অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস(নাৰ্ছ ডে’):

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস(নাৰ্ছ ডে’):

‘আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। সেই দিনটোৱেই বিশ্ববিখ্যাত ধাত্ৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্ম দিৱস। এই স্মৰণীয় পালন কৰি ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা আন্তৰিক সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়।

‘ইন্টাৰনেচনেল নাৰ্ছচ ডে’ কিট’(IND Kit) উৎপাদন আৰু বিতৰণ কৰে। (IND Kit) ২০১৫’ত আছে শিক্ষামূলক আৰু সৰ্বসাধাৰণৰ বাবে জানিবলগীয়া তথ্যৰ সা-সঁজুলি। যিবিলাক পৃথিৱীৰ সকলো ঠাইৰে ধাত্ৰীসকলে ব্যৱহাৰ কৰিব পাৰে।

প্ৰতিবছৰে পালন কৰা এই ধাত্ৰী দিৱসৰ বিষয়বস্তু বেলেগ বেলেগ হয়। এইবছৰ অহা ১২ মে’ তাৰিখে পালন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ বিষয়বস্তু হ’ল- Nurses: A Force for Change: Care effective, Cost effective. (ধাত্ৰী: পৰিৱৰ্তনৰ বাবে এক শক্তি: সাৰ্থক পৰিচৰ্যা, সাৰ্থক ব্যয়)।

এই বছৰ বিতৰণ কৰিবলগীয়া ধাত্ৰী দিৱসৰ সঁজুলিৰ টোপোলাত থাকিব ডাউনল’ড কৰিব পৰা পোষ্টাৰৰ ছবি, ধাত্ৰীসকলে নিজাববীয়াকৈ ব্যৱহাৰ কৰিবপৰা বিভিন্ন তথ্য সম্বলিত ‘ডকুমেন্ট’।

এইবিলাক তথ্য বিভিন্ন সংস্থা, স্বাস্থ্য মন্ত্ৰালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠান আদিয়েও ব্যৱহাৰ কৰিব পাৰিব। এইবিলাক সামগ্ৰী সমগ্ৰ বিশ্বৰ সকলো ৰাষ্ট্ৰীয় ধাত্ৰী সংগঠনলৈ ইতিমধ্যে বিস্তৃতভাৱে প্ৰেৰণ কৰা হৈছে যদিও এই কামবিলাকৰ আঁচনি মূলতঃ ১২ মে’ৰ দিনটোৰ কাৰণেহে কৰা হয়।

তথাপি বছৰটোৰ বেছিভাগ সময়েই ইন্টাৰনেচনেল নাৰ্ছেচ ডে’ৰ কাৰ্যসূচীবোৰ ধাত্ৰীসকলৰ দ্বাৰা বা অন্য অনুষ্ঠান আদিৰ দ্বাৰা বা অন্য অনুষ্ঠান আদিৰ দ্বাৰা কাৰ্যকৰী কৰা হয়। ধাত্ৰীসকলৰ সেৱা আৰু অধিক বিস্তৃত কৰিবলৈ পৃথিৱীৰ সকলো ঠাইৰে ধাত্ৰীসকলক এই সংগঠনবোৰৰ অনুপ্ৰাণিত কৰে।

এই বছৰৰ ধাত্ৰী দিৱসৰ বিষয়বস্তু ব্যক্তিগত ধাত্ৰীৰ কামৰ যোগেদি বা সমূহীয়াভাৱে লোৱা কাৰ্যসূচীৰ যোগেদি ৰূপায়ণ কৰিবলৈ গোটেই বছৰ ধৰি প্ৰচেষ্টা হাতত লোৱা হ’ব।

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্বাস্থ্য, শিক্ষা আৰু জনকল্যাণ বিভাগৰ এগৰাকী বিষয়া ডৰথি চুথাৰলেণ্ডে পোন প্ৰথমবাৰৰ বাবে ১৯৫৩ চনতে ‘ধাত্ৰী দিৱস’ পালনৰ এটি প্ৰস্তাৱ দিছিল।

এই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছিল সেই সময়ৰ যুক্তৰাষ্ট্ৰৰ প্ৰেচিডেন্টে ডুইট ডি. আইচেনহাৱাৰে। ‘ইন্টাৰনেচনেল কাউন্সিল অৱ নাৰ্ছচ’ (ICN) নামৰ সংগঠনটোৱে ১৯৬৮ চনত পোন প্ৰথমবাৰৰ বাবে ধাত্ৰী দিৱস পালন কৰে।

১৯৭৪ চনৰ জানুৱাৰী মাহত আধুনিক ধাত্ৰী বিদ্যাৰ প্ৰতিষ্ঠাতা ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন ১২ মে’ তাৰিখটো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল। ‘ধাত্ৰী দিৱস’ পালনৰ লগত সংগতি ৰাখি ‘ইন্টাৰনেচনেল কাউন্সিল অৱ নাৰ্ছেচ’ নামৰ সংস্থাটোৱে প্ৰতিবছৰে সেই বিশেষ দিনটোত ‘ইন্টাৰনেচনেল নাৰ্ছেচ ডে’ কিট’ নামৰ মূল্যবান তথ্য সম্বলিত সা-সঁজুলিৰে ভৰা কিছুমান টোপোলা প্ৰস্তুত কৰি বিতৰণ কৰাৰ সিদ্ধান্ত লয়। এই টোপোলাবোৰত থকা তথ্যবোৰ এগৰাকী নাৰ্ছে সৰ্বসাধাৰণৰ জ্ঞাতাৰ্থে বিতৰণ কৰিব লাগে।

এনে সময়তে অৰ্থাৎ ১৯৯৯ চনত ‘ইউনিচন’ নামৰ বৃটিছ প্লাবিক ইউনিয়নৰ সংস্থা এটাই ‘ইন্টাৰনেচনেল কাউন্সিল ফৰ নাৰ্ছেচ’ নামৰ সংস্থাটোলৈ এখনি পত্ৰৰ যোগেদি গোহাৰি জনালে যে- যিহেতু ফ্লোৰেন্স নাইটিংগেল আধুনিক ধাত্ৰী বিদ্যাৰ প্ৰতীক হ’ব নোৱাৰে, সেয়ে তেওঁৰ জন্ম দিনটো ‘ধাত্ৰী দিৱসৰূপে’ পালন কৰিব নেলাগে।

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালনৰ বাবে আন এটা দিন নিৰ্ধাৰণ কৰিব লাগে। আনহাতে ২০০৩ চনৰ পৰা প্ৰতিবছৰে ৬ মে’ৰ পৰা ১২ মে’ পৰ্যন্ত ‘নেচনেল নাৰ্ছেচ উইক’ পালন কৰিবলৈ লোৱা হয়।

আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী সপ্তাহ -

আন্তৰ্জাতিক ধাত্ৰী দিৱস পালনৰ সময়ছোৱাত প্ৰচাৰ আৰু শিক্ষামূলক কাৰ্যসূচীৰ লগতে ধাত্ৰীবিদ্যা সম্পৰ্কীয় নতুন নতুন বিষয় সম্পৰ্কে আলোচনা কৰা হয়। ধাত্ৰীসকলৰ কৰ্মক্ষেত্ৰৰ পৰিৱেশ, নিঃস্বজনৰ প্ৰতি সেৱা, দৰিদ্ৰতা আদি ভালেমান বিষয়ৰ ওপৰত ভিত্তি কৰি এই দিৱসৰ বিষয়বস্তু নিৰ্বাচন কৰা হয়। অষ্ট্ৰেলিয়া, যুক্তৰাষ্ট আৰু কানাডা আদি দেশবিলাকত ‘ৰাষ্ট্ৰীয় ধাত্ৰী সপ্তাহ’ৰ ৰূপত সম্পূৰ্ণ এটা সপ্তাহ ধৰি বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে এটা সপ্তাহটো পালন কৰা হয়।

লণ্ডনৰ ‘ৱেষ্ট মিনিষ্টাৰ এবে’ত প্ৰতিবছৰে এডাল মমবাতি প্ৰজ্বলনেৰে আন্তৰ্জাতিক ধাত্ৰী দিৱসৰ শুভাৰম্ভ কৰা হয়।

প্ৰজ্বলিত মমবাতি এডাল এগৰাকী ধাত্ৰীৰ হাতৰ পৰা ক্ৰমে আন এগৰাকীলৈ হস্তান্তৰ কৰি শেষত ইয়াক এক ওখ ঠাইত স্থাপন কৰা বেদীত প্ৰতিষ্ঠা কৰা হয়। জ্ঞানৰ পোহৰ এগৰাকী ধাত্ৰীৰ পৰা আন এগৰাকীৰ হাতলৈ বিয়পাই দিয়াৰে ই এক প্ৰতিকী অনুষ্ঠান।

পিছদিনা অৰ্থাৎ ১৩ মে’ৰ দিনা ফ্লোৰেন্স নাইটিংগেলৰ সমাধি থকা ‘চেইন্ট মাৰ্গৰেট চাৰ্চ’ত এক বৃহৎ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়।

আমেৰিকা, অষ্ট্ৰেলিয়া আৰু কানাডা আদি দেশত ৬ মে’ৰ পৰা ১২ মে’লৈ পালন কৰা ‘ৰাষ্ট্ৰীয় ধাত্ৰী সপ্তাহ’ৰ কাৰ্যসূচী আৰু বেছি আড়ম্বৰপূৰ্ণ আৰু ব্যাপক হয়। স্বাস্থ্য সেৱাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ লক্ষ্যৰে এই সপ্তাহটোৰ ধাত্ৰী বিদ্যাৰ অন্যান্য ভালেমান দিশৰ ওপৰত আলোকপাত কৰা হয়।

ধাত্ৰীসকলে সাধাৰণ ৰাইজলৈ আগবঢ়োৱা নিঃস্বাৰ্থ আৰু আন্তৰিক সেৱা, সামাজিক অৱদান আৰু প্ৰতিশ্ৰুতিৰ স্বীকৃতি প্ৰদান কৰি তেওঁলোকলৈ বিভিন্ন বঁটা, উপহাৰ, ফুলৰ থোপা আদি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বন্ধু-বান্ধৱী, পৰিয়ালৰ সদস্য, শুভাকাংক্ষী তথা চিকিৎসক, প্ৰশাসনীয় কৰ্তৃপক্ষ আৰু ৰোগীসকলে ‘ডিনাৰ’ আদিৰো আয়োজন কৰে।

উৎকৃষ্টতম স্বাস্থ্য সেৱা প্ৰদান কৰিব পৰাকৈ নাৰ্ছসকলৰ গভীৰ কাৰ্যকৰী জ্ঞান থাকে। ৰাষ্ট্ৰীয় নাৰ্ছ এছোচিয়েছনবিলাকে নাৰ্ছসকলক সততে নতুন নতুন চিকিৎসা সেৱাৰ কৌশল আদি অৱগত কৰাই থকাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লয়।

তেওঁলোকে যাতে উৎকৃষ্ট মানদণ্ডৰ সেৱা আগবঢ়াব পাৰে, সেই উদ্দেশ্যে প্ৰয়োজনীয় পৰামৰ্শ, সাহস আৰু উৎসাহ তথা সহযোগিতাও এই সংস্থাবিলাকে আগবঢ়ায়।

ধাত্ৰীবিদ্যাৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰা আৰু ধাত্ৰীসকলৰ পৰা যাতে অধিক উন্নত সেৱা আগবঢ়োৱাৰ পৰিৱেশ পায়- সেই বিষয়েও জনসাধাৰণক সজাগ কৰাটোও এই দিৱস পালনৰ আন এক উদ্দেশ্য।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/20/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate