অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জননী সুৰক্ষা যোজনা

জননী সুৰক্ষা যোজনা

জননী সুৰক্ষা যোজনা আঁচনিখন হ’ল মহিলা সকলক সুৰক্ষিত মাতৃত্ব লাভত সহায়তা কৰিবলৈ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানে (বৰ্তমান ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) গ্ৰহণ কৰা এক পদক্ষেপ| এই আঁচনিখন ৰুপায়ন কৰি থকাৰ মূল উদ্দেশ্য হ’ল প্ৰসৱৰ সময়ত মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ লাঘৱ কৰা আৰু লগতে গৰ্ভৱতী মহিলা সকলক হাস্পতালত প্ৰসৱ কৰোৱাৰ বাবে উদ্‌গনি যোগোৱা| এই আঁচনিখন ভাৰতৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত ৰুপায়ন কৰি থকা হৈছে আৰু বিশেষকৈ সেই সমূহ ৰাজ্যত অধিক গুৰুত্ব দিয়া হৈছে যি সমূহ ৰাজ্যত এতিয়াও হাস্পতালত প্ৰসৱৰ হাৰ তুলনামূলকভাৱে কম|

জননী সুৰক্ষা যোজনা আঁচনিখন ২০০৫ চনৰ এপ্ৰিল মাহত উন্মোচন কৰা হৈছিল| পূৰ্বৰ National Maternity Benefit Scheme (NMBS) আঁচনিখনৰেই কিছু সালসলনি ঘটাই ইয়াক এক নতুন ৰুপ দিয়া হৈছে| ১৯৯৫ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় সামাজিক সহযোগিতা কাৰ্য্যসূচী (NSAP) ৰ অংশ হিচাপে NMBS আঁচনিখন সূচনা কৰা হৈছিল| ২০০১-২০০২ চনত এই আঁচনিখন গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ পৰা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনলৈ অনা হয়| এই NMBS আঁচনিখনে দৰিদ্ৰ সীমাৰেখাৰ তলৰ (BPL) ১৯ বছৰ বা তাতোধিক বয়সৰ গৰ্ভৱতী মহিলাক দুবাৰকৈ প্ৰসৱৰ বাবে প্ৰতিবাৰে ৫০০ টকাকৈ প্ৰদান কৰে|

জননী সুৰক্ষা আঁচনিখনৰ সূচনা হোৱাৰ পিছত দেশৰ সকলো BPL পৰিয়ালৰ গৰ্ভৱতী মহিলাক সমভাৱে ৫০০ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ নিয়মৰ কিছু পৰিৱৰ্তন ঘটোৱা হয়| এই নতুন নিয়মৰ জৰিয়তে ৰাজ্যসমূহৰ শ্ৰেণী বিভাজন আৰু চহৰ বা গ্ৰামাঞ্চলৰ ওপৰত ভিত্তি কৰি হিতাধিকাৰী সকলে ৫০০ টকাৰ লগতে কিছু ওপৰঞ্চি টকা লাভ কৰে| হাস্পতালত প্ৰসৱৰ হাৰৰ ওপৰত ভিত্তি কৰি ৰাজ্য সমূহক দুটা শ্ৰেণীত ভাগ কৰা হৈছে- Low Performing States আৰু High Performing States. হাস্পতালত প্ৰসৱৰ হাৰ ২৫% তকৈ কম হ’লে Low Performing States আৰু বেছি হ’লে High Performing States হিচাবে চিহ্নিত কৰা হৈছে| অসমকে ধৰি অবিভক্ত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ঝাৰখণ্ড, বিহাৰ, চত্তিশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, উৰিষ্যা আৰু জম্মু-কাশ্মীৰক Low Performing States ৰ শাৰীত ৰখা হৈছে| বাকী ৰাজ্য কেইখনক High Performing States ৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে|

জে এছ ৱাই (JSY) ৰ আঁৰৰ কথাঃ

গৰ্ভাৱস্থা জনিত জটিলতাৰ বাবে ভাৰতত বছৰি প্ৰায় ৫৬ হেজাৰ মহিলাৰ মৃত্যু ঘটে| একদৰেই বছৰি ১৩ লাখতকৈ অধিক শিশুৰ জন্মৰ এবছৰৰ ভিতৰত মৃত্যু হয়| ইয়াৰে দুই-তৃতীয়াংশ শিশুৰ মৃত্যু হয় জন্মৰ পৰা চাৰি সপ্তাহৰ ভিতৰত| ইয়াৰে আকৌ ৭৫% মৃত্যুৰ ঘটনা সংঘটিত হয় জন্মৰ প্ৰথম সপ্তাহটোতেই| উল্লেখনীয় যে ইয়াৰ ভিতৰত বুজন সংখ্যক শিশুৰেই আকৌ মৃত্যু হয় জন্মৰ পৰা দুদিনৰ ভিতৰত|

মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ কমাবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ অধীনত ৰুপায়ন কৰি থকা হৈছে প্ৰজনন আৰু শিশু স্বাস্থ্য কাৰ্য্যসূচী (Reproductive and Child Health Programme)| ইয়াৰ মূল উদ্দেশ্য হ’ল হাস্পতালত সৰু প্ৰসৱ কৰাবলৈ উদ্‌গনি জনোৱা যাতে প্ৰশিক্ষিত স্বাস্থ্যকৰ্মীৰ উপস্থিতিত সন্তান জন্ম হয় আৰু গৰ্ভৱতী মহিলা আৰু নৱজাতকক গৰ্ভৱস্থা জনিত মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি|

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জননী সুৰক্ষা যোজনাকে ধৰি কেইবাটাও ফলপ্ৰসূ আঁচনিৰ শুভাৰম্ভ কৰিছে যাৰফলত হাস্পতালত প্ৰসৱৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে|

উদ্দেশ্যে:

গৰ্ভৱতী মহিলা সকলৰ মাজত হাস্পতাল বা স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰসৱ কৰোৱা কাৰ্য্যক উদ্‌গনি যোগাই মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা|

আঁচনিখনৰ লক্ষ্যগোট আৰু সহায়তা:

দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ (BPL) আৰু জনজাতীয় (ST) সকলো গৰ্ভৱতী মহিলা এই আঁচনিৰ লক্ষ্য| JSY আঁচনিৰ অধীনত মাতৃৰ বয়সৰ কোনো বাধা নথকাকৈ আৰু সন্তানৰ সংখ্যাৰ কোনো বাধা নথকাকৈ চৰকাৰী হাস্পতাল বা চৰকাৰী অনুমোদনপ্ৰাপ্ত কোনো ব্যক্তিগত স্বাস্থ্য প্ৰতিষ্ঠানত প্ৰসৱ কৰিলে যোগ্য গৰ্ভৱতী মহিলা সকলে নগদ ধনৰ সহায়তা লাভ কৰিব|

গৰ্ভৱতী মহিলা সকলক হাস্পতালত প্ৰসৱৰ বাবে উদ্‌গনি যোগোৱা কাৰ্য্যত দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিত আশা (Accredited Social Health Activist) নামৰ মহিলা স্বাস্থ্য সেৱিকা সকলক আৰ্থিক পুৰষ্কাৰ আগবঢ়োৱা হয়| এই আঁচনি অনুসৰি যোগ্যতা সম্পন্ন গৰ্ভৱতী মহিলা সকলক জে এছ ৱাই ৰ প্ৰাপ্য ধন পোনে পোনে তেওঁলোকৰ বেংক একাউণ্টত জমা দিয়া হয়| মাতৃ সকলৰ শ্ৰেণী বিভাজন অনুসৰি ধনৰ পৰিমাণ এনেদৰে নিৰ্ধাৰণ কৰা হৈছেঃ-

হাস্পতালত প্ৰসৱৰ কাৰণে লাভ কৰা আৰ্থিক সহায়তা (টকাৰ হিচাপত)

শ্ৰেণী

গ্ৰামাঞ্চল

চহৰাঞ্চল

এল পি এচ

‘মাতৃ’ৰ প্ৰাপ্য ধন

‘আশা’ৰ প্ৰাপ্য ধন

‘মাতৃ’ৰ প্ৰাপ্য ধন

‘আশা’ৰ প্ৰাপ্য ধন

১৪০০

৬০০

১০০০

৪০০

এইচ পি এচ

৭০০

৬০০

৬০০

৪০০

# গ্ৰামাঞ্চলত আশা কৰ্মীয়ে পাবলগীয়া ৬০০ টকাৰ ভিতৰৰ ৩০০ টকা এ এন চি কম্প’নেণ্টৰ বাবে আৰু ৩০০ টকা হাস্পতালত প্ৰসৱৰ সুবিধা কৰাই দিয়াৰ বাবে লাভ কৰে|

# চহৰাঞ্চলত ‘আশা’ কৰ্মীয়ে পাবলগীয়া ৪০০ টকাৰ ভিতৰত ২০০ টকা এ এন চি কম্প’নেণ্টৰ বাবে আৰু ২০০ টকা হাস্পতালত প্ৰসৱৰ সুবিধা কৰাই দিয়াৰ বাবে লাভ কৰে|

ঘৰত প্ৰসৱ কৰাৰ বাবে নগদ ধনৰ সহায়তা:-

দৰিদ্ৰ সীমাৰেখাৰ তলৰ যি সকল গৰ্ভৱতী মহিলাই নিজে ঘৰতে প্ৰসৱ কৰিব বিচাৰে তেওঁলোকৰ বয়স বা সন্তানৰ সংখ্যাৰ কোনো বাধ্যবাধকতা নৰখাকৈ প্ৰতিবাৰ প্ৰসৱৰ বাবে ৫০০ টকাকৈ নগদ ধনৰ সহায়তা আগবঢ়োৱা হয়|

পৰিস্থিতি:

হাস্পতালত প্ৰসৱৰ ক্ষেত্ৰত গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে কিছুমান বিষয়ত নিজে পইচা ভৰিবলগীয়া হয় যেনে:- ঔষধ, ইউজাৰ চাৰজেচ্‌, ডায়েগনষ্টিক টেষ্ট, খাদ্য আৰু চি-চেক্‌চন আদি|

উৎস:http://nrhm.gov.in/nrhm-components/rmnch-a/maternal-health/janani-suraksha-yojana/background.html

আনুসংগিক ধন:

জননী সুৰক্ষা যোজনাৰ নীতি নিৰ্দেশনা

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate