অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আঁহত:

আঁহত:

 

বহুতো ঠাল-ঠেঙুলিৰে ভৰা আঁহত এবিধ বৃহৎ বৃক্ষ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ফিকাছ ৰিলিজিওছা(Ficas religiosa) আৰু ই মেৰাছি(Moraceae) গোত্ৰৰ। ইয়াৰ একাধিক প্ৰজাতি আছে। ই ভাৰতৰ ধৰ্মীয় বৃক্ষ, ভাৰতীয় পৰম্পৰাত এই আঁহত গছৰ বিশেষ স্থান আছে আৰু ই হিন্দু, বৌদ্ধ উভয় ধৰ্মাৱলম্বী লোকৰ পূজনীয়। ভগৱান শ্ৰীকৃষ্ণই ‘শ্ৰীমদ্ভগৱত গীতা’ত বিভিন্ন গছৰ ভিতৰত নিজকে আঁহত(অশ্বত্থ সৰ্ববৃক্ষাণাম) বুলি পৰিচয় দিছে। বুদ্ধদেৱে আঁহতৰ তলতে পৰমজ্ঞান(বোধি) লাভ কৰিছিল। উদ্ভিদ বিজ্ঞানীসকলে এই গছৰ বিভিন্ন দিশ চালি-জাৰি চাই প্ৰদূষণ নিয়ন্ত্ৰণ তথা পৰিৱেশ পৰিশুদ্ধিত ইয়াৰ বিশেষ ভূমিকা থকা বুলি নিশ্চিত কৰি ইয়াক ‘পৰিৱেশ-বান্ধৱ’ হিচাপে চিহ্নিত কৰিছে। কিয়নো প্ৰকৃতি ৰাজ্যত আঁহতেই এনেকুৱা একমাত্ৰ বৃক্ষ যিয়ে ৰাতি-দিন অবিৰতভাৱে জীৱ জগতৰ প্ৰাণ বায়ু অক্সিজেন নিৰ্গত কৰি থাকে। মন কৰিবলগীয়া কথা যে ৰাতিৰ ভাগত অইন গছ-গছনিয়ে কাৰ্বন-ডাই-অক্সাইড বা নাইট্ৰ’জেন গেছ নিৰ্গত কৰি থাকে, যি পৰিৱেশৰ বাবে প্ৰতিকূল। প্ৰতি গাঁৱৰে আলি চ’ক বা মন্দিৰ-মছজিদ, নামঘৰ আদিকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান আদিৰ কাষত প্ৰায়েই বৃহদাকাৰ বহুবৰ্ষী আঁহত গছ দেখা যায়। আঁহত, নিম আদিয়ে পৰিৱেশ পৰিশুদ্ধিত যুগে যুগে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। আঁহতৰপৰা দিনে-ৰাতিয়ে অবিৰাম অক্সিজেনৰ নি:সৰণ আৰু ইয়াৰ পাতৰ মৃদু-মধুৰ, শীতল বা ই মানুহৰ মন-প্ৰাণ পুলকিত কৰি তোলে। আঁহতৰ তলত বিশ্ৰাম কৰি নাইবা এই গছৰ সান্নিধ্যত সময় কটালে মানসিক শান্তি লাভ হয় আৰু কিছুমান ৰোগ প্ৰশমিত হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। কাৰণ এই গছ বহু ঔষধি গুণেৰে ভৰপূৰ আৰু ইয়াৰ পৰা অনবৰতে শুদ্ধ অক্সিজেনৰ নি:সৰণ হৈ থাকে।

আঁহতৰ সবাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল অন্তৰীক্ষ(আকাশ) আৰু পৃথিৱীৰ মাজৰ সমস্ত দূষিত বা বিষাক্ত গেছ শোষণ কৰি বায়ুমণ্ডলত বিশুদ্ধ অক্সিজেনৰ অবিৰতভাৱে যোগান ধৰি পৰিৱেশ বিশেষ ধৰণে পৰিশুদ্ধ কৰি ৰাখে। আঁহতৰ ছাঁ সদায় শীতল। ইয়াৰ চৌপাশৰ অক্সিজেন সমৃদ্ধ সু-শীতল বায়ুৱে প্ৰদূষণ প্ৰতিৰোধ কৰাই নহয়, মানুহকো নিৰোগী আৰু দীৰ্ঘায়ু কৰি তোলে বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে। বেদত এই গছক অমৃতময় বুলি অভিহিত কৰা হৈছে। আঁহতৰ তলত জিৰণি লৈ নাইবা ইয়াৰ সান্নিধ্যত থাকিব পাৰিলে কুষ্ঠ ৰোগকো ধৰি দেহৰ নানা চৰ্মৰোগ বা ঘা-ফোঁহাৰপৰা মুক্তি লাভ কৰিব পাৰি। আয়ুৰ্বেদ অনুসৰি ইয়াৰ ঔষধিগুণযুক্ত গুটি যথা নিয়মে সেৱন কৰি ৰক্তপিত্ত, বিষ, প্ৰদাহ-পোৰণি, অৰুচি আদি নানা ৰোগৰপৰা উপশম পাব পাৰি। ধৰ্মগ্ৰন্থত এই বৃক্ষ ৰোপণ কৰা ব্যক্তিৰ বংশ পৰম্পৰাৰ কেতিয়াও পৰিসমাপ্তি নঘটে বুলি উল্লেখ আছে।

লেখক:ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate