অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰম

সন্তান প্ৰসৱৰ সময়ত গৰ্ভৱতী মহিলা সকলে বহন কৰিবলগীয়া হোৱা খৰচৰ বোজা আৰু অসুস্থ নৱজাতকৰ চিকিৎসাৰ নামত পিতৃ-মাতৃয়ে বহন কৰিবলগীয়া হোৱা খৰচৰ বোজাৰ সমস্যা আঁতৰ কৰিবলৈ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে| এই পদক্ষেপৰ জৰিয়তে গৰ্ভৱতী মহিলাসকল আৰু অসুস্থ নৱজাতকৰ বাবে গ্ৰামাঞ্চল অথবা চহৰঞ্চলৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত কিছুমান বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা প্ৰদান কৰা হৈছে| এই আঁচনি খনৰ জৰিয়তে গৰ্ভৱতী মহিলাই এনে প্ৰতিষ্ঠানত প্ৰসৱ কৰিলে সাধাৰণ প্ৰসৱেই হওঁক বা চিজাৰিয়ান অস্ত্ৰোপচাৰেই হওঁক এটকাও ভৰিব নালাগে| একেদৰেই জন্মৰ পৰা ৩০ দিনৰ ভিতৰৰ অসুস্থ নৱজাতকৰ চিকিৎসাৰ বাবদ পিতৃ-মাতৃয়ে কোনো ধন আদায় দিব নালাগে|

২০১১ চনৰ ১ জুন তাৰিখে জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰম উন্মোচন কৰা হৈছিল|

গৰ্ভৱতী মহিলাৰ বাবে বিনামুলীয়া চিকিৎসা সেৱাৰ নিশ্চয়তা:-

# বিনামূলীয়া আৰু ধনহীন প্ৰসৱ|

# বিনামূলীয়া “চি-চেক্‌চন্‌”|

# বিনামূলীয়া ঔষধ আৰু গ্ৰহণীয় সামগ্ৰী|

# বিনামূলীয়া পৰীক্ষা|

# স্বাস্থ্য প্ৰতিষ্ঠানত থকাকালীন বিনামুলীয়া আহাৰ|

# বিনামূলীয়া ৰক্তলাভৰ সুবিধা|

# ‘Usex charges’ ৰ পৰা ৰেহাই|

# ঘৰৰ পৰা স্বাস্থ্য প্ৰতিষ্ঠানলৈ বিনামূলীয়া যাতায়ত ব্যৱস্থা|

# চিকিৎসাধীন হাস্পতালৰ পৰা ৰেফাৰেল হাস্পতাললৈ বিনামূলীয়া যাতায়তৰ ব্যৱস্থা|

# প্ৰসৱৰ ৪৮ ঘণ্টাৰ পিছত ঘৰলৈ উভতি যাবলৈ বিনামূলীয়া যাতায়ত ব্যৱস্থা|

জন্মৰ পৰা ৩০ দিনৰ ভিতৰৰ অসুস্থ নৱজাতক আৰু অসুস্থ কেঁচুৱাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ নিশ্চয়তা:-

# বিনামূলীয়া চিকিৎসা সেৱা|

# বিনামূলীয়া ঔষধ আৰু গ্ৰহণীয় সামগ্ৰী|

# বিনামূলীয়া পৰীক্ষা|

# বিনামূলীয়া ৰক্তলাভৰ সুবিধা|

# ‘ইউস্কেচ্‌ চাৰ্জেছ'’ ৰ পৰা ৰেহাই|

# ঘৰৰ পৰা চিকিৎসালয়লৈ বিনামূলীয়া যাতায়তৰ সুবিধা|

# চিকিৎসাধীন হাস্পতালৰ পৰা ৰেফাৰেল হাস্পতাললৈ বিনামূলীয়া যাতায়ত ব্যৱস্থা|

# চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিবলৈ বিনামূলীয়া যাতায়তৰ সুবিধা|

আঁচনিখনৰ মুখ্যবিষয় সমূহ:-

# এই আঁচনিখনে চৰকাৰী হাস্পতালত সন্তান প্ৰসৱ কৰা গৰ্ভৱতী মহিলা সকলক বিনা খৰচত প্ৰসৱৰ সুবিধা আৰু বিনা খৰচত “চিজাৰিয়ান চেক্‌চন্‌”ৰ সুবিধা প্ৰদান কৰে|

# এই আঁচনিখনে আগবঢ়োৱা উল্লেখনীয় সুবিধা সমূহ হ’ল- বিনামূলীয়া ঔষধ আৰু গ্ৰহণীয় সামগ্ৰী, সাধাৰণ প্ৰসৱৰ ক্ষেত্ৰত ৩ দিন আৰু “চি চেকচন্‌”ত প্ৰসৱৰ ক্ষেত্ৰত ৭ দিনলৈকে বিনামূলীয়া আহাৰ প্ৰদান, বিনামূলীয়া পৰীক্ষা, আৰু প্ৰয়োজন হ’লে বিনামূলীয়া ৰক্ত যোগানৰ ব্যৱস্থা| এই পদক্ষেপৰ জৰিয়তে ৰোগীক ঘৰৰ পৰা হাস্পতাললৈ নিবলৈ, হাস্পতালৰ পৰা ৰেফাৰেল হাস্পতাললৈ আৰু হাস্পতালৰ পৰা ঘৰলৈ ওফতাই আনিবলৈ বিনামূলীয়া পৰিবহণৰ সুবিধা প্ৰদান কৰা হয়| এই একেধৰণৰ সুবিধা চৰকাৰী হাস্পতালত জন্ম গ্ৰহণ কৰা সকলো অসুস্থ নৱজাতকেও লাভ কৰিব পাৰে জন্মৰ পৰা ৩০ দিনলৈ| বৰ্তমান এই ব্যৱস্থাই অসুস্থ কেঁচুৱা সকলকো সাঙুৰি লৈছে|

. এই আঁচনিৰ লক্ষ্য হ’ল চৰকাৰী হাস্পতালৰ সেৱা লাভ কৰাৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলা আৰু অসুস্থ নৱজাতকৰ অভিভাৱকে যাতে এটকাও নিজৰ পকেটৰ পৰা ভৰিব নালাগে|

. এই আঁচনিখনে চৰকাৰী চিকিৎসালয়ত প্ৰসৱ কৰা ১২ নিযুততকৈ অধিক গৰ্ভৱতী মহিলাক উপকৃত কৰিব বুলি অনুমান কৰা গৈছে| ইয়াৰোপৰি, যিসকল গৰ্ভৱতী মহিলাই ঘৰতে প্ৰসৱ কৰাৰ মনোভাৱ লৈ আছে তেওঁলোকৰো মনোভাৱ সলনি কৰাই চিকিৎসালয়ত প্ৰসৱৰ বাবে এই আঁচনিয়ে উৎসাহিত কৰিব|

. ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত ইতিমধ্যে এই আঁচনিখন ৰুপায়নৰ ব্যৱস্থা কৰা হৈছে|

উৎস:http://nrhm.gov.in/nrhm-components/rmnch-a/maternal-health/janani-shishu-suraksha-karyakram/background.html

আনুসংগিক ধন:

জননী শিশু সুৰক্ষা কাৰ্য্যক্ৰমৰ নীতি নিৰ্দেশনা



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate