সম্প্রতি আগৰ তুলনাত সমগ্র বিশ্বতে চিকিৎসা বিজ্ঞান ক্ষিপ্ৰগতিত আগুৱাবলৈ ধৰিছে। প্রায় প্রত্যেকটি ৰোগৰ বাবে নিত্য নতুন চিকিৎসা পদ্ধতিৰ উদ্ভাৱন হ’বই ধৰিছে। আগৰ তুলনাত বর্তমান উদ্ভাৱন হোৱা ঔষধ-পাতি, অস্ত্রোপ্ৰচাৰ আদিৰ ক্ষেত্ৰত অহা পৰিৱর্তন লেখত ল’বলগীয়া। কিন্তু বিতং পৰীক্ষা-নীৰিক্ষা তথা ঔষধ-পাতিৰ নামত খৰচৰ পৰিমাণৰ হাৰ যথেষ্ট বৃদ্ধি হোৱাত সর্বসাধাৰণৰ বাবে খৰচ বহন কৰা কঠিন হৈ পৰিছে। দেশৰ চৰকাৰী হাস্পতালসমূহৰ ক্ষেত্ৰত এতিয়াও সকলো ৰাজ্যতে সমানে চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা হোৱা নাই, যাৰ বাবে মধ্যবিত্ত শ্রেণীৰ কোনো লোক জটিল ৰোগৰ বশৱর্তী হ’লে পৰিয়ালটিৰ ওপৰত আহি পৰে অত্যাধিক খৰচৰ বোজা—যি বহন কৰা কঠিন হৈ পৰে। এই বোজাৰ পৰা হাত সাৰিবলৈ আমাৰ মাথোন এটাই বিকল্প আছে সেয়া হ’ল— হেল্থ ইঞ্চুৰেন্স। হয়, হেল্থ ইঞ্চুৰেন্সৰ দ্বাৰা চিকিৎসাৰ ক্ষেত্ৰত অহা সকলো আর্থিক সমস্যা সুন্দৰভাৱে পাৰ কৰি কম টকা ব্যয়ৰ যোগেদি সু-চিকিৎসা লাভ কৰিব পাৰি।
যেতিয়া এজন লোকে হেল্থ ইঞ্চুৰেন্স কৰে, তাৰ ঠিক ত্ৰিশদিনৰ পিছত পলিচীৰ অন্তৰ্গত বুলি সেই মানুহজনক ধৰা হয়। অর্থাৎ ত্রিশ দিনৰ পিছত সুবিধাসমূহ পোৱা যায়।
যিকোনো ৰোগৰ ক্ষেত্ৰত চৌবিশ ঘণ্টাৰ ভিতৰত হাস্পতালত ভর্তি হ’ব লাগিব।
অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত পলিচী কৰাৰ পিছত কমেও দুবছৰৰ পিছত এই সুবিধা গ্রহণ কৰিব পাৰিব।
যিকোনো এখন হেল্থ পলিচীৰ অৱধি এবছৰ। অর্থাৎ প্রতিবছৰে পুনৰ ৰিনিউ কৰিব লাগে।
সম্প্রতি অনেক হেল্থ ইঞ্চুৰেন্স কোম্পানীয়ে জটিল ৰোগৰ (কেন্সাৰ, ডায়েবেটিছ, পাইল্চ) ক্ষেত্ৰতো গ্রাহকক সুবিধা প্রদান কৰিছে, কেৱল পলিচীখনৰ চাৰিবছৰ পূৰ্ণ হোৱাটো প্ৰয়োজন।
একো একোখন পলিচী যিমান টকাৰে ক্ৰয় কৰা হয়, তাৰ ঠিক নব্বৈ শতাংশ কোম্পানীয়ে বহন কৰে। পলিচী হ’ল্ডাৰে কেৱল দহ শতাংশহে খৰচ বহন কৰিবলগীয়া হয়।
হেল্থ ইঞ্চুৰেন্স কৰা লোকজনৰ চিকিৎসাৰ উপৰিও দুর্ঘটনাত মৃত্যুবৰণ কৰিলে পলিচীৰ বাবদ পোৱা ধনৰাশি তেওঁৰ নমিনীয়ে লাভ কৰে।
হেল্থ ইঞ্চুৰেন্স কোম্পানীসমূহৰ দেশৰ যিকোনো ঠাইৰ হাস্পতাল ক্ষেত্ৰত প্রযোজ্য। অর্থাৎ অসমত কৰা এখন পলিচীৰ ক্ষেত্ৰত যদি পলিচী হ’ল্ডাৰজন দিল্লী বা কলকাতা বা দেশৰ যিকোনো ঠাইত বেমাৰত পৰিলে সেই ঠাইৰ হাস্পতালতো পলিচী কার্যকৰী হ’ব।
হেল্থ পলিচী কৰিব পৰা দেশৰ আগশাৰীৰ কোম্পানীকেইটা হ’ল— অৰিয়েণ্টল, নেচনেল, নিউ ইণ্ডিয়া আৰু ইউনাইটেড ইণ্ডিয়া হেল্থ ইঞ্চুৰেন্স। ইয়াৰ বাহিৰেও অনেক ব্যক্তিগত কোম্পানীয়ে ৰাইজলৈ এনে সেৱা আগবঢ়ায়।
মুঠতে সাম্প্রতিক সময়ছোৱাত পৰিয়ালৰ প্রতিজন লোকৰ বাবেই একোখন হেল্থ পলিচীৰ প্রয়োজনৰ কথা নুই কৰিব নোৱাৰি।
উৎস: নন্দিনী।
শেহতীয়া উন্নীতকৰণ: : 3/29/2020