*যোৰহাট মেডিকেল কলেজ এণ্ড হস্পিতাল

*মাৰোৱাৰী হস্পিতাল

*নাৰায়ণা হৃদয়ালয়া লি.

*নেমকেয়াৰ হস্পিতাল

*নৰ্থ ইষ্ট কেন্সাৰ হস্পিতাল এণ্ড ৰিচাৰ্ছ ইন্সটিটিউট

*শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিতাল

*স্বাগত ছুপাৰস্পেচিয়েলিটি চাৰ্জিকেল ইন্সটিটিউট এণ্ড নাৰ্চিং হোম

*তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিতাল।

অসমৰ বাহিৰৰ তালিকাভুক্ত চিকিৎসালয়সমূহ -

*এএমআৰআই হস্পিতাল লি. কলকতা

*এপ’লো হস্পিতাল, চেচাদ্ৰিপুৰম, বেংগালুৰু

* আৰ্টেমিছ হস্পিতাল, দিল্লী

*বি এম বিৰলা হাৰ্ট ৰিচাৰ্ছ চেন্টাৰ, কলিকতা

*ধৰমচিলা কেন্সাৰ ফাউণ্ডেচন এণ্ড ৰিচাৰ্ছ চেন্টাৰ, বেংগালুৰু

*মেডান্ট দি মেডিচিটি, দিল্লী, এম আই অ’ টি হস্পিতালছ প্ৰা.লি., চেন্নাই

*নাৰায়ণা ইন্সটিটিউট অব কাৰ্ডিয়াক চাইন্সেছ, বেংগালুৰু

*নাৰয়ণা ছুপাৰস্পেচিয়েলিটী হস্পিতাল, কলিকতা

*পাৰ্ক হস্পিতাল, দিল্লী

*পিয়াৰলেছ হস্পিটেক্স হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰ, কলিকতা

*ৰবিন্দ্ৰ নাথ টেগোৰ ইন্টাৰনেচনেল ইন্সটিটিউট অৱ কাৰ্ডিয়াক চেন্টাৰ, কলিকতা

*ৰুবী জেনেৰেল হস্পিতাল লি, কলিকতা

*চাক্ৰা ৱৰ্লড হস্পিতাল, বেংগালুৰু।

অধিক তথ্যৰ বাবে ১৮০০১০২৭৪৮০ নম্বৰত ফোন কৰক।

বা বিভাগীয় ৱেবছাইট www.aaa.assam.in চাওক।

উৎস: ৰাইজৰ বাতৰি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate